পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

stands most alone.” কিন্তু তেওঁতো নিজে অকলশৰীয়া হৈ দৃঢ়ভাবে থিয় হৈ থাকিব নোৱাৰিলে!

 

আব্বা…… বলানা

 তচদ্দুক ইউছুকে সকলোকে এৰিলেও তেওঁৰ প্ৰায় সাত বছৰীয়া একমাত্ৰ সন্তান ‘তাব্ৰিজ’ক এৰিব নোৱাৰিছিল। ৰাতি অকলশৰে শুই থাকোঁতে হঠাৎ যেন তাব্ৰিজৰ মাত শুনি উঠি বহিছিল আৰু উজাগৰী নিশা কটাই দিছিল। তেতিয়া তেওঁৰ নিচাৰ প্ৰয়োজন হৈছিল। ছিগাৰেটৰ পিছত ছিগাৰেট খাই খাই বেলি ওলোৱালৈ বাট চাইছিল। আগতে, মোৰ মনত আছে বাপুদা আহি মুকুট ভূঞাৰ ঘৰত বহি বাতৰি কাকত এখন হাতত ল’লেই তাব্ৰিজ দৌৰি আহি কৈছিল— ‘আব্বা?… ব’লানা! বাপুদাই মৰমেৰে কৈছিল— “অলপ পিছত যাম”। তাব্ৰিজে আকৌ কৈছিল— “ব—লা—না আব্বা?… আব্বা, মুকুট দাদাই এইয়া ছবি আঁকি দিছে— এখন গাড়ী— এটা ঘৰ!… আব্বা… বলানা…” বাপুদাৰ চকুত পিতৃত্বৰ গভীৰ চেনেহ উপচি পৰিছিল। তাব্ৰিজক হাতত ধৰি ঘৰলৈ লাহে লাহে আগবাঢ়িছিল। এহাতে পিতৃত্বৰ মৰমৰ পৰা বঞ্ছিত হৃদয়, আনহাতে বাপুদাই বিচাৰে নিজৰ কাষত নিজ পুত্ৰক! এটা দোমাজা! এই মৰমৰ আকৰ্ষণ