ময়না/ দিল্লীকা-লাড্ডু
[ ৯ ]
দিল্লীকা-লাড্ডু
নাটক
নান্দী।
জংঘামধ্যস্পৰশিকামিজঃ
গোৰালিস্পৰ্শিধুতিঃ।
হেজ্ লিন্-স্নোনা শোধিতবদনঃ
নিৰ্মুক্ত-গোম্ফদাড়িঃ।
মুখে ফুটদাখৈয়ানামিব
মিহলীংৰাজিবুলিঃ।
ডিগ্ৰীগ্ৰস্তঃ মুৰাৰিৰব সঃ
ৰক্ষতু বঃ বুকাৰিঃ।
⸻০⸻
প্ৰস্তাৱনা—সূত্ৰধাৰ
খাইছানে দিল্লীৰ লাৰু – যাক খালেও পস্তাব লাগে নাখালেও পস্তাব লাগে। বোধকৰোঁ খাইছা, হয়তো গম পোৱা নাই।
বি-এ পাছ! বি-এ পাছ! বি-এ পাছ কৰি নো ভালেই হয় নে বেয়াই হয় কোনোবাই কব পাৰা নে?
যি দিনা পৰীক্ষাটো দি উঠিলা, সেই দিনা তোমাৰ মূৰৰপৰা প্ৰকাণ্ড এটা বোজা নামিল, —তোমাক সপোনত জানিবা জবকাই হেঁচা মাৰি ধৰিছিল, তুমি কক-বকাই মক-মকাই বক-বকাই আছিলা; সাৰ পাই দেখিলা, ভীষণ কিবাই তোমাৰ সমস্ত প্ৰাণটোৰ ৰস চেপি উলিয়াই আছিল সি আচলতে সপোন হে!
তাৰ পাছত প্ৰায় তিনটা মাহ নিৰুপদ্ৰৱত নিৰুদ্বেগত ঘৰে ঘৰে জা জলপান খাই, পুৱা দেৰিকই শুই উঠি আবেলি সোনকালে ফুৰিব ওলাই, গধূলি তাছ-পাশা খেলি, সকলোৱে দেখনিয়াৰ হই – এইদৰে তিনিটা মাহ কটালা। তুমি যেনিবা উদং-খোৱা গৰু, অভিভাৱকৰ [ ১০ ] শাসন জেং, কলেজৰ নিয়ম-ক নন বেৰ, এই সকলোবোৰৰ যুগ গল। যুগ আহিল তোমাৰ মুকলি মনৰ, বাধা-হীন প্ৰাণৰ, অনাস্বাদিত স্বাধীনতাৰ গৌৰৱৰ!
মাতৃকুলনাশন মেট্ৰিকুলেছন পৰীক্ষাৰ ফল ওলাল; আই এ, এ-আই-ছিঃ আই এ আৰু আই এচ-চি ৰো খবৰ জনাজাত হল। তোমাৰ বুকত ধৰিবা ঢেঁকীৰ হে গৰিক! দিন যাই মানে বুকুৰ ধমধমনিও বেছি খৰ হয়। এনেতে আহিল এদিন যিদিনা দৌৰা দৌৰি চাইকোলৰ সৰসৰনি, টেলিগ্ৰাফ যন্ত্ৰৰ টঙ্ টঙনি, কাৰো হাঁহি, কাৰো বেজাৰ, কাৰো প্ৰশ্নৰ আগ্ৰহাতুৰ কোলাহল, সকলোএ পাৰবতকুল সমাকুল-ইষ্টকগৃহৰ দৰে টেলিগ্ৰাফৰ অফিছ ঘৰটোক মু-ৰিত আৰু টেলিগ্ৰাফৰ বাবু কেইটাক ত্যক্ত উত্যক্ত কৰি তুলিছে। এনেতে এখন তাৰ আহিল, যাৰ হালধীয়া থোহাটোৰ ভিতৰত তোমাৰ সমস্ত জীৱনৰ আশা ভৰষা, যেন সমস্ত জীৱনৰ সাৰ,ঘনীভূত হৈ আহিছে। টেলিগ্ৰাফৰ ৰচিদ চহী কৰিবলৈ পাহৰি, কঁপা হাতেৰে গোটাই গাটোই ঘামি জামি, স্থিৰ হবলৈ ইচ্ছা কৰিও অস্থিৰ হই, পঢ়ি চালা—"Roll .......No........ অৰ্থাং খোদ তুমি পাছ!
বি এ পাছ কৰিলা! এই পৰীক্ষাৰূপ অপাৰ বাৰিধি কলৰ ভেল সাজিয়েই পাৰ হলা!বা জলনিধিৰ অতল জলত ডুব দি ডিগ্ৰি ৰূপ মহা মাণিক্য লাভ কৰিলা!
পেট্ৰোল লেম জলাওঁতে প্ৰথম জুই দপদপকে উঠি পাছৰ বগা প্ৰখৰ পোহৰে সমস্ত ঠাই পোহৰাই দিয়াৰ দৰে তোমাৰ সমস্ত উত্তেজনা জীম পৰিল; কিন্তু কৃতকাৰ্য্যতাৰ কিৰণ, তোমাৰ গৰ্বোজ্জল মুখ, আনন্দিত শৰীৰ, থেৱধৰা খোজ, সকলোৰে পৰা বিৰিঙি ওলাল।
বাটত ফুৰোঁতে, দোকানত সোমাওঁতে, ঘৰলৈ আহোঁতে, তুমি বুজিব পাৰিলা, তোমাৰ কালে যেন সকলোএ চকু আঙুলিয়৷ই কৈছে, এওঁ বি-এ, এওঁ গ্ৰেজুৱেট। লোকৰ প্ৰশংসমান চকুৰ খোচনিএ তোমাৰ এনেই কঁপি থকা শৰীৰটোক আৰু যেন কঁপাই দিয়ে!
তুমি দহৰ মাজৰ এক, তুমি কৃতী, তোমাৰ আনন্দ, তোমাৰ উৎসাহ, তোমাৰ সিদ্ধি,লোভনীয়, ঈৰ্ষাৰ সামগ্ৰী।
হায়, কৃতী! হায়, গ্ৰেজুৱেট্! তুমি জানা হলে তোমাৰ সমুখত কি কঠোৰ জীৱন-সংগ্ৰামে অপেক্ষা আছে!
প্ৰথম অঙ্ক
( ১ )
চহৰৰ আলিবাটত কিছুমান কলেজৰ ডেকা ফুৰিছে, জুন মাহৰ প্ৰায় শেষ"; দুই দিনমান আগতে মাত্ৰ ডিগ্ৰী পৰীক্ষাৰ ফল ওলাই গৈছে। সৰ্বেশ্বৰ বৰুৱাই নতুনকৈ বি-এ পাছ কৰিছে,distinctionও পাইছে, অৰ্থাৎ ভাল কৰি পাছ হৈছে।
হৰনাথ আগৰ বছৰৰ বি-এ; এতিয়া ল-কলেজৰ ছাত্ৰ। তেওঁ কলে, “বৰুৱা, তুমি নাবালকতে বি-এ পাছ কৰিলা। এতিয়া কি কৰিবা? ল-কে পঢ়াহঁক। That's a jolly good life, খুব আমোদৰ দিন, বুজিছা।”[ ১১ ] সৰ্বেশ্বৰ—How so! মোৰ বৰ মন আছে; পাছে my family obstructs, ঘৰত বাধা দিয়ে হে!
ৰামকুমাৰ–(অসমীয়া ছাত্ৰৰ ভিতৰত এওঁৰ নাম; অনাৰ্চ লৈ বি-এ পাছ কৰি এতিয়া কলিকতাত একে লগে এম.এ, বি-এল পঢ়ে ) থৈ দিয়া family! এতিয়া ঘৰৰ চুকত পৰি থাকিবৰ সময় নে হে! This is the real time to enjoy students' life, এতিয়াহে ফুৰ্তিৰ দিন! আগ ডোখৰটো গাধা খাটন দি খাটিলা।
সৰ্বেশ্বৰ—চেষ্টা কৰি চাওঁচোন। “যত্নে কৃতে” কি হে বাকী ডোখৰ? এই সংস্কৃতবোৰ ঠিক আমাৰ তাহানিৰ পণ্ডিত মছায়ৰ দৰেই জেঙেৰা, অলপমানো ৰস নাই।
চন্দ্ৰকিশোৰ—(সংস্কৃতৰ অনাৰ্চ লৈ বি-এ পঢ়ে) কি কয় আপুনি; সংস্কৃতত ৰস নাই! আপুনি হে তাৰ আচল ৰস বুজিব লাগিছিল। (সৰ্বেশ্বৰ বিবাহিত)
“মধ্যে ক্ষামা শিখৰীদশন।”
ৰামকুমাৰম—থৈ দিয়া তোমাৰ সংস্কৃত! তুমি সংস্কৃতত অনাৰ্চ পঢ়া বুলি ভু পাওঁ। বুজিছা, বৰুৱা, তুমি ইংলিছত এম-এ পঢ়া। কিমান liberal ideas (উদাৰ মত), কিমান ৰস, কি খাচা! আৰু প্ৰফেচাৰ ঘোষজন—বেছ পঢ়ায়, কলিকাতাতে তেওঁৰ খুব নাম।
(২)
সৰ্বেশ্বৰহঁতৰ চৰা-ঘৰত বুঢ়াভগীয়া মানুহ কেইজনমান বহি আছে। সময়, সাঁজ গৰি গৈছে; সৰ্বেশ্বৰ ভিতৰলৈ সোমাই আহিল।
বুঢ়া ফুকন (হাতত এটা কিচকিচিয়া কলা হোকা লৈ, আৰু মাজে মাজে গুৰুক গুৰুক কৰি টানি, আহা, বাপা, আহা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক। পিছে বি-এ টো পাছ কৰা শুনি বৰ সন্তোষ পালোঁ।
সৰ্বেশ্বৰ–এৰা, আপোনালোকৰ আশীৰ্বাদত।
বুঢ়া বৰুৱা—(খুন্দনাত তামোল খুন্দি আৰু মুখত তামোল পাগুলিয়াই আছে) নহব কিয় হে ফুকন! নেদেখিছা কেনে বিনীত লৰা। পাছে আজিকালিৰ ডেকা লৰাবোৰ গুছিল; আমাক ভাবে old fools, বুঢ়া গৰ্দভ। মুঠে বোপাদেৱৰ দৰে দু এজন লৰাই হে—(কাঁহে)
বুঢ়া বৰুৱা—(এওঁ কাণে অলপ কম শুনে; আগেয়ে কাছাৰীত কাম কৰিছিল, পেঞ্চন পায়, অনেক মাটিবাৰী আৰু মকৰ্দমা আছে। বৰুৱাৰ কথা শেষ হব নৌপাওঁতেই তেওঁ কি জানি একো নকলে বেয়া দেখি, এই ভাবি মাত লগালে) কি কৈছা বৰুৱা, বোপাই হাকিমী কাম বিচাৰিছে নে! উহুঁ, সেইটি ভাল নহয়! আমাৰ দিনত কিমানবোৰ হাকিম দেখিলোঁ। বৰ খাটনি, তাতে বৰ চাহাবৰ বঙলাৰ তলত এই দৰে (মুদ্ৰা দি দেখুৱালে) ৰৈ থাকিব লাগে। আৰু ইফালে কেৰাণীবোৰে নাকী দি ঘুৰাই নহয়! ময়েই কেইজন হাকিমক কি কৰিলোঁ। উহু, উহু, উহুঁ। বোপা, উকীল হে হব লাগে। নেদেখিছা সেই বঙালী উকীলজন, আমাৰ চকুৰ আগতে কিমান পইচা ঘটিলে তাৰ এতিয়৷ চাহৰ বাগিচাই চাৰি-পাঁচখন! প্ৰথম যেতিয়া আহে তেতিয়া লাং লাং থাং থাং।
ফুকন—হয়, দুৱৰীয়াই ভাল কথাকে কৈছে। এতিয়া নো বাপাই কি কৰিব খুজিছে।
সৰ্বেশ্বৰ—জানো দেউতাই বা কি কয়! মোৰ হলে এম-এ পঢ়িবৰ হে মন।
দুৱৰা—হয়; বোপা, সেয়েহে ভাল, উকীল হোৱা। ঈশ্বৰে কৰিলে চাই থাকোঁতেই তোমাৰো বাগিচা, মটৰগাৰী হব। হাঃ হাঃ হাঃ।
ফুকন—(এওঁ তাহাখিন কটন চাহেব আহোঁতে তেওঁৰ কৰ-মৰ্দন পাইছিল; আগত বাগিচাৰ বৰমহৰী আছিল; এতিয়া বৰ পুতেক সৰু পুতেক আদি বাগিচাত, তেওঁ পেঞ্চন পায়।[ ১২ ] ৰাজনীতি কথা কব ভাল পায়; আৰু নিজক দেশ নায়ক বুলি অন্তৰত ভাবে। এম-এৰে নো কি কৰিবাহঁক! নেদেখিছা আমি অতদিনে চিঞৰি আছোঁ—বোলোঁ আমাৰ ২০/২৫ জন এম-এ আছে, তাৰে এজন হলেও কটন কলেজত সুমাই দিয়া। আজিকালিৰ গবৰ্নমেণ্টে আমাৰ দৰে মানুহৰ কথা শুনে কত! এতিয়া আৰু ৰায় বাহাদুৰ, খাঁ-বাহাদুৰৰ হে দিন! তেওঁলোকে আকৌ চাহাবক চালাম হে দিয়ে, দেশৰ কথাত হলে নেমাতে! আমি কি কৰিম!
