পৃষ্ঠা:ময়না.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ময়না


তেল। পিছত, যেতিয়া দেখিবা বেছ নিমজ হৈছে, দিয়া···হঁতৰ ওপৰেদি ৰেলগাড়ী চলায়। সুধিব, ‘এয়া কোন, ইমানটো মৰ্দালি কৰিছে কোনবাই কলে, ‘অমুক হে;’ বিশ্বাস নকৰে—‘উহুঁ, সি কেনেকই হব। কাৰবাৰ কৰবাত ভুল হইছে।’

 দোকানলই এই সময়ত বৰ হাজৰিকা ডেকা উকীল আছিল। এওঁ পাতলা কৰি লাগে,দীঘল চেহাৰাৰ মানুহ চকুত সোণোৱালি দীপচকু, মূৰত পাগ, গাত দীঘল ছোলা। মানুহজন বৰ তেজী বুলি খ্যাতি আছে। মক্কেল-মহলত প্ৰসিদ্ধি— চাহাবৰ আগত এওঁৰ মুখেৰে আখৈ হে ফুটে! টকা কৰিও যথেষ্ট আৰ্জিছে—

 বৰ-হাজৰিকা— (অলপ হাঁহি ৰেঙাই) কি লেক্‌চাৰ দিছে পেস্কাৰ ডাঙৰীয়াই!

 ( পেস্কাৰে খচ্ মচ্ কৰি উঠি হাতখন কপাল চুৱাই উকীলক চেলাম কৰিলে। দোকানীএ নিজে বহি থকা মাচিয়াখন উকীলক আগ বঢ়াই দি নিজে গই গদীত বহিল। ডেকাৰ দলে গাকে লাৰা নাই। )

 পেস্কাৰ- আমি কি লেক্‌চাৰ্ দিম, ডাঙৰীয়া। আপোনালোকে শুনিলেও নাক শিঙৰাই দিব। এওঁবিলাকক কলেজত নপঢ়া বিদ্যা শিকাইছিলোঁ, চাহাবক বশ কৰা মন্ত্ৰ আৰু ডন্।

 দোকানী—আমাৰ সৰ্বেশ্বৰে বৰচাহাবক দেখা কৰিবলৈ গৈছিল নহয়, চবডিপুটি-কামলৈ। তাৰে কথা কৈছিল পেস্কাৰ ডাঙৰীয়াই। চাহাবে বোলে দৰখাচ্ কৰিবলৈ কৈছে।

 বৰ-হাজৰিকা— চাহাবৰ দৰখাচ্ কৰিবলৈ কোৱা থৈ দিয়ক।.. হাঁতৰ কোন কথাতে rely (বিশ্বাস) কৰিব নোৱাৰি। Best consideration receive কৰিব, খুব consider কৰিম, apply কৰা, I will see – এইবোৰ চাহাবহঁতৰ বুলিয়েই। কোনোমতে একো নকৰে,খাতিৰ নহলে।

 (বৰ-হাজৰিকা দেৱে বি-এল পাছ কৰিয়েই হাকিমী কামলৈ বৰ চেষ্টা কৰিছিল। বি.এ পাছ কৰা কোনো হাকিমৰ লৰাক সেই কাম দিলে, তেওঁক আশা দিও শেষত নিদিলে। লোকে কয়, সেই কাৰণেই তেওঁ গবৰ্ণমেণ্ট, চাহাব আৰু হাকিমৰ ওপৰত বৰ নাৰাজ।)

 ৰামকুমাৰ—হব পাৰে সেইটো কাৰো কাৰো পক্ষে; সেই বুলি যে all will sail in the same boat (সকলোৰে একে দশাই হব) তাৰ কি মানে আছে?

 উকীলে একো নামাতিলে, অকণমান হাঁহিৰ ৰেখা মুঠতে মুখত বিৰিঙি ওলাল, আৰু কিবা এটা বস্তু লই গল; উকীল গল; তাৰ পাছতে পেস্কাৰো গল। তেতিয়া দোকানীএ প্ৰথম মাত লগাইছে —

 দোকানী—ৰামকুমাৰ, দেও, তুমি কম নোহোৱা, পাই! উকীলক ভাল থেকেচাটো দিলা, হয়।

 ৰামকুমাৰ—নিদি কৰা কি হে? এনেকুৱা unasked for insolence unsufferable (ইম ন অনাহক ফুটনি সহিব নোৱাৰি।) তেওঁ কাম নাপালে বুলি আৰু কোনোএ নাপাবই নে কি?

 চন্দ্ৰকিশোৰ —থওক, আপোনাৰ গেলা গপটো। বৰ হাজৰিকা কিমান টকাৰ মানুহ কব পাৰে নে?

 ৰামকুমাৰ—miserable miser (কটকিন কিৰ্পিন।) টকা ধুই পানী খাব নহয়। country causeত (দেশৰ বাবে কেতিয়াবা পইচা এটা দিয়ে নে দেখিছা।


 (এইবাৰ দোকানত নৰেশ্বৰ দাৰোগা সোমাল। এৱোঁ চহৰৰ ডেকাদলৰে এজন। প্ৰায় এবছৰ কলেজতো পঢ়িছিল। দাৰি-গোফ কমোৱা, তুলতুলীয়া চেহাৰা, গাত এটা মিহি মুগাৰ কোট আৰু গুণাৰ ফুল দিয়া এখন পাতৰ চাদৰ। গোটাই মানুহটোই চিক্চিকাই