ময়না/ব্ৰহ্মপুত্ৰৰ বুকত

[  ]

ব্ৰহ্মপুত্ৰৰ বুকত

( ১ )

 কথাটো এই। শৰত কাল, পুজাৰ সময়। বিজয়া দশমীৰ দিন। দেৱী বিসৰ্জন চাই নিজৰ নাৱত উঠি ভটিয়াই আহিলো। বাটতে ৰাতি হল।

 ব্ৰহ্মপুত্ৰৰ পাৰৰে পৰা অৰ্ধবৃত্তাকাৰে থাকা এখন গাওঁ। এদাঁতিত এখন এৰা বাৰী আৰু তাৰ মাজত এটা ভঙা-চিঙা টিনৰ বঙলা ঘৰ। মানুহে কয় ইয়াতে ভূত থাকে। গতিকে, ৰাতি নালাগে দিনতো কোনো মানুহ সেই ফাললৈ নাযায়।

 ব্ৰহ্মপুত্ৰৰ বুকত বালি চৰ; আকাশৰ বুকত মেঘৰ চকা–চকি স্তূপ। সন্ধিয়াতে জোনৰ ৰূপালি কিৰণে গোটেই সংসাৰ আবৰি পেলালে, যেন মৰমিয়াল মাকে চেনেহিয়াল হাতেৰে শিশুসন্তানক আকোৱালি হে ধৰিছে। প্ৰকৃতিৰ এক অবৰ্ণনীয় শোভা দেখি ইয়াতে ৰাতিটো খপিবলৈ বৰ মন গল।

 আৰু এটা কৌতূহল—এই ভূত নো কি, আছে নে সঁচা কৈ, কোনে নো বাৰু দেখিছে ভূত? ডেকা কালৰ তেজ পিৰ-পিৰ্‌, খৰ্‌ খৰ্‌, কৈ বয় তাক বোধ কৰোঁ সৰহ যিনি মানুহকে কব নালাগে। এই ভূত নো কি এবাৰ চাওঁ এইচোন!

 নাৱৰীয়াহঁতক এই কথা কোৱাত সিহঁত কোনো মতে মান্তি নহয়, মোকো নানা প্ৰকাৰে ভয় দেখুৱায়! মনত যে ভয় নালাগিছিল ডাঠি কব নোৱাৰোঁ। কিন্তু ইফালে ডেকা গাৰ বল, আৰু সিফালে ইংৰাজী পঢ়াৰ ফল। ভূতৰ সংস্কাৰত ভয় লাগিল যদিও তাক প্ৰকাশ কৰা এটা অশ্ৰেদ্ধয় কথা। সেই দেখি মই জেদ্ পাতিলোঁ। শেষত সিহঁত সম্মত হল; কিন্তু নাও লগালে এৰা বাৰীৰ পৰা আঁতৰি, গাৱঁৰ ওচৰ চপায়। ময়ো বাধা দিয়াৰ কাৰণ নেদেখিলোঁ অন্তৰে অন্তৰে কিজানি অলপ ভালকে পালোঁ। ভূতৰ ভয় নো কাৰ নাই?

 নাৱৰীয়াহঁতে খোৱা-লোৱাৰ কাৰবাৰত মন দিলে। গুৰিয়ালজনে তাৰ বুৰঞ্জীৰ দীঘল মোনাখন মেলি এই ভাঙা ঘৰটোৰ বিবৰণ মোৰ আগত কব ধৰিলে। বাবা ব্ৰহ্মপুত্ৰৰ নাৱৰীয়াই বাবাৰ বুকৰ প্ৰত্যেক আঙুল ঠাইৰ ইতিবৃত্ত নাজানাটো মহাপাপ বুলি ভাবে। কথাটো শুনিবলৈ ভাল। কিন্তু শুনি ভয়ো লাগিল। আগেয়ে ঘৰটোতে শুই থাকিম বুলি ফুটনি কৰিছিলোঁ। এতিয়া ৰাতিও হল, নাৱৰীয়াৰো হাক, মনতো ভয়; খাই বই উঠি নাৱৰ ভিতৰতে বাগৰ দিলোঁ।

