পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘোষক হিচাৰে তেখেতৰ যিমান অপূৰ্ব দক্ষতা অছিল— তাৰ স্বীকৃতি বা সেইয়া সম্পূৰ্ণ প্ৰকাশ কৰিবলৈ সুবিধা তেওঁ পাইছিলনে? অশ্ৰু অঞ্জলি দি সমাধি চাই চাই আকৌ মনত পৰিছিল তেওঁ মাজে মাজে কোৱা এটা কবিতা—

“অকেলা হুঁ, পৰ আবাদ কৰ দেতা হু বিৰনা বহোত্ ৰোয়েগী মেৰে বাদ্ ইয়ে শামে—তনহাই।” — (“মই অকলে, কিন্তু নিৰ্জনতাক মই ভৰাই ৰাখোঁ। মোৰ পিচত এই নিৰ্জন সন্ধ্যাই মোৰ কাৰণে কান্দিব”)

 

মানবতাৰ কংকাল

মই নাজানো তেওঁ এতিয়া ক’ত আছে! তথাপি মই তেওঁক আকৌ এবাৰ শুনাইছোঁ— যতে আছে তাতে শুনক— It silly got to hope— আশা কৰাতো পাপ।

“I am the guest of no one at the end of my day…
The long night is before me— and I am tired.”
৫৪