পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ট্ৰেজেডি

 খণ্ড ঘটনাৰ সমষ্টিয়েই অখণ্ড একোটি জীৱন। পৃথিৱীত আটাইতকৈ ভাল আৰু সৎ মানুহজনেও কেতিয়াবা খণ্ড ঘটনা এটাত সামান্য ভুল ত্ৰুটি কৰিব পাৰে। নায়কৰ জীৱনলৈ নামি আহে নানা বিপৰ্য্যয়। এটা ভুলে আৰু এটা ভুললৈ মানুহক টানি লৈ যায়। শেষত মৃত্যু পৰ্য্যন্ত হয়। ছেক্সপিয়েৰে বহু নাটকত এনে ট্ৰেজেডিৰ কথা কৈ গৈছে। তচদ্দুক ইউছুফে কিন্তু প্ৰায়েই কৈছিল, নাটকত এনে ট্ৰেজেডি হ’বলৈ মানুহৰ মৃত্যু নহলেও হয়। এসময়ত আশাৰ কথা, জীৱনৰ কথা আৰু প্ৰেমৰ কথা ভালপোৱা নাটকৰ নায়ক তচদ্দুক ইউছুফ মানুহজনৰ জীৱন শেষত এটা বাস্তৱ ট্ৰেজেডিত কেনেকৈ যে অন্ত হ’ল! সেইখিনিতে মোৰ উত্তৰ হেৰাই যায়।

এসময়ত, কিছুমান মানুহে মোক নাটক মঞ্চস্থ কৰিবলৈ যাওঁতে মিছা কথাৰে মিছা অভিযোগেৰে মোক বিপৰ্য্যয়ত পেলাবলৈ অহৰহ চেষ্টা চলাই থকা কথাবোৰ মুকুট ভূঞা, ডঃ কমল লস্কৰহঁতৰ পৰা জানি তেওঁ মোক কৈছিল— “কোনো চিন্তা নকৰিবা, নিজৰ কাম কৰি যোৱা— “The strongest man in the world is he, who

৪৯