পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেট খাই আকৌ কৈছিল, “ইয়াতে পাবা…… When a man does not have a grip on the forces of life…… তেতিয়া কিয় আত্মহত্যা কৰে,” মই চিন্তা কৰিছিলোঁ এৰা লুমেনে এটা সুন্দৰ আৰু ডাঙৰ সপোন দেখিছিল; কিন্তু বাস্তৱত ৰূপ দিব নোৱাৰিলে। সেইকাৰণেই এখন গাড়ী জোৰেৰে চলাই নি আত্মহত্যা কৰিলে। কিন্তু এই ঘটনাটো জানো ‘আত্মহত্যা’ আছিল? নে এইয়া আছিল নিজৰ সমাজৰ এটা অংশই কৰা হত্যা? এই নাটকখনে সামাজিক আৰু ব্যক্তিগত ট্ৰেজেডি দাঙি ধৰিছে। লুমেনৰ ট্ৰেজেডি হৈছে জীৱনত বৰ বেচি উচ্চ আশা কৰাটোৱেই। লুমেনৰ পৰাজয় অকল এজন মানুহৰ পৰাজয়েই নহয়— জীৱনৰ এটা পথৰো পৰাজয়। কিন্তু উইলি লুমেনক কেইজন মানুহে বুজিব পাৰিলে?

 তচদ্দুক ইউছুফক আমি ‘বাপুদাদা’ বুলি মাতোঁ। তেখেতে মোৰ নাটকত ‘মঞ্চ’ত অভিনয় আৰু মোৰ নাটক পৰিচালনাও কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰপৰা প্ৰচাৰ হোৱা মোৰ নাটকতো অভিনয় কৰিছিল। বিভিন্ন নাটক, চলচ্চিত্ৰ আদিৰ বিষয়ে আলোচনা কৰিবলৈ তেখেতে প্ৰায়েই মোক মাতিছিল আৰু মই নিজেও

৩৩