পৃষ্ঠা:ময়না.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ময়না


 সৰ্বেশ্বৰ মাষ্টাৰি কাম লই মনে মনে আলোচনা কৰিছে – “হওঁতে কাপোৰ-কানি কেইখনো ফাটিলে; চুৰিয়া কামিজ ভাল চাই কিনা টান ঘৰৰপৰা দেখোন টকা দিব নোখোজে। ইফালে আমাৰ “তেওঁকো” গন্ধতেল, শাৰীকাপোৰ, মিহি চেমিজ এইবোৰ দিবলৈ হাত উদং। ভালেই হল, এই চাকৰিৰ পইচা কেইটাৰে একৰকম pocket expense (বাহিৰা খৰচ, চলিব। আৰু এইটো জানো মোৰ চাকৰি! হাকিম তো হমেই! মাজৰ এই কেইটা দিন এলেহুৱা হৈ বহি থকাত কৈ এই দৰে পঞ্চাশটাকৈ টকা পোৱাও বেয়া নহয়।”


(২)

 নগৰৰ হাইস্কুলৰ শিক্ষকবিলাকৰ খোঁটালীত ১॥০ মান বজাত দুজনমান শিক্ষক বহি আছে; ডাঙৰ মেজখনতে সৰ্বেশ্বৰ শুই আছে। সৰ্বেশ্বৰ আজি তিনি দিন স্কুললৈ আহা নাছিল। কাৰণটো এই চবডিপুটি হবলৈ হলে এখন riding (ঘোঁৰাত উঠিব পাৰা বুলি) চাৰ্টিফিকট লাগে। সেই কাৰণে তেলীয়া এজনৰ বটুৱা ঘোঁৰা এটা লৈ তেওঁ আলিৰ বাটেদি লাহে লাহে ঘোঁৰা শিকিছিল। কোনোবা দুষ্ট বজৰুৱা লৰা দুটামানে সৰ্বেশ্বৰৰ ঘোঁৰাত উঠাৰ লক্ষণ দেখা পাই পাছফালে দিলে কোঢ়াল লগাই, কোনোবা এটাই ঘোঁৰাটোক কোব এটাও মাৰিলে নে কি! ঘোঁৰাই মাৰ লৰ! সৰ্বেশ্বৰে ছুটি-মেলা ঘোঁৰাত এদিনো উঠি পোৱা নাই,লাগাম এৰি তেওঁ জীনখনতে খামোচা মাৰি ধৰিলে। লাগাম ওলমি পৰাত আৰু চক খাই ঘোঁৰাটোই আৰু লৰ দিছে, তেতিয়া সৰ্বেশ্বৰে পৰে যেন দেখি ঘোঁৰাৰ গলটোতে সাবোটা মাৰি ধৰিলে। ঘোঁৰাৰ চক আৰু বেছি হল, সি জপিয়াই-লফিয়াই সৰ্বেশ্বৰক পিঠিৰপৰা পেলাই দি দৌৰি গই কোনোবা দেশ পালে। সৰ্বেশ্বৰে পৰি দুখ পালে, আৰু ৰাজহুৱা আলিত মানুহৰ আগত ইমান লতি-ঘতি হৈ বৰ লাজো পালে। সেই দেখি তিন দিন স্কুললৈ আহা নাছিল। তেতিয়াও, সেই পিৰিয়ড-টোত তেওঁৰ শ্ৰেণী আছে। তেওঁ শ্ৰেণীলৈ নগই, মেজত শুই কেইজন শিক্ষকৰ লগত কথা পাতি আছে।

 হেড্মাষ্টাৰজন সেই ৰুমলৈ সোমাই আহিল। এওঁ বঙালী মানুহ ৪৫।৫০ বছৰীয়া, খাটা-বুটা, গৌৰবৰ্ণ, পেটটো কিছু ডাঙৰ, মুখখন দেখিলেই এনে অনুমান হয় যেন তেওঁৰ পেটৰ ভিতৰৰ সহস্ৰ কথাৰ এটা ওলাবলৈকো এই মুখৰ মাজেদি সুৰুঙা নাই। তেওঁ আহি ইংৰাজীত কলে, “সৰ্বেশ্বৰ বাবু, এইফালে আহি যাব।”

 সৰ্বেশ্বৰে অসমীয়াতে কলে,—“আচ্ছা যাইছোঁ।” (হেড্মাষ্টাৰে বোলে কোনোবা দিনা অসমীয়া কবলৈ গৈ ‘গৈছোঁ’ নকই, এইদৰে কৈছিল। হেডমাষ্টাৰৰ ৰুমৰ ভিতৰলৈ সৰ্বেশ্বৰ গলত

 হেড্মাষ্টাৰ—(বঙালীত) আপ্ নিতো আজ তিন দিন আসেন নাই। কেজুয়েলেৰ জন্য দৰ্খাস্তও কৰেন নাই। আৰ এখন আপনাৰ ক্লাস আছে, আপনি ঘুমিয়ে ৰয়েছেন। বলুন দেখি এৰকম কোৰ্ লে কাজ চলে কি কৰিয়া?

 সৰ্বেশ্বৰ—আপনাৰ কাজ কি কইৰা চলে, আমি কি জানি মশায়। ঘণ্টাটো এই মেৰে দিচ্ছেন, আমি ক্লাসেতো যাব বলেই ভাবি উঠিব ধৰিয়াছিলাম। ঘণ্টাটা মাৰিয়া দিলেই কি ঘণ্টাটা শেষ হইয়া যায়?

 হেড মাষ্টাৰ—দেখুন, সৰকাৰী চাকুৰি, আপনিও কৰেন, আমিও কৰি। একটু বুঝে-সুঝে চলাটা ভাল।

 সৰ্বেশ্বৰ—ৰাখুন মশায়, আপনাৰ ভাৰী চাকৰি। পঞ্চাশ ডাল টকাৰ চাকৰিও আবাৰ চাকৰি! আপনাদেৰ মতন তো আমৰা বঙাল কঙাল নহি, এই চাকৰিকেই মুঠা মাৰিয়া থাকিব।