পৃষ্ঠা:ময়না.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ময়না


এটা চাকৰি হে কৰক। আৰু যদিবা পঢ়েই বেটীক দেউতাৰ ঘৰত থৈ আহক। এখন ৰাইজৰ চুৱা সাজ ধুই বেটীএ হাৰ কেইডাল জুনজুনীয়া কৰিব নোৱাৰোঁ।


(৫)

 দুই চাৰিদিন পাছৰ কথা। চৰা ঘৰত সৰ্বেশ্বৰৰ দেউতাক আৰু বুঢ়া ফুকন ডাঙৰীয়া বহি আছে। হোকাটো হাতত আছেই, তাক মাজে মাজে গুৰুক্ গুৰুক্ টান মাৰি আছে। সৰ্বেশ্বৰ দেউতাকে এখন পাঁজি চাইছে! ফুকনে হোকাৰ পৰা মুখ তুলি একোবাৰ তেওঁৰ ফালে চায়।

 ফুকন–পালা নে কিবা এটা দিন। যাত্ৰাৰ ক্ষণটো চালেই হয়, সেই সময়ত যোগিনী ভাল থাকিলে বা মাহেন্দ্ৰ বা অমৃত যোগ হলে হয় দেখোন।

 সৰ্বেশ্বৰৰ পিতাক—হওঁতে ১১ আহাৰ ভাল আছিল; কিন্তু বাৰটো হল ৰবিবাৰ। সেই দিনা আকৌ চাহাবক লগ পাব পাৰি কেনেকৈ?

 ফুকন—ত্ৰয়োদশী তিথিটো চোৱাচোন। সৰ্বসিদ্ধা ত্ৰয়োদশী। সেই দৰে গলে চাহাবৰ মন কুমলিব পাৰে।

 সৰ্বেশ্বৰৰ পিতাক—(অলপ পৰ পাঁজি চাই) এই দিনটো চাওকচোন। সাড়ে ৮ বজাৰপৰা সাড়ে ১১ বজালৈ মাহেন্দ্ৰযোগ আছে। (এই বুলি পাঁজিখন ফুকনৰ হাতত দিলে। ফুকনে চাব ধৰিলে।)

 ফুকন—হয়, ভাল হৈছে। সেই দিনাই হব। পাছে, বোপাদেৱক ভাল পোছাক এজোৰা নালাগিব নে? আছে জানো?

 সৰ্বেশ্বৰৰ পিতাক–সেইটো সি আনিব কিবা দিহা কৰি! মই হলে কৈছিলোঁ, এইখন কৰাতকৈ ওকালতিকে পঢ় গৈ!

 ফুকন–পিছে?

 সৰ্বেশ্বৰৰ পিতাক–তাৰ মন নাই। সি বোলে চাকৰি হে কৰে। হওঁতে বোৱাৰীএও ফুচুলিয়াই হব পায়।

 ফুকন–এৰা দেৱ, আজিকালিৰ ডেকাবোৰ তেনেই গুছিল, আটাইবোৰ মাইকীৰ মেখেলাৰ তল হল। আমাৰ দিনত এনেটো নাছিল, কি কোৱা?

 সৰ্বেশ্বৰৰ পিতাক–হয় হয়। ইও ইংৰাজী শিকাৰ হে ফল। ইংৰাজলোকৰ ইস্তিৰি স্বাধীনতা আছে; হাতত ধৰি তিৰোতাক আলিয়ে-পদুলিয়ে লৈ ফুৰায়। পাৰিলে আমাৰ ডেকাবোৰকো তাকেই কৰিব লাগে। তেনে কৰোঁতে মাইকীবোৰ মূৰত উঠিল। (অলপ থমকি) পাছে, বৰ চাহাবক আপুনিও এবাৰ কব লাগে।

 ফুকন–লাগে তোন। মই যি পাৰোঁ কম। আমাৰ ঘৰৰপৰা এটা চাকৰিত সুমাই দিব পাৰিলে তো হয়েই।

—:০:—


দ্বিতীয় অঙ্ক

(১)

 সৰ্বেশ্বৰ যি সময়ৰ গ্ৰেজুৱেট সেই সময়ত চব-ডিপুটি হাকিমীটো কেৱল বিশিষ্ট লোকৰ পুত্ৰ