অমানুহৰ শ্ৰেণীতহে থব বিচাৰোঁ। পৃথিৱীৰ কিছু শিল্পীৰ জীৱনৰ কথা পঢ়োঁতে জানিছিলোঁ তেওঁলোকৰ ‘নিয়ম অলপ বেলেগ’, তেওঁলোকৰ দৃষ্টি বিৰাটৰ পিনে, ক্ষুদ্ৰত ৰৈ যাব নোৱাৰে। পল গঁগা, ভেনগোগ আদি শিল্পী সকলে কিছু অসামাজিক জীৱন-যাপন কৰিছিল, তেওঁলোকৰ সকলো বিলাক কাৰ্য্যই শৃংখলাময় নাছিল; কিন্তু তেওঁলোক আছিল মহৎ শিল্পী। যেতিয়া এখন সমাজৰ এক অংশই প্ৰতিহিংসা হিচাবেই বা আন কোনো উদ্দেশ্যৰে এজন শিল্পীক সকলো সৃষ্টিমূলক কৰ্মৰপৰা কৌশলেৰে বাধা দি ৰাখে— অৱজ্ঞা কৰে— তেওঁ হেৰাই যায়। তেওঁৰ মৃত্যুৰ পিচত তেওঁলোকেই ডাঙৰ অনুষ্ঠান পাতি সাধুবাদ লয়।
ইংৰাজ কবি শ্যেলী, যাৰ চকুত আছিল সপোনৰ কাজল, ‘এলাষ্টৰ’ নামৰ কবিতা এটাত মৃত্যু কাহিনীৰ কথা লিখি সাগৰৰ মাজত হেৰাই গৈছিল আৰু এনেকৈয়ে এই স্কাইলাৰ্ক পখীটি কোনো অসীম অনন্তলৈ গতি কৰিছিল। তেওঁ লিখিছিল—
“In solitude or in that deserted
state when we are surrounded by
human beings and yet sympathise
not with us; we love the flowers,
৪৩