বৰুৱা ডাঙৰীয়াই ভাল কথাখন কয় হয়! ৰায় বাহাদুৰৰ হে দিন! হিঃ হিঃ হিঃ!
দুৱৰা কাণে নুশুনা মানুহ। কোনে কি কলে একো নুশুনিলে। কিন্তু নাহাঁহিলে কি জানি ৰস ৰক্ষা নপৰেই, ইয়াকে ভাবি তেৱোঁ হাঁহিত যোগ দিলে।
(৩)
ৰান্ধনি ঘৰৰ মজিয়াত সৰ্বেশ্বৰ, দেউতাক সৰ্বেশ্বৰৰ ভায়েক কেইটি ভাত খাবলৈ বহিছে। মাকে ভাত দি উঠি অলপ আঁতৰতে থিয় হৈ আছে।
সৰ্বেশ্বৰৰ মাক মই হলে কওঁ, বৰমইনা আৰু গুৱাহাটী বা কলিকতা এইবোৰ বঙলুৱা দেশলৈ যাব নেলাগে। ঘৰতে থাওক।
সৰ্বেশ্বৰৰ পিতাক—ঘৰত থাকি নো কি কৰে!
মাক—কেলেই, বি-এ পাছ কৰি সৌ হেমকান্ত চবডিপুটি হৈছে নহয়। কৃষ্ণনাথ মুঞ্চুপ তেও বি-এ-হে পাছ। বৰমইনাও হাকিম বা মুঞ্চুপ কিবা এটা হওক।
পিতাক–পালেহে আকৌ।
মাক—নাপাব নো কেলেই! বাৰীৰ টেঙা মাটি-কঁঠালটোৰ পৰা চেহাবৰ বঙলালৈ ভাৰে ভাৰে যাবই লাগিছে! আপুনি চেহাবক কওক, মইনাক ভাল কাম এটা দিয়ক।
সেই বঙাল হাকিমটোক খেদি দেখোন মইনাক দিলেই হয়। সেইপাতে বোলে আমাৰ মাত-কথাকে নুবুজে। সিদিনা আহিনী বাই কৈছিল নহয়। তেনেটো হাকিমক আমাৰ ইয়াত কেলেই! আপুনি চাহাবক বুজাই দিব।
(8)
সৰ্বেশ্বৰৰ শোৱনি ঘৰ। সেই দিনাই নিশা শুবৰ সময়। সৰ্বেশ্বৰে বিছনাত পৰি ইকাটি সিকাটি কৰি আছে; টোপনি অহা নাই। ঘৈণীয়েক আহি সোমাল।
সৰ্বেশ্বৰ–আহিলা নে কথমপি? বৰ সোনকাল দেখোন!
ঘৈণীয়েক—পলম হলে নো আমি কি কৰিব পাৰোঁ। আমি আৰু ঘৰৰ বেটী হে! সাজ ধোঁতে ঘৰ লিপোঁতে অলপ দেৰি হয় আৰু।
সৰ্বেশ্বৰ–এৰা কি কৰিবা? নিজে উপাৰ্জন কৰিব নোৱাঁৰো মানে আছে আৰু কষ্ট।
ঘৈণীয়েক–নিজে নো উপাৰ্জন নকৰে বা কিয়? এতিয়া বোলে বি-এ নে থি-এ কিবা পাছ নে আগ হৈছে। কিবা এটা দেখোন ভাল চাকৰী ললে হয়।
সৰ্বেশ্বৰ—চাকৰী নো দিয়ে কোনে হে?
ঘৈণীয়েক—আয়ে কৈছে নহয় বোলে হাকিম বা মুঞ্চুপ কিবা এটা হওক।
সৰ্বেশ্বৰ—তুমি আৰু তোমাৰ আয়েৰাই কাম দিব পৰাহেঁতেন তো আছিলেই! কাম পাছে দিয়ে চাহাবে হে।
ঘৈণীয়েক—আমি সেইবোৰ কি জানো দেও হে। “শাক খাওঁ পাত খাওঁ, কি জানো মেলেছৰ নাও।” আমাৰ মনেৰে হলে আৰু পঢ়িব নেলাগে, বুঢ়ালৈ নো কোনোবাই পঢ়ে নে?[ ১৩ ] এটা চাকৰি হে কৰক। আৰু যদিবা পঢ়েই বেটীক দেউতাৰ ঘৰত থৈ আহক। এখন ৰাইজৰ চুৱা সাজ ধুই বেটীএ হাৰ কেইডাল জুনজুনীয়া কৰিব নোৱাৰোঁ।
(৫)
দুই চাৰিদিন পাছৰ কথা। চৰা ঘৰত সৰ্বেশ্বৰৰ দেউতাক আৰু বুঢ়া ফুকন ডাঙৰীয়া বহি আছে। হোকাটো হাতত আছেই, তাক মাজে মাজে গুৰুক্ গুৰুক্ টান মাৰি আছে। সৰ্বেশ্বৰ দেউতাকে এখন পাঁজি চাইছে! ফুকনে হোকাৰ পৰা মুখ তুলি একোবাৰ তেওঁৰ ফালে চায়।
ফুকন–পালা নে কিবা এটা দিন। যাত্ৰাৰ ক্ষণটো চালেই হয়, সেই সময়ত যোগিনী ভাল থাকিলে বা মাহেন্দ্ৰ বা অমৃত যোগ হলে হয় দেখোন।
সৰ্বেশ্বৰৰ পিতাক—হওঁতে ১১ আহাৰ ভাল আছিল; কিন্তু বাৰটো হল ৰবিবাৰ। সেই দিনা আকৌ চাহাবক লগ পাব পাৰি কেনেকৈ?
ফুকন—ত্ৰয়োদশী তিথিটো চোৱাচোন। সৰ্বসিদ্ধা ত্ৰয়োদশী। সেই দৰে গলে চাহাবৰ মন কুমলিব পাৰে।
সৰ্বেশ্বৰৰ পিতাক—(অলপ পৰ পাঁজি চাই) এই দিনটো চাওকচোন। সাড়ে ৮ বজাৰপৰা সাড়ে ১১ বজালৈ মাহেন্দ্ৰযোগ আছে। (এই বুলি পাঁজিখন ফুকনৰ হাতত দিলে। ফুকনে চাব ধৰিলে।)
ফুকন—হয়, ভাল হৈছে। সেই দিনাই হব। পাছে, বোপাদেৱক ভাল পোছাক এজোৰা নালাগিব নে? আছে জানো?
সৰ্বেশ্বৰৰ পিতাক–সেইটো সি আনিব কিবা দিহা কৰি! মই হলে কৈছিলোঁ, এইখন কৰাতকৈ ওকালতিকে পঢ় গৈ!
ফুকন–পিছে?
সৰ্বেশ্বৰৰ পিতাক–তাৰ মন নাই। সি বোলে চাকৰি হে কৰে। হওঁতে বোৱাৰীএও ফুচুলিয়াই হব পায়।
ফুকন–এৰা দেৱ, আজিকালিৰ ডেকাবোৰ তেনেই গুছিল, আটাইবোৰ মাইকীৰ মেখেলাৰ তল হল। আমাৰ দিনত এনেটো নাছিল, কি কোৱা?
সৰ্বেশ্বৰৰ পিতাক–হয় হয়। ইও ইংৰাজী শিকাৰ হে ফল। ইংৰাজলোকৰ ইস্তিৰি স্বাধীনতা আছে; হাতত ধৰি তিৰোতাক আলিয়ে-পদুলিয়ে লৈ ফুৰায়। পাৰিলে আমাৰ ডেকাবোৰকো তাকেই কৰিব লাগে। তেনে কৰোঁতে মাইকীবোৰ মূৰত উঠিল। (অলপ থমকি) পাছে, বৰ চাহাবক আপুনিও এবাৰ কব লাগে।
ফুকন–লাগে তোন। মই যি পাৰোঁ কম। আমাৰ ঘৰৰপৰা এটা চাকৰিত সুমাই দিব পাৰিলে তো হয়েই।
—:০:—
দ্বিতীয় অঙ্ক
(১)
সৰ্বেশ্বৰ যি সময়ৰ গ্ৰেজুৱেট সেই সময়ত চব-ডিপুটি হাকিমীটো কেৱল বিশিষ্ট লোকৰ পুত্ৰ [ ১৪ ] বা জোঁৱাইৰ কাৰণেই ৰিজাৰ্ভ কৰি থোৱা নাছিল; বা কেৱল বিশেষ ৰকমৰ কছৰত জানা অতি ভাগ্যৱান লোকৰ ভাগ্যত হে ঘটিছিল, এনেও নহয়। সাধাৰণ তৰপৰ গ্ৰেজুবেট্ হলে কেতিয়াবা ভুল প্ৰমাদত এই হাকিমী বিষয়খন পাইছিল। সৰ্বেশ্বৰৰো বৰ মন হাকিম হবলৈ। বিশেষ কৰি সেই মণ্ডলটো, যি তেওঁক তাহানিখন অনেক মানুহৰ আগতে তঁয়া-হঁয়া কৰি অপমান কৰিলে, তাৰ অলপ সেকা দিব নোৱাৰিব নে! আৰু ভাগী এঘৰেৰে সৈতে মাটিৰো গোলমাল!
