পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাম দিহে পায়। সেই কাৰণেই পুৰুষেই কৰিব যুগে যুগে ছেক্ৰিফাইছ!”

বাপুদা উঠি গৈ বাহিৰত চছমাযেৰ মচি অলপ সময় ছিগাৰেট খাই আকৌ আহি বহিছিলহি। মৰিবৰ সময়ত যেন কাৰোবাৰ এটোপাল চকুলো দেখি মৰিব পাৰো

 আমি নাটক লিখোঁ। কাহিনীয়ে যি বিচাৰে হৃদয়ৰ উম দি চৰিত্ৰৰ মাজেৰে তাকে লিখোঁ। ‘দহন’ত মই শৰৎ চাটাৰ্জীৰ ‘দেবদাস’ৰ দেবদাসে চন্দ্ৰমুখীৰ ঘৰত মদ খোৱা এটা অংশ দিছিলোঁ। বাপুদাই কিন্তু ‘দেৱদাস’ৰ প্ৰমথেশ বৰুৱাই লিখা চিত্ৰনাট্যৰ অংশটোহে দিবলৈ কৈছিল। তেওঁ মুখস্থ মাতি গৈছিল। যিহেতু চিত্ৰনাট্যৰ কথাখিনি মূলতকৈ অলপ বেলেগ আছিল মই মই সেইদৰে লিখা নাছিলোঁ। পিচদিনা বহীখন লৈ যাওঁতে বাপুদাই লিখি থোৱা পাইছিলোঁ— ‘তবু যদি কখনও দেৱদাসেৰ মত এমন হতভাগ্য অসংযমী পাপিষ্ঠেৰ সহিত পৰিচয় ঘটে, তাহাৰ জন্য একটু প্ৰাৰ্থনা কৰিও। মৰিবাৰ সময় যেন কাহাৰও একফোঁটা চোখেৰ জল দেখিয়া সে মৰিতে পাৰে।’ তেখেতৰ দিনে দিনে ক্ষয় যোৱা মনৰ কথা বুজি মোৰ অন্তৰখন হাহাকাৰ কৰি উঠিছিল। ১৯৮১
৪৬