আমাৰ চিনাকি তচদ্দুক/‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে তচদ্দুক গ’লগৈ
‘ৰক্তিম বাসনা’ৰ অতৃপ্ত বাসনাৰে
তচদ্দুক গ’লগৈ
ডা॰ নগেন দত্ত
মানুহ আৰু মানুহৰ আবেগৰ সূক্ষ্মমূহূৰ্ত একোটা বিচাৰি তাৰেই চেলুলয়ডত নকল কৰিব খোজা এজন পৰিচালকৰ মতে— “The world represented in the screen is a new creation— but just the copy of reality.” এই কথাৰ সুৰতে মানুহজনৰ মুখত বাৰে বাৰে কেবাবাৰো একাষাৰ কথা শুনিছিলোঁ— “দত্ত, আইভৰ মণ্টাজে কি কয় জানে? Reality is not to be so easily caught.” সেইজন আছিল অসমীয়া চলচিত্ৰ জগতত সুপৰিচিত— তচদ্দুক ইউছুফ।
মনত পৰে তাৰ পাছৰ এটা বিশেষ দিন— মাৰ্চ মাহৰ চৌবিছ তাৰিখ, উনৈছ শ উনাশী চনৰ, কলঙৰ পাৰত মোৰ বাসভৱনত।— “দত্ত, অভিনয় [ ৩৫ ] বহুত কৰিলোঁ, এইবাৰ পৰিচালক হওচোন আৰু নিজৰ পৰিচালনাত অভিনয় কৰি কেনে লাগে চাওঁ”— সন্ধিয়াপৰত মোৰ ঘৰৰ ড্ৰইংৰুমত বহি হাতত এখন স্ক্ৰিপ্ট লৈ মুখত এটা ছিগাৰেট লৈ কৈছিল। তেতিয়া কোনো নাই, আমি মাত্ৰ দুজনহে। তেজপুৰৰ পৰা ৰঞ্জু হাজৰিকা, ৰমণী কেওঁত, হিৰণ্য মহন্ত আহি পোৱাহি নাই। নগাৱঁৰ তজমল হুছেইন আৰু ৰঞ্জিত দেলৈকো বাটচাই আছিলোঁ। তেওঁলোক কিন্তু অহাটো খাটাং। আজি পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ ‘ৰক্তিম বাসনা’ৰ ‘ফাইনেল দিছিচন’ হ'ব। প্ৰতিষ্ঠানৰ সভাপতি মই।
—“অভিনয় তো বহুত কৰিলে; কিন্তু পৰিচালক হ’বলৈ আপোনাৰ পৰিকল্পনা কেনে?” আগন্তুক সকললৈ অপেক্ষা কৰি মইয়ে কথাৰ মালিহা মুকলি কৰিলোঁ।
‘উইলছ্ ফিল্টাৰ' ছিগাৰেটটোত দীঘলকৈ হোঁপা এটা মাৰি অভিনয় কৰাৰ সুৰতে তচদ্দুকে ক’বলৈ আৰম্ভ কৰিলে— “দত্ত, অভিনয়ৰ খাতিৰত অভিনয় কৰাটো মই কাহানিও নিবিচাৰিছিলোঁ— I feel A good actor never tried to act. আৰু যদি কেতিয়াবা সচাঁকৈয়ে মই পৰিচালক হওঁ, এই ধৰক, ৰক্তিম বাসনাত হওক [ ৩৬ ] কিম্বা অন্য কিবা বাসনাতেই হওক, I want to be a Director— not to direct only— পৰিচালকৰ খাতিৰত মই পৰিচালক হ’ব নোখোজোঁ”।
— “তাৰমানে—?” বুজি নোপোৱাৰ সুৰত মই আকৌ সুধিলোঁ।
— “সত্যজিত ৰয়, ডেভিডলিন মোৰ বাবে, ছবি পৰিচালনাৰ বাবে মোৰ মনৰ মাজৰ টিউটৰ। অধ্যয়নহে কৰিছোঁ, পৰীক্ষা দিম কোনোবা ছবিৰ পৰিচালনাৰে।”
— “ৰক্তিম বাসনাতে তেন্তে সেই কোৰ্ছৰ প্ৰথম পৰীক্ষা?”
— “ক’ব নোৱাৰোঁ— চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ মানুহখিনি যে আহিয়ে পোৱাহি নাই। সভা নোহোৱাকৈ আপুনি সভাপতি হৈ বহি আছে; বাজেটৰ কথা নাজানোৱেই। এইয়া মোৰ পৰিচালনাৰ প্ৰথম পৰীক্ষা বুলি কেনেকৈ ক’ম?
সময়বোৰ চুটি হৈ আহিল। ৰঞ্জু, অবনী, ৰমণী, তজমলহঁত আহি পালে।
—“দাদা, আমি কিছু টকা সংগ্ৰহ কৰিছোঁ। ছবিৰ মুহূৰৎ হৈ গ’লে আৰু টকা গোট খাব। কিবা এটা আৰম্ভণি দেখিলেহে মানুহৰ টকাৰ [ ৩৭ ] বেগ মুকলি হয়।”— তেওঁলোকৰ মাজৰ কোনোবা এজনে ক’লে। — “তেন্তে আমি সপোন দেখাই নাই, শুবলৈহে ধৰিছোঁ।”— ঢেকঢককৈ হাঁহি মোৰ পিঠিত ঢাকা এটা মাৰি তচদ্দুকে ক’লে। লগে লগে পেকেটৰপৰা আৰু এটা চুৰট উলিয়াই লৈ পেকেটতে টুকুৰিয়ালে। — “ভয় নকৰিব দাদা, আমাৰ সংগঠন শক্তিশালী। অহা বহাগ বিহুতে বছৰৰ প্ৰথম দিনাই তেজপুৰৰ হলেশ্বৰ মন্দিৰত আমাৰ ‘ৰক্তিম বাসনা’ৰ শুভ মুহূৰৎ কৰিম। তাৰ পাছত ধন সংগ্ৰহৰ বাবে উঠিপৰি লাগিম আমি সকলোৱে।”— তেওঁলোকৰে কোনোবা এজনে ক’লে।
সেইটো দিন ১৯৭৯ চনৰ ১৫ এপ্ৰিল। অসমীয়া মাহৰ প্ৰথম বহাগ। তেজপুৰৰ হলেশ্বৰ মন্দিৰত পূৰ্বাঞ্চল চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ সভ্যসকলৰ লগত বহুত মানুহৰ সমাগম। ঘনাই টেক্সি অহা যোৱা কৰিছে। নগাঁৱৰ মানুহো বহুত আহিছে মুহূৰৎ চাবলৈ।
—“মন্দিৰৰ ভগৱানে আমাক আশীৰ্বাদ কৰিব, আমাৰ আজিৰ কাম সুকলমে হৈ গলেই হয়।”— শিল্পী মনেৰে ধৰ্মনিৰপেক্ষ তচদ্দুক ইউছুফৰ সেই কথাষাৰ আজিও মনত পৰে। লগতে আৰু মনত পৰে— “প্ৰথমতে প্ৰবল বাধা, কিন্তু কৃতকাৰ্য্য [ ৩৮ ] হবাগৈহঁক”— মন্দিৰৰ পূজাৰীজন বোলে ‘সৰবজান’, তেওঁৰ কথা সেইষাৰ।
নায়িকা মৃদুলা আহিল; কেমেৰামান ইন্দুকল্প হাজৰিকাই মন্দিৰৰ কাষত তিনিঠেঙীয়া পেঙত কেমেৰা ফিট্ কৰিলে! প্ৰাক্তন মন্ত্ৰী কোষেশ্বৰ বৰাই কেমেৰাৰ ছুইচ্ টিপিলে। মই ক্লেপষ্টিক দিলোঁ। তচদ্দুক ইউছুফ আজি কিন্তু কেমেৰাৰ সমুখত নাই, দীঘল পঞ্জাবী কুৰ্টা আৰু পায়জামাৰে কেমেৰাৰ কাষতহে; পৰিচালকৰ তীক্ষতৰ দৃষ্টিৰে— দৃশ্যপট মনৰ মাজত অংকিত কৰিছে।
পৰিচালক তচদ্দুক আৰু অভিনেত্ৰী মৃদুলা আজি নতুন ৰূপত, পৰিবেশত— মুখামুখি, ভেটা-ভেটি। চিত্ৰামোদী ৰাইজ বাট চাই ৰ’ল কিবা এটা নতুন উপভোগৰ আশাৰে। অসমৰ খ্যাতনামা অভিনেতা তচদ্দুক ইউছুফ পোনপ্ৰথমবাৰৰ বাবে ছবিৰ পৰিচালক হোৱাৰ বতৰা অসমৰ কাগজে পত্ৰে ৰজন্জনাই গ’ল।
অসমৰ আকাশত নতুন আন্দোলনৰ ঢৌ উঠিল নগৰে চহৰে। ছবিৰ পুঁজিৰ টকা সংগ্ৰহৰ বহীত আৰু পাত নফটা হ’ল। নিৰুপায় হৈ চলচিত্ৰ প্ৰতিষ্ঠানে সমবায়ৰ আশ্ৰয় ললে— ধনী, পুঁজিপতি আৰু বাগানৰ বনুৱাৰ ‘চেয়াৰ’ গ্ৰহণৰ আশাৰে। [ ৩৯ ] আন্দোলনৰ ধুমুহাত, সমবায়ৰ আশ্ৰয়ত চলিব খোজা ‘ৰক্তিম বাসনা’ৰ কেমেৰাৰ চকৰী হঠাৎ থাকি ৰৈ গ’ল।
তচদ্দুকৰ আধা দেখা সপোন আধাতে বিস্মৃতিত অস্পষ্ট আৰু লাহে লাহে লীন হৈ গ’ল।
বহুতদিনৰ পাছত মানে জীৱনাস্তৰ বছেৰেক মান আগত এদিন আকৌ কলংপাৰৰ মোৰ ঘৰলৈ আহিছিল। “—দত্ত, ‘ৰক্তিম বাসনা’ মোৰ হেৰাইছে। এটা নতুন বাটত বাট বুলিব লাগিব। হোজাইলৈ যাম ওলাব, হোজাইত বোলে বহুত ধনী আতৰ ব্যৱসায়ী আছে। তেওঁলোকক লৈ আমি নতুনকৈ কৰিম। পৰিচালক হোৱাৰ বাসনা মই এদিন পূৰামেই।
‘ৰজা হৰিশ্চন্দ্ৰ’ ছবিখন নগাঁৱলৈ অহাৰ পাছত কিন্তু তচদ্দুক আৰু মোৰ ওচৰলৈ অহা নাছিল। এদিন বাটত ভেটাভেটি হওঁতে চুটিকৈ কৈ গ’ল— “দত্ত, মোৰ ওপৰত ষ্টাৰৰ অশুভ দৃষ্টি।”
অসমৰ আন্দোলনৰ পৰিস্থিতিয়ে হোজাইত চহকী মানুহ বিচাৰি যাবলৈ ক্লিয়াৰেঞ্চ নিদিলে। পৰিস্থিতিয়ে নতুন ৰূপ ললে। আমি বাট চাই ৰলোঁ। বতৰ মুকলি হ’বলৈ।
কিন্তু কিয় হঠাৎ তচদ্দুক গুচি গ’ল? মনত মাত্ৰ অতৃপ্ত বাসনা লৈ কিহৰ বাবে? হতাশা, বিৰক্তি নে আমনি লাগি?
তচদ্দুকৰ অতৃপ্ত বাসনাৰ বাবে আত্মাক পিণ্ড যাচিবলৈ ‘ৰক্তিম বাসনা’ এদিন চেলুলয়ডৰ পৰ্দাত জিলিকিবনে?
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।