সৰ্বেশ্বৰৰ দেউতাকে পাঁজি চাই ঠিক কৰি দিয়া দিনৰ দিনা পুৱা নও মান বাজিবৰ সময়। সৰ্বেশ্বৰৰ গাত কলা পোছাক এজোৰ, থুতুৰিলৈকে উঠা বৰ বগা শকত কলাৰ, মূৰত বাবু-টুপী। পোছাক জোৰ বৰ টাইট হৈছে, কোটটোৰ বুটাম কেইটা টানি মানি হে মাৰিব পাৰিছে, বুকৰ পোনে উশাহ লওঁতে ছিগি যায় যেন। কলাৰটো ইমান ওখ, গলটোও ইকাটি সিকাটি কৰা টান। গৰমৰ দিন, সৰ্বেশ্বৰ ঘামতে তলমল।
বৰ চাহাবৰ বঙলাৰ সমুখ। বাহিৰৰ পৰাই দেখি, চাহাবে অফিছত বহি ঘামি জামি কাম কৰি আছে, কামিজটোৰ হাত দুখন কোঁচোৱা, গলৰ বুটাম খোলা, গাত কোট নাই, মুখত পাইপৰ নল ওপৰত চাউপ চাউপ কৰি পাংখা চলিছে। সৰ্বেশ্বৰে অতি সন্তৰ্পণে ইফালে সিফালে চাই প্ৰবেশ কৰিলত চাপ্ৰাচী আহি সমুখত থিয় হল। সৰ্বেশ্বৰে কাৰ্ডটো তাৰ হাতত দি কলে,—
সৰ্বেশ্বৰ – কাৰ্ডটে৷ চাহাবক দিয়াগই হে।
চাপ্ৰাচী—চাহাব নাই বাবু।
সৰ্বেশ্বৰ—কিয়, সৌৱা দেখোন কাম কৰি আছে।
(চাপ্ৰাচী নীৰৱ) নিয়া হে, মোৰ সকাম আছে।
চাপ্ৰাচী—সকাম আছে যদি দেখোন তুমিয়েই দিব পাৰা।
সৰ্বেশ্বৰ— ধৰা ধৰা নিয়া।
(জেপৰপৰা আধলি এট৷ উলিয়াই কাৰ্ডটোৰ লগতে দিয়ে। চাপ্ৰাচীএ সাধলিক কাৰ্ডৰ প্ৰথমটো নিজৰ পকেটত থই আৰু দ্বিতীয়টো চাহাবৰ আগত দি ক্ষন্তেকতে ফিৰি আহিল।)
চাপ্ৰাচী—চালাম দিছে বাবু।
(সৰ্বেশ্বৰে কি কৰিব লাগে বুজিব পাৰা নাই। চালাম দিয়া অৰ্থ যে চাহাবে মাতিছে, এই কথা তেওঁৰ শ্ৰুতিগোচৰ হোৱা নাছিল। চাপ্ৰাচীএ বুজিব পাৰি ওঁঠদুটাৰ মাজত অকণমানি হাঁহিৰ ৰেখা ৰেঙাই কৈছে),
চাপ্ৰাচী— চাইছা কি বাবু? চাহাবে তোমাক মাতিছে ভিতৰলৈ যোৱা।
(সৰ্বেশ্বৰে জোতাৰ শব্দ নোহোৱা কৰি বৰ সাৱধানে চাহাবৰ অফিছ ৰুমৰ দুৱাৰমুখ পাই মুখেৰে একো নামাতি দীঘল কৰি হালি ঢালাম দিলে।)
চাহাব–Come in Babu.
ভিতৰলৈ আহা, বাবু। (সৰ্বেশ্বৰ ভিতৰ সোমাই গল।)
চাপ্ৰাচীএ—মনতে ভাবিছে, “এই নতুন বাবুবোৰ বৰ বুৰ্ বক্। চাকৰি এটা পালে দুদিনৰ পাছতে এওঁৰে আকৌ ফুটনি চাই কোনে?”
চাহাব–You can take a seat. বহিব পাৰা।
(সৰ্বেশ্বৰ বহিল; কিন্তু সিও তেওঁৰ এক শাস্তি হে হল। চুট জোৰা গাত ইমান টান হয় যে পিঠি বুক টানি বহিলে হে কথমপি বহিব পাৰি; কলাৰটোই গলত ধৰে; ইফালে আকৌ যিখন ধনঞ্জয় মাৰ্চিয়া হে দিলে বহিবলৈ! তেও, চাহাবৰ কথ৷ পালন কৰিলে।
চাহাব–(ইংৰাজীত) তুমি গ্ৰেজুৱেট আছা, বাবু।
সৰ্বেশ্বৰ—হয়, হুজুৰ। (Yes, your honour),
চাহাব—তোমাৰ নাম হৈছে–হৈছে—(কাৰ্ডটো চাই) সৰ্বেশ্বৰ বৰুৱা? [ ১৫ ] সৰ্বেশ্বৰ—হয়, হুজুৰ।
চাহাব—তোমাৰ ঘৰ কত আছে?
সৰ্বেশ্বৰ—নগৰতে, চাৰ, হুজুৰ।
চাহাব—নগৰ, কোন নগৰ, এই নগৰ?
সৰ্বেশ্বৰ—হয়, হুজুৰ।
চাহাব—What can I do for you? তোমাৰ কাৰণে কি কৰিব পাৰোঁ?
সৰ্বেশ্বৰ—মই চবডিপুটি কলেক্টৰৰ কাৰণে দৰ্খাস্ত কৰিছোঁ, হুজুৰ।
চাহাব—চব-ডিপুটি কলেক্টৰ! আজি কালি টান দিনত চব-ডিপুটি কলেক্টৰি কাম পোৱা মস্কিল। তোমাৰ পিতাৰা কোন?
সৰ্বেশ্বৰ—মোৰ পিতাক হুজুৰে জানিবও পাৰে? তেওঁৰ নাম বাপুৰাম বৰুৱা। কিছুমান দিন চৰবৰাহকাৰ আছিল। এতিয়া খেতি কৰে। তেওঁ ধনী আৰু মানী। (rich and respectable).
চাহাব—Oh, that is very good. (বৰ বঢ়ীয়া কথা)। You are Bapuram's son—a nice old man (তুমি বাপুৰামৰ পুতেক, বঢ়ীয়া বুঢ়া মানুহ জন।) You want to be a Sub-Deputy Collector, It is very right. But in my opinion, Babu, you youngmen of Assam should take to cultivation. (তুমি চব-ডিপুটি হব বিচাৰা। ভাল কথা। কিন্তু, বাবু, মোৰ মতেৰে হলে, তোমালোক ডেকাবিলাকে খেতি হে কৰিব লাগে।)
সৰ্বেশ্বৰ—How can we take to cultivation, your honour? It is not paying, not also quite respectable.
(খেতি কেনেকৈ কৰোঁ, হুজুৰ। তাৰ পৰা আয় নহয়; আৰু বৰ মানীলোকৰ ব্যৱসায়ো নহয়।)
চাহাব—But you were telling me just now that your father was a respectable gentleman, although he was a cultivator. And why not you! (কিন্তু তুমি মোক এতিয়াই কৈছিলা, তোমাৰ পিতাৰা খেতিয়ক হলেও ধনী মানী। তুমি নো নহবা কিয়?)
(এই কথা আখৰে সৰ্বেশ্বৰৰ গাটো বিন্ধি গল। কিন্তু চাহাবে কথাখিনি ইমান মিহি সুৰত মিঠা হাঁহি মাৰি কলে, যে চাহাবে আচলকৈ ঠাট্টাই কৰিলে নে সজ উপদেশকে দিলে বুজিবলৈ টান। )
চাহাব–(অলপ পৰ থমকি) Have you got anything else!
সৰ্বেশ্বৰ—Your honour's kindness, Sir. If you take pity, Sir, I may be favoured with the appointment
(হুজুৰৰ দয়া। হুজুৰে অনুগ্ৰহ কৰিলে কামটো দিব পাৰে।)
চাহাব—Oh, yes your application will receive all consideration.(অকণমান ৰই) You see, I am so busy, good morning (নিশ্চয়, তোমাৰ দৰখাস্ত সুন্দৰৰূপে বিবেচনা কৰা হব।...নেদেখিছা, মোৰ বহুত কাম। গুডমৰ্ণিং।)
সৰ্বেশ্বৰে শিকি থইছিল যে চাহাবে গুড্ মণিং বুলিলে আৰু ৰব নাপায়; আৰু কোনো আমোলা বন্ধুৰ পৰা ইয়াকো বুজি লৈছিল যে আহোঁতে চাহাবৰ ফালে পিঠি দি আহিব নাপায়। সৰ্বেশ্বৰে এই বাৰো হালি চালাম দিলে, আৰু চাহাবৰ ফালৰপৰা মুখ নুঘূৰোৱাকৈ অফিছৰুমৰ দুৱাৰ মুখ পালেহি। তাতে আকৌ এটা চালাম দি ওলাই আহিল। তেওঁৰ মনত হল যেন অগ্নি-পৰীক্ষাত হে উত্তীৰ্ণ হল।[ ১৬ ] বাহিৰত চাপ্ৰাচী ৰৈ আছিল। দুৱাৰ মুখৰ পৰা অলপ মান আহোঁতেই কৈছে,
চাপ্ৰাচী-দেউতাক চিনিব হে পৰা নাছিলোঁ। দেউতা আমাৰ বৰুৱা ডাঙৰীয়া মৌজাদাৰৰ ঘৰৰ নহয় জানো? দেউতাই চবডিপুটি কাম বিচাৰিছে হব পায়?
সৰ্বেশ্বৰে—( মনত ভাল পালে। ইয়েই তেওঁক তুমি-তামা কৰি এতিয়াই কথা কোৱা নাছিল নে! ) এৰা, তুমি নো কেনেকৈ জানিলা?
চাপ্ৰাচী—দেউতা, ইমান্ দিনে চৰকাৰৰ নিমখ খাইছোঁ, মানুহ আৰু অলপ চিনি পাওঁ,দেউতা। পাছে দেউতাই কামটো নিশ্চয় পাব।
সৰ্বেশ্বৰ—কেনেকৈ জানিলা বাৰু?
চাপ্ৰাচী—কেলেই, বৰ চাহাবে কাৰ্ডটো দিয়া মাত্ৰকতে মাতি নিলে, এতেখিনি পৰ হাঁহি হাঁহি কথা পাতিলে, এনেয়ে জানো? আও, এইটো বৰ কালান্তক চাহাব, দেউতা। আমাৰ বৰ হাকিম আহিলেও থিয়ই থিয়ই হে কথা পাতে। আৰু কিমান বাবু আহে,বাৰাণ্ডাৰ তলতে থিয় হৈ থাকে নহয়, বৰ চাহাবে কেটাহিকে নকৰে। দেউতাক বহিবলৈ চকি দিলে, হান-চেউ কৰিলে। দেউতালৈ জৰুৰ বৰ চাহাবৰ মৰম লাগিছে।
সৰ্বেশ্বৰ – দেখোঁচোন, বাৰু কি হয়?
( এইদৰে কথা পাতি প্ৰায় কম্পাউণ্ডৰ বাহিৰ পালে হি। )
চাপ্ৰাচী—পাছে, গোলামে নে৷ মিঠাই খাবলৈ একো নাপাওঁ নে?
সৰ্বেশ্বৰ—লগত তো পইচা-কৰি আহা নাই। হোৱাঁ। (এই বুলি টকা এটা চাপ্ৰাচীক দিলে ) আমাৰ ঘৰৰ ফালে যাবাচোন, চিনি নোপোৱা জানো?
চাপ্ৰাচী—কেলেই চিনি নাপাওঁ, দেউতা। মৌজাদাৰ দেউতাৰ ঘৰ আকৌ চিনি নাপাওঁ নে? যাম, দেউতা। এতিয়া গোলামৰ এয়ে ঢেৰ। কামটো হক, আৰু আছে নহয়।
( সৰ্বেশ্বৰ ওলাই আহিল।পাছত মনত পৰিল যে তেওঁ শুনিছে যে কোনোবা চীফ কমিছনাৰৰ খানছামাএ বোলে চবডিপুটি কাম দিয়াব পাৰিছিল। আৰু কোনোবা কমিছনাৰ চাহাবৰ চাপ্ৰাচীৰো তেনে অসাধাৰণ ক্ষমতা আছিল। বৰ চাহাবৰ চাপ্ৰাচী নো এক আখৰ কথা কব নোৱাৰিব নে। সৰ্বেশ্বৰে চাপ্ৰাচীক অলপ টান কৈ শেঁহাই মাতিলে। চাপ্ৰাচী দৌৰি আহিল। )
সৰ্বেশ্বৰ—হেৰা ককাই, তোমালোক সদাই চাহাবৰ লগত লাগি থকা মানুহ। কেতিয়াবা এক আখাৰ কব নোৱাৰা নে হে!
চাপ্ৰাচী—কব লাগিছে নে, দেউতা? ভাল, ভাল।
সৰ্বেশ্বৰ—এৰা, পাৰিলে কবাচোন।
( এইবাৰ সৰ্বেশ্বৰ গল। )
চাপ্ৰাচী— মনতে ) এনে আহাম্মখ, এই বাবুবোৰ তেনেই গাধা।
(২)
চহৰৰ এখন সৰু দোকানত অনেক ডেকা লৰা গোট খায়। সেই দিনাৰে আবেলি সময়ত হৰনাথ, ৰামকুমাৰ আদি বহি আছে। এনেতে সৰ্বেশ্বৰ সোমাই আহিল।
হৰনাথ — কি হে নতুন ডিগ্ৰী, কৰিলা নে বৰ চাহাবক দেখা?
সৰ্বেশ্বৰ—এৰা ভাই, কোনোমতে হল। কিন্তু চাহাব দেখা কৰা মানে এচলু তেজ শুহোৱা হে, জানিছা।
ৰামকুমাৰ — কিয় হে, কি হল? ইংৰাজী কওঁতে খোকোজা লাগিল নে কি? হওঁতে [ ১৭ ] হয়, চাহাব প্ৰফেছৰৰ তলত নপঢ়িলে কিছু আহুকাল হয়। বঙালীবোৰৰ pronunciation-এ ( উচ্চাৰণ ) নহয়।
চন্দ্ৰকিশোৰ— থওক আপোনাৰ চাহাব প্ৰফেছৰ। কিমান চাহাব প্ৰফেছৰ দেখিলো,মাতটোকে মাতিব নোৱাৰে।
হৰনাথ — ৰবাচোন, তোমালোকৰ ইংৰাজী আৰু সংস্কৃতৰ তৰ্কখন আমাক নালাগে। ( সৰ্বেশ্বৰলৈ ) পাছে কি হল হে?
সৰ্বেশ্বৰ— কি আৰু হব! apply ( দৰখাস্ত ) কৰিবলৈ কৈছে।
দোকানী— ( এজন ডেকা লৰা, কলেজতো এমামান পঢ়িছিল, সুন্দৰ ফিট ফাট বাবু ) তোমাৰ হব হে সৰ্বেশ্বৰ, বুইছা। তোমাৰ দেউতাৰাৰ যি হে খাটিব। এই বাৰো বৰদিনৰ দালিটোৰ ভালকৈ দিহা কৰা।
এনেতে দোকানলৈ ডিম্বধৰ পেস্কাৰ সোমাই আহিল। এওঁ কাছাৰীৰ এজন প্ৰবল আমোলা, মাটি বৃত্তি ধন জন টকা কৰি অপাৰ। সকলে৷ চাহাব আৰু হাকিমৰ লগত বৰ খাতিৰ। এবছৰৰপৰা চহৰত ৰটনা-খচনা যে তেওঁক ৰায়চাহাব খিতাপেৰে সুশোভিত কৰিবলৈ বৰ চাহাবে ওপৰলৈ লিখিছে। বয়স ৪০। ৪৫ৰ ভিতৰতে; সকলো দলতে এওঁৰ মিল, লৰাৰ-পৰা বুঢ়ালৈ। এনে হেন মহাপুৰুষক বেঞ্চিত বহিবলৈ দিয়৷ অন্যায় বুজি, দোকানীএ বেত-চিঙা হাত-ভঙা মাচিয়া এখন আগ বঢ়াই দিলে; পেস্কাৰ ডাঙৰীয়াই নিজৰ লুষ্ট-পুষ্ট শৰীৰ ডোখৰ তাতে থলে।ক্ষন্তেকলৈ ডেকাৰ দল নিজুম।
পেস্কাৰ—কি কৈছিলা হে বোপাহঁত? কাক বৰদিনৰ দালি দিয়া? সেইবোৰ আমাৰ বুঢ়া তৰপৰ আমোলা-মহৰীৰ হে কথা। তোমালোক নতুন কলেজত পঢ়া ডেকাৰ কিহৰ দালি!
ৰামকুমাৰ—(পেস্কাৰে নুশুনাকৈ) Nonsense, sycophant ( আহম্মখ, খোচামোদী।)
দোকানী—এয়া, আমি সৰ্বেশ্বৰে চাহাবক দেখা কৰি কথা পাতিছিলোঁ, কাম পাবলৈ হলে আজি কালি খাতিৰ হে লাগে।
পেস্কাৰ—হওঁতে হয়, পাছে চাহাবক বশ কৰা বৰ টান। সাপকো বিশ্বাস কৰিবা, তেওঁ চাহাবৰ জাতত বিশ্বাস নাই। যিমান দিন তোমাৰপৰা কাম আদায় হয় তুমিয়েহে তুমি, কেনেবাকৈ যদি কিবা এটা ভুল ওলাল, “যাও ...বেটা জলমে।” আজি কালিৰ চাহাব এই। ( সৰ্বেশ্বৰলৈ ) পাছে, বৰ চাহবক Your Honour ( হুজুৰ) বুলি কথা কলা নে নাই?
সৰ্বেশ্বৰ—এৰা Honour মুখতে নোলায়চোন; পাহৰি পাহৰি যাওঁ; চেষ্টা কৰিছিলোঁ হওঁতে।
পেস্কাৰ—ৰবা, এথোন। হাকিম এটা হৈ লোৱা। তেতিয়া মুখেনাকে Honour ওলাব। চালাম আকা? গুড মৰ্ণিং বুলিলা নে চালাম দিলা?
সৰ্বেশ্বৰ—কলেজৰ পৰা ওলাই আহিয়েই কেনেকই নো চালাম দিয়ে। গুড্ মৰ্ণিঙকে দিলোঁ। সিও দেখেন হাতখন আগবঢ়াই দিলে। আও যিহে টিপা, মোৰ হাতখনকে ছিগি নিয়ে যেন পালোঁ। ( এই বুলি অলপ ৰঙা পৰি, কি জানি তেওঁৰ মিছা আখৰ কোনবাই ধৰিব পাৰিলেই সৰ্বেশ্বৰে হাঁহিলে। বাস্তৱিকে চাহাবে তেওঁৰ লগত হেণ্ডচেক কৰা নাছিল। )
পেস্কাৰ—হুঁ, এইবোৰ পাছে একো নহয়। চাহাবপূজাৰ এটা মাত্ৰ মন্ত্ৰ আৰু এটা মাত্ৰ মুদ্ৰা আছে। খুব দীঘলকই চালাম দিবা। ( চালামৰ নমুনা দেখুৱাই দিলে। ) এইটো মুদ্ৰা। আৰু মন্ত্ৰ হৈছে, যিহকে নকওক “হয় হুজুৰ” “হয় হুজুৰ” বুলিবা। (হাত যোৰ কৰি ইয়াৰো মুদ্ৰ৷ দেখুৱালে। ) এই দৰে, উ –হ, খুব তেল দিবা (হাতেৰে তেল দিয়া প্ৰথা অনুকৰণ কৰিলে )। যেতিয়ালৈ তলতলিয়া পিছল নহয়, তেতিয়ালৈ হাতে মুখে পিঠি দিবা মাদীএ মাএদী [ ১৮ ] তেল। পিছত, যেতিয়া দেখিবা বেছ নিমজ হৈছে, দিয়া···হঁতৰ ওপৰেদি ৰেলগাড়ী চলায়। সুধিব, ‘এয়া কোন, ইমানটো মৰ্দালি কৰিছে কোনবাই কলে, ‘অমুক হে;’ বিশ্বাস নকৰে—‘উহুঁ, সি কেনেকই হব। কাৰবাৰ কৰবাত ভুল হইছে।’
দোকানলই এই সময়ত বৰ হাজৰিকা ডেকা উকীল আছিল। এওঁ পাতলা কৰি লাগে,দীঘল চেহাৰাৰ মানুহ চকুত সোণোৱালি দীপচকু, মূৰত পাগ, গাত দীঘল ছোলা। মানুহজন বৰ তেজী বুলি খ্যাতি আছে। মক্কেল-মহলত প্ৰসিদ্ধি— চাহাবৰ আগত এওঁৰ মুখেৰে আখৈ হে ফুটে! টকা কৰিও যথেষ্ট আৰ্জিছে—
বৰ-হাজৰিকা— (অলপ হাঁহি ৰেঙাই) কি লেক্চাৰ দিছে পেস্কাৰ ডাঙৰীয়াই!
