পৃষ্ঠা:ময়না.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ময়না


শাসন জেং, কলেজৰ নিয়ম-ক নন বেৰ, এই সকলোবোৰৰ যুগ গল। যুগ আহিল তোমাৰ মুকলি মনৰ, বাধা-হীন প্ৰাণৰ, অনাস্বাদিত স্বাধীনতাৰ গৌৰৱৰ!

 মাতৃকুলনাশন মেট্ৰিকুলেছন পৰীক্ষাৰ ফল ওলাল; আই এ, এ-আই-ছিঃ আই এ আৰু আই এচ-চি ৰো খবৰ জনাজাত হল। তোমাৰ বুকত ধৰিবা ঢেঁকীৰ হে গৰিক! দিন যাই মানে বুকুৰ ধমধমনিও বেছি খৰ হয়। এনেতে আহিল এদিন যিদিনা দৌৰা দৌৰি চাইকোলৰ সৰসৰনি, টেলিগ্ৰাফ যন্ত্ৰৰ টঙ্‌ টঙনি, কাৰো হাঁহি, কাৰো বেজাৰ, কাৰো প্ৰশ্নৰ আগ্ৰহাতুৰ কোলাহল, সকলোএ পাৰবতকুল সমাকুল-ইষ্টকগৃহৰ দৰে টেলিগ্ৰাফৰ অফিছ ঘৰটোক মু-ৰিত আৰু টেলিগ্ৰাফৰ বাবু কেইটাক ত্যক্ত উত্যক্ত কৰি তুলিছে। এনেতে এখন তাৰ আহিল, যাৰ হালধীয়া থোহাটোৰ ভিতৰত তোমাৰ সমস্ত জীৱনৰ আশা ভৰষা, যেন সমস্ত জীৱনৰ সাৰ,ঘনীভূত হৈ আহিছে। টেলিগ্ৰাফৰ ৰচিদ চহী কৰিবলৈ পাহৰি, কঁপা হাতেৰে গোটাই গাটোই ঘামি জামি, স্থিৰ হবলৈ ইচ্ছা কৰিও অস্থিৰ হই, পঢ়ি চালা—"Roll .......No........ অৰ্থাং খোদ তুমি পাছ!

 বি এ পাছ কৰিলা! এই পৰীক্ষাৰূপ অপাৰ বাৰিধি কলৰ ভেল সাজিয়েই পাৰ হলা!বা জলনিধিৰ অতল জলত ডুব দি ডিগ্ৰি ৰূপ মহা মাণিক্য লাভ কৰিলা!

 পেট্ৰোল লেম জলাওঁতে প্ৰথম জুই দপদপকে উঠি পাছৰ বগা প্ৰখৰ পোহৰে সমস্ত ঠাই পোহৰাই দিয়াৰ দৰে তোমাৰ সমস্ত উত্তেজনা জীম পৰিল; কিন্তু কৃতকাৰ্য্যতাৰ কিৰণ, তোমাৰ গৰ্বোজ্জল মুখ, আনন্দিত শৰীৰ, থেৱধৰা খোজ, সকলোৰে পৰা বিৰিঙি ওলাল।

 বাটত ফুৰোঁতে, দোকানত সোমাওঁতে, ঘৰলৈ আহোঁতে, তুমি বুজিব পাৰিলা, তোমাৰ কালে যেন সকলোএ চকু আঙুলিয়৷ই কৈছে, এওঁ বি-এ, এওঁ গ্ৰেজুৱেট। লোকৰ প্ৰশংসমান চকুৰ খোচনিএ তোমাৰ এনেই কঁপি থকা শৰীৰটোক আৰু যেন কঁপাই দিয়ে!

 তুমি দহৰ মাজৰ এক, তুমি কৃতী, তোমাৰ আনন্দ, তোমাৰ উৎসাহ, তোমাৰ সিদ্ধি,লোভনীয়, ঈৰ্ষাৰ সামগ্ৰী।

 হায়, কৃতী! হায়, গ্ৰেজুৱেট্‌! তুমি জানা হলে তোমাৰ সমুখত কি কঠোৰ জীৱন-সংগ্ৰামে অপেক্ষা আছে!


প্ৰথম অঙ্ক

( ১ )

 চহৰৰ আলিবাটত কিছুমান কলেজৰ ডেকা ফুৰিছে, জুন মাহৰ প্ৰায় শেষ"; দুই দিনমান আগতে মাত্ৰ ডিগ্ৰী পৰীক্ষাৰ ফল ওলাই গৈছে। সৰ্বেশ্বৰ বৰুৱাই নতুনকৈ বি-এ পাছ কৰিছে,distinctionও পাইছে, অৰ্থাৎ ভাল কৰি পাছ হৈছে।

 হৰনাথ আগৰ বছৰৰ বি-এ; এতিয়া ল-কলেজৰ ছাত্ৰ। তেওঁ কলে, “বৰুৱা, তুমি নাবালকতে বি-এ পাছ কৰিলা। এতিয়া কি কৰিবা? ল-কে পঢ়াহঁক। That's a jolly good life, খুব আমোদৰ দিন, বুজিছা।”