পৃষ্ঠা:ময়না.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
ময়না


 সৰ্বেশ্বৰ —( অলপ খোকোজা লাগি) মোৰ বয়স হুজুৰ ২৫ বছৰ ৫ মাহ।

 চাহাব — পঁচিশ বছৰ পাচ মাহ! Iam very sorry, my dear youngman, you are over age. ( মই বৰ দুঃখিত, মোৰ সোণাই, তোমাৰ বয়স বেছি হৈ গল। )

 সৰ্বেশ্বৰ – হুজুৰ, মই চৰকাৰী চাকৰী কৰিয়েই আছোঁ।

 চাহাব—কি চাকৰি?

 সৰ্বেশ্বৰ—মাষ্টাৰ, হুজুৰ, গভৰ্ণমেণ্ট স্কুলৰ মাষ্টাৰ।

 চাহাব — I See! মাষ্টাৰি কাম ভাল পোৱা নে?

 সৰ্বেশ্বৰ—পাওঁ হুজুৰ। কিন্তু—

 চাহাব—কিমান দিন মাষ্টাৰি কৰিছা?

 সৰ্বেশ্বৰ—প্ৰায় পাঁচ বছৰ হুজুৰ।

 চাহাব — That's a fairly long period. যথেষ্ট সময়। তোমাৰ অভিজ্ঞতাৰ পৰা শিক্ষাবিভাগক বঞ্চিত কৰা ন্যায়োচিত নহয়।

 সৰ্বেশ্বৰ –( কথাৰ সুৰ কোন ফালে ঢাল লইছে অলপ বুজিলে ) নহয়, হুজুৰ, মই ৰঙা লিষ্টত ( Red List ) আছোঁ?

 চাহাব—সেইটো আকৌ কি?

 সৰ্বেশ্বৰ—লিষ্টিত আমাৰ নাম ৰঙা চিয়াহীৰে ছপা হয় হুজুৰ।

 চাহাব—কিয়, I am afraid I cannot follow you মোৰ আশঙ্কা হৈছে, তুমি কি কৈছা মই ভালকৰি বুজা নাই।

 সৰ্বেশ্বৰ—( অলপ বিমোৰত পৰিল ) হুজুৰ—

 চাহাব—( সৰ্বেশ্বৰৰ বিপদটো বুজিব পাৰি কথ৷ ঘূৰাই ) তুমি কিমান পোৱা?

 সৰ্বেশ্বৰ—পঞ্চাশ টকা হুজুৰ।

 চাহাব—পঞ্চাশ টকা! আজি-কালিৰ ইমান টান দিনত পঞ্চাশ টকা বেছ আয়। তুমি কি কোৱা? নহয় নে বাৰু?

 সৰ্বেশ্বৰ — হয়, হুজুৰ! কিন্তু—

 চাহাব—তোমাৰ মত যে মোৰ লগত মিল হল, মই বৰ খুচি হলোঁ। হয়, হয়, তোমাৰ সুন্দৰ চাকৰি এটা হৈছে। আৰু দেশৰ মৰমৰ কাৰণেই তোমালোকে স্কুলৰ চাকৰি কৰিব লাগে। নেদেখিছা, তোমালোকৰ দেশত বিদেশীবোৰে কেনেকই সকলো কাম-কাজ বেপাৰ-বণিজ লুটি লব ধৰিলে। তোমাৰ দৰে ডেকা লৰাক শিক্ষা বিভাগত দেখি বৰ খুচি হৈছোঁ; আৰু আজি আমাৰ চিনাকি হোৱাতো বৰ সুখ পালোঁ। ( I am very pleased to make your acquaintance). Good Bye ( বিদায় )।

 এই বুলি চাহাবে ঘণ্টাটো ঘটং ঘটং কৰি মাৰি দিলে, আৰু গিৰিপ কৰি চকীৰপৰা উঠি হাতখন আগবঢ়াই দিলে। কলৰ পুতলাৰ দৰে সৰ্বেশ্বৰো থিয় হল, চাহাবৰ হাতৰ লগত হাতৰ স্পৰ্শ কৰালে! চাহাবে আকৌ কলে, "Good Bye, wish you good luck,” ( বিদায়,তোমাৰ সৌভাগ্য কামনা কৰিছোঁ।)।

 সৰ্বেশ্বৰৰ তেতিয়াহে হিদুক হল, কেনেকই তেওঁ নিজ মুখে নিজৰ সকলো আশাৰ মূৰত এই পাঁচ-বছৰৰ আশা-আশঙ্কাৰ ওপৰত, কুঠাৰ মাৰিলে। তেওঁ মৰণত শৰণ দি অলপ পৰ ৰল; ইফালে তেওঁৰ পাছত হাজৰিকা আহি কামৰাৰ দুৱাৰ মুখ পালে। চাহাবে অতি সৰুকৈ সুধিলে,