( পেস্কাৰে খচ্ মচ্ কৰি উঠি হাতখন কপাল চুৱাই উকীলক চেলাম কৰিলে। দোকানীএ নিজে বহি থকা মাচিয়াখন উকীলক আগ বঢ়াই দি নিজে গই গদীত বহিল। ডেকাৰ দলে গাকে লাৰা নাই। )
পেস্কাৰ- আমি কি লেক্চাৰ্ দিম, ডাঙৰীয়া। আপোনালোকে শুনিলেও নাক শিঙৰাই দিব। এওঁবিলাকক কলেজত নপঢ়া বিদ্যা শিকাইছিলোঁ, চাহাবক বশ কৰা মন্ত্ৰ আৰু ডন্।
দোকানী—আমাৰ সৰ্বেশ্বৰে বৰচাহাবক দেখা কৰিবলৈ গৈছিল নহয়, চবডিপুটি-কামলৈ। তাৰে কথা কৈছিল পেস্কাৰ ডাঙৰীয়াই। চাহাবে বোলে দৰখাচ্ কৰিবলৈ কৈছে।
বৰ-হাজৰিকা— চাহাবৰ দৰখাচ্ কৰিবলৈ কোৱা থৈ দিয়ক।.. হাঁতৰ কোন কথাতে rely (বিশ্বাস) কৰিব নোৱাৰি। Best consideration receive কৰিব, খুব consider কৰিম, apply কৰা, I will see – এইবোৰ চাহাবহঁতৰ বুলিয়েই। কোনোমতে একো নকৰে,খাতিৰ নহলে।
(বৰ-হাজৰিকা দেৱে বি-এল পাছ কৰিয়েই হাকিমী কামলৈ বৰ চেষ্টা কৰিছিল। বি.এ পাছ কৰা কোনো হাকিমৰ লৰাক সেই কাম দিলে, তেওঁক আশা দিও শেষত নিদিলে। লোকে কয়, সেই কাৰণেই তেওঁ গবৰ্ণমেণ্ট, চাহাব আৰু হাকিমৰ ওপৰত বৰ নাৰাজ।)
ৰামকুমাৰ—হব পাৰে সেইটো কাৰো কাৰো পক্ষে; সেই বুলি যে all will sail in the same boat (সকলোৰে একে দশাই হব) তাৰ কি মানে আছে?
উকীলে একো নামাতিলে, অকণমান হাঁহিৰ ৰেখা মুঠতে মুখত বিৰিঙি ওলাল, আৰু কিবা এটা বস্তু লই গল; উকীল গল; তাৰ পাছতে পেস্কাৰো গল। তেতিয়া দোকানীএ প্ৰথম মাত লগাইছে —
দোকানী—ৰামকুমাৰ, দেও, তুমি কম নোহোৱা, পাই! উকীলক ভাল থেকেচাটো দিলা, হয়।
ৰামকুমাৰ—নিদি কৰা কি হে? এনেকুৱা unasked for insolence unsufferable (ইম ন অনাহক ফুটনি সহিব নোৱাৰি।) তেওঁ কাম নাপালে বুলি আৰু কোনোএ নাপাবই নে কি?
চন্দ্ৰকিশোৰ —থওক, আপোনাৰ গেলা গপটো। বৰ হাজৰিকা কিমান টকাৰ মানুহ কব পাৰে নে?
ৰামকুমাৰ—miserable miser (কটকিন কিৰ্পিন।) টকা ধুই পানী খাব নহয়। country causeত (দেশৰ বাবে কেতিয়াবা পইচা এটা দিয়ে নে দেখিছা।
(এইবাৰ দোকানত নৰেশ্বৰ দাৰোগা সোমাল। এৱোঁ চহৰৰ ডেকাদলৰে এজন। প্ৰায় এবছৰ কলেজতো পঢ়িছিল। দাৰি-গোফ কমোৱা, তুলতুলীয়া চেহাৰা, গাত এটা মিহি মুগাৰ কোট আৰু গুণাৰ ফুল দিয়া এখন পাতৰ চাদৰ। গোটাই মানুহটোই চিক্চিকাই [ ১৯ ] আছে। পুলিচ হলেও এওঁৰ patriotic feelings ( দেশৰ মঙ্গল চিন্তা) আছে বুলি প্ৰসিদ্ধি আছে।)
দাৰোগা—কোনে পইচা নিদিয়ে হে, ৰাম?
ৰামকুমাৰ নকবা ভাই, এই উকীলখনৰ কথা কৈছোঁ।
দাৰোগা—আও, উকীলবোৰে আৰু পইচা দিয়ে নে! একোজন মস্ত বাক্যবীৰ!মুখত হলে ৰক্ষাই নাই; ইফালে ‘অমৃত বাজাৰ পত্ৰিকা’ এখন লবলৈকো ভয়। দোষ আমাৰ পুলিচৰ হে! হুঃ!
দোকানী— (অলপ হাঁহি) তেওঁ বুজিছা, নৰেশ্বৰ, পুলিচতকৈ ঢেৰ ভাল।
দাৰোগা—কিহৰ ভাল হে, কিহৰ ভাল? মিছা সাখী শিকোৱাত কাল। এই উকীলখনৰ বাবেই চুৰি-চাপ্ৰাচী ইমান বেছি। কেইজন উকীলৰ কথা জানো। receiver of stolen property (চোৰাই মাল ৰাখে)।
হৰনাথ—লাহে লাহে, বুজিছা, defamation (মান হানি) হব।
দাৰোগা—কিহৰ লাহে লাহে হে? যিমান চোৰ বদমাইচ, আটাইকে মিছা সাখী শিকাব, আৰু খালাচ কৰিব। এই উকীলখনৰ বাবেই justice ন্যায় তেনেই miscarriage (অন্যায় হৈছে!
—:০:—
তৃতীয় অঙ্ক
( ১ )
সেই বছৰ জানুৱাৰী মাহৰপৰা কেইবাখনো হাইস্কুল চৰকাৰী কৰি লোৱাৰ কথা। শিক্ষাবিভাগ অসমীয়া গ্ৰেজুএট বিচাৰি হায়ৰান্। আটাই গ্ৰেজুএটে মুঠ বান্ধাৰ দৰে কৰিছে,আৰম্ভণি দৰমহা ৭৫্ টকা নিদিলে কোনো কামত নোসোমায়। চৰকাৰৰ ঘৰত চাকৰি কৰা আৰু চাকৰি নকৰিও চৰকাৰৰ নিমখ খোৱা লোক সকলে গ্ৰেজুএটবিলাকক ভিন্ ভিন্ ৰূপে বুজাইছে, কিয় নো গ্ৰেজুএট সকলে থেহ ধৰি থাকিব নালাগে। কোনোএ কইছে, কিছুদিনৰ পাছত ৫০্ টকীয়া কামো পাবলৈ নাইকিয়া হব; কিছুমানে কইছে, মাষ্টাৰি কাম লোৱা মানে দেশৰ মহৎ হিত চিন্তা কৰা, কাৰণ আমাৰ স্কুলবোৰত অসমীয়া মাষ্টাৰ নাই, এতিয়া নললে বঙালীএ ভৰি পৰিব, তেতিয়া আৰু ত্ৰিশ বছৰলৈ অসমীয়া মানুহ সোমাব কেনেকই;কোনোএ কইছে, আৰম্ভণতে ৫০্ টকা হলেও সোনকালে মাষ্টাৰসকলৰ দৰমহা বেছি হব, কাৰণ বিলাতৰ পাৰ্লিয়ামেণ্টত মণ্টাগু চাহাবে ৪০০্ চাৰিশলৈ মাষ্টাৰৰ দৰমহা হব বুলি কৈছে নহয়। (মণ্টাগু চাহাব তেতিয়া ভাৰতৰ আণ্ডাৰ চেক্ৰেটৰী; লৰ্ড মৰ্লি চেক্ৰেটৰী। )
যি দৰে কোনো কঠোৰ তপস্বীৰ একাণপতীয়৷ অৰ্চনা অনেক দিনলৈ ইষ্টদেৱতাৰ ওচৰৰ পৰা ফিৰি আহি থাকে, সেইদৰে চৰকাৰী আৰু চৰকাৰে ফেটাই দিয়া লোকসকলৰ সাধ্য-সাধনা গ্ৰেজুএটবিলাকৰ ওচৰত বিফল হল। তেতিয়া বঙালী গ্ৰেজুৱেটে স্থায়ী কামবোৰ ললে আৰু চৰকাৰে অসমীয়া গ্ৰেজুৱেটক অস্থায়ী কামত লোৱাৰ নিয়ম কৰিলে।
ইমান দিনে অনেকইে ৫০্ টকীয় চাকৰি লবলৈ আন্তৰিক ইচ্ছা আছিল, চকুৰ লাজত হে লব পাৰা নাছিল। এতিয়া এই উৱাদিহ পাই কেইবাজনো অসমীয়া গ্ৰেজুৱেট মাষ্টাৰ হৈ সোমাল। এওঁলোকৰ ভিতৰত সৰ্বেশ্বৰ বৰুৱা বি-এ ডাঙৰীয়াও এজন।[ ২০ ] সৰ্বেশ্বৰ মাষ্টাৰি কাম লই মনে মনে আলোচনা কৰিছে – “হওঁতে কাপোৰ-কানি কেইখনো ফাটিলে; চুৰিয়া কামিজ ভাল চাই কিনা টান ঘৰৰপৰা দেখোন টকা দিব নোখোজে। ইফালে আমাৰ “তেওঁকো” গন্ধতেল, শাৰীকাপোৰ, মিহি চেমিজ এইবোৰ দিবলৈ হাত উদং। ভালেই হল, এই চাকৰিৰ পইচা কেইটাৰে একৰকম pocket expense (বাহিৰা খৰচ, চলিব। আৰু এইটো জানো মোৰ চাকৰি! হাকিম তো হমেই! মাজৰ এই কেইটা দিন এলেহুৱা হৈ বহি থকাত কৈ এই দৰে পঞ্চাশটাকৈ টকা পোৱাও বেয়া নহয়।”
(২)
নগৰৰ হাইস্কুলৰ শিক্ষকবিলাকৰ খোঁটালীত ১॥০ মান বজাত দুজনমান শিক্ষক বহি আছে; ডাঙৰ মেজখনতে সৰ্বেশ্বৰ শুই আছে। সৰ্বেশ্বৰ আজি তিনি দিন স্কুললৈ আহা নাছিল। কাৰণটো এই চবডিপুটি হবলৈ হলে এখন riding (ঘোঁৰাত উঠিব পাৰা বুলি) চাৰ্টিফিকট লাগে। সেই কাৰণে তেলীয়া এজনৰ বটুৱা ঘোঁৰা এটা লৈ তেওঁ আলিৰ বাটেদি লাহে লাহে ঘোঁৰা শিকিছিল। কোনোবা দুষ্ট বজৰুৱা লৰা দুটামানে সৰ্বেশ্বৰৰ ঘোঁৰাত উঠাৰ লক্ষণ দেখা পাই পাছফালে দিলে কোঢ়াল লগাই, কোনোবা এটাই ঘোঁৰাটোক কোব এটাও মাৰিলে নে কি! ঘোঁৰাই মাৰ লৰ! সৰ্বেশ্বৰে ছুটি-মেলা ঘোঁৰাত এদিনো উঠি পোৱা নাই,লাগাম এৰি তেওঁ জীনখনতে খামোচা মাৰি ধৰিলে। লাগাম ওলমি পৰাত আৰু চক খাই ঘোঁৰাটোই আৰু লৰ দিছে, তেতিয়া সৰ্বেশ্বৰে পৰে যেন দেখি ঘোঁৰাৰ গলটোতে সাবোটা মাৰি ধৰিলে। ঘোঁৰাৰ চক আৰু বেছি হল, সি জপিয়াই-লফিয়াই সৰ্বেশ্বৰক পিঠিৰপৰা পেলাই দি দৌৰি গই কোনোবা দেশ পালে। সৰ্বেশ্বৰে পৰি দুখ পালে, আৰু ৰাজহুৱা আলিত মানুহৰ আগত ইমান লতি-ঘতি হৈ বৰ লাজো পালে। সেই দেখি তিন দিন স্কুললৈ আহা নাছিল। তেতিয়াও, সেই পিৰিয়ড-টোত তেওঁৰ শ্ৰেণী আছে। তেওঁ শ্ৰেণীলৈ নগই, মেজত শুই কেইজন শিক্ষকৰ লগত কথা পাতি আছে।
হেড্মাষ্টাৰজন সেই ৰুমলৈ সোমাই আহিল। এওঁ বঙালী মানুহ ৪৫।৫০ বছৰীয়া, খাটা-বুটা, গৌৰবৰ্ণ, পেটটো কিছু ডাঙৰ, মুখখন দেখিলেই এনে অনুমান হয় যেন তেওঁৰ পেটৰ ভিতৰৰ সহস্ৰ কথাৰ এটা ওলাবলৈকো এই মুখৰ মাজেদি সুৰুঙা নাই। তেওঁ আহি ইংৰাজীত কলে, “সৰ্বেশ্বৰ বাবু, এইফালে আহি যাব।”
সৰ্বেশ্বৰে অসমীয়াতে কলে,—“আচ্ছা যাইছোঁ।” (হেড্মাষ্টাৰে বোলে কোনোবা দিনা অসমীয়া কবলৈ গৈ ‘গৈছোঁ’ নকই, এইদৰে কৈছিল। হেডমাষ্টাৰৰ ৰুমৰ ভিতৰলৈ সৰ্বেশ্বৰ গলত
হেড্মাষ্টাৰ—(বঙালীত) আপ্ নিতো আজ তিন দিন আসেন নাই। কেজুয়েলেৰ জন্য দৰ্খাস্তও কৰেন নাই। আৰ এখন আপনাৰ ক্লাস আছে, আপনি ঘুমিয়ে ৰয়েছেন। বলুন দেখি এৰকম কোৰ্ লে কাজ চলে কি কৰিয়া?
