পৃষ্ঠা:ময়না.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ময়না


 হেড্ মাষ্টাৰ—ৰাগ কৰেন কেন? বঙাল কঙাল না হলে তো দেখি আপনাদেৰ চলেই না।

 সৰ্বেশ্বৰ—চলে না কিসেৰ মশায়? আমি হোজা অসমীয়াক আপনাৰা লুটিয়া খাইতে আসিয়াছেন।

 হেড্ মাষ্টাৰ—যান, যান। ৰাগ কৰিয়া কাজ নাই; ঐ তিন দিনেৰ লিভেৰ জন্য একটা দৰখাস্ত কৰবেন। এখন ক্লাসে যান।

 সৰ্বেশ্বৰ – ক্লাসেতো যাবই, আপনাকে বলতে হবে কেন?

 সৰ্বেশ্বৰ দপদপাই ক্লাচলৈ ওলাই গুচি গল। হেড্ মাষ্টাৰে মনতে ভাবিছে “এই বেটা আসামী গ্ৰেজুয়েটৰা, এক একটা নবাবেৰ বাচ্ছা যেন। ও সাব-ডিপুটি হবে বলে আমাদেৰ গ্ৰাহ্যই কৰে না। আচ্ছা দেখাচ্ছি বেটাৰে।” অলপ পাছতে confidential (গোপনীয় )খাম দুখনত দুখন চিঠি হেড্‌ মাষ্টাৰে নিজ হাতে লিখি বন্ধ কৰি এখন ইনিস্পেক্টৰৰ নামে আৰু ইন ডিপুটি কমিছনাৰ আৰু প্ৰেচিডেণ্টৰ নামে তেওঁৰ বাহাতে থাকা চিলটীয়া চাপ্ৰাচীটোৰ হাতত পঠাই দিলে।


(৩)

 ডাক আবেলি তিনি মান বজাত বিলি হয়। সৰ্বেশ্বৰ ক্লাছত বহি আছে। পিয়নে এটা ডাঙৰ লেফাফা,চৰকাৰী খাম মোহৰ মৰা, চাৰি অনীয়া টিকট লগোৱা সৰ্বেশ্বৰৰ হাতত দিলেহি! সৰ্বেশ্বৰে আথে-বেথে লেফাফাটো খুলিলে। তাৰ ভিতৰত কোনোবা চুকত ৮ ইঞ্চি মান দীঘল আৰু ৪ ইঞ্চি মান বহল পাতল টাইপলিখা এখুটুৰা চিঠি পালে। পাই পঢ়িলে, পঢ়ি যাওঁতে তেওঁৰ মুখত হাঁহি ওলাই গল। ইমান ডাঙৰ লেফাফাৰ মাজত যদিও ইমান সৰু কাকত ডোখৰ, তাত লেফাফাৰ গুৰুত্ব অনুসৰিয়েই মস্ত খবৰ আহিছে। যিবিলাক গ্ৰেজুএটে চবডিপুটি হাকিম আৰু আচল হাকিম হবলৈ দৰ্খাস্ত কৰিছে তেওঁলোকে নবেম্বৰ মাহৰ ১৭ তাৰিখে পুৱা লোক গুৱাহাটীত গৈ কমিছনাৰ চাহাবক দেখা কৰিব লাগে। তলত লিখা যিবিলাক আবেদনকাৰীয়ে ৰাইডিং আৰু স্বাস্থ্যৰ চাৰ্টিফিকট দিয়া নাই, তেওঁলোকে এই দুখন চাৰ্টিফিকেট ইতিমধ্যে দিব লাগে। সেইদিনা নবেম্বৰৰ ৮ তাৰিখ।

 সৰ্বেশ্বৰৰ হাঁহি আৰু গুৰু গম্ভীৰ লেফাফাৰ ভিতৰত টাইপ কৰা চিঠি দেখি ছাত্ৰবোৰে কোৱাকুই কৰিছে - “হেই, মাষ্টাৰ হাকিম হোৱাৰ খবৰ আহিল।”......“নহয় ঐ, সেয়া ইউনিভাৰ্চিটিৰ চাৰ্টিফিকট।”...“কত বা কাম পালে? বজালে পোৱালি মাষ্টাৰে এইবোৰ!” ইত্যাদি। এজন সাহ থাকা বিধৰ লৰাই সুধিলে, “চাৰ আপোনাৰ হাকিম হোৱাৰ খবৰ পালে নে কি?”

 সৰ্বেশ্বৰ—কেনেকৈ জানিলা? (হাঁহিৰে মুখ ভৰি পৰিছে।)

 ছাত্ৰজন—আপোনাৰ মুখ চাই ভাবিছোঁ।

 সৰ্বেশ্বৰ—হাকিম হোৱা খবৰ নহয়, পাছে কমিছনাৰ চাহাবক Interview (দেখা) কৰিবলৈ মাতিছে।

 ছাত্ৰজন—কেতিয়া, চাৰ?

 সৰ্বেশ্বৰ—এই ১৭ তাৰিখৰ দিনা।

 ছাত্ৰজন—এইবাৰ হব, চাৰ।

 আন এজন ছাত্ৰ – (উঠি) হয় চাৰ! আমাক আজি এৰি দিব লাগে। আমাৰ খুব ফুৰ্তি হৈছে।