( ২ )

 লাহে লাহে টোপনি আহিল। শৰত কালৰ জোনাক, নদীৰ বুকত শীতল বতাহ, দূৰ বননিত বায়ুৰ কম্পন, ওচৰৰ গাৱঁৰ হাই-ৰোল সকলো গম্ভীৰ হৈ আকাশত মিহখাই গৈছে। সেই ঠাইখন অপূৰ্ব আনন্দময় যেন লাগিল। মনত এনে ভাব হল কি যেন এক সুন্দৰ পুৰিলৈ উঠি যাব ধৰিছোঁ; পৃথিবীৰ গণ্ডগোল, সংসাৰৰ হাই উৰ্মি সকলো আলাই-আহুকাল যেন কোন তলৰ দেশত পৰি ৰল। এনে অৱস্থাত দেখিলে:—

( ৩ )

 মই শুই আছোঁ, মোৰ আগত এট অনিন্দ্য সুন্দৰী ৰমণী মূৰ্তিৰ আবিৰ্ভাৱ হল। তেওঁ [  ] কলে, ‘তুমি অকলে আছা দেখিছোঁ, বহিব পাৰোঁ নে?’ ম‍ই বহিবলৈ কোৱাত, তেওঁ মোৰ সমুখতে থকা মূঢ়া এটাত বহি কবলৈ ধৰিলেঃ—


( ৪ )

 “তুমি মোৰ নাম নাজানা; তোমাৰ নাৱৰীয়ায়ো নাজানে, সি মোক ভূত বুলিছে। মই ভূত নহওঁ, মই মানুহ। তোমাৰ যৌৱন দৃপ্ত প্ৰাণত জীৱনৰ যি অপূৰ্ব স্পন্দন অনুভৱ কৰিছা,মোৰ প্ৰাণত জীৱনৰ সেই স্পন্দন যে কিমান খৰ আছিল, তাক তোমাক বুজাব নোৱাৰোঁ। মোৰ প্ৰাণত জোনৰ জোনাক, বেলিৰ পোহৰ, ডাৱৰৰ অহা যোৱা, ধুমুহাৰ তাণ্ডৱ নৃত্য, বতাহৰ খেলা, ফুলৰ গন্ধ, ভিন ভিন্ন সময়ৰ ব্ৰহ্মপুত্ৰৰ ভিন্‌ ভিন্‌ শোভা— এই সকলোএ এক অজানিত সুৰৰ ঢউ খেলাই দিছিল। মই জোনৰ লগত হাঁহিছিলোঁ, ফুলৰ লগত নাচিছিলোঁ আৰু বতাহৰ লগত ধেমালি কৰিছিলোঁ। মই মানুহ, মানুহৰ শৰীৰৰ সকলো আনন্দ, মই অতি তীব্ৰ ৰূপে অনুভৱ কৰিছিলোঁ।

 ভাঙা বঙলা ঘৰটো দেখিছা, এয়ে এদিন মোৰ সুখৰ আলয় আছিল। ইয়াৰে বহল বাৰাণ্ডাত বহি মই এদিন সুনীল আকাশত কিৰণৰ বিনন্দীয়া ৰেখাপাত দেখিছোঁ, ব্ৰহ্মপুত্ৰৰ প্ৰাণ মতলীয়া কৰা মনোৰম গীতি শুনিছোঁ, মৃদু বতাহৰ ছাত লাগি বননিৰ ফুলময়ী লতাৰ নিচিনা নাচি উঠিছোঁ। বাৰিষা ব্ৰহ্মপুত্ৰৰ দুই পাৰ যেতিয়া পানীএ পানীএ ভৰি পৰে আৰু আশ্চৰ্য্য শক্তিৰে সেই আকুল পানী পশ্চিমলৈ লৰ’ ধৰে, তেতিয়া মোৰ অন্তৰতো কি যেন এটা মত্ত আনন্দই উন্মত্ততাৰ তৰঙ্গ তুলি কি মদত মতলীয়া কৰি তুলিছিল, তাক এতিয়া মুঠে সুৱঁৰিব হে পাৰোঁ। আৰু যেতিয়া শীতৰ আগমনত ক্ষীণ পানী ৰেখাই বহল বালি চৰবোৰক চেনেহতে সাবোটা মাৰি ধৰে, আৰু তেনে চেনেহতো পমি নগই উদাস ভাৱে চৰবোৰ আকাশলৈ চাই ৰয়,তেতিয়া তাহাঁতৰ এই প্ৰেমৰ অভিনয় দেখি মোৰ মনত যে কিমান আকুল উদাস হৈছিল, সি এতিয়া স্মৰণৰো অতীত হল। মোৰ প্ৰথম যৌৱনৰ আনন্দত এই ঠাই স্বৰ্গপুৰতকৈয়ো মনোৰম আছিল; আৰু ইয়াতেই মই বিশ্বৰ এটা অব্যক্ত মধুৰ সঙ্গীত শুনিছিলোঁ। বহু দিন হল, সেইদিন অতীত হৈছে; তাৰ মধুৰ স্মৃতিখিনি মাথোন মনৰ কোনোবা নিভৃত চুকত সঞ্চিত আছে। মোৰ দুখ, মোৰ জীৱনৰ দুখময় কাহিনী কাৰো আগত কব নোৱাৰোঁ; কোনো মানুহ,—প্ৰাণথাকা,জীৱনীশক্তিৰে ভৰপূৰ, আনন্দৰ নৃতনত মনোহৰ, আচল কোনো মানুহ – এই অভাগিনীৰ ঘৰৰ ওচৰলৈ নাহে। নাহে, নাহিবৰ কথাই; মানুহৰ সমাজত যি কাজ ঘৃ্ণিতৰো ঘৃণনীয়, মই তেনে অপৰাধত অপৰাধী।

 “কিন্তু মোৰেই নে অকল দোষ! মানুহৰ ধী শক্তিৰ ওপৰতো কিবা এটা অনুভূতি কিবা এটা প্ৰবল পৰাক্ৰমে মানুহটোক লৈ খেলা নকৰে নে? কি জানো আনৰ কথা! মই হলে অন্তৰৰ গভীৰতম আত্মাৰে অনুভৱ কৰিছোঁ, মানুহৰ প্ৰবল আকাঙ্ক্ষাৰ কৰবাত এট। উহ আছে,যাক পৰ্বত পৰিমাণ যুক্তি-তৰ্ক-বুধিৰেও ছাপ দি ৰাখিব নোৱাৰি।


( ৫ )

 “মই তোমালোকৰ দেশৰ ছোৱালী নহওঁ, মই বঙালী মই হিন্দুও নহওঁ, ব্ৰাহ্মিকা। মোৰ পিতা এজনা আঢ্যৱন্ত মানুহ আছিল। তেওঁ কলিকাতাত থাকিছিল। সৰু কাল ডোখৰ যে কি আনন্দত গল তাক তোমাক কবই নোৱাৰোঁ। পিতৃৰ পালন, মাতৃৰ মৰম, ওচৰচুবুৰীয়াৰ [  ] আদৰ, সকলোৰে প্ৰশংসমান স্নেহ — এইবোৰে পৃথিবীতে মোৰ কাৰণে এখন স্বৰ্গৰাজ্য সৃষ্টি কৰিছিল।

 পাছত ইস্কুললৈ গলোঁ। তাতো শিক্ষকৰ দয়া, লগৰীয়া ছোৱালীৰ সহানুভূতি, কাৰো কাৰো ঈৰ্ষা,— এইবোৰে মোৰ জীৱনটোক ফুলিব ধৰা ফুলটোৰ দৰে প্ৰফুল্ল কৰি ৰাখিছিল। প্ৰাইজ দিয়া সভাত মোৰ গীতৰ লয়, মোৰ অঙ্গৰ ভঙ্গী, মোৰ মাতৰ সুৰে দৰ্শকসকলক মুগ্ধ কৰি হাতচাপৰিৰ পূৰা মাছুল উছুল কৰিছিল; আৰু সমূহ লোকৰ প্ৰশংসাৰ সুৰে মোৰ সমস্ত শৰীৰত তীক্ষ্ণ অনুভূতিৰ আনন্দ-ধাৰা বোৱাই দিছিল। আৰু যেতিয়া কলেজ পালোঁ গৈ, ঘোঁৰাৰ গাড়ীৰ খিৰিকীৰে দেখা কলিকতা নগৰৰ আলিবাট, আলিবাটৰ অসংখ্য মানুহ, কলেজৰ ছাত্ৰৰ গাড়ীখনৰ প্ৰতি লুব্ধ দৃষ্টি, এনে অসংখ্য ঘটনাই মোৰ অন্তৰত আনন্দৰ লহৰ তুলি দিছিল। যি কচোৱানে আমাৰ গাড়ী চলাইছিল, মই গাড়ীৰ ভৰিদানত ভৰি দিয়া সময়ত তাৰ শৰীৰতো কি জানি এটা পুলকে ক্ষণেকৰ কাৰণে খেলা কৰি গৈছিল। কলেজত প্ৰফুল্লতা, ৰূপ, বুদ্ধি আৰু কথা কাটাকাটি কৰাত মোৰ এটা খ্যাতি আছিল, যাৰ কাৰণে আজি এই ঊখৰ অন্তৰতো মই অলপ গৌৰৱ অনুভৱ নকৰি নাথাকোঁ।


( ৬ )

 “এদিন আমাৰ কলিকাতাৰ ঘৰত ড্ৰইং ৰুমত বহি আছোঁ। তেতিয়৷ কলেজ এৰিলোঁ। অনেক বঙালী কাকতত মোৰ গল্প প্ৰবন্ধ ছপা হয়। কিছু অৰ্থৰ কাৰণে, কিছু বিদ্যাৰ কাৰণে আৰু নিশ্চয় অনেক পৰিমাণে মোৰ ৰূপৰ কাৰণে, আমাৰ ড্ৰইং ৰুমত সদায় সন্ধ্যাৰ সময়ত অনেক বন্ধু-বান্ধৱৰ সমাগম হয়।

 এদিন গধূলি আহিল কি এক দিব্য কান্তিৰে বিভূষিত হৈ এজন ডেকা; তেওঁৰ মুখত গাম্ভীৰ্য্য, কথাত বিদ্যা আৰু চকুত প্ৰতিভাৰ দীপ্তি ফুটি উঠিছিল। সৰহ নকওঁ, তেৱেঁ মোৰ স্বামী হল। আৰু তেওঁৰ লগতে মই এইখিনি পালোঁহি।

 তেওঁৰ টকাৰ অভাৱ নাছিল, স্বাস্থ্যৰ অভাৱ নাছিল, সৌন্দৰ্য্যৰ অভাৱ নাছিল। কিন্তু অভাৱ আছিল তাৰে, যিহৰ প্ৰতি তীব্ৰ তৃষ্ণাই মোৰ সমস্ত দেহ, সমস্ত মন আৰু সমস্ত প্ৰাণ ভৰাই থৈছিল। তেওঁৰ অগাধ বিদ্যা, দেশ-বিদেশৰ কাগজ পত্ৰত তেওঁৰ খ্যাতি! দেশ বিদেশৰ কাগজ পত্ৰত তেওঁৰ খ্যাতি। দেশ-বিদেশৰ জ্ঞানী লোকে তেওঁৰ ওচৰলৈ জ্ঞানৰ পিপাসা পূৰাবলৈ আহিছিল। কিন্তু মোৰ অন্তৰৰ যি তৃষ্ণা, যি তীক্ষ্ণ দুখ-সুখেৰে ভৰা এক মহা পিপাসা, বোধ কৰোঁ তেওঁ তাৰ বুজকে নাপাইছিল।

 তেওঁ যে মোক আদৰ নকৰিছিল, মোৰ মনত ভাল লগাৰ চেষ্টা নকৰিছিল, তেনে নহয়। তেওঁ মোৰ মন প্ৰফুল্ল ৰাখিবলৈ ঘৰত গান-বাজনাৰ যন্ত্ৰ ৰাখিছিল, বাহিৰত ফুৰিবলৈ ঘোঁৰা বাগী অনাইছিল, ব্ৰহ্মপুত্ৰৰ বুকত ধেমালি কৰিবলৈ ঘাটত ‘জলি-বোট’ বান্ধি থৈছিল। কিন্তু এই সকলোকে কিবা এটা জ্ঞানৰ নীৰসতাই, তুলা স্তূপৰ দৰে কিবা এটা কোমল শুষ্কতাই আবৰি থৈছিল। তেওঁৰ অন্তৰত প্ৰেমৰ ৰসবিহ্বল আনন্দ আকুল সৰসতাৰ যেন ঠাই নাছিল। কব লাগে নে যে অৰ্থৰ সহস্ৰ সাজ-সজ্জাৰ মাজতো নাৰীৰ ওচৰত এনে আত্মাহীন আড়ৰ যাতনাৰ যন্ত্ৰ মাথোন? দেখাত মই সুখী আছিলোঁ; আৰু মোৰ অন্তৰখনত মানুহৰ সেই আদিম ৰসৰ সৰস্বতীৰ সোঁত নোবোৱা হলে কি জানি মই ভিতৰতো সুখী হব পাৰিলোঁহেতেন।

[  ]

( ৭ )

 “সেই দিনাও আজিৰ দৰে শুভ্ৰ জোনাকৰ কিৰণত দশোদিশ হাস্যময়ী। সেই দিনাৰ স্মৃতি মাত্ৰ আছে, আৰু একো নাই।

 নাই নে? যি যায় তাৰ একো অস্তিত্বই নাথাকে নে কি? শব্দ নে কি অনন্ত আকাশৰ ঢৌৱে ঢৌৱে অনন্তকাল বাগৰি ফুৰে! পোহৰো নে কি তেনে! তেনেহলে মানুহৰ জীৱনটোহে এনে নে যে তান শেষ হয় শ্মশানতে! সুখৰ স্মৃতিত বাজে আন একো অস্তিত্বই নাই নে কি?

 মোৰ অতুল ৰূপ। ভাৱত, ভঙ্গীত, চলন-ফুৰণত, কথা-বাৰ্তাত মোৰ ৰূপৰ তৰঙ্গ জলক্ জলক্ কৰি ওলাই পৰিছিল। আজি যি শুকান হাড়-ছাল দেখিছা, তাৰ উপযুক্ত ঠাইত গাখীৰৰ ফেনৰ নিচিনা কোমল, জাৰৰ জুইৰ দৰে উমাল আৰু বিদ্যুতৰ নিচিনা উজ্জল দেহৰ কল্পনা কৰা,বুজিবা কেনে ৰূপ!

 ব্ৰহ্মপুত্ৰৰ বুকত নাৱত উঠি ফুৰিছিলোঁ, মই আৰু মোৰ স্বামীৰ বন্ধু বিলাতৰ পৰা নতুনকৈ ফিৰি আহা বেৰিষ্টাৰ — তেওঁৰ নাম নকওঁ; তুমি বা কোনোএ তেওঁৰ নাম জানিব নালাগে—সি মোৰ নিগূঢ় আনন্দৰ সামগ্ৰী, মোৰেই হৈ থাকক। কি হল, — কি জানি সকলো কথা শুনিলে তুমি মোক ঘৃণা কৰিবা। মুঠতে ইয়াকে জানি থোৱা, সেই লাজতে মই ব্ৰহ্মপুত্ৰৰ বুকত ডুবিলোঁ, জানোবা মোৰ তীব্ৰ লালসা আৰু তীক্ষ্ণ লাজৰ দংশন বাবাৰ শীতল জলে শীতলাই দিয়ে; কিন্তু সেই শীতলতা আজিলৈ নাপালো—কতো।

 এই মোৰ জীৱনৰ কাহিনী তোমালোকৰ মনত ক্ষুদ্ৰ হব পাৰে, বিশেষত্ব নাথাকা হব পাৰে। কিন্তু মই হে জানো, সেই কেই দিনৰ অলপীয়া জীৱনত কিমান সুখ, কিমান দুখ, কিমান আকাঙ্ক্ষা, কিমান অতৃপ্তিৰ প্ৰবল ঢৌএ মোৰ ক্ষুদ্ৰ জীৱনৰ নদীত কিমান তোলপাৰ লগাই আছিল।

 মই ভূত নহওঁ; এতিয়া জানিছা মই দেৱতাও নহওঁ। মই মানুহ—আশা বাসনা,কাম, অবিচেনা পূৰ্ণ আদি মানুহৰ আত্মা মোৰ। তোমালোকৰ নীতি-শাস্ত্ৰত মোৰ জীৱন ঘৃণ্য, মই পতিতা, মোৰ নামতো সাধুলোকৰ নাক কোঁচ খায়! কিন্তু জগৰ কাৰ? মোৰেই নে অকলে? নে, মানুহৰ অন্তৰ আত্মাত যি অজ্ঞাত পুৰুষে বাসনাৰ এই তীব্ৰ হলাহল,প্ৰবৃত্তিৰ এই আদি উদ্দীপনা জগাই দিয়ে, তেওঁৰো অলপ ভাগ আছে?”


( ৮ )

 আছা নে তুমি আছা নে – চিঞৰি চকমক খাই সাৰ পালোঁ। সচিত নে সপোন প্ৰথমতে বুজাই নাছিলোঁ। এনেতে গছত পুৱতী চৰাইৰ গীতে নিজ অৱস্থা মনত পেলাই দিলে। নাৱৰীয়াহঁতক মাতি পুৱাতে নাও ভটিয়াই দিলোঁ।

 তেতিয়া না-আন্ধাৰ না-পোহৰ। ভঙা টিনৰ ঘৰটোৰ কাষেদি যাওঁতে কিবা এটা প্ৰখৰ হাঁহিৰ শব্দ যেন আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ তাল মাৰি গল। আটাই কেইজন উচাপ খাই উঠিলোঁ। অলপ পৰ সকলোটি থমকি ৰোৱাত গুৰিয়ালে কলে, “কি বোলে, সেইটো কি চৰাই!”

 তাৰ পৰা যেতিয়াই ব্ৰহ্মপুত্ৰৰ বুকত নাওত উঠোঁ, তেতিয়াই এই ঘটনাটো মনত পৰে। [  ] কিন্তু আজিলৈকে জানিব নোৱাৰিলোঁ, এই ঘটনাত কিবা সত্য আছিল, নে ই বঙালী উপন্যাস পঢ়া মোৰ বিকৃত মস্তিষ্কৰ অদ্ভুত উদ্ভাৱনা।[১]

  1.  এই গল্পটো “তটিনী-তীৰে” নামত হাতে লেখা আলোচনী ‘অঙ্কুৰ’ত ( প্ৰথম ভাগ, ষষ্ঠ সংখ্যা, ১৮২৭ শক, আহিন ) প্ৰকাশ হৈছিল। সেই গল্পটোকে কিছু সালসলনি কৰি নতুন নামত ইয়াত সন্নিবিষ্ট কৰিছে।—সং, শ গো. ৰ.