ময়না/বনৰীয়া প্ৰণয়

[ ২৭ ]

বনৰীয়া প্ৰণয়

( ১ )

 কিবা এটা মোকৰ্দমাৰ কমিছন এটাত ধেমাজীৰ ফাললৈ যাবলৈ হৈছিল। নতুন উকীল দেখি হাকিমে মৰম কৰি মোকেই যাবলৈ কলে। তেতিয়া বাৰিষা, সেই দেখি গাড়ীত নগৈ নাৱত গলোঁগৈ।

 মোকৰ্দমাৰ কাম শেষ কৰি ফিৰি আহাৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকতে বেলি মাৰ গল। চাৰিওফালে আথৈ-থৈ ব্ৰহ্মপুত্ৰৰ পানী, কৰো কুলকিনাৰাকে নেদেখি। মাজতে এখন সৰু চাপৰিৰ বগা বালি আৰু দীঘল দীঘল বিৰিণা বনবোৰ ওলাই আছিল; খৰালি হলে ইপাৰেই— বাৰিষা হে সৰু সোঁতা এটাৰে পানী আহাত ই দীয়া হৈ পৰিছে। নাৱৰীয়াহঁতে আনফালে যাবলৈ মন নকৰি ইয়াতেই নাও লগাবলৈ মোত সুধিলে—মোৰ কোনো আপত্তি নাছিল।

( ২ )

 চাপৰিটোত এখন মিৰি–গাওঁ। পানীৰপৰা ৫।৬ নল আঁতৰতে দীঘল দীঘল চাং-ঘৰবোৰ শাৰী পাতি সজা। তলত গাহৰী, কুকুৰা, গৰু, ছাগল, হাঁহ আদি জীৱিত সম্পত্তিবোৰৰ আবাস; আৰু ওপৰত থাকে এইবোৰৰ মালিক, মানুহ। ঘৰৰ ওচৰে ওচৰে একোটা গোবৰ-জাবৰৰ দাম, আৰু জলকীয়া কোমোৰা আদি পাচলিৰ দুই এজোপা গছ।

 কেইবাদিনো খোৱাত সুখ হোৱা নাই। বাৰিষা পানী ইমান বেছি হৈছে যে বাবা ব্ৰহ্মপুত্ৰত মাছৰ সমাগমেই নাই। নিজে গাৱঁলৈ উঠি গৈ হাঁহ, পাৰ বা হাঁহৰ কণী বিচাৰিলোঁ। ওচৰতে কেইজনীমান গাভৰু ছোৱালীএ থিয় দি মোৰ নাৱৰ ফালে চাই আছিল। মোক সিহঁতৰ ফাললৈ যোৱা দেখি, কেইজনীমানে লৰ মাৰিলে, আন কেইজনীমানে ফিচিঙা-ফিচিঙি কৰি মোৰ ফালে চাই থাকিল। হাঁহ-পাৰ বিচাৰিলোঁ; কিন্তু কমিছনৰ উকীলৰ কপাল, নাপালোঁ—সিহঁতৰ হুনু এইদৰে বেচিবলৈ নাই।

 মনটো দমি গল। নিৰাশ মনে আহি দালি আলুৰেই চাউল মুঠি ধৰা যাওক বুলি ৰান্ধনিজনক ৰান্ধিবলৈ যাবলৈ কৈ নাৱৰ ছৈৰ ওপৰত বহি ব্ৰহ্মপুত্ৰৰ এই অপাৰ পানীৰ খেল চাই আছোঁ। দূৰত ৰঙা বেলিএ ব্ৰহ্মপুত্ৰৰ বুকত ডুব মাৰিছে, গোটাই পশ্চিম দিশটো কিবা এটা অফুটা আনন্দত ফুলি উঠিছে। বিপৰীত ফালৰ পৰা শুৱনী গাভৰুৰ বহল কপালৰ সিন্দুৰৰ ফোটৰ দৰে জোনে বাবাৰ বুকৰ পৰা ওলাই আকাশখন শুৱাই ধৰিছে। চাই চাই বৰ ভাল লাগিছিল। চাপৰিৰ সিমূৰৰ পৰা অনেক মতা-মাইকী গাৱঁলৈ ফিৰি আহিছে—সেই বিতোপন উদাৰ সিন্দূৰীয়া সৌন্দৰ্য্যৰ মাজেদি।

