[  ]
 

নগা কোঁ‌ৱৰ

প্ৰথম অঙ্ক

প্ৰথম দৃশ্য

 [ ছুটীয়াৰ ৰাজধানী সদিয়াৰ নামনিৰ অৰণ্য। ছুটীয়া ৰজা ধীৰনাৰায়ণৰ ৰাণী অহল্যা আৰু জীয়েক ৰেণুকা। অহল্যাই হেংদান ডাঙ্গি ৰেনুকাৰ ডিঙিলৈ টোঁ‌ৱাই আকৌ হেংদান দলিয়াই পেলাই ৰেণুকাক সাবট মাৰি ধৰে।]

 অহল্যা—হায়! মাতৃস্নেহ! ইমান যন্ত্ৰণা অথচ ইমান মমতা! এটা আঘাতত সকলো যন্ত্ৰণাৰ শেষ—তালৈকো হৃদয় ইমান দুৰ্ব্বল! ভগবান! ৰাজ-ৰাণীৰ কপালত যদি এনেকুৱা যন্ত্ৰণাকে লিখিছিলা তেনেহলে আকৌ সেই যন্ত্ৰণা সহিবলৈ হৃদয়ত শক্তি নিদিয়া কিয়? ভগবান! তুমি সঁচাকৈয়ে আছানে? আছা যদি,--তোমাতকৈ নিষ্ঠুৰ আৰু কোনোবা আছেনে?

 ৰেণু--আই, ক’ত? মোক নেকাটিলা?

 অহল্যা—[ ৰেণুক বুকুত সাবটি ধৰে।]

  আই মোৰ। ৰেণু মোৰ! উস্‌! [  ]

 ৰেণু—আই! নেকান্দিবা! কাটা আই মোক কাটি সকলো দুখৰ শেষ কৰা।
 অহল্যা—ৰেণু মোৰ! হে হেংদান তই--ল! তই ইয়াৰ একে ঘাপে মোৰ মূৰটো চিঙি পেলা। হোঁ‌ ল! এইয়া মই ডিঙি পাতিছোঁ‌! উঠ ৰেণু ল!
 ৰেণু--মই নোৱাৰোঁ আই। মই কেতিয়াও মানুহ কটা নাই। মোক কাটা আই। মইহে তোমাৰ গলগ্ৰহ হৈছোঁ‌ আই। মোক কাটা।
 অহল্যা—গলগ্ৰহ! ৰেণু!. ৰেণু! দহমাহ দহদিন জঠৰত ধৰি তোক গলগ্ৰহ তুলিছিলোঁ‌! হাঁ বিধাতা!

[ মুখ ঢাকি কান্দে ]



 ৰেণু—আই! কান্দিলে কি হব! এই কেদিন তো দিনে নিশাই সমানে কান্দি ফুৰিছা! তেওতো একো হোৱা নাই। নেকান্দিবা আই।
 অহল্যা—জানো আই কান্দিলে একো নহয়। ছুটীয়া ৰাজ্যৰ ৰাজকন্যা তই আৰু মই আছিলোঁ কালি তাৰ মহাৰাণী। কালি মোতকৈ সুখী এই পৃথিবীত কোনো নাছিল। আজি মোতকৈ দুখী পৃথিবীত কোনো নাই। আহোম ৰাজ্য কাঢ়ি নিলে তাত মোৰ একো দুখ নাই। স্বামীয়ে যুদ্ধ কৰিছিল-হাৰিল-ৰাজ্য গ’ল। অৰণ্যৰ মাজত মহাৰাজে সৈতে তিনটি প্ৰাণী গছ পাতৰ পঁজা সাজি মহাসুখে কাল নিয়ালোঁ‌হেতেন। ঈশ্বৰে মোৰ সেই আশাতো পানী

[  ]

ঢালিলে। নিষ্ঠুৰ আহোমৰ সৰ্ব্বস্ব অপহৰণ কৰিও শান্তি নহল! ধন জন ৰাজ্য সম্পদ মান সোণৰ সিংহাসন--সোণৰ হাতী--সোণৰ বিড়ালী--সোণৰ মাইহাং--ইমান বোৰ লুটি নিও আহোম ৰজাৰ ঈৰ্ষা পূৰ নহল! চৰাই-দেও মন্দিৰৰ খটখটিৰ তলত পুতিবলৈ মহাৰাজৰ আৰু কাছিতাৰাৰ কটা মূৰ নহলে আহোম ৰজাৰ ছুটীয়া ৰাজ্য জয় সম্পূৰ্ণ নহয়। উ! মহাৰাজ! স্বামী!
[ মূৰ্চ্ছা ]
 ৰেণু—আই! আই! কিহল! কিহল।
 অহল্যা—মহাৰাজৰ আৰু কাছিতাৰাৰ কটামূৰ পাই সিহঁতৰ জয়ধ্বনিত গৰ্ভিনীৰ গৰ্ভপাত হৈছিল। ৰাক্ষসহঁতক কিমান কাকুতি কৰিছিলোঁ মহাৰাজৰ পৰিবৰ্ত্তে মোৰ কটামূৰ আহোম ডাঙৰিয়ানী সকলক উপহাৰ দিবলৈ—কত মিনতি কৰিছিলোঁ—উস্। কি নিষ্ঠুৰ! একে আজোৰে মহাৰাজক মোৰ বুকু উদং কৰি লৈ গুছি গ'ল! চাইয়ে থাকিলোঁ! মোৰ এই মেলা চকুৰ আগতে—মোৰ মহাৰাজৰ ডিঙিত এটা মাথোন ৰেপ দি কটামূৰ লৈ গুছি গ'ল। ৰাক্ষসী মই চায়ে থাকিলোঁ—মহাৰাজৰ কেচা তেজেৰে গা ধুলোঁ—একো কৰিব নোৱাৰিলোঁ। উস্! কি ভীষণ সেই দৃশ্য! কি নিৰ্ম্মম সিহঁতৰ প্ৰাণ-নাৰী মই—শক্তি নাই! নহলে ইয়াৰ প্ৰতিশোধ! উস্ কোনে সেই নৰকীহঁতক ইয়াৰ প্ৰতিশোধ দিব! নৰকী আহোম ৰজা! যি যন্ত্ৰণা মোক দিছ এনেকুৱা শত যন্ত্ৰণা ভোগ কৰি মৰিবি! নিজৰ সন্তানে মাৰিব--

[  ]

নিজৰ মঙ্গহ নিজে কামুৰি খাই মৰিবি। উস্ আৰু যে সহিব নোৱাৰোঁ--নহয়। ৰেণু! এইবাৰ সাজু হ।
[ আকৌ হেংদান ডাঙ্গি লয় ]
 ৰেণু—মই সাজু আই। মই বাট চাইছোঁ কেতিয়া পিতাৰ ওচৰ পাওঁগৈ।
 অহল্যা—পাবি আই—ময় পামগৈ! ময়ো তঁহতক এৰি নেথাকো;
[ দা ডাঙ্গি আকৌ পেলাইদি ৰেণুক সাবটি ধৰে]
নাই! নোৱাৰোঁ।! নোৱাৰিলেও তো নহব। হৃদয়! এক মুহূৰ্ত্তৰ কাৰণে পাষাণ হ! কব নোৱাৰোঁ ইয়াৰ পিছ মুহুৰ্ত্তত আকৌ কি নতুন বিপদৰ মুখ দেখিব লাগে। আহ ৰেণু তোৰ চকু বান্ধি দিও। এই খিনিতে আঁঠুকাঢ়িবি--লৰচৰ নকৰিবি।
 [ অহল্যাই ৰেণুৰ চকু বান্ধি আঁঠুকঢ়ায় আৰু হেংদানেৰে ঢুকি পোৱা দূৰত নিজে আঁঠুকাঢ়ে আৰু নিজৰ চকু বান্ধি লয়]
 চকুৰে চাই নিজৰ সন্তানক—প্ৰাণৰ একেটি পুতলিক কোন সতে কাটিব পাৰিম। এয়ে উত্তম উপায়! আগেয়ে ৰেণুৰ শেষ কৰি পিছত নিজৰ শেষ কৰিম।
 [ হেংদান ডাঙ্গি ঘাপ মাৰিব থোজে আৰু আহোম সেনা লেহেতীয়া প্ৰবেশ কৰি ৰেণুকাক ডাঙি আঁতৰাই নিয়ে। অহল্যাই ঘাপ মাৰি পিছত নিজৰ বুকুত তৰোৱাল বহুৱাই পৰি যায় ]
 লেহেতীয়া—কি কৰিলে মহাৰাণী! কি কৰিলে। কিয় এনে সৰ্ব্বনাশ কৰিলে!