সৰ্বেশ্বৰ—আপনাৰ কাজ কি কইৰা চলে, আমি কি জানি মশায়। ঘণ্টাটো এই মেৰে দিচ্ছেন, আমি ক্লাসেতো যাব বলেই ভাবি উঠিব ধৰিয়াছিলাম। ঘণ্টাটা মাৰিয়া দিলেই কি ঘণ্টাটা শেষ হইয়া যায়?
হেড মাষ্টাৰ—দেখুন, সৰকাৰী চাকুৰি, আপনিও কৰেন, আমিও কৰি। একটু বুঝে-সুঝে চলাটা ভাল।
সৰ্বেশ্বৰ—ৰাখুন মশায়, আপনাৰ ভাৰী চাকৰি। পঞ্চাশ ডাল টকাৰ চাকৰিও আবাৰ চাকৰি! আপনাদেৰ মতন তো আমৰা বঙাল কঙাল নহি, এই চাকৰিকেই মুঠা মাৰিয়া থাকিব।[ ২১ ] হেড্ মাষ্টাৰ—ৰাগ কৰেন কেন? বঙাল কঙাল না হলে তো দেখি আপনাদেৰ চলেই না।
সৰ্বেশ্বৰ—চলে না কিসেৰ মশায়? আমি হোজা অসমীয়াক আপনাৰা লুটিয়া খাইতে আসিয়াছেন।
হেড্ মাষ্টাৰ—যান, যান। ৰাগ কৰিয়া কাজ নাই; ঐ তিন দিনেৰ লিভেৰ জন্য একটা দৰখাস্ত কৰবেন। এখন ক্লাসে যান।
সৰ্বেশ্বৰ – ক্লাসেতো যাবই, আপনাকে বলতে হবে কেন?
সৰ্বেশ্বৰ দপদপাই ক্লাচলৈ ওলাই গুচি গল। হেড্ মাষ্টাৰে মনতে ভাবিছে “এই বেটা আসামী গ্ৰেজুয়েটৰা, এক একটা নবাবেৰ বাচ্ছা যেন। ও সাব-ডিপুটি হবে বলে আমাদেৰ গ্ৰাহ্যই কৰে না। আচ্ছা দেখাচ্ছি বেটাৰে।” অলপ পাছতে confidential (গোপনীয় )খাম দুখনত দুখন চিঠি হেড্ মাষ্টাৰে নিজ হাতে লিখি বন্ধ কৰি এখন ইনিস্পেক্টৰৰ নামে আৰু ইন ডিপুটি কমিছনাৰ আৰু প্ৰেচিডেণ্টৰ নামে তেওঁৰ বাহাতে থাকা চিলটীয়া চাপ্ৰাচীটোৰ হাতত পঠাই দিলে।
(৩)
ডাক আবেলি তিনি মান বজাত বিলি হয়। সৰ্বেশ্বৰ ক্লাছত বহি আছে। পিয়নে এটা ডাঙৰ লেফাফা,চৰকাৰী খাম মোহৰ মৰা, চাৰি অনীয়া টিকট লগোৱা সৰ্বেশ্বৰৰ হাতত দিলেহি! সৰ্বেশ্বৰে আথে-বেথে লেফাফাটো খুলিলে। তাৰ ভিতৰত কোনোবা চুকত ৮ ইঞ্চি মান দীঘল আৰু ৪ ইঞ্চি মান বহল পাতল টাইপলিখা এখুটুৰা চিঠি পালে। পাই পঢ়িলে, পঢ়ি যাওঁতে তেওঁৰ মুখত হাঁহি ওলাই গল। ইমান ডাঙৰ লেফাফাৰ মাজত যদিও ইমান সৰু কাকত ডোখৰ, তাত লেফাফাৰ গুৰুত্ব অনুসৰিয়েই মস্ত খবৰ আহিছে। যিবিলাক গ্ৰেজুএটে চবডিপুটি হাকিম আৰু আচল হাকিম হবলৈ দৰ্খাস্ত কৰিছে তেওঁলোকে নবেম্বৰ মাহৰ ১৭ তাৰিখে পুৱা লোক গুৱাহাটীত গৈ কমিছনাৰ চাহাবক দেখা কৰিব লাগে। তলত লিখা যিবিলাক আবেদনকাৰীয়ে ৰাইডিং আৰু স্বাস্থ্যৰ চাৰ্টিফিকট দিয়া নাই, তেওঁলোকে এই দুখন চাৰ্টিফিকেট ইতিমধ্যে দিব লাগে। সেইদিনা নবেম্বৰৰ ৮ তাৰিখ।
সৰ্বেশ্বৰৰ হাঁহি আৰু গুৰু গম্ভীৰ লেফাফাৰ ভিতৰত টাইপ কৰা চিঠি দেখি ছাত্ৰবোৰে কোৱাকুই কৰিছে - “হেই, মাষ্টাৰ হাকিম হোৱাৰ খবৰ আহিল।”......“নহয় ঐ, সেয়া ইউনিভাৰ্চিটিৰ চাৰ্টিফিকট।”...“কত বা কাম পালে? বজালে পোৱালি মাষ্টাৰে এইবোৰ!” ইত্যাদি। এজন সাহ থাকা বিধৰ লৰাই সুধিলে, “চাৰ আপোনাৰ হাকিম হোৱাৰ খবৰ পালে নে কি?”
সৰ্বেশ্বৰ—কেনেকৈ জানিলা? (হাঁহিৰে মুখ ভৰি পৰিছে।)
ছাত্ৰজন—আপোনাৰ মুখ চাই ভাবিছোঁ।
সৰ্বেশ্বৰ—হাকিম হোৱা খবৰ নহয়, পাছে কমিছনাৰ চাহাবক Interview (দেখা) কৰিবলৈ মাতিছে।
ছাত্ৰজন—কেতিয়া, চাৰ?
সৰ্বেশ্বৰ—এই ১৭ তাৰিখৰ দিনা।
ছাত্ৰজন—এইবাৰ হব, চাৰ।
আন এজন ছাত্ৰ – (উঠি) হয় চাৰ! আমাক আজি এৰি দিব লাগে। আমাৰ খুব ফুৰ্তি হৈছে।[ ২২ ] সৰ্বেশ্বৰৰো যাবৰ মন— এই সুসংবাদ তেওঁৰ বন্ধুসকলক ঘৰত আৰু গৃহিণীক জনাব লাগে। ইফালে চাৰ্টিফিকট দুখনৰো দিহা কৰিব লাগে। ক্লাছ ছুটী দি তেওঁ গুচি গল।
( ৪ )
নবেম্বৰৰ ১২ তাৰিখৰ পুৱা ৯ মান বজাৰ সময়। সৰ্বেশ্বৰে বি-এ পাছ কৰাৰ পাঁচ বছৰ হয়। ৰাইডিং চাৰ্টিফিকটৰ পৰীক্ষা দিবলৈ বৰ চাহাবে মাতিছে। সৰ্বেশ্বৰে দুখমল মণ্ডলৰ সাধা ঘোঁৰাটোত জীন আৰু নিজৰ গাটোতো লাগতিয়াল সাজ কৰি বৰ চাহাবৰ বঙলাৰ সমুখ পাইছেহি, এনেতে বৰ চাহবো ওলাই আহিল। সৰ্বেশ্বৰে শুনিছিল যে চাহাবলোকে চটফটাই ফুৰা মানুহক কাৰ্য্যদক্ষ বুলি ভাবে; সৰ্বেশ্বৰে চকু-মুখ মুজি ঘোঁৰাটোৰ পৰা জাপ মাৰি পৰিল আৰু একেলগে মাটি ছুই বৰ চাহাবক চালাম দিলে।
চাহাবে সৰ্বেশ্বৰক ৯ বজাত সময় দি পাহৰিলে। তেওঁক কোনো বন্ধু চাহাবৰ গৃহিণীএ দেখা কৰিবলৈ তদ্দণ্ডে মাতি পঠোৱাত তেওঁ ঘৰৰ পৰা ওলায়েই দেখে এই জঞ্জাল! মনে মনে অলপ বিৰক্ত হল, কিন্তু সৰ্বেশ্বৰৰ চালামটো পাই মনটো অলপ কুমলিল। তেওঁ কলে, “Oh yes! Ride your pony and just center round the Kutchery Compound."সৰ্বেশ্বৰে জাপ মাৰি ঘোঁৰাত উঠিল। তেওঁ center কি একো নুবুজে। চাহাবে ঘোঁৰাটোক হাতত লাঠি গছেৰে এটা কোব মাৰি দিলে; সি থক থক কৰি থেকেছি সৰ্বেশ্বৰক লই লৰ দিলে। চাহাবে সেই ফাললৈ কেটাহিকো নকৰি তেওঁৰ গন্তব্য স্থানলৈ গুচি গল।
সৰ্বেশ্বৰ ফিৰি আহি বঙলাৰ সমুখৰ আলিত নামিব খোজোতেই চাপ্ৰাচীএ ( ( তাহানিৰ সৰ্বেশ্বৰৰ চিনাকী মানুহ জনেই— এতিয়া পৰিচয় আৰু গহন হৈছে ) লৰি আহি কলে যে চাহাব নাই, তেতিয়াই গল – আৰু অলপ সৰুকৈ, অমুক মেমচাহাবৰ তালৈ। সৰ্বেশ্বৰে চাপ্ৰাচীক চাৰ্টিফিকটৰ কথা চাহাবক সোঁৱৰাই দিবলৈ কৈ ঘৰলৈ গল।
প্ৰথম বছৰৰ দৰমহাৰ পইচাৰে তেওঁ এখন চাইকোল ঘটিছিল। ঘৰত ঘোঁৰাটো এৰি তেওঁ সেই বাইচিকলখন ললে আৰু টিলিঙা বজাই ডাক্তৰ চাহাবৰ বঙলা পালে গৈ। তেতিয়া যুদ্ধৰ দিন, ডাক্তৰ চাহাবজন বঙালী এচিষ্টেণ্ট চাৰ্জন; এতিয়া একটিং চিভিল চাৰ্জন কৰিছে। কেবাবাৰো টিলিঙা বজোৱাত এজন মানুহ ওলাই আহি কলে, “সা এব নাই, বাবু, জেলমে গিয়াছে।” সৰ্বেশ্বৰে কি কৰিব কি নকৰিব এনেকৈ ভাবি থাকোতে ‘সাএব’ টিলিঙা মাৰি চাইকোলত উঠি ঘৰ পালেহি। সৰ্বেশ্বৰৰ লগত আগৰ কথা আছিলেই, “Please come up" বুলি ‘সাএবে’ তেওঁক ওপৰলৈ মাতি নিলে আৰু এটা বাহিৰা কামৰাত বহিব দিলে। তাত এখন আধা-ভাঙা বেতৰ চেয়াৰ অকণমানি ডেক চেয়াৰ এখন আছিল; সৰ্বেশ্বৰে ডেক চেয়াৰখনকে অধিকাৰ কৰিলে। ক্ষন্তেকতে ‘সাএব’ ওলাই আহিল। সৰ্বেশ্বৰে বেতৰ চকিখনৰ চুকতে টকা ৩২্ থৈ দিলে। ‘সাএবে সৰ্বেশ্বৰলৈ চাই, “you appear quite a healthy man,” বুলি আৰু এবাৰ ভিতৰলৈ গল আৰু চাৰ্টিফিকট খন পূৰাই আনি সৰ্বেশ্বৰৰ হাতত দিলে।
সৰ্বেশ্বৰ ৰক্ষা পৰিল, সেই দিনাই দুপৰীয়া কাছাৰীৰ পৰা তেওঁ ৰাইডিং চাৰ্টিফিকটখনো পালে। তেওঁ fair rider বুলি লিখা আছে। এই আৰম্ভৰ দৰেই যদি শেষো হয়! তেওঁৰ মনত মহা ফুৰ্তি।
—:০:—
চতুৰ্থ অঙ্ক
( ১ )
সৰ্বেশ্বৰ বৰুৱাই ঘৰৰ পৰা টকা ৫০্ টা আনি হেল্থৰ তৈয়াৰী জোতা এজোৰা কিনিলে আৰু চেকেণ্ড ক্লাছৰ টিকট কৰি গুৱাহাটী পালে গৈ।
নবেম্বৰৰ ১৭ তাৰিখৰ দিনা পুৱা সুন্দৰকৈ পিন্ধি উৰি মূৰত ফেল্ট-হেট এটা লৈ ঠিকা গাড়ী এখনত উঠি কমিছনাৰ চাহাবৰ অফিছ ঘৰৰ পদূলি পালে আৰু গাৰোৱানক তাতে ৰবলৈ কৈ তেওঁ ভিতৰ সোমাই গল। চাপ্ৰাচীএ বাহিৰতে চালাম দিলে, সৰ্বেশ্বৰে তাৰ হাতত টকা এটা সৰকাই দিলে। সি আগবাঢ়ি দৌৰি গই মাচিয়া এখন জাৰি জোকাৰি সৰ্বেশ্বৰক বহিবলৈ দিলে। তাত আগৰে পৰা নন্দনাথ শইকীয়া, কল্পেশ্বৰ হাজৰিকা, মহম্মদ চফিউৰ ৰহমান আৰু প্ৰিয়গোপাল সেন বহি আছিল। সৰ্বেশ্বৰক যোৱা দেখি সকলো কেইটি অলপ অলপ হাঁহিলে, হাঁহিৰ ভাব যেন –‘আহিছ৷ তুমি, বাৰু, আমিও আহিছো; দেখা যাক কোনে কাক পাৰে।’ আটাইৰে হাঁহিৰ মাজেদি মনৰ ব্যগ্ৰতা আকাঙ্ক্ষাৰ আতুৰ ভাব ওলাই পৰিছে। সৰ্বেশ্বৰে লেখ কৰি চালে, সবাতো কৰি তেওঁৰেই সাজ-পাৰ ভাল আৰু বঙালীজনৰ বেয়া। চাহাবৰ চাপ্ৰাচীএ অলপ হালি প্ৰত্যেকৰ পৰা কাৰ্ড লই গল; তাতো দেখিলে সৰ্বেশ্বৰৰ জিত, কাৰণ অকল তেওঁৰেহে ছাপা কৰা কাৰ্ড।
কাৰ্ড লৈ যোৱা মাত্ৰকতে সকলো কেইটাৰে বুকৰ ধিপ-ধিপনি উঠিল, মুখত পানী নোহোৱা হল। ইটোই-সিটোই আলাপ কৰি মনৰ এই আতুৰতা দূৰ কৰিবলৈ গৈ দেখে যে কথাৰ উপৰি কথা নজমে। প্ৰথমতে চাপ্ৰাচীএ মাতিলে আহমদ ডাঙৰীয়াক। তেখেতে এবাৰইফালে এবাৰ সিফালে চাই হাঁহিবই নে কাঁদিবই একো ঠিক কৰিব নোৱাৰি চাহাবৰ ৰুমলৈ গল; যাওঁতে ভৰি লাগি তেওঁ বহা মাছিয়াখন (বেণ্ট উড্ চকি আছিল ) বাগৰি পৰিল, তেওঁ আৰু ত্ৰস্ত হৈ খোজ ললে। পাঁচ মিনিট মানৰ পাছতে তেওঁ ওলাই আহিল; আৰু চাপ্ৰাচীএ মাতিলে আহি সৰ্বেশ্বৰক।
সৰ্বেশ্বৰে ভালকই কবই নোৱাৰিলে কেনি নো গই তেওঁ চাহাবৰ কামৰাৰ দুৱাৰ মুখ পালে। চাহাবে মাত লগালে, “গুড মৰ্নিং। ভিতৰলৈ আহা। সৰ্বেশ্বৰে একো নামাতি ভাল কৰি হালি চালামটো দি ভিতৰলৈ গল। চাহাব – Take a seat, please. Your name ( কাৰ্ডটো চাই ) is Sarbeswar Barua, ( বহা, তোমাৰ নাম সৰ্বেশ্বৰ বৰুৱা )।
সৰ্বেশ্বৰ — Yes, your Honour, (হয়, হুজুৰ। )
চাহাব—তুমি আহিছা?
সৰ্বেশ্বৰ—নগৰৰপৰা।
চাহাব—তোমাৰ পিতাৰা?
সৰ্বেশ্বৰ—মোৰ পিতা শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰুৱা।
চাহাব—তোমাৰ কোনোবা আত্মীয়ই চৰকাৰী চাকৰি কৰে নে?
সৰ্বেশ্বৰ —নাই –হয় হুজুৰ। মোৰ পিতা মৌজাৰ চৰবৰাহকাৰ; আৰু মিউনিছিপালিটিমি মেম্বৰ। আৰু মোৰ শহুৰ মৌজাদাৰ আৰু লোকেল বোৰ্ডৰ মেম্বৰ।
চাহাব—অ—বেছ কথা। তোমাৰ বয়স? ( your age, please? )[ ২৪ ] সৰ্বেশ্বৰ —( অলপ খোকোজা লাগি) মোৰ বয়স হুজুৰ ২৫ বছৰ ৫ মাহ।
চাহাব — পঁচিশ বছৰ পাচ মাহ! Iam very sorry, my dear youngman, you are over age. ( মই বৰ দুঃখিত, মোৰ সোণাই, তোমাৰ বয়স বেছি হৈ গল। )
সৰ্বেশ্বৰ – হুজুৰ, মই চৰকাৰী চাকৰী কৰিয়েই আছোঁ।
চাহাব—কি চাকৰি?
সৰ্বেশ্বৰ—মাষ্টাৰ, হুজুৰ, গভৰ্ণমেণ্ট স্কুলৰ মাষ্টাৰ।
চাহাব — I See! মাষ্টাৰি কাম ভাল পোৱা নে?
সৰ্বেশ্বৰ—পাওঁ হুজুৰ। কিন্তু—
চাহাব—কিমান দিন মাষ্টাৰি কৰিছা?
সৰ্বেশ্বৰ—প্ৰায় পাঁচ বছৰ হুজুৰ।
চাহাব — That's a fairly long period. যথেষ্ট সময়। তোমাৰ অভিজ্ঞতাৰ পৰা শিক্ষাবিভাগক বঞ্চিত কৰা ন্যায়োচিত নহয়।
সৰ্বেশ্বৰ –( কথাৰ সুৰ কোন ফালে ঢাল লইছে অলপ বুজিলে ) নহয়, হুজুৰ, মই ৰঙা লিষ্টত ( Red List ) আছোঁ?
চাহাব—সেইটো আকৌ কি?
সৰ্বেশ্বৰ—লিষ্টিত আমাৰ নাম ৰঙা চিয়াহীৰে ছপা হয় হুজুৰ।
চাহাব—কিয়, I am afraid I cannot follow you মোৰ আশঙ্কা হৈছে, তুমি কি কৈছা মই ভালকৰি বুজা নাই।
সৰ্বেশ্বৰ—( অলপ বিমোৰত পৰিল ) হুজুৰ—
চাহাব—( সৰ্বেশ্বৰৰ বিপদটো বুজিব পাৰি কথ৷ ঘূৰাই ) তুমি কিমান পোৱা?
সৰ্বেশ্বৰ—পঞ্চাশ টকা হুজুৰ।
চাহাব—পঞ্চাশ টকা! আজি-কালিৰ ইমান টান দিনত পঞ্চাশ টকা বেছ আয়। তুমি কি কোৱা? নহয় নে বাৰু?
