পৃষ্ঠা:ময়না.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ময়না


হয়, চাহাব প্ৰফেছৰৰ তলত নপঢ়িলে কিছু আহুকাল হয়। বঙালীবোৰৰ pronunciation-এ ( উচ্চাৰণ ) নহয়।

 চন্দ্ৰকিশোৰ— থওক আপোনাৰ চাহাব প্ৰফেছৰ। কিমান চাহাব প্ৰফেছৰ দেখিলো,মাতটোকে মাতিব নোৱাৰে।

 হৰনাথ — ৰবাচোন, তোমালোকৰ ইংৰাজী আৰু সংস্কৃতৰ তৰ্কখন আমাক নালাগে। ( সৰ্বেশ্বৰলৈ ) পাছে কি হল হে?

 সৰ্বেশ্বৰ— কি আৰু হব! apply ( দৰখাস্ত ) কৰিবলৈ কৈছে।

 দোকানী— ( এজন ডেকা লৰা, কলেজতো এমামান পঢ়িছিল, সুন্দৰ ফিট ফাট বাবু ) তোমাৰ হব হে সৰ্বেশ্বৰ, বুইছা। তোমাৰ দেউতাৰাৰ যি হে খাটিব। এই বাৰো বৰদিনৰ দালিটোৰ ভালকৈ দিহা কৰা।

 এনেতে দোকানলৈ ডিম্বধৰ পেস্কাৰ সোমাই আহিল। এওঁ কাছাৰীৰ এজন প্ৰবল আমোলা, মাটি বৃত্তি ধন জন টকা কৰি অপাৰ। সকলে৷ চাহাব আৰু হাকিমৰ লগত বৰ খাতিৰ। এবছৰৰপৰা চহৰত ৰটনা-খচনা যে তেওঁক ৰায়চাহাব খিতাপেৰে সুশোভিত কৰিবলৈ বৰ চাহাবে ওপৰলৈ লিখিছে। বয়স ৪০। ৪৫ৰ ভিতৰতে; সকলো দলতে এওঁৰ মিল, লৰাৰ-পৰা বুঢ়ালৈ। এনে হেন মহাপুৰুষক বেঞ্চিত বহিবলৈ দিয়৷ অন্যায় বুজি, দোকানীএ বেত-চিঙা হাত-ভঙা মাচিয়া এখন আগ বঢ়াই দিলে; পেস্কাৰ ডাঙৰীয়াই নিজৰ লুষ্ট-পুষ্ট শৰীৰ ডোখৰ তাতে থলে।ক্ষন্তেকলৈ ডেকাৰ দল নিজুম।

 পেস্কাৰ—কি কৈছিলা হে বোপাহঁত? কাক বৰদিনৰ দালি দিয়া? সেইবোৰ আমাৰ বুঢ়া তৰপৰ আমোলা-মহৰীৰ হে কথা। তোমালোক নতুন কলেজত পঢ়া ডেকাৰ কিহৰ দালি!

 ৰামকুমাৰ—(পেস্কাৰে নুশুনাকৈ) Nonsense, sycophant ( আহম্মখ, খোচামোদী।)

 দোকানী—এয়া, আমি সৰ্বেশ্বৰে চাহাবক দেখা কৰি কথা পাতিছিলোঁ, কাম পাবলৈ হলে আজি কালি খাতিৰ হে লাগে।

 পেস্কাৰ—হওঁতে হয়, পাছে চাহাবক বশ কৰা বৰ টান। সাপকো বিশ্বাস কৰিবা, তেওঁ চাহাবৰ জাতত বিশ্বাস নাই। যিমান দিন তোমাৰপৰা কাম আদায় হয় তুমিয়েহে তুমি, কেনেবাকৈ যদি কিবা এটা ভুল ওলাল, “যাও ...বেটা জলমে।” আজি কালিৰ চাহাব এই। ( সৰ্বেশ্বৰলৈ ) পাছে, বৰ চাহবক Your Honour ( হুজুৰ) বুলি কথা কলা নে নাই?

 সৰ্বেশ্বৰ—এৰা Honour মুখতে নোলায়চোন; পাহৰি পাহৰি যাওঁ; চেষ্টা কৰিছিলোঁ হওঁতে।

 পেস্কাৰ—ৰবা, এথোন। হাকিম এটা হৈ লোৱা। তেতিয়া মুখেনাকে Honour ওলাব। চালাম আকা? গুড মৰ্ণিং বুলিলা নে চালাম দিলা?

 সৰ্বেশ্বৰ—কলেজৰ পৰা ওলাই আহিয়েই কেনেকই নো চালাম দিয়ে। গুড্ মৰ্ণিঙকে দিলোঁ। সিও দেখেন হাতখন আগবঢ়াই দিলে। আও যিহে টিপা, মোৰ হাতখনকে ছিগি নিয়ে যেন পালোঁ। ( এই বুলি অলপ ৰঙা পৰি, কি জানি তেওঁৰ মিছা আখৰ কোনবাই ধৰিব পাৰিলেই সৰ্বেশ্বৰে হাঁহিলে। বাস্তৱিকে চাহাবে তেওঁৰ লগত হেণ্ডচেক কৰা নাছিল। )

 পেস্কাৰ—হুঁ, এইবোৰ পাছে একো নহয়। চাহাবপূজাৰ এটা মাত্ৰ মন্ত্ৰ আৰু এটা মাত্ৰ মুদ্ৰা আছে। খুব দীঘলকই চালাম দিবা। ( চালামৰ নমুনা দেখুৱাই দিলে। ) এইটো মুদ্ৰা। আৰু মন্ত্ৰ হৈছে, যিহকে নকওক “হয় হুজুৰ” “হয় হুজুৰ” বুলিবা। (হাত যোৰ কৰি ইয়াৰো মুদ্ৰ৷ দেখুৱালে। ) এই দৰে, উ –হ, খুব তেল দিবা (হাতেৰে তেল দিয়া প্ৰথা অনুকৰণ কৰিলে )। যেতিয়ালৈ তলতলিয়া পিছল নহয়, তেতিয়ালৈ হাতে মুখে পিঠি দিবা মাদীএ মাএদী