পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোৱা বিখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক Henry Georges Clouzot ৰ ‘The wages of Fear’ ছবিখন মোক চাবলৈ কৈছিল। তেখেতে karel Reisz ৰ দৰে কৈছিল— A load of nitroglycerine is to be taken by lorry to the barning well— a dangerous mission since the slightest jolt will send the whole load into the air…” আৰু কৈছিল— “বুজিছা? আমাৰ জীৱনতো তেনেকুৱা দুখ-যন্ত্ৰণাৰ আৰু মানসিক দুঃচিন্তাৰ বোজাৰে আমি দৈনন্দিক জীৱনত গৈ থাকোঁ— কোন মুহূৰ্তত ‘Explosion’ হব পাৰে ঠিক নাই।

 তেতিয়া এনেয়ে সহজভাৱে কোৱা কথাটোৱেই কেনেকৈ একেজন ব্যক্তিৰ জীৱনতে মিলি গ’ল।

 

মোক ভাল নাপালে মই শেষ হৈ যাম

 তচদ্দুক ইউছুফৰ বিবাহৰ পিচত এদিন তেওঁ Erich Maria Remorque ৰ ‘Arch of Triumph’ খন মোক পঢ়িবলৈ দি কৈছিল, ‘Ioan নামৰ আত্মহত্যা কৰিবলৈ যোৱা ছোৱালী এজনীক আত্মহত্যাৰ আগমুহূৰ্তত Ravic নামৰ মানুহ এজনে মৰম আৰু স্নেহেৰে কেনেকৈ ঘূৰাই আনিছিল— ইয়াতে পাবা। নভেলখনৰ এটা বাক্য মনত
৩৮