পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিবলৈ বৰ মন আছিল। ‘ৰূপকাৰ’ৰ পবিত্ৰ কুমাৰ ডেকাৰ পৰা আবহ সংগীত, অ’ পি ৰ লাইট আৰু স্মৃতিৰেখা শইকীয়া (বেবী)ক মূল নায়িকা চৰিত্ৰত লৈ নাটকখন মঞ্চস্থ কৰাৰ কথা আছিল। তেওঁ এই হাবিয়াসৰ কথা মুকুট ভূঞা, ৰাজেন শৰ্মা আৰু মোৰ আগত কৈ আছিল। কিন্তু তেওঁৰ এই ইচ্ছা পূৰ্ণ নহ’লগৈ। এই নাটকখনৰ কাহিনীত প্ৰসংগক্ৰমে মদ খোৱাৰ কথা আহি পৰে। মদৰ কথা আলোচনা কৰি থাকোঁতে তেওঁৰপৰা এটা কথা জানিবলৈ প্ৰশ্ন কৰিছিলোঁ।

মই: বাৰু বাপুদা, মানুহে কিয় আফিং খায়? কিয় মৰফিয়া লয়? আৰু মদ খায় কিয়?

তেওঁ অলপ হাঁহি কৈছিল—

বাপুদা: human existence ৰ কাৰণে প্ৰয়োজন।

মই এইবাৰ ইচ্ছা কৰিয়েই সুধিছিলোঁ।

মই: তেন্তে— Why do most educated and cultured people all over the world in drinking? বাপুদা ৰৈ গৈছিল। ছিগাৰেট খাই খাই কৈছিল

বাপুদা: To forget his worries, his cares and anxieties, his sorrows and miseries and pains— দুঃচিন্তা আঁতৰাবলৈ, দুখ পাতলা-

৪০