 মিৰিৰ এইটো নিয়ম— পুৱাতে খাই-বৈ উঠি পথাৰলৈ যায়; পথাৰত দিনমানটো কাজ কাম কৰি গধূলি ফিৰি আহে। আৰু সাঁজতে খাই বৈ উঠি বুঢ়া-বাঠা লৰা-ছোৱালী শুই থাকে। ডেকা গাভৰুই কি কৰে পাছত দেখা যাব।

 নাৱৰ ছৈৰ ওপৰত বহি আছোঁ। এটা বুঢ়া মিৰি মোৰ নাৱৰ ওচৰলৈ আহিল— তাৰ বৰণ বগা, চুলিও পকিছে; এখন চাফ চুৰিয়া, এটা চোলা পিন্ধিছে। তাৰ পাছতে দুটামান ডেকাই কিবা কিবি বস্তু-বাহানি লৈ আহিছে। এইবাৰ উকীলৰ কপাল ফিৰিল। বুঢ়াই অনেক খাতিৰ কৰি মোক এটা হাঁহ, কেইটামান ডিমা, কেইটামান সৰু মাছ, ভজলুক, কোমোৰা, [ ২৮ ] খৰি, চাউল আদি অনেক খোৱাৰ সম্ভাৰ দিলে। মই হুনু সিহঁতৰ আলহী —মোক সোধ-পোছ নকৰাকৈ নোৱাৰে। বহু দিনৰ মূৰত বাবা ব্ৰহ্মপুত্ৰৰ বহল বুকত মুখৰ খজুৱতি মাৰি এক সাজ খাব পাম ভাবি ৰান্ধনিজনক নিজে অনেক যা-যতন কৰি দিলোঁ।

 ডেকা কেইজন উঠি গল; বুঢ়াই অনেক মেল পাতিলে। আগৰ দিনত সি কেনেকৈ কোন চাহাবৰ ছিকাৰত ফুৰিছিল, কোন চাহাবে কি বঁটা দিছিল, কোন চাহাব মৰমিয়াল আৰু কোন দগাবাজ; সিহঁতৰ গাৱঁত কিমান মানুহ, গাৱঁৰ মানুহে তাক কিমান খাতিৰ কৰে,চৰকাৰৰ পৰা তাক কেনেকৈ গাম পাতিছে; ইত্যাদি বিধৰ অনেক মেল মাৰিলোঁ।

 এনেতে ঢিন্‌ ঢিন্‌ কৈ ঢোলৰ মাত কাণত পৰিল। চকু ঘূৰাই দেখিলোঁ, মই যত নাও বান্ধিছিলোঁ, তাৰ নিচেই ওচৰতে দহ জন মান ডেকা-গাভৰু ঢোল-পেঁপাই গোট খালে হি। প্ৰথমতে মোক দেখাবলৈ বুলি হে নাচিব খুজিছে বুলি ভাবি হাক দিম বুলি ভাবিছিলোঁ; কিন্তু বুঢ়াই কলে যে এইদৰে সদাই নাচাটো সিহঁতৰ দস্তুৰেই। অলপ পাছতে বুঢ়া লাহেকৈ উঠি গল,ম‍ই তৰকিবৰে নহল।

 ঢোলৰ টিন্‌ ঢিন্‌ পেঁপাৰ পে-পে মাতৰ লগত ডেকা গাভৰুৰ বিহুনামৰ আধা ফুটা কোমল সুৰ আৰু তাৰ তালে তালে নাচ মোৰ বৰ ভাল লাগিছিল। ঢোলৰ মাত শুনি ওচৰৰে মিৰি কেই ঘৰৰ ৪।৫ জন ডেকা পেঁপা বজাই নাৱেৰে আহি নাচত যোগ দিলে।

 চাৰিওফালৰ সৰু উলুবনৰ হাবি, ব্ৰহ্মপুত্ৰৰ বহল পানী আৰু জোপৰ মাজে মাজে যেন কোনোবা অজানা দেশলৈ যোৱা সৰু সৰু সুতিৰ অঁকাই বঁকাই ফুৰা গতি—আৰু তাৰ লগে লগে কি জানি মোৰ অন্তস্তম হিয়াখনো—এক অপূৰ্ব সুৰত কঁপি উঠিল।

( ৩ )

 চাই চাই মোৰ বৰ ভাল লাগিছিল। ক’ত সভ্যতাভিমানী আমাৰ ৰসহীন কঠোৰ জীৱনসংগ্ৰাম, আৰু ক’ত এই বনৰীয়া মিৰিৰ নিৰ্ভাব নিশ্চিন্ত প্ৰকৃতিৰ লগত উল্লাসৰ নৃত্য।

 ওপৰত পূৰ্ণিমাৰ জোনৰ বহল নীলা আকাশত মেলি দিয়া অশেষ কিৰণৰ গৌৰৱময় হাঁহি,তলত বাবা ব্ৰহ্মপুত্ৰৰ অনন্ত পানীৰ অশেষ ক্ৰীড়া! চাৰিওফালে ফট্‌ ফট্ কৰে পৰিষ্কাৰ আৰু উদাৰ। চহৰৰ ঠেক বাট, ঠেক ঠাই, মানুহৰ হাহাকাৰ আৰু গাড়ী-ঘোঁৰাৰ ঘৰ্ঘৰণিত চেপা খাই থাকা প্ৰাণটো যেন এই উদাৰ সৌন্দৰ্য্যৰ মাজত পৰি বহল আৰু উদাৰ হৈ গল। এই বিৰাট সৌন্দৰ্য্য আৰু তাৰ মাজত প্ৰকৃতিৰ শিশু মিৰি ডেকা-গাভৰুৰ এই আনন্দৰ সম্মিলন আৰু উল্লাসৰ নাচন দেখি মনৰ দুৱাৰ যেন বিৰাট এক আঘাতত মেল খাই গল! কলৰ পুতলাৰ দৰে ভাত কেইটা খালোঁ গৈ।

 মনত কত ভাৱৰ খেলা! মিৰিহঁতৰ জীৱন কেনে সৰল, সুন্দৰ, মধুৰ; কেনে প্ৰকৃতিৰ মাজত, কি আনন্দ উপভোগ কৰে ইহঁতে! সেই সভ্যতাৰ আদি যুগ – যেতিয়া বৈদিক ঋষিসকলে বিশ্বৰ মহৎ সৌন্দৰ্য্য আৰু সেই শাশ্বতী সৰ্বনিয়ন্ত্ৰী শক্তিৰ মহত্ব হৃদয়ত অনুভৱ কৰি, অপাৰ আনন্দত আকুল হৈ হিয়া মেলি প্ৰাৰ্থনা আৰু কৃতজ্ঞতাৰ স্তোত্ৰ আপোনা আপুনি হোৱা কি এক মহা সুৰত গাই পেলাইছিল—সেই জ্ঞানৰ আৰু আনন্দৰ, সৌন্দৰ্য্যৰ আৰু উল্লাসৰ কোনোবা অতীত স্বৰ্ণময় যুগৰ পট এটা যেন আগতে দেখিলোঁ! হায় সভ্যতা! আজি কত সেই শীতল মধুৰ আনন্দৰ ৰস!

 অনেক ভাবিলোঁ —মিৰিহঁতৰ লগত বাস কৰিলে! সকলো বিদ্যা বুদ্ধি মান-সম্ভ্ৰম আদব-কায়দা ব্ৰহ্মপুত্ৰৰ জলত বিসৰ্জন দি মিৰিৰ লগত মিৰিৰ দৰে থাকিব পাৰিলে কি সুখেই হয়! কি সৌন্দৰ্য্যতেই জীৱনটো নিয়াব পাৰি। বোধ কৰোঁ জীৱনৰ আচল উপভোগ কৰা হয়!

[ ২৯ ]  আৰু ভাবিলোঁ—যদি ওকালতি কৰি কেতিয়াবা ধন ঘটিব পাৰোঁ তেনেহলে এনেকুৱা নিজান ঠাইত, ব্ৰহ্মপুত্ৰৰ পাৰত, মিৰিৰ ওচৰত এটা country residence (গাৱঁৰ ঘৰ) কৰিব লাগে।

 হঠাৎ ব্ৰহ্মপুত্ৰৰ পানীত জুপ্ জুপ্ কৈ দুটা শব্দ হল। ঢোলে আধা মাতিছিল, তাতে মাত এৰিলে; বিহুনামৰ আধা গোৱা হৈছিল, তাতে নাম বন্ধ হল; পেপাই সুৰৰ আধা গাইছিল, তাতে পেপা নিমাত হল; আৰু গাভৰুএ নাচনৰ আধা পাক দিছিল, তাতেই নাচন স্থগিত হল।

 গাৱঁৰ ভিতৰতে ধুনীয়া গাভৰু লনী পানীত পৰিল; আৰু তাইক তুলিবলৈ সেই ঠাইৰ ভিতৰতে ধুনীয়া ডেকা গামৰ সৰু পুতেক মণিৰাম পানীত জাপ মাৰি পৰিল।

 মিৰি বোলে পানীৰ পোক। দিহাদিহি ডেকা কেওজনে নাও লৈ বিচাৰিলে; কিন্তু মণিৰাম আৰু লনী কাৰো একো ফুট-ফাটকে পোৱা নগল। পূৰ্ব মুহূৰ্তৰ আনন্দ উল্লাস বিষাদৰ দোলনত তল পৰিল।

 মনটোত বৰ বেয়া লাগিল। নিঠুৰ কালৰ কি নিঠুৰ নিয়তি! জীৱনৰ সকলো সুখ সকলো ভোগ কি এক বিষাদৰ বিষম ডাৱৰেৰে ঢকা — একে মুহূৰ্ত্ততে হিয়া ভেদি বজ্ৰপাত হৈ সকলো সুখ আৰু সম্ভোগৰ কিৰণক অগ্নিশিখাৰ তুল্য কৰি তোলে! গোটেই অস্তিত্বৰ প্ৰতি এটা বিষম বিতৃষ্ণা আৰু ব্যৰ্থ ৰাগ হল!

 ৰাতি-পুৱাই বুঢ়া গামক সান্ত্বনাৰ দুটা এটা কথা কৈ নাও মেলি দিলোঁ।

( ৪ )

 ইয়াৰে তিনি মাহমানৰ পাছৰ কথা। এদিন মই চৰা ঘৰত বহি আছোঁ। মক্কেল-ফক্কেল নাই। সোণালী আখৰেৰে জিকমিকাই থকা প্ৰকাণ্ড আইনৰ কিতাপ কেইখনমান মই যে ডাঙৰ উকীল তাৰেই ৰহস্যময় বিজ্ঞাপন স্বৰূপে টেবিলৰ ওপৰতে থৈ দিছো। এনেতে এজন মতা আৰু এজনী মাইকী চৰা ঘৰলৈ উঠি আহিল। মানুহটো মিৰি, ডেকা, বগা, চকু দুটা সৰু, শৰীৰ হৃষ্টপুষ্ট, স্বাস্থ্যৰ সৌন্দৰ্য্যৰে ভৰপূৰ। ই জনী মিৰিৰ ছোৱালী—গাভৰু বয়স, সুন্দৰ বগা, গাল দুখন ৰাঙলি, মূৰত দীঘল চুলিৰ ডাঙৰ থোপা— তাতে দুপাহি বগা ফুল, গোটাইটো পুষ্ট আৰু নিপোটল শৰীৰৰ পৰা সৌন্দৰ্য্য যেন তিৰ বিৰ, কৰে থোপাথোপে বাহিৰ হৈ পৰিছে।

