পৃষ্ঠা:ময়না.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ময়না

ধৰিলে। হেড্ মাষ্টাৰে উশাহ পাই কলে, “দেখুন, মাষ্টাৰ মশায়, (বয়সীয়াজনক সম্বোধন কৰি ) আপনাদেৰ Youugman (ডেকা ) দেৰ এত ৰাগ ভাল নয়। ৰাগেৰ মাথায় এৰা কি যে কৰ্তে পাৰে। আচ্ছা যান, আপনি ছেলে মানুষ, আপনাৰ কোন অপৰাধ নেব না। আজই আপনাৰ application ( দৰখাস্ত ) recommend ( ভাল বুলি ) কৰে forward কৰ্ছি ( উপৰলৈ পঠাওঁ )।”

( ৩ )

 জানুৱাৰীৰপৰাই গেজেট চোৱাৰ ধুম | এইদৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ গেজেটৰ অকণমানি ঠাইত ওলাল — আসাম ভেলিৰ পৰা মৌলবী মহম্মদ চফি উৰ-ৰহমান আৰু শ্ৰীযুত প্ৰিয়গোপাল সেন আৰু চুৰমাভেলিৰপৰা দুজন চব ডিপুটি প্ৰবেচনাৰ নিযুক্ত হৈছে।

 অত দিনৰ কত আশা, কত খাতিৰ, কত চালাম, কত আশঙ্কা — এই সকলোৰে শেষ কৰিলে মল-পৰা কাগজত ছপা হোৱা এই সামান্য এক আখৰ কথাই! নিৰাশাৰ আৰু অবধি থাকে নে! একোবাৰ মনত হয়, এই প্ৰিয়গোপাল সেন এই কেইটা আখৰৰ বদলি সৰ্বেশ্বৰ বৰুৱা এই কেইটা আখৰ ছাপাত উঠা নো কি অসম্ভৱ আছিল। আশাই-নিৰাশাই বাস্তৱে-স্বপ্নে মিহলি হৈ নিৰাশাৰ প্ৰথম ঢৌটো বুজিব নোৱাৰাতে পাৰ হল। তাৰ পাছত—আন কথাত সংসাৰত দিনে যি হব ধৰিছে, ইয়াতো হল সেয়ে।

 কেইদিন মানৰ পাছতেই ইনিস্পেক্টৰৰ পৰা এখন চিঠি আহিল, তাত সেই স্কুলতে সৰ্বেশ্বৰ বৰুৱাক পঞ্চাশ টকা দৰমহাত চাবৰ্ডিনেটচাৰ্ফিছৰ ৰেড-লিষ্টৰ অষ্টম গ্ৰেডত প্ৰবেচনত মকৰল কৰিছে।

( ৪ )

 সেই দোকানত কেতিয়াবা কথ৷ ওলায়। ৰামকুমাৰ এতিয়া এম্-এ, বি-এল্ উকীল; হৰনাথো উকীল; চন্দ্ৰ কিশোৰে শেষত অনাৰ্চ এৰি দি বি.এ পাছ কৰি এতিয়া স্থানীয় নতুন স্কুল এখনতে মাষ্টাৰ। সৰ্বেশ্বৰে কথাই কথাই কয়— “হাকিম নহলোঁ, কি হল। ইবিলাক সকলো অফিছাৰ Black (কলা) লিষ্টত, মই কিন্তু চোৱা Red ( ৰঙা ) লিষ্টত হে! আৰু দৰমহা নো কি বেয়া—আ- ঢ়ৈ–কুৰি ৰূপৰ মুঠতে এক অনা—( টিকটৰ ) — হে কম! তদুপৰি এই এই হওক”—

ভৰত বাক্য।

প্ৰৱৰ্ততাং প্ৰকৃতি-হিতায় সডিগ্ৰঃ
কলেজিয়ৈঃ শ্ৰুতিমহতী ন হীয়তাম্।
অস্মাকঞ্চ ক্ষপয়তু কৃষ্ণলোহিতঃ
উপাধিব্যাধিজদোষান্ স বিক্বতীন্॥[১]


  1.  লেখকৰ মতে গল্পটোৰ ৰচনাৰ তাৰিখ ২৯।৮।১৮ চন। কিন্তু এই গল্পটো পাছত কিছু সাল-সলনি কৰি ‘ময়না’ৰ অন্তৰ্ভুক্ত কৰা হয়। লেখকৰ এখন পুৰণি বহীত গল্পটোৰ মূল কথা এজন স্নাতকৰ জীৱন-কাহিনী ( life story of a graduate ) – বুলি আছে—

    সং. শ. গো. ৰ.