পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৈত্ৰেয়ী: দুখ।
অমিতাভ: নহয়! দহন—। যি জুইয়ে পোহৰ নিদিয়ে— অথচ দিয়ে আনৰ্গল দহন। এই দহনৰ পৰা মুক্তি পাবলৈ কোনোৱে লয় হাঁহিৰ আশ্ৰয়; কোনোৱে লয় মদৰ!

এই সংলাপ কেইটা আৰু তলত লিখা কেইটাও তেওঁৰ কোঠাৰ ভিতৰত কেনেকৈ ডাঙৰ ডাঙৰকৈ মঞ্চত অভিনয় কৰাৰ দৰে বুকুৰ ভিতৰৰ পৰা যেন পঢ়িছিল, মোৰ সদায় মনত থাকিব।

অমিতাভ: হৃদয়হীনা নাৰীৰ ছলনাকেই সত্য বুলি বিভ্ৰান্ত হয় কোনো পুৰুষ। পৰিহাসক ভাবে প্ৰেম— অভিনয়ক ভাবে সৰল সত্য।

 চিঞৰি উঠিছিল বাপুদাই “বকুল– good.”

অমিতাভ: “প্ৰেম নাৰীৰ প্ৰয়োজন এখন সস্তীয়া চাদৰ মেখেলাৰ দৰেই। নিতান্ত সাধাৰণ। তাত উল্লাস, বিস্ময় আৰু উচ্ছলতা নাথাকে; কিন্তু পুৰুষৰ কাৰণে প্ৰেম হৈছে জীৱনৰ দুৰ্লভ বিলাস। দুখীয়াৰ ঘৰৰ ছোৱালী এজনীয়ে পোৱা দামী বেনাৰসী শাড়ীৰ দৰেই ঐশ্চৰ্য্যময়।— যি সেই প্ৰেম পায় অনেক

৪৫