সৰ্বেশ্বৰ — হয়, হুজুৰ! কিন্তু—
চাহাব—তোমাৰ মত যে মোৰ লগত মিল হল, মই বৰ খুচি হলোঁ। হয়, হয়, তোমাৰ সুন্দৰ চাকৰি এটা হৈছে। আৰু দেশৰ মৰমৰ কাৰণেই তোমালোকে স্কুলৰ চাকৰি কৰিব লাগে। নেদেখিছা, তোমালোকৰ দেশত বিদেশীবোৰে কেনেকই সকলো কাম-কাজ বেপাৰ-বণিজ লুটি লব ধৰিলে। তোমাৰ দৰে ডেকা লৰাক শিক্ষা বিভাগত দেখি বৰ খুচি হৈছোঁ; আৰু আজি আমাৰ চিনাকি হোৱাতো বৰ সুখ পালোঁ। ( I am very pleased to make your acquaintance). Good Bye ( বিদায় )।
এই বুলি চাহাবে ঘণ্টাটো ঘটং ঘটং কৰি মাৰি দিলে, আৰু গিৰিপ কৰি চকীৰপৰা উঠি হাতখন আগবঢ়াই দিলে। কলৰ পুতলাৰ দৰে সৰ্বেশ্বৰো থিয় হল, চাহাবৰ হাতৰ লগত হাতৰ স্পৰ্শ কৰালে! চাহাবে আকৌ কলে, "Good Bye, wish you good luck,” ( বিদায়,তোমাৰ সৌভাগ্য কামনা কৰিছোঁ।)।
সৰ্বেশ্বৰৰ তেতিয়াহে হিদুক হল, কেনেকই তেওঁ নিজ মুখে নিজৰ সকলো আশাৰ মূৰত এই পাঁচ-বছৰৰ আশা-আশঙ্কাৰ ওপৰত, কুঠাৰ মাৰিলে। তেওঁ মৰণত শৰণ দি অলপ পৰ ৰল; ইফালে তেওঁৰ পাছত হাজৰিকা আহি কামৰাৰ দুৱাৰ মুখ পালে। চাহাবে অতি সৰুকৈ সুধিলে, [ ২৫ ] “Anything else?” কিন্তু এই সৰু কথা আখৰৰ সুৰটোতে তেওঁৰ বিৰক্তিৰ ভাৱ সম্পূৰ্ণ কৈ ফুটি ওলাল।
সৰ্বেশ্বৰ ( ততা তৈয়াকৈ ) - If you please Your Honour—Sir—you know,Sir, my post is temporary—I am applicant Sir—Your Honour—for S. D.C. ship—five long years, Sir—your kindness, Sir—if you take pity—(যদি হুজুৰে অনুগ্ৰহ কৰে –মোৰ কামটো অস্থায়ী – হুজুৰ – মই চবডিপুটি কামৰ দৰখাস্ত কৰিছোঁ—হুজুৰ পাচোঁটা দীৰ্ঘ বছৰ — চাৰ—হুজুৰ – হুজুৰৰ দয়া – চাৰ – যদি কৃপা কৰে –)
চাহাব — Yes, yes your application will certainly receive due consideration. Good Bye বেয়াৰা (হয়, হয়, নিশ্চয় তোমাৰ দৰখাস্তৰ নিয়ম মতে বিবেচনা কৰা হব। বিদায়, বেয়াৰা—।)
চাহাবৰ মাতৰ সুৰ কঠোৰ। সৰ্বেশ্বৰে অগত্যা বাহিৰ ওলাল।
( ২ )
এই পাঁচ বছৰত সৰ্বেশ্বৰৰ জীৱনত অলপ অলপ পৰিবৰ্তন হৈছিল। তেওঁৰ গৃহিণীএ দুজনী লক্ষ্মীস্বৰূপা কন্যাকাং জন্ম দি তেওঁলোকৰ ঘৰৰ জেউতি আৰু নিজৰ বকনিৰ অধিকাৰ চৰাইছিল। তেওঁৰ দৰমহাৰ টকা কেইটা নিজৰ চুৰট ধপাত আৰু গৃহিণীৰ কাপোৰ-কানিতে খৰচ হোৱা দেখি ঘৰতো তেওঁৰ প্ৰতি বিৰক্তিৰ নহলেও অশ্ৰদ্ধাৰ ভাৱ হৈছিল। তথাপিতো কেতিয়াবা হাকিম হব বুলি ভাবি ঘৰত তেওঁৰ জীৱন সিমান দুৰ্বিসহ হৈ উঠা নাছিল। ইফালে,স্কুলত হেড মাষ্টাৰৰ লগত সম্পৰ্ক আগত কৰি কোনো প্ৰকাৰে ভাল হৈ উঠা তো অসম্ভৱেই! ইয়াৰ ভিতৰতে ইনিস্পেক্টৰে কেইবাবাৰো তেওঁক স্থায়ী কাম যাচিলে; স্থায়ী কাম ললে হাকিম হোৱাৰ খবৰ পাবৰ দিনাই স্কুল এৰি যাব নোৱাৰিব বুলি তাক লোৱা নহল।
কমিছনাৰ চাহাবৰ লগত দেখা কৰি আহি সৰ্বেশ্বৰে এক প্ৰকাৰ বুজিলে যে চাকৰিলৈ আৰু আশা কৰি থাকা বৃথা। তেওঁ স্থায়ী কামৰ কাৰণে ইনিস্পেক্টৰলৈ এখন দৰখাস্ত কৰিলে। হেড মাষ্টাৰে কলে “কেন, সৰ্বেশ্বৰ বাবু, আপুনি তো হাকিমই হবেন। মিছে কেন আমাদেৰ কাজ বাড়ান?” সৰ্বেশ্বৰে ৰে ঠাট্টাটে৷ মৰ্মে মৰ্মে বুজি উত্তৰ দিলে,—“আজ্ঞে হাঁ। আপনাৰ পঠাবাৰ ভজন পাঠান, আমাকে ঠাট্টা কেন?”
হেড্ মাষ্টাৰ —ঠাট্টা কিসেৰ? কমিশনাৰ সাএব তো বল্লেন যে আপনাকে আৰো দুই এক মাসেৰ মধ্যেই যেতে হবে।
সৰ্বেশ্বৰ—কে বলিল আপনায়?
হেড মাষ্টাৰ—সেদিন আপনিই বল্লেন না?
সৰ্বেশ্বৰে কমিচনাৰ চাহাবৰ লগত দেখা হোৱাৰ আচল বিবৰণটোকে লগৰ মাষ্টাৰৰ আগত কৈছিল। হেড মাষ্টাৰে তাকে শুনি হেনো কোনো বঙালী মাষ্টাৰৰ আগত কৈছিল,“তা ওকে আৰ হাকিম হইতে হয় না। সে ঠিক হয়েই আছে।” এই কথা, আৰু তাহানিয়েই তেওঁৰ বিৰুদ্ধে দিয়া ৰিপোৰ্টৰ কথা শুনি আগৰে পৰা হেড মাষ্টাৰৰ ওপৰত সৰ্বেশ্বৰৰ আক্ৰোশ। আজিৰ এই কথা শুনি তেওঁ জলি উঠিল—“D—n Fool, I don't care for your teachership”—এই বুলি আস্তিন কোঁচাই মাৰে এতিয়া হেড মাষ্টাৰক! হেড মাষ্টাৰৰ মুখ ভয়তে শুকাই টুটৰি লাগিল; ওচৰতে আৰু এজন বয়সীয়া মাষ্টাৰ থিয় হৈ আছিল। তেওঁ সৰ্বেশ্বৰৰ হাতত [ ২৬ ] ধৰিলে। হেড্ মাষ্টাৰে উশাহ পাই কলে, “দেখুন, মাষ্টাৰ মশায়, (বয়সীয়াজনক সম্বোধন কৰি ) আপনাদেৰ Youugman (ডেকা ) দেৰ এত ৰাগ ভাল নয়। ৰাগেৰ মাথায় এৰা কি যে কৰ্তে পাৰে। আচ্ছা যান, আপনি ছেলে মানুষ, আপনাৰ কোন অপৰাধ নেব না। আজই আপনাৰ application ( দৰখাস্ত ) recommend ( ভাল বুলি ) কৰে forward কৰ্ছি ( উপৰলৈ পঠাওঁ )।”
( ৩ )
জানুৱাৰীৰপৰাই গেজেট চোৱাৰ ধুম | এইদৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ গেজেটৰ অকণমানি ঠাইত ওলাল — আসাম ভেলিৰ পৰা মৌলবী মহম্মদ চফি উৰ-ৰহমান আৰু শ্ৰীযুত প্ৰিয়গোপাল সেন আৰু চুৰমাভেলিৰপৰা দুজন চব ডিপুটি প্ৰবেচনাৰ নিযুক্ত হৈছে।
অত দিনৰ কত আশা, কত খাতিৰ, কত চালাম, কত আশঙ্কা — এই সকলোৰে শেষ কৰিলে মল-পৰা কাগজত ছপা হোৱা এই সামান্য এক আখৰ কথাই! নিৰাশাৰ আৰু অবধি থাকে নে! একোবাৰ মনত হয়, এই প্ৰিয়গোপাল সেন এই কেইটা আখৰৰ বদলি সৰ্বেশ্বৰ বৰুৱা এই কেইটা আখৰ ছাপাত উঠা নো কি অসম্ভৱ আছিল। আশাই-নিৰাশাই বাস্তৱে-স্বপ্নে মিহলি হৈ নিৰাশাৰ প্ৰথম ঢৌটো বুজিব নোৱাৰাতে পাৰ হল। তাৰ পাছত—আন কথাত সংসাৰত দিনে যি হব ধৰিছে, ইয়াতো হল সেয়ে।
কেইদিন মানৰ পাছতেই ইনিস্পেক্টৰৰ পৰা এখন চিঠি আহিল, তাত সেই স্কুলতে সৰ্বেশ্বৰ বৰুৱাক পঞ্চাশ টকা দৰমহাত চাবৰ্ডিনেটচাৰ্ফিছৰ ৰেড-লিষ্টৰ অষ্টম গ্ৰেডত প্ৰবেচনত মকৰল কৰিছে।
( ৪ )
সেই দোকানত কেতিয়াবা কথ৷ ওলায়। ৰামকুমাৰ এতিয়া এম্-এ, বি-এল্ উকীল; হৰনাথো উকীল; চন্দ্ৰ কিশোৰে শেষত অনাৰ্চ এৰি দি বি.এ পাছ কৰি এতিয়া স্থানীয় নতুন স্কুল এখনতে মাষ্টাৰ। সৰ্বেশ্বৰে কথাই কথাই কয়— “হাকিম নহলোঁ, কি হল। ইবিলাক সকলো অফিছাৰ Black (কলা) লিষ্টত, মই কিন্তু চোৱা Red ( ৰঙা ) লিষ্টত হে! আৰু দৰমহা নো কি বেয়া—আ- ঢ়ৈ–কুৰি ৰূপৰ মুঠতে এক অনা—( টিকটৰ ) — হে কম! তদুপৰি এই এই হওক”—
ভৰত বাক্য।
প্ৰৱৰ্ততাং প্ৰকৃতি-হিতায় সডিগ্ৰঃ
কলেজিয়ৈঃ শ্ৰুতিমহতী ন হীয়তাম্।
অস্মাকঞ্চ ক্ষপয়তু কৃষ্ণলোহিতঃ
উপাধিব্যাধিজদোষান্ স বিক্বতীন্॥[১]
- ↑ লেখকৰ মতে গল্পটোৰ ৰচনাৰ তাৰিখ ২৯।৮।১৮ চন। কিন্তু এই গল্পটো পাছত কিছু সাল-সলনি কৰি ‘ময়না’ৰ অন্তৰ্ভুক্ত কৰা হয়। লেখকৰ এখন পুৰণি বহীত গল্পটোৰ মূল কথা এজন স্নাতকৰ জীৱন-কাহিনী ( life story of a graduate ) – বুলি আছে—
সং. শ. গো. ৰ.