 মিৰিটোএ মোৰ ফালে চাই হাঁহি পেলালে আৰু কলে, “দেউতাই চিনি পোৱা নাই নে?” দূৰ বনৰীয়া মিৰি! তাক মই চিনি পাওঁ কেনেকৈ! তথাপিতো মক্কেল; গহীনাই মাতিলে,“নাই পোৱা”। “কেলেই মই মণিৰাম নহওঁ নে?” জলাধ বনৰীয়া। তাই মণিৰাম নে ধনিৰাম মই জানো কেনেকৈ! তথাপিতো আগৰ দৰে কলোঁ “পাছে?” “দেউতাই এইবাৰ আৰু ৰাখিব লাগে। আপোনাক আগত ৰাখিয়েই আৰু আমাৰ বিয়াখন হৈছিল। তাকে পকা কৰিব লাগে। এই জনী লনী তাইকো লৈ আহিছোঁ।”

 তেতিয়াহে মোৰ গাত চেতন আহিল। ইহঁতে কয় কি? আথেবেথে সুধিলো, “কি হল কচোন ক। তহঁত পানীত পৰিছিলি নহয়?”

 মণিৰামৰ মুখখন আনন্দৰ হাঁহিত ফুলি পৰিল; লনীয়ে মিচিকীয়াই হাঁহি তল মূৰ কৰিলে।

 মণিৰ আৰু লনীৰ হুনু বহুদিনৰে পৰা জনা-শুনা মনৰ মিল আছিল। কিন্তু মণিৰ [ ৩০ ] বাপেকে মণিলৈ আন এজন গামৰ ছোৱালী আনিব বুলি লনীক বিয়া কৰাবলৈ মান্তি নহয়। পাছে দুয়ো বুদ্ধি সাজি পানীত পৰা আৰু বিচৰা ছলতে, আগৰ পৰ৷ ওচৰতে থৈ দিয়া নাও এখনত উঠি ৰাতিয়েই দিচাং-মুখ পালে গৈ তাত মণিৰ মোমায়েকৰ ঘৰ। তাতেই বিয়া-বাৰু কৰাই বাপেকলৈ খবৰ দিলে। এতিয়া বুঢ়া গামৰ কথামতে লনীৰ বাপেকে মণিৰ ওপৰত মোকৰ্দমা কৰিছে। মোকৰ্দমাত মই উকীল হব লাগে।

 বৰ ভাল লাগিল। যি জনা হাকিমৰ গুৰিত মোকৰ্দমা, কলিকতাত পঢ়াৰ পৰায়েই তেওঁৰ লগত ভাল। ছেগ বুজি তেওঁৰ আগত এদিন গোটাইখিনি কথা ভাঙি-পাতি কৈ থলোঁ। শুনি তেৱোঁ বৰ খুছি হল।


(৫)

 প্ৰথম কাছাৰীতে মণিৰ মোকৰ্দমাটে৷ উঠিল আৰু ডেকা হাকিমে কাকো দাবি-দাওয়া নোহোৱাকৈ লনীক মণিক দি দিলে। তাহাঁত দুয়োৰো মুখ আনন্দত প্ৰকাশ হৈ পৰিল।

*  *  *

 সেই দিনাৰ পৰা মনত এটা ভাৱ খেলাই আছে—কি জানি মিৰি হৈ জন্ম লব পাৰিলেই ভাল আছিল। [১]

  1.  আলোচনী, অষ্টম বছৰ, ১০ম সংখ্যা, শাওন ১৮৩৯ শক।