পৃষ্ঠা:ময়না.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ময়না

“Anything else?” কিন্তু এই সৰু কথা আখৰৰ সুৰটোতে তেওঁৰ বিৰক্তিৰ ভাৱ সম্পূৰ্ণ কৈ ফুটি ওলাল।

 সৰ্বেশ্বৰ ( ততা তৈয়াকৈ ) - If you please Your Honour—Sir—you know,Sir, my post is temporary—I am applicant Sir—Your Honour—for S. D.C. ship—five long years, Sir—your kindness, Sir—if you take pity—(যদি হুজুৰে অনুগ্ৰহ কৰে –মোৰ কামটো অস্থায়ী – হুজুৰ – মই চবডিপুটি কামৰ দৰখাস্ত কৰিছোঁ—হুজুৰ পাচোঁটা দীৰ্ঘ বছৰ — চাৰ—হুজুৰ – হুজুৰৰ দয়া – চাৰ – যদি কৃপা কৰে –)

 চাহাব — Yes, yes your application will certainly receive due consideration. Good Bye বেয়াৰা (হয়, হয়, নিশ্চয় তোমাৰ দৰখাস্তৰ নিয়ম মতে বিবেচনা কৰা হব। বিদায়, বেয়াৰা—।)

 চাহাবৰ মাতৰ সুৰ কঠোৰ। সৰ্বেশ্বৰে অগত্যা বাহিৰ ওলাল।

( ২ )

 এই পাঁচ বছৰত সৰ্বেশ্বৰৰ জীৱনত অলপ অলপ পৰিবৰ্তন হৈছিল। তেওঁৰ গৃহিণীএ দুজনী লক্ষ্মীস্বৰূপা কন্যাকাং জন্ম দি তেওঁলোকৰ ঘৰৰ জেউতি আৰু নিজৰ বকনিৰ অধিকাৰ চৰাইছিল। তেওঁৰ দৰমহাৰ টকা কেইটা নিজৰ চুৰট ধপাত আৰু গৃহিণীৰ কাপোৰ-কানিতে খৰচ হোৱা দেখি ঘৰতো তেওঁৰ প্ৰতি বিৰক্তিৰ নহলেও অশ্ৰদ্ধাৰ ভাৱ হৈছিল। তথাপিতো কেতিয়াবা হাকিম হব বুলি ভাবি ঘৰত তেওঁৰ জীৱন সিমান দুৰ্বিসহ হৈ উঠা নাছিল। ইফালে,স্কুলত হেড মাষ্টাৰৰ লগত সম্পৰ্ক আগত কৰি কোনো প্ৰকাৰে ভাল হৈ উঠা তো অসম্ভৱেই! ইয়াৰ ভিতৰতে ইনিস্পেক্টৰে কেইবাবাৰো তেওঁক স্থায়ী কাম যাচিলে; স্থায়ী কাম ললে হাকিম হোৱাৰ খবৰ পাবৰ দিনাই স্কুল এৰি যাব নোৱাৰিব বুলি তাক লোৱা নহল।

 কমিছনাৰ চাহাবৰ লগত দেখা কৰি আহি সৰ্বেশ্বৰে এক প্ৰকাৰ বুজিলে যে চাকৰিলৈ আৰু আশা কৰি থাকা বৃথা। তেওঁ স্থায়ী কামৰ কাৰণে ইনিস্পেক্টৰলৈ এখন দৰখাস্ত কৰিলে। হেড মাষ্টাৰে কলে “কেন, সৰ্বেশ্বৰ বাবু, আপুনি তো হাকিমই হবেন। মিছে কেন আমাদেৰ কাজ বাড়ান?” সৰ্বেশ্বৰে ৰে ঠাট্টাটে৷ মৰ্মে মৰ্মে বুজি উত্তৰ দিলে,—“আজ্ঞে হাঁ। আপনাৰ পঠাবাৰ ভজন পাঠান, আমাকে ঠাট্টা কেন?”

 হেড্‌ মাষ্টাৰ —ঠাট্টা কিসেৰ? কমিশনাৰ সাএব তো বল্লেন যে আপনাকে আৰো দুই এক মাসেৰ মধ্যেই যেতে হবে।

 সৰ্বেশ্বৰ—কে বলিল আপনায়?

 হেড মাষ্টাৰ—সেদিন আপনিই বল্লেন না?

 সৰ্বেশ্বৰে কমিচনাৰ চাহাবৰ লগত দেখা হোৱাৰ আচল বিবৰণটোকে লগৰ মাষ্টাৰৰ আগত কৈছিল। হেড মাষ্টাৰে তাকে শুনি হেনো কোনো বঙালী মাষ্টাৰৰ আগত কৈছিল,“তা ওকে আৰ হাকিম হইতে হয় না। সে ঠিক হয়েই আছে।” এই কথা, আৰু তাহানিয়েই তেওঁৰ বিৰুদ্ধে দিয়া ৰিপোৰ্টৰ কথা শুনি আগৰে পৰা হেড মাষ্টাৰৰ ওপৰত সৰ্বেশ্বৰৰ আক্ৰোশ। আজিৰ এই কথা শুনি তেওঁ জলি উঠিল—“D—n Fool, I don't care for your teachership”—এই বুলি আস্তিন কোঁচাই মাৰে এতিয়া হেড মাষ্টাৰক! হেড মাষ্টাৰৰ মুখ ভয়তে শুকাই টুটৰি লাগিল; ওচৰতে আৰু এজন বয়সীয়া মাষ্টাৰ থিয় হৈ আছিল। তেওঁ সৰ্বেশ্বৰৰ হাতত