[  ]

 অহল্যা—কোন তুমি মোক মহাৰাণী বুলি মাতিলা?
 [ ৰেণুৱে চকুৰ বান্ধ মেলি মাকৰ ওচৰলৈ যায় আৰু অহল্যাৰ চকু বান্ধ লেহেতীয়াই মেলি দিয়ে ]
 ৰেণু—আই! আই! কি কৰিলা! মোৰ কি গতি কৰিলা আই!
[ মাকৰ ভৰিত পৰি কান্দে ]
 অহল্যা—তোক কাটিলোঁ বুলিয়েই নিশ্চিন্তে নিজৰ বুকুতো হংদান বহুৱাব পাৰিলোঁ। তোক দেওঘৰৰ দেৱতাই ৰক্ষা কৰিলে ৰেণু। মোৰ সময় চাপি আহিছে ৰেণু! কিন্তু বৰ দুঃখ তোৰ একো কৰি যাব নোৱাৰিলোঁ!
 লেহে--ঈশ্বৰে আপোনাৰ কন্যাক ৰক্ষা কৰিব মহাৰাণী! আপুনি নিশ্চিন্ত হওক আই! মোৰ দেহত এটোপো তেজ থাকে মানে আপোনাৰ কন্যাক ৰক্ষা কৰিম। আশীৰ্ব্বাদ কৰক আই!
 অহল্যা—চকুৰে এন্ধাৰ দেখিছোঁ। কিন্তু তথাপি অনুমান হৈছে তুমি আহোম। '
 লেহে—হয় আই। মই সামান্য এটি আহোম সেনা!
 অহল্যা—প্ৰবঞ্চক! মৰণতো মোক প্ৰবঞ্চনা কৰিবলৈ আহিছ! ৰেণু! আত্মহত্যা কৰ! আহোম সাপ! আহোম ৰাক্ষস! আহোমক বিশ্বাস নকৰিবি! আত্মহত্যা কৰ!
 লেহে—আই। আই! আহোমোতো মানুহ! মই আহোম সঁচা, কিন্তু মানুহ! ওপৰত সৰ্ব্বশক্তিমান ঈশ্বৰ তলত আপুনি জননী আছে, আপোনাক আগতলৈ আপোনাৰ পবিত্ৰ দেহ চুই, এই তৰোৱাল চুই, শপথ খাইছোঁ মই

[  ]

প্ৰতাৰক নহয়! মোক বিশ্বাস কৰক আই। আপোনাৰ কন্যাৰ আশ্ৰয় ভাৰ মোক দিয়ক—আশীৰ্বাদ কৰক।
 অহল্যা--বিশ্বাস কৰিলোঁ। কিন্তু, তোমাৰ ওপৰত মোৰ কন্যাৰ আশ্ৰয় ভাৰ দিয়াৰ আগতে এটা কথাত মোক প্ৰতিশ্ৰুতি দিব লাগিব, পাৰিবা?
 লেহে—আজ্ঞা কৰক।
 অহল্যা--মোৰ অন্তিমৰ অনুৰোধ! মোৰ যি এনেকুৱা অৱস্থা কৰিলে তাৰো এনেকুৱা অৱস্থা কৰিব লাগিব প্ৰতিশোধ! প্ৰতিশোধ! পাৰিবা? কোৱা, পাৰিবা?
 লেহে--বৰ ডাঙৰ সমস্যা!
 অহল্যা—ৰেণু! আত্মহত্যা কৰ! আত্মহত্যা কৰ!
 লেহে—মই প্ৰতিজ্ঞা কৰিছোঁ আই পাৰিম। মোৰ প্ৰথম কৰ্ত্তব্য আপোনাৰ কন্যাক ৰক্ষা কৰা—দ্বিতীয় প্ৰতিশোধ।
 অহল্যা—নিশ্চিন্ত হলোঁ। এইবাৰ নিশ্চিন্তে মৰিব পাৰিম ৰেণু! আই মোৰ! তোৰ অশ্ৰয়দাতা ঈশ্বৰে হাততে মিলাই দিলে। মনত ৰাখিবি আই মোৰ! যিমান দিন জীয়াই থাকিবি জীৱনৰ প্ৰধান কৰ্ত্তব্য পিতৃহন্তাৰ প্ৰতিশোধ! প্ৰতিশোধ। মোৰ আৰু সময় নাই। সেনানী! আশীৰ্ব্বাদ কৰিছোঁ তোমাৰ ব্ৰতত কৃতকাৰ্য্য হোৱা! ৰেণু। আই মোৰ! আহিলোঁ--কৰ্ত্তব্য—নে পা হ ৰি বি--প্ৰতি—শো--ধ-পি--তৃ--হ--ন্--তা--ৰ--প্ৰ-- তি--শো-ধ--স্বা--মী---
[ মৃত্যু।]

[  ]

 ৰেণু—আই--আই—মোক এৰি কলৈ গলা আই! মোৰ কি গতি কৰিল! আই—আই!
[ মাকৰ বুকুত মুখ লুকৱাই কালে।]
 লেহে—কি নিকৰুণ! উস্ এনে অৱস্থাও মানুহৰ হয়!

—পট পৰে।--
- - - -



দ্বিতীয় দৃশ্য


 [ খেণলুং বুঢ়া গোহাঞীৰ ভিতৰ কোঠা-বুঢ়া গোহাঞী অকলে ইফাল সিফাল কৰি থাকে। ]
 খেলুং--ৰজাক বিশ্বাস কৰাতকৈ সাপক বিশ্বাস কৰিবা! আজি তিনকুড়ি বছৰীয়া বুঢ়া হলোঁ। সংসাৰৰ ৰীতি নীতি কত দেখিলোঁ কত শুনিলোঁ! কিমান অত্যাচাৰ কিমান অবিচাৰ দেখিলোঁ। নিজৰ বুদ্ধিৰ বলেৰে মূৰৰ ওপৰৰ কিমান আসন্ন বিপদ ধুমুহাই কলামেঘ আঁতৰোৱা দি আঁতৰালোঁ তাৰ সীমা সংখ্যা নাই! এজনা এজনাকৈ চাৰিজনা স্বৰ্গদেওৰ চাউল খালোঁ। চুচেনফা দুৰ্ব্বল শান্তিপ্ৰিয়, বৃদ্ধ বয়সত মোৰেই হাতৰ পুতলা—মোৰেই বুদ্ধিত শান্তিৰে মৰিব

[  ]

পাৰিলে তাৰ পিছত চুহাণফা, দুৰ্ব্বল কামুক অত্যাচাৰী ৰজা! কন্যা বেচি শান্তি কিনিছিল! মোৰ এই কঠোৰ হাতেৰে ৰাজ্যৰ গুৰি নধৰা হলে কছাৰী আৰু টঙচু নগাৰ অত্যাচাৰত আহোম ৰাজ্য ছাৰখাৰ হ’লহেতেন! মোৰেই ইচ্ছাত লান‌্তৰুণ‌্‌বাণৰ হাতত অত্যাচাৰী ৰজাৰ শেষ হ’ল! দেশৰ মঙ্গলৰ হকে গুপ্তহত্যাৰো প্ৰশ্ৰয় লব লাগে! তাৰ পিছত চুপিমফা, সেই দুৰ্ব্বল অত্যাচাৰী বাপেকৰ নিষ্ঠুৰ অত্যাচাৰী ল’ৰা। দুদিনতে অত্যাচাৰত দেশ বিদ্ৰোহী হৈ উঠিল! কত নিৰপৰাধ পৰিয়াল শূলত দণ্ডিত হ’ল! কত হাবিয়ে বননীয়ে পলাই নিৰুদ্দেশ হ’ল, কতই ঘাতকৰ কুঠাৰৰ আঘাতত প্ৰাণ দিলে তাৰ সীমা সংখ্যা নাই। আহাহা! মনত পৰিলেও চকুপানী ওলায়! সাতমাহ গৰ্ভৱতী নিজৰে মাদৈ--মিছা সন্দেহত নগাক দিলে। অত্যাচাৰৰ প্ৰতিশোধ হাতে হাতে পালে। দুদিনতে আততায়ীৰ হাতত প্ৰাণ গ'ল, ৰাজ্যত শান্তি বিস্তাৰ হ’ল! আৰু এতিয়া চুহুম্মুঙ্গ! তোমাৰ মূৰৰ ওপৰেদিও এটা দুটাকৈ তিনটা ধুমুহা পাৰ হৈছে। আইতনীয়া, পানীনৰা, ছুটীয়া, এই তিনিখন ভীষণ ৰণত কোনোমতে গা সাৰি মূৰ ডাঙিছা। তাকে এই বৃদ্ধৰ বুদ্ধিৰ বলত। এই স্থবীৰ হাতেৰে অস্ত্ৰ নধৰা হলে এই আহোম ৰাজ্য ইমানদিনে ছুটীয়া ৰাজ্য ভুক্ত হ’লহেতেন!
 মোৰ স্বাৰ্থ কি? মোক ৰাজ্য নেলাগে! ধন নেলাগে। সম্পদ নেলাগে! কিয় মিছাতে ইমান বয়সতো ইমান কষ্ট কৰি মৰোঁ। ৰাজনীতি ক্ষেত্ৰত ন্যায়মতে সকলোকে সন্তুষ্ট

[  ]

ৰাখি কাম কৰা অসম্ভব! ৰাজনীতি কূটনীতি—ইয়াত ৰজা। সন্তুষ্ট হলে প্ৰজা অসন্তুষ্ট—আৰু প্ৰজা সন্তুষ্ট হলে ৰজা অসন্তুষ্ট। দুয়ো পক্ষ বজাই ৰাখি কাম কৰিব লাগে। পদে পদে নিজৰ মূৰৰ ওপৰত খৰ্গ পৰিবৰ আশঙ্কা! এনে কৰ্ত্তব্য অতি ভীষণ অতি কঠোৰ! তথাপি আজি ইমান দিন তাৰেই চৰ্চাত দেহা পাত কৰিছোঁ! একো লিপ্সা নাই একো তৃষ্ণা নাই! এক মাত্ৰ প্ৰাণৰ বাঞ্চা মোৰ—আহোম মই আহোম নামৰ সাৰ্থকতা কৰোঁ—আহোমৰ হিত কৰোঁ--আহোম কীৰ্ত্তি পৃথিৱীত চিৰস্থায়ী কৰোঁ—আহোম ৰাজ্য অসমত নিগাজী কৰোঁ। আহোম প্ৰতাপ পৃথিৱীত অক্ষুন্ন কৰোঁ।
 মোৰ সেই আশা ফলবতী হবনে? মোৰ অবিহনে কোনে মোৰ কান্ধৰ ভাৰ লব! যদি কোনোবাই পাৰে এই ভাৰ লব পাৰিব চাওফ্ৰাচেংমুং বৰগোহাঞী ডাঙৰীয়াই। ছুটীয়াৰ যুদ্ধত বুদ্ধিমত্তাৰ পৰিচয় পাইছে। কাছিতাৰাৰ কূটনীতিৰ আগত ঠাৱৰি ৰণজয় কৰাটোৱেই যথেষ্ট বুদ্ধিৰ পৰিচয়।

[ বেৰত আঁৰিথোৱা এখন সাচিপতীয়া নক্সা উলিয়ায় ]

 মই যেতিয়া বুঢ়াগোহাঞী হওঁ আহোম ৰাজ্য এই কণ! কোছ, কছাৰী, নগা, আইতনীয়া, ছুটীয়াৰ উপদ্ৰবত আহোম নাম পৃথিৱীৰ পৰা লুপ্ত হওঁ হওঁ অৱস্থাত। আজি একুড়ি ওঁঠৰ বছৰৰ ভিতৰত এই ৰাজ্য ইমান বিস্তৃত! ফুৰা! তাৰা! আলম! তোমালোকৰ উদ্দেশ্যে শত শত প্ৰণাম! যুদ্ধৰ উদ্দেশ্য সিদ্ধ কৰিছা যদি মনোবাঞ্চাও পূৰ্ণ কৰিবা। চুকাফাৰ
[ ১০ ]

নাম চুকাফাৰ কীৰ্ত্তি যেন লুপ্ত নহয়। আহোম নাম যেন পৃথিৱীত চিৰস্থায়ী হয়।

[ চিন্তাযুত ভাবে লাহে লাহে ওলাই যায় ]


—পট পৰে।—




তৃতীয় দৃশ্য
[ ৰজাৰ হাউলিৰ ভিতৰৰ বাগিছাত হেলা আৰু লিগিৰিবিলাক।
লিগিৰিবিলাকৰ কোনোৱে হেলাক ফুল পিন্ধায় কোনোৱে
মালা পিন্ধায় আৰু বেঢ়ি লই গীত গায় ]


থুপি থুপি তৰাবছা ওৰণী গুচাই—জোনেবাই
    কি দিলি বিলাই।
থুপি থুপি জাতি জুতি থুপি থুপি জাঁই--জোনেবাই
    মোহ গ'ল তোকে চাই!
[ এজনী লিগিৰিয়ে হেলাৰ মূৰৰ ওৰণী গুচাই দিয়ে ]
 হেলা—মোক তহঁতে বলিয়া কৰিবি।
 ১ম লিগিৰি—বলিয়া আমি কি কৰিম! কৰা জনে কৰিলে।
 হেলা—তহঁতৰ পৰা উপায় নাই! মই গুচি যাওঁগৈ যা, তহঁতেই থাক্।

[ ১১ ]

 ২য় লিঃ—যাবতো আইচুদেউতা! আমাৰ গুৰিত থাকি ভাল লাগিলেহে হৈছে। যাৰ গুৰিত থাকি ভাল লাগে তলৈহে যাব।
 হেলা—তহঁতক মই কেনিও বলে নোৱাৰোঁ।
 ১ম লি—আইচু দেউতা তেনেই নিশকতীয়া হ’ল। বল এটাইখিনি কোঁৱৰেই হৰিলে।
 হেলা—যাঃ এইজনী!
 ১ম লিঃ—আহহঁত যাওঁগৈ। আমি থাকিলে আইচু দেউতাৰ ভাল নেলাগে। কোঁৱৰক পঠিয়াই দিওঁগৈ।

[ লিগিৰিহঁত যাব খোজে ]

 হেলা—নেযাবি—নেযাবি-ৰবি!

 ২য় লিঃ--আকৌ বেলে যা, আকৌ বোলে নেষাবি-- আমিনো কোনটো কৰিম। অ’ ভালেই হৈছে, সৌৱা কোঁৱৰ এই পিনে আহিছেই। এতিয়া আমি যাওঁগৈ আহ!

[ লিগিৰিহঁত লুকায় আৰু চুক্লেন কোঁৱৰৰ প্ৰৱেশ ]

 চুক্লেন—হেল! তুমি ইয়াত অকলে আছা! মই যে ইমানপৰ তোমাকে গোটেই খনত বিচাৰি ফুৰিছোঁ!

 হেলা—অকলে থকা নাই লিগিৰিহঁতো আছিল, আপুনি অহা দেখি গুছি গ'ল!
 চুক্লেন—ভাল হ’ল। সিহঁততো সকলো সময়তে তোমাৰ লগত থাকে—আৰু মই যে তোক দিনটো দেখিবলৈকে নেপাওঁ হেলা।

[ ১২ ]

[ লিগিৰিহঁতে ভিতৰৰ পৰা গায় ]

  লাজুকী কুঁৱৰীৰ তনু ৰাঁই জাঁই

    ৰূপালী কাচলি পাই—জোনেবাই
     ৰূপালী কাচলি পাই।
 চুক্লেন--সিহঁত যোৱা নাই হেলা, ওচৰতে লুকাই আছে। সিহঁতেও তোমাক বৰ ভাল পায় হেলা! এখন্তকো চকুৰ আঁতৰ হব নিদিয়ে। আৰু নেপাবই নো কিয়—তুমি যেনেকুৱা সুন্দৰী কাৰ ভাল পাবৰ মন নেযাব!

[ লিগিৰিহঁতে আকৌ ভিতৰৰ পৰা গায় ]

  সাধোঁ ঐ সমাধি তোৰে ৰূপ কাচলিত

   মৰি জনম পাই—জোনেবাই
    মৰি জনম পাই।
 চুক্লেন--সিহঁতে তোমাক এনেকৈ জোকায়েই ৰং পায়। ৰবা হেলা, মই সিহঁতক ইয়ালৈকে মাতি আনো, ইয়াতে সিহঁতে গাওকহি।
 [ চুক্লেনৰ প্ৰস্থান আৰু লিগিৰিবিলাককলৈ পুনঃ প্ৰবেশ। হেলা আৰু চুক্লেন কোঁৱৰক বেঢ়িলৈ লিগিৰিহঁতৰ গীত।]
  থুপি থুপি তৰাবছা ওৰণী গুচাই—জোনেবাই
    কি দিলি বিলাই!
     ইত্যাদি।

--পট পৰে।--
- - - -

[ ১৩ ]
 

চতুৰ্থ দৃশ্য

[ নগা পৰ্ব্বতৰ নামনি। এখন জুৰিৰ দাঁতিত এটি সৰু পঁজা ঘৰ। চাঙৰ ওপৰত মৃত্যুশয্যাত নগা কুঁৱৰী।

ওচৰতে চেংলুং আৰু খুণবাও।]

 চেংলুং—এটোপা পানী খাবা আই।

 নগাকুঁৱৰী—পানী আৰু নেলাগে বাছা। মোৰ আৰু বেছিপৰ নাই। অলপ চাপি আহ বাছা।

 [ ডিঙিৰ হাৰ সোলোকাই চেংলুঙক পিন্ধাই দি সাবটি ধৰি মূৰত চুমা খায়।]

 ইমান দিন তোক কোৱা নাই বাছা। কোৱা নাই জানোছা কিবা কৰি পেলাৱ।

 চেংলুং—কি কোৱা নাই আই।

 নঃকুঃ--কোৱা নাই যে তই নগা নহৱ। খুণবাও তোৰ জন্মদাতা পিতা নহয়!

 চেংলুং--তেন্তে!

 নঃ কুঃ--তই ৰাজপুত্ৰ বাছা! মই অভাগীৰ কপাল দোষত আজি তই দৰিদ্ৰ পৰ্ব্বতীয়া নগা।

 চেংলুং--তেন্তেকি নগাহঁতে তোমাক বন্দী কৰি আনিছিল আই? ইমান দিন তেন্তে এই মহাশত্ৰুহঁতক আপোন বিশ্বাস কৰি আছোঁ। ইমান দিন তুমি কিয় কোৱা নাই আই! অসভ্য বৰ্ব্বৰ এই নগাহঁতে-[ ১৪ ]

 নঃ কুঃ—গালি নেপাৰিবি বাছা। অসভ্য হলেও নগাইহে সভ্য। বৰ্ব্বৰ হলেও নগাৰেহে ধৰ্ম্মজ্ঞান আছে। মোক নগাই বন্দী কৰি অনা নাই বাছা। নগাই মোক ৰাজৰাণীত কৈও সুখত হে ৰাখিছিল। মোৰ কৰণে সিহঁতে আহোমৰ লগত ৰণ দিবলৈ ওলাইছিল।
 খুণবাও--দেউতা, তুৰ ইমান কতা কেলে কইছে। তুৰ বেমাৰ বিচি অব। তুৰ নকৰি আমাৰ কপ।
 নঃ কুঃ--খুণবাও, কথা আৰু কি কম। কবলৈ শেষহৈ আহিল। মই আৰু যাওঁ খুণবাও! ইমান দিনৰ তোৰ মৰমৰ ধাৰ সুজিব নোৱাৰিলোঁ। পাৰোঁ যদি সি জন্মত সুজিম।
 খুণবাও—অঃ তুৰ কি দাৰ আছে অ দেউতা। তুকে অলে আমাৰ কিমান বাল পায়। তুৰ দুক পালে আমাৰ কানিব অমান দুক পায়। তুৰ চেংলুং পালে আমাৰ কিমান বাল পায়। তাৰ আবি কলে আমাৰ পিছে পিচে যায়। য়েইদিন তাৰ পালে পৰকি পাব যাইছে আমাৰ মনে মনে দেকি তাকিছে। ইমান ডানৰ বাক্ তাকে অলে দৰিব চুপিছে, আমাৰ দেকি পাই জাতি লকতে তাকে তাতে পুতিছে। তাকে আমাৰ কিমান বাল পায়।
 নঃ কু—মই গলেও চেংলুঙক ইমান মৰম কৰিবিনে খুণবাও! এই দৰেই ভাল পাবিনে?
 খুণবাও—অঃ কিয় নাপাম। য়েই দিন তুৰ তাকা নাই!

[ ১৫ ]

 নঃ কুঃ—নাই থকা। এতিয়াৰ পৰা যে একেবাৰেই নেথাকোঁ খুণবাও।
 খুণবাও—ক’ত যাপি দেউতা? আমাৰ অলে তুকে ক’তে যাপ নিদিয়ে!
 নঃ কুঃ—ৰাখিব পাৰিবি খুণবাও! ইতো আহোমৰ ৰাজ্য নহয় যে মোক যাব নিদিয়াকৈ ৰাখিবি। ইযে তই মই কোনেও নেদেখা ৰাজ্য—যলৈ গলে কোনো উভটি নাহে।
 খুণবাও—অঃ—
 চেংলুং—আই! ইমান কথা কৈ যে তোমাৰ উশাহ লোৱাত কষ্ট হৈছে। কথা নকবা আই!
 নঃ কুঃ—আজি কুড়ি বছৰে ইয়াতকৈ বেছি কষ্ট ভুগিছোঁ বাছা! যিদিনা তোৰ পিতাৰে মোক খেদি দিয়ে!
 চেংলুং—(উচপ্ খাই) খেদি দিয়ে!
 নঃ কুঃ—খেদি দিয়ে।
 চেংলুং-অপৰাধ! তোমাৰ অপৰাধ আই!
 নঃ কুঃ—অপৰাধ! [ কান্দি ] সন্দেহ! এই খুণবাওলৈ মোৰ আসক্তি বুলি সন্দেহ! বাছা মোৰ! পুত্ৰ মোৰ! ক বাছা যদি তোৰো সন্দেহ আছে!
 চেংলুং—আই! আই! [ দাঁত কামুৰি তল মূৰ কৰে ]
 নঃ কুঃ—এই ভয়তে ইমান দিন তোক কোৱা নাই বাছা, জানোছা তোৰা এই অভাগী মাকৰ ওপৰত সন্দেহ হয়। তেতিয়া যে মোৰ মৰণতে সুখ নোহাৱা হব। ক বাছা যদি সন্দেহ—

[ ১৬ ]

 চেংলুং—আই, আই মোৰ জিভা খহি যাব! সেই কথা ভবাৰ আগেয়ে মোৰ মূৰত বজ্ৰাঘাত হব!
 নঃ কুঃ—সেই দিনা তই মোৰ জঠৰত! সাত মাহ তোক ধাৰণ কৰিছোঁ! পৰ্ব্বতীয়া নগা নামিছিল। জীৱনত সেই দিনাই প্ৰথম নগা দেখিছিলোঁ! এবাৰ সোধা নাই (কান্দে) চুলিত ধৰি আনি এই খুণবাওক গতাই দিয়ে।
 চেংলুং—পিতা—পিতা! আই! আই! কোন সি ৰাক্ষস! তাক হত্যা কৰোঁতা নোলালনে?
 নঃ কুঃ—মহা পাপ! তেনে কথা উচ্চাৰণ কৰিব নেপায় বাছা! ৰাক্ষস হলেও সেয়ে তোৰ পিতা!
 চেংলুং—আততায়ী অত্যাচাৰীক বধ কৰিলে একো পাপ নহয় আই! পিতা হলেও সি ৰাক্ষস সি আততায়ী! কোৱা আই কোন সেই ৰাক্ষস! ক’ত সি পিশাচ।।
 নঃ কুঃ—ক’ম। তাৰ আগেয়ে শুন বাছা মোৰ কি হ’ল! হয়তো আৰু কবৰ সুযোগ নেপাম।
 চেংলুং—কোৱা—কোৱা আই। তাৰ পিছত।
 নঃ কুঃ—তাৰ পিছত মনত পৰে মূৰ ঘূৰাই পৰি গলোঁ। যেতিয়া চেতনা হয়, দেখোঁ এই পঁজাৰ ভিতৰত মাটিত শুই আছোঁ। আজি কুড়ি বছৰ এই পঁজাৰ তলত। বৰ গছৰ আশ্ৰয়ত থকাদি আজি কুড়ি বছৰ খুণবাওৰ আশ্ৰয়ত থাকি তোক ইমানটো কৰি তুলিছোঁ। ঘৰৰ মূধেদি জুৰি বৈ গৈছে সিও খুণবাওৰ অনুগ্ৰহত। তাৰ পিছত! তই তেতিয়া কেচুৱা! লুকু তেতিয়া হোৱা নাই। লুকুৰ বায়েকে তোক

[ ১৭ ]

কোলালৈ তোৰ কিমান অমনি সহি তোক ডাঙৰ কৰিছিল! আহা! বেচেৰীৰ কথা মনত পৰিলে বুকু ফাটি যাব খোজে! লুকুৰ মাক মৰা আজি চৈধ্য বছৰ, লুকুৰ বয়সো আজি চৈধ্য বছৰ। বেচেৰিয়ে লুকুকথৈ এই সংসাৰ এৰি গুচি গ'ল! লুকু হোৱাৰ বছেৰেকৰ আগতে লুকুৰ বায়েকক এদিন সৌ ঘাটতে সাপে খুটিয়ালে। খুণবাৱে কত বেজ আনিলে কত দৰব দিলে--বেচেৰী আৰু ভাল নহল! জীয়েকৰ সন্তাপ মাকেও বেছি দিন সহিব নেলাগিল! তেতিয়াৰে পৰা আমাৰ এই সংসাৰ খনিত খুণবাও, মই, তই আৰু লুকু—এই চাইটা প্ৰাণী। লুকু কলৈ গ'ল? লুকু! লুকু।
 খুণবাও--লুকু তই কাবলে মাত্ আনিব যাইছে। ইতিয়া আয়িব। তুৰ বেমাৰ উৱা দেকি লুকু কিমান দুক পাইছে! তাৰ কিমান মনে মনে কানিছে। দেউতা তুই উনকালে বাল্ অ’!
 নঃ কুঃ--মই আৰু ভাল নহওঁ খুণবাও! লুকুক আৰু চেংলুঙক তোক গতালোঁ! লুকু!
[ হাতত কেটামান মাছলৈ লুকুৰ প্ৰবেশ ]  লুকু—দেউতা! তই মুকে মাতিছ!
 নঃ কুঃ--মাতিছোঁ আই! তই ওচৰত থাকিলে যে মই সকলো দুখ পাহৰি থাকোঁ।
 লুকু--মই তই কাবলে মাত্ আনিব যাইছে দেউতা! তই কালি কোৱা নাই পৰয়ি কোৱা নাই তাৰ আক্‌দিন্ কোৱা নাই! নেকাই তাকি কেনে বাল অপি দেউতা!

[ ১৮ ]

 নঃ কুঃ—মই আৰু খাবো নোৱাৰোঁ লুকু। লুকু, মোৰ ওচৰলৈ আহ।
 [লুকুক ওচৰ চপাই লৈ ডিঙিৰ এধাৰ হাৰ সোলোকাই লুকুক পিন্ধাই দি মূৰত চুমা খায় ]
 মই যে যামগৈ লুকু! মই গলে তোৰ কাকাটিক মৰম কৰিবি লুকু?
 লুকু—তুৰ কুচি কলে মই কেনে তাকিম দেউতা!
[ কান্দে ]
 নঃ কুঃ--নেকান্দিবি লুকু। মই গলেগৈও তোৰ কাকাটি থাকিব--তোৰ বুবু থাকিব।
 লুকু—তই বাল অবি দেউতা!
 চেংলুং—আই! মোৰ পিতা।
 নঃ কুঃ—তোৰ পিতাৰ স্বৰ্গদেও চুপিমফা!
 খুণবাও—আক’ তাৰ নাম কৰিছ দেউতা। ইয়ে তুৰ ইমান দুক দিছে।
 চেংলুং--চুপিমফা! ৰাক্ষস পিতা মোৰ! বুবু! তাক তই কাটিব নোৱাৰিলি! যি মোৰ আইক ইমান দুক দিলে! ওৰে জীৱন তিল তিলকৈ পুৰি মাৰিলে!
 খুণবাও—অঃ, তাকে কাটিবনু কি কতা আছিলে! আমাৰ আটাই পৰ্পত নকাকিনি কোট কৰিছিলে—অঅম লকতে ৰণ দিলে অয়--দেউতা পালে আক্‌ দিলে—কিমান কানিলে! য়েইদেকিন্ আমাৰ আটাই নকা কেদি দিলে।দেউতা কতাকিনি আমাৰ পেলাপ নুৱাৰে। তাকে অলে

[ ১৯ ]

আমাৰ দেও অমান মানি আছে। তাৰ পালে পৰ্পত লৈ নিপ কুজিছে—আমাৰ আটাই মানু দেউতা পালে আনি দিছে নয়! ইআঁতি আটাই পালে দেও নিলে ইতিয়া লুকুয়ে অকল তাকিছে। লুকু দেউতা পালে কিমান মৰম পায়! তুৰ পালেও লুকু কুব মৰম পায় চেংলুং! দেউতা পালে আমাৰ ইমান দিন কাত্ আত্ দিয়া নাই নয়! অঅম পালে তাৰ কেদি দিয়া দিনতে তাত পৰা আমাৰ ওৰা পুকি আনিছে। ইয়াতে তৈছে। য়েই দিন এ আমাৰ নোৱাৰে দেকি দেউতা কাতে চুই পাইছে। য়েই দেকি আমাৰ পাপ অইছে-আমাৰ দুকি পালে আপ্ কাইছে আমাৰ গৰমাণু দেও নিছে।
 চেংলুং--বুবু। এতিয়া তহঁতৰ নগাই মোক সহায় কৰিবনে? মই আহোমৰ লগত ৰণ দিম। যি ৰাক্ষসে মোৰ আইৰ এনে দুৰ্গতি কৰিছে তাক তিলতিলকৈ কাটি মোৰ আইৰ এই যন্ত্ৰণাৰ প্ৰতিশোধ লম।
 নঃ কুঁৱৰী--বাছা মোৰ তেনে কথা মুখতো নানিবি! মহাপাপ হব!
 চেংলুং--মহাপাপ! পাপীক শাস্তি দিলে মহাপাপ! ই আকৌ ক'ৰ বিধান আই। বুবু?
 খুণবাও—চেংলুং! তুৰ লকতে দেউতা লকতে আটাই পৰ্পত নকা মৰিপ আয়িব! আটাই মানু ৰণ দিব। ইতিয়া আৰু য়েই ৰণ নালাকে চেংলুং! তাৰ পালে তুৰ যিমান কং চেংলুং আমাৰ ইমান কং! ইমান দিন কাৰ পালে কোৱা নাই!

[ ২০ ]

দেউতা পালে মন দুক অব বাবি কোৱা নাই। কিমান দিন কম্ ক’ম্ এই বাবি পেটত লুকাই ৰাকিছে। আজি তুৰ কং দেকি পাইছে! আজি ক’ম্! দেউতা পালে কেদি দিয়া ৰজাটোকে কাটিব না পায় আমাৰ কিমান দিন ওৱা নাই কোৱা নাই—একু নাই। দেউতা পালে জানি পালে কিয়ানি কং অব কিয়ানি বেজাৰ অব য়েই দেকি এদিন মনে মনে তাকে কাটিম বুলি যাইছে! তাতে উনি পালে কোলমাল। আমাৰ কাটিব নেলাকিলে চেংলুং, তাকে তাৰ মন্ত্ৰী পালে বিকয়া পালে কাটি তলে।
 নঃ কুঃ--উস্--কি কলি খুণবাও! স্বৰ্গদেও নাই। উস্ স্বা--মী–-গু--ৰু চৰণ--তল—ত-ঠা--ই দি--বা--(মৃত্যু)
 চেংলুং--আই! আই।
[ মাকৰ ভৰিৰ মাজত মুখ লুকাই কান্দে ]
 লুকু--দেউতা--দেউতা।
[ নগাকুঁৱৰীৰ গাত পৰি কান্দে ]
 খুণবাও—অঃ আমাৰয়ে দেউতা পালে মাৰিলে! দেউতা বাল আছিলে—আমাৰ এই কতা নকলে দেউতা বাল তাকিলে অয়! চেংলুং! চেংলুং! অউ জাতি ল! মুৰ বুকুতে বউৱা—দে—দে দেউতা পালে আমাৰএ মাৰিছে। উ-- কি কৰিলে আমাৰ কি কৰিলে।
[ বুকুত ভুকুৱাই কান্দে]
 চেংনুং--আই! অভাগিনী আই মোৰ! গলা! ৰাক্ষস স্বামীতো ইমান ভক্তি তোমাৰ আই! পিতা! পিতা-

[ ২১ ]

পত্নীঘাতী অবিচাৰী--অত্যাচাৰী দানব পিতা মোৰ! যতে আছ ত’ৰে পৰা এবাৰ চাই যোৱাহি তোমাৰ নিৰ্যাতীতা অত্যাচাৰ পিড়ীতা--পত্নীৰ পতিভক্তি! [ কান্দে] উস্! আই মোৰ! নহয়—কান্দিলে নহয় চকুলো টুকিলে নহয়—এবাৰ দেখুৱাম! দেখুৱাম জগতবাসীক—অবিবেকী—অত্যাচাৰী পিতাৰ কীৰ্ত্তি! দেখুৱাম পিতাৰ অবিবেকী কাৰ্য্যৰ অনুমোদনকাৰীহঁতক সিহঁতৰ অত্যাচাৰৰ পৰিণাম। যি জাতিৰ ইমান অবিচাৰ নিৰপৰাধীৰ ওপৰত এনে অত্যাচাৰ--নাৰী জাতিৰ প্ৰতি এনে নৃশংস ব্যৱহাৰ--ধংস হব, সেই জাতি অচিৰে ধবংস হব। যাম! বুবু! মই যাম!
 খুণবাও--কত, যাপি চেংলুং!
 চেংলুং--আইকলৈ এবাৰ আহোমৰ ৰাজসভালৈ যাম!
 খুণবাও--দেউতা পালে লৈ নিবি! আমাৰ যাম চেংলুং!
 চেংলুং--তই যাব নেলাগে বুবু। লুকু কেনেকৈ অকলে থাকিব!
 লুকু—আমাৰ যাম কাকাটি!
 চেংলুং—তই কেনেকৈ যাবি লুকু! বহুত দূৰ বাট!
 লুকু—তুৰ যাপ পাৰিব কাকাটি আমাৰ পাৰিব। তুৰ কুচি কলে--দেউতা পালে লৈ নিলে আমাৰ কেনে তাকিম কাকাটি! আমাৰ পালে নিবি কাকাটি আমাৰ যাব।
 চেলুং—তই নেলাগে যাব সোণটি। বুবু থাকিব-- তয়ো থাকিবি। মই তাইক লৈ যাম। আকৌ সোনকালে গুচি আহিম।

[ ২২ ]

 খুণবাও—তুৰ অকল্ অকল্ কেনে যাবি চেংলুং তুৰ বউত দুক্ পাবি। আমাৰ যাব--লুকু যাব আটাই লক্ লক্ যাম চেংলুং!
 চেংলুং--নালাগে বুবু, মই অকলে যাব পাৰিম। মোক লগ নেলাগে। আইৰ কাৰণে তই ইমান দুক কৰিছ; অলপ যদি মোৰ দুক হয় হওক। লুকুক নিলে বৰ দুক পাব। তই থাক বুবু, তেতিয়া লুকুক এৰি যাব পাৰিম।
 খুণবাও--দেউতা কলে তুৰ কলেকৈ আমাৰ কেনে তাকিম চেলুং! উ! কেনে তাকিম চেংলুং? [ কান্দে ]
 লুকু—তুৰ কানিলে কাকাটিও কানে বুবু। নাকানিবি বুবু। কাকাটি নাকানিবি!
 চেংলুং--[ চকুপানী মছি ] নেকান্দো সোণটি। তই বুবুক চাবি। মই সোনকালে আহিমগৈ লুকু!
 লুকু--ওণকালে আয়িপি কাকাটি?
 চেংলুং--সোনকালে আহিম সোণটি। মই যে তোক এৰি সৰহ দিন থাকিব নোৱাৰোঁ।
 খুণবাও—লুকু। মুৰ ইঙ্গা আন্। মই তুৰ কাকাটি লক্ যাব নকা দিম।
 চেংলুং--নেলাগে বুবু। মই অকলে যাব পাৰিম।
[ মাকক ডিঙিত একতীয়াকৈ তুলি লয় ]
 যাওঁ লুকু। যাওঁ বুবু। লুকু মোৰ জাঠি!
[লুকুৱে চেলুঙক জাঠি আৰু বাপেকক শিঙা আনি দিয়েহি ]

[ ২৩ ]

 খুণবাও--অঃ চেংলুং! চেংলুং! নয় যা চেংলুং! দেউতা! আজি আক’ তুৰ বৰি চুঁও দেউতাঁ
[ খুণবাও লুকু দুয়ো নগাকুঁৱৰীৰ ভৰি চুই সেৱা কৰে ]
[ চেলুং মাককলৈ গুচি যায়। খুণবাও আৰু লুকুৱে বহুত পৰ চাই থাকে। খুণবাৱে শিঙাত ফুদিয়ে আৰু কেটামান নগাৰ প্ৰবেশ ]
 চেংলুং অসম্ অবা যাইছে! দেউতা পালে লৈনিছে তঁঅতি লক্ আটাই নককিনি ইতিয়া ওলাবি—চেংলুং লক্ লক্ বৈয়াম যাবি। তঁঅতি অআ কত তাৰ লক্ যুৱা কতা তাৰ উনি পাব নালাকে। লক্ লক্ যাবি দেকি তাকিবি তাৰ একু দুক অপ নিদিবি। অসম পালে যতি তাৰ কিবা দুক দিয়ে দেকিপি—অসম লকতে ৰণ দিপি। মুকে কপৰ্, দিপি। যা ইতিয়া যাবি--চেলুং কিয়ানি বউ দূৰ কলে।
[ নগাবোৰৰ প্ৰস্থান ]
 লুকু! কানিছ! নাকানিবি লুকু তই কানিলে চেংলুং কিয়ানি বাটতে দুক পাব! নাকানিবি!
 লুকু—নাকানু বুবু। কাকাটি ওণকাল আয়িব বুবু? অসম গৰ—কিমান দূৰ তাকিছে বুবু?
 খুণবাও--দূৰ অলে আছে লুকু! তেও তাৰ অলে ওণকালে আয়িব।

-আঁৰ কাপোৰ-
- - - -

[ ২৪ ]
 

পঞ্চম দৃশ্য

লেহেতীয়াৰ ঘৰ।

 [ ৰেণুকাই তৰোৱাল ঘূৰোৱা অভ্যাস কৰি থাকে। তাৰ পিছত তৰোৱাল আৰি থৈ গীত গায় ]

   দিনে দিন দিনে দিন সাৰে বেলা।
     মিছা মোৰ আশা খেলা—
   মৰোঁ যেন আই বজ্ৰ হাণি
     সাধনাৰ মোৰ হলে গ্লানি
      যদি তোমাৰ মৰণ বাণী
       নমৰি-নমৰি-নমৰি-কৰোঁ হেলা!

[ গীত চলি থাকোঁতেই লাহে লাহে লেহেতীয়াৰ প্ৰবেশ ]


 লেহে—কি দুখত এনে বেজাৰ লগা গীত গাৱ আই। কিয় গাৱ? তোৰ এনেকুৱা গীত শুনিলে মোৰ যে নিজৰ কলিজা নিজে কামুৰি খাবৰ ইচ্ছা হয়। এনেহে লাগে যেন শিলত মূৰ আফালি মৰোঁ।

 ৰেণু--তেন্তে আজিৰ পৰা এনে গীত আৰু নেগাওঁ ককাই। কেতিয়াবা মন বেয়া লাগিলে যদি গায়ে তেন্তে তোমাক শুনাই নেগাওঁ।

 লেহে--নহয় গাবি আই। মোক শুনায়ে গাবি। মোক তোৰ এনেকুৱা গীতে মোৰ কৰ্তব্যলৈ উদগণি দিব। মোৰ আচল কৰ্তব্যলৈ যদি ভুলতে কেতিয়াবা আওহেলা হয়, তেন্তে তোৰ গীতে মোক সোৱঁৰাই দিব। তোৰ অন্তৰত যি দুখ আই, তাৰ শতগুণ দুখ মোৰ এই কলিজাত। [ ২৫ ]

আজিও যে জীয়াই আছোঁ। হয়তো তোৰ এই মুখখনি চাই আৰু তোৰ মাকৰ সেই অন্তিমৰ আজ্ঞা আষাৰ পালন কৰিবলৈ।
 ৰেণু—তোমাৰ কি ইমান দুখ ককাই? মোৰ বৰ বেজাৰ লাগে যে মোক লৈয়েহে তোমাৰ যত দুখ। মই নোহোৱা হলে তুমি য’তে ত’তে যেনে ভাবে মন যায় অকলশৰে ফুৰিলাহেতেন। একো চিন্তা নেথাকিলহেতেন।
 লেহে--তোৰ কাৰণে দুখ আই! তোৰ কাৰণে মই যে স্বৰ্গ সুখ পাই আছোঁ। তোৰ মুখ চাই মই বুকুৰ যি পোৰণি সহি আছোঁ। তই কি বুজিবি আই? তোৰ মুখকে চাই আজিও এই ৰাক্ষসহঁতৰ চাকৰি কৰোঁ। এমুঠি পেটৰ ভাতৰ কাৰণে আজিও ৰাক্ষসৰ ঘৰৰ লিগিৰা। কি বুজিবি আই, কি জুই এই বুকুত দিনে নিশাই জ্বলিব লাগিছে।
 ৰেণু—তোমাৰ কি ইমান দুখ মোক কিয় ইমান দিনে কোৱা নাই ককাই? মই কিজানি তাৰ অলপমাননা তোমাক পাহৰাই ৰাকিব পাৰিলোঁহেতেন।
 লেহে—বহুত পাহৰাই ৰাখিছ আই। তোক এতদিনে কোৱা নাই জানোছা তয়ো ভাগৰ ভাগী হৱ। তোৰ দুখ পাতলাওঁ চাৰি কিজানি বঢ়াওঁ এই আশঙ্কাতে তোক কোৱা নাই ৰেণু। আই মোৰ, ইহঁত ৰাক্ষস। উস্। কবলৈকো বুকু ফাটি যাব খোজে। একেটা লৰা--মোৰ ককাইৰ-- সৰুতে মাউৰা সি--তুলি লৈছিলো—নিজৰ পেটৰ পোৱালিটিৰ--দৰে। সিয়েই আছিল মোৰ পো, মোৰ বুকুৰ কলিজা।

[ ২৬ ]

পূৰ্ণিমাৰ জোন যেন মোৰ বোপাই! ইমান দিনে তোৰ দৰে এখানি প্ৰতিমা—মই বোৱাৰী পালোঁহেতেন। তেতিয়া মোৰ বোপায়ে কাছুটি পিন্ধিছে মাথোন! উস! মোৰ তেনে লৰা—মোৰ বুকুৰ কলিজা আজুৰি চিঙি লৈগৈ জীয়াই জীয়াই মৈদামত পুতি থলে। ৰজাৰ কোঁৱৰ মৰিল—লগত উমলিবলৈ মোৰ বোপাইক লিগিৰ দিলে। এনেকুৱা ৰাক্ষস ইহঁত! তথাপি সিহঁতৰে যেনি তেনি জয় জয় ময় ময়। মোক যি বেজাৰ ৰাক্ষসহঁতে দিলে তেনে বেজাৰ যেন সিহঁতেও পায়। তাৰে চেগ্ বিচাৰি ফুৰিছোঁ আজি সোতৰ বছৰ। সেই বাঞ্ছা দুগুণে বাঢ়িল সেইদিনা—যিদিনা তোক দহ বছৰীয়া এখুদমান ছোৱালী ৰাক্ষসৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ মাৰে কাটিবলৈ দা ডাঙি লৈছিল। তোৰ মাৰৰ মৰিবৰ সময়ৰ সেই অজ্ঞাকে সাৰোগত কৰি আজিও এই দেহ ৰাখিছোঁ। সেই দিনাৰ পৰাও চাওঁতে চাওঁতে পাঁচ বছৰ উকলি গ'ল। এখুদমান ছোৱালী তই এতিয়া গাভৰু হলিহি। মই কিন্তু একো কৰিব নোৱাৰিলোঁ। যেনি গৈছোঁ য’তে চেষ্টা কৰিছোঁ ব্যৰ্থ হৈছোঁ। কোছ, কছাৰী, জয়ন্তী, আইতনীয়া, পানীনৰা এটাইৰে ওচৰলৈ গলো, এটাইকে আহোমৰ নিষ্ঠুৰ অত্যাচাৰৰ কথা কলোঁ,— এটাইকে আহোমৰ ভিতৰুৱাল অৱস্থাৰ কথা কৈ আক্ৰমণ কৰিলে সকলো ৰকমৰ সহায় দিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। কোনেও আহোমৰ লগত যুঁজিবলৈ সাহ নকৰিলে। এতিয়া কি কৰোঁ। [ ২৭ ]

 ৰেণু--মই এটা উপায় দেখিছোঁ ককাই।
 লেহে—উপায়। কি উপায় আই?
 ৰেণু--মোক ৰজাৰ কাৰেঙত লিগিৰি সুমাই দিয়া ককাই; তাৰ পিছত চাই থাকা মই কি কৰোঁ।
 লেহে--কাৰেঙৰ লিগিৰি! কেচা সোণ মোৰ, তোক মই জিয়া জুইত পেলাই দিম। এনে কথা সপোনতে নেভাবিবি আই। সিহঁতৰ কাৰেং! তাত ছাগে বাঘে একে ঘাটে পানী খায়। তোৰ এই সোণৰ প্ৰতিমা সিহঁতৰ চকুত পৰিলে—
 ৰেণু—মোকে তাকে লাগে ককাই। মই সিহঁতৰ কাৰেঙত সোণ-গুই সোমাম। তিল তিলকৈ ৰজা ৰাজ-কোঁৱৰ সকলো ভস্ম কৰিম।
 লেহে—কিন্তু
 ৰেণু—ইয়াত কিন্তু নাই ককাই। তুমি ভাবিছা মোৰ এই ৰূপ যৌৱনৰ কথা। তাৰ অন্ত্ৰ মোৰ আছে ককাই।
(হাতৰ হীৰাৰ আঙঠি আৰু ককালৰ কটাৰী দেখুৱায়)
 যদি আইৰ অন্তিমৰ এআষাৰ কথা ৰাখিব নোৱাৰোঁ মোৰ এই ৰূপ এই যৌৱনেই বা কিয়? এই ৰূপ—এই যৌৱনেই মোৰ অস্ত্ৰ ককাই। ইয়াৰ সহায়েৰেই মই মোৰ পিতৃহত্যা মাতৃহত্যাৰ প্ৰতিশোধ লম। মোক লিগিৰি সুমাই দিয়া ককাই। বাহিৰত তুমি সহায় থাকিবা। ভিতৰত থাকি মোৰ কাম মই কৰি থাকিম।
 লেহে—পাৰিবি?

[ ২৮ ]

 ৰেণু--পাৰিম।
 লেহে—যদি প্ৰলোভনত পৰি কৰ্ত্তব্য পাহৰি যাৱ।
 ৰেণু--ৰাক্ষসীৰ তৃষ্ণা--দানবীৰ হিংসা--পিশাচীৰ ক্ৰোধ--প্ৰেতিনীৰ অন্তৰৰ আবৰ্জ্জনাৰে মোৰ অন্তৰ পৰিপূৰ্ণ, মোৰ লক্ষ্য এক! পিতৃহত্যা মাতৃহত্যাৰ প্ৰতিশোধ! বিলাসিতাৰ প্ৰলোভনে মোক কেতিয়াও কৰ্ত্তব্য পাহৰাব নোৱাৰে।
 লেহে--বেছ কথা। যদি পাৰ মই তোক বাধা নিদিওঁ আই, বৰং সকলো পিনে সহায় কৰিম। কাৰেঙৰ আন আন লিগিৰিৰ দৰে তই বহতীয়া হব নেলাগে। তই মোৰ তোলনীয়া জী বুলি পৰিচয় দিবি। দিনটোত তোক মই এবাৰ যেনে তেনে লগ পাব লাগিব। কেতিয়াবা হয়তো তোৰ কামত মই সহায় হব পাৰিম আৰু কেতিয়াবা মোকো তই কোনো কামত সহায় কৰিব পাৰিবি। ময়ো এটা শেষ চেষ্টা কৰি চাওঁ। ৰঙামাটিৰ নৱাবৰ ওচৰলৈ গৈ এবাৰ কান্দি কাটি চাওঁগৈ। যদি নৱাবক ঘূৰাব পাৰোঁ, আমাৰ কাৰ্য্য নিশ্চয় সিদ্ধ হব। ভাবিছিলোঁ। তোকে লই যাম। হয়তো তোক দেখি তোৰ দুখৰ বিৱৰণ শুনিলে নৱাবৰ মন কোমল হলেও হব পাৰে। যদি কৃতকাৰ্য্য হওঁ তেতিয়া কাৰেঙত থাকি তয়ো আমাক যথেষ্ট সহায় কৰিব পাৰিবি। ৰঙামাটিৰ পৰা ঘূৰি আহিও তোক লিগিৰি সুমাই দিবহি পাৰিম।
 ৰেণু--তেনে সেয়ে ভাল ককাই। যাব লাগিব কেতিয়া?
 লেহে—আজি ৰাতিয়েই। দিখৌত চৰানাও বন্ধা

[ ২৯ ]

আছে ভটিয়নী পানীত কাঁড় যোৱাদি যাব। তিন দিনত ৰঙামাটি পামগৈ। তেন্তে সাজু হ ৰেণু—মই আহোঁ।

[ দুয়োৰে প্ৰস্থান ]

--পটপৰে--
- - - -

ষষ্ঠ দৃশ্য
[ দিখৌ পাৰৰ পথাৰ। এজাক গৰখীয়া লৰা]

গীত

 মাঘি--ধৰ ধৰ কলীয়া কলৈ পলায়!
 পালিবোৰে--ধৰ ধৰ•••
 মাঘি- (এই) নধৰিবি নধৰিবি ৰেধাৰ কেনাই।
 পালি—নধৰিবি-
 মাঘি—হেন শুনি জাম্বৱন্ত--
 পালি--ধৰ ধৰ কলীয়া
 মাঘি--বেঙেনা বাৰী সোমালন্ত--
 পালি--ধৰ ধৰ কলীয়া--
 মাঘি—(এই) কলিয়ে কুলাই চিঙিলন্ত গছক ভিড়াই।
 পালি--নধৰিবি নধৰিবি ৰেধাৰ কেনাই--ধৰ ধৰ কলীয়া কলৈ পালায়।
 মাঘি--(এই) একে পাট চৰে বালী--
 পালি—ধৰ ধৰ কলীয়া--
 মাঘি--(এই) ঘৰামুটি খাই পৰিলন্ত--

[ ৩০ ]

 পালি--ধৰ ধৰ কলীয়া--
 মাঘি—(এই) আকাশত মাৰিলন্ত গলত চেপি ধৰি--
 পালি--নধৰিবি নধৰিবি ৰেধাৰ কেনাই—ধৰ ধৰ কলীয়া কলৈ পলায়।
 মাঘি—নেৰায়ণ ও হৰি ঔ হৰি গোবিন্দাই ৰাম--
 পালি-নেৰায়ণ ও হৰি :
 মাঘি—প্ৰথমে প্ৰণামম ব্ৰহ্মা ৰূপিসনাতন
  কৃষ্ণৰ চৰিত্ৰ ইটো শুনা সৰ্বজন--নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি--একদিন ভীমে খৰি পুৰিবাক গৈলা
  কদম্বৰ পৰা হাঁসি কৃষ্ণে বস্তু দিলা—নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি—শুন্ধে মেৰাই পদ্মগোট ওপৰক তুলি
  ইন্দ্ৰক থাপিলা ছলে বলীক নিকালি--নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি—হেনকালে আসিলেক ঋষি একজন
  ভীমে বোলে কৈক যাস কোথেৰ দুৰ্জ্জন—নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি—আহিনত সাত লাগে ভৰ বাৰিষাৰ
  কাতিত জানিবা তিথি মহা পুৰুষৰ নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি--কলি কালে মতা মাইকী হুইবা একমতি
  তেবেসে সিজিব জানা হৰিত ভকতি।—নেৰায়ণ
 পালি—ঔ হৰি ঔ হৰি গোবিন্দাই ৰাম।
 মাঘি—হাঁ হৰি এহে---

[ ৩১ ]

 পালি--হাঁ হৰি এহে--
 মাঘি—এক দুই তিনি চাৰি,
 পালি-হাঁ হৰি এ হে
 মাঘি—ডাকি বোলা হৰি হৰি।
 পালি— হৰি এহে--
 মাঘি--ঔ হৰি ঔ ৰাম জয়।
 মেমেৰা—হেৰ’ পাই মাঘি। তই আৰু গায়েনেই হলি।
  তোৰ নাম দিয়া পাই বাটৰ মানুহেও ৰ লাগি
  শুনি যায়।
 মাঘি--ঈশ্বৰৰ নাম কোনেননা শুনি বেয়া পাব। পিছে যেনিবা তালজোৰ হব লাগে ভাল গা উঠি আহে নহয়। চাওঁ হেৰ মেমেৰা, নাম দি ভাগৰ লাগিল ঐ বোপাই কৰবাত তামোল চালি আছিলনে চাচোন?
 মেমেৰা--জানো কাতিয়াৰ জোলোঙাত আছেনে নাই? আছে নে অ’ কাতিয়া?
 কাতিয়া—থাকিব পায় হবল চাওঁচোন। পিছে গোটেই মাখে হাত নেমেলিবি--
    [ টোপোলা মেলে।]
 মাঘি--দে পাই দে ধৰ্ম্ম হব তেও।
 শলিয়া—আমিনো কি শালৰ মাজত শিঙি সোমালোঁ ঐ আমিনো ভাগ পাব নেপাওঁনে!
 মেমেৰা—হোঁ, পাই হোঁ, দুয়ো ভাগ বাটি খাওঁ। এশ ঋষিয়ে তিলটোকে বাঁটি খাইছিল।

[ ৩২ ]

 কাতিয়া—শলিয়া অ, ঢলটোত সেই নেউল নাচৰ চেওটো মাৰচোন। গাটো মোৰ তিনি নাচ কৰি আহে বোপাই। মাৰ চোন মাৰ।।
 শলিয়—নাচহঁত আকৌ তেহে মাৰিবলৈ ভাল।
  [ শলিয়াই ঢোলত নেউলনাচৰ চেও মাৰে গৰখীয়া বোৰে নাচে ]
 মেমেৰা—হেৰ আজি নগাবোৰ নামিছে। চাবলৈ নেযাৱ নে?
 মাঘি—কিনো চাবি ঐ। যিহে সিহঁতৰ গাৰ ভেলেকা ভেলেক্ গোন্ধ্। মই যে ওচৰ সীমায়েই যাব নোৱাৰোঁ।
 কাতিয়া—অত নগাবোৰ কিয় নামিছে কব পাৰনে মেমেৰা? পৰুৱাৰ লানি লগাদি অত নগা কিয় নামিছে কবই নোৱাৰি।
 মেমেৰা--বল হঁত দে সোনকালে গৰু মেলি সিহঁতকে চাওঁগৈচোন ব’ল।
 মাঘি--বলক বাৰু।

[ সকলোৰে প্ৰস্থান ]

—পট পৰে--

- - - -
[ ৩৩ ]
 
সপ্তম দৃশ্য
 
আহোম ৰাজসভা
 

 [স্বৰ্গদেও চুহুম্মুং সিংহাসনত বহি থাকে। দুজনী লিগিৰিয়ে চোঁৱবেৰে বিছি থাকে। সমুখত শৰাই, পিকদান। সিংহাসনৰ দুফালে দুটা গা-চোৱা। সোৱে বোঁৱে বুঢ়া গোহাঞী, বৰগোহাজ্ঞী, সলাল গোহাজ্ঞী, বৰবৰুৱা, বিষয়া, সভাসদ সকল কোনো বহি কোনো আঁঠুলে থাকে]

 চুহুম্মুং— ডাঙৰীয়া সকল! অপোনাসকলৰ অনুগ্ৰহতে, বিশেষ কৈ বহুদৰ্শী বুড়া গোহাঞী ডাগৰীয়াৰ অনুগ্ৰহতে আজিৰ আহোম ৰাজ্য ইমান বিস্তীৰ্ণ আৰু আজি এই ৰাজ্য ইমান নিষ্কণ্টক! প্ৰজাবিলাক শান্তিত!

 সকলোৱে— সজ! সজ!

 চুহু— আপোনাসকলৰ প্ৰাণপাত পৰিশ্ৰমৰ ফলতে মই আজি নিৰ্ব্বিবাদে এই সিংহাসন অধিকাৰ কৰি বহি আছোঁ। বিচক্ষণ বুঢ়া গোহাী ডাঙৰীয়াৰ বুদ্ধিৰ বলতেই আজি আহোমৰ চিৰশত্ৰু পৰাক্ৰমী ছুটীয়া ৰাজ্য আহোমৰ পদানত। দৰাচলতে এআষাৰ কথা সোধোঁ বৰবৰুৱা, সদিয়াখোৱা গোঁহাই দেৱে কেনেৰূপে ত’ৰ কাৰ্য্যকলাপ চলাইছে? কৰ কাটল ঠিক নিৰিখ মতে জোগান দিব পাৰিছেনে?

 বৰবৰুৱা — পাৰিছে স্বৰ্গদেও ঈশ্বৰ। সদিয়াখোৱা গোঁহাইদেওৰ কাৰ্য্য অতি সুচাৰুৰূপে চলিছে।

 চুহু — আইতনীয়া, পানীনৰা আৰু টঙ্গচু নগাহঁতেও কৰ কাটল নিৰিখ মতে জোগান দি আছেনে? [ ৩৪ ]

 বৰবৰুৱা--কৰ কাটল জোগান দিয়াত কাৰো একো ব্যতিক্ৰম হোৱা নাই স্বৰ্গদেও ঈশ্বৰ।
 সকলোৱে--সজ! সজ!
 খেনলুং--স্বৰ্গদেৱে যে এই বৃদ্ধক এনেয়ে বখানিছে। বুঢ়া শৰীৰৰ যি কণ শক্তি আছে স্বৰ্গদেওৰ কাৰণে, মোৰ এই জন্মভূমিৰ কাৰণে উচৰ্গা কৰিব পাৰিলেই মোৰ জীৱন ধন্য। উঠি অহা কৰ্ম্মী ডাঙৰীয়া সকলকহে বখানিব লাগে। সিবিলাকৰ চেষ্টা সিবিলাকৰ উদ্যোগ উদ্যমৰ ওপৰত হে এই আহোম ৰাজ্যৰ ভবিষ্যত নিৰ্ভৰ কৰিছে।
 চাওফ্ৰাচেং--বুঢ়া গোহাঞ্চী ডাঙৰীয়াই যি কৈছে অতি সজ। কিন্তু দহো আঙ্গুলীয়ে খায় বুঢ়াই হেঁচুকিলেহে যায় বুলি কথাতে কয়। ডাঙৰীয়াই যদি গঢ়ি পিটি পোণাই পাঁজৰাই নিদিয়ে ডেকাহঁতেনো বাট বুলে কেনেকৈ?
 সলাল গোঁহাই--সজ কৈছে ডাঙৰীয়া। গুৰি ধৰা সকলে দিহা দিব লাগে আমি আগত দাঁড় ধৰিম। যদি স্বৰ্গদেওৰ হকে দেহা দিব লাগে অকাতৰে দিমহঁক।
 খেনলুং--এতিয়া ৰাজ্যত চাৰিওপিনে শান্তি। ঈশ্বৰে নকৰক যদি প্ৰয়োজন হয় স্বৰ্গদেওৰ হকে স্বদেশৰ হকে দেহা দিবলৈকো সততে সাজু থকাহে যুগুত।--
 সকলোৱে---স্বৰ্গদেওৰ হকে স্বদেশৰ হকে আমি দেহা দিবলৈ প্ৰস্তুত!
 খেনলুং—সজ! সজ! এতিয়া তাৰ প্ৰয়োজন হোৱা নাই ডাঙৰীয়া সকল! এতিয়া আমাৰ চাব লাগে কেনেকৈ

[ ৩৫ ]

এই ৰাজ্যখনি সুপ্ৰতিষ্ঠিত হয়। কেনেকৈ সহজে আমাক শত্ৰুয়ে ঠুকিবলৈকে সহ নেপায়। তালৈ আমাক লাগে ৰাজ্যৰ মাজে মাজে গড়, খাৱৈ, কোঠ ইত্যাদি। স্বৰ্গদেওৰ আজ্ঞা লৈ এতিয়া আমি সকলোৱে সেই বিলাকলৈহে চকু দিব লাগে।
 চাওফ্ৰাচেং--সজ কৈছে। আমাৰ বৰ্তমান কৰ্তব্য সেই বিলাকত চকু দিয়া;—যাতে বাহিৰ শত্ৰুয়ে আমালৈ সদায় সত্ৰস্ত হৈ থাকে।
 চুহুম্মু--ডাঙৰীয়া সকল, বুঢ়া গোহাঞী ভাঙৰীয়াৰ সৰু কথালৈ মন কৰক। তেখেত বহুদৰ্শী-বিচক্ষণ এই আহোম ৰাজ্যৰ গুৰিয়াল। তেখেতৰ কথা আমাৰ নুই কৰিবৰ সাধ্য নাই। শীঘ্ৰে তেখেতৰ কথা কাৰ্য্যত লগাবলৈ সকলোৱে উদ্যোগ কৰক।

[ কান্ধত মাকৰ মৰাশলৈ চেলুঙৰ প্ৰবেশ ]
 সকলোৱে—ইকি ক’ৰ এইটো নগা? ইমান সাহ তাৰ একেবাৰেই ৰাজসভাৰ মাজত ওলাইছেহি।

 বৰবৰুৱা—বলিয়া যেন অনুমান হয়। প্ৰহৰী বাজকৈ দে। তুৰন্তে বাজকৈ দে।
 চাওফ্ৰাচেং--আগেয়ে সোধা ডাল ইহঁতৰ ইয়াত কি এয়োজন।
 বৰবৰুৱা--ডালৰ নগাৰ আকৌ ৰাজসভাত কি প্ৰয়োজন হব পাৰে? তু্ন্তেৰ ইয়াক বাজ কৰি দে প্ৰহৰী।

[ ৩৬ ]

 চেংলুং--কাৰ সাধ্য! কাৰ সাধ্য মোক প্ৰাণে নমৰাকৈ বাজ কৰি দিয়ে।
 সলাল--ইয়াৰ দেখোন বৰ কথা একা! নিশ্চয় বলিয়া!
 চেংলুং--বলিয়া! বলিয়া তুমি! অকৃতজ্ঞহঁত। এই প্ৰবৃত্তি এই বুদ্ধি লৈয়েই বিষয় খাইছা! বিষয়ৰ মৰ্যাদা নষ্ট কৰিছা! কোনে কব পাৰে কালিলৈ তুমি মোৰ দৰে মোৰ দুৱাৰত ঠিয় নহবা!
 বৰবৰুৱা—উস্! ইয়াৰ উদ্ধতালী অমাৰ্জ্জনীয়।
 চুহুম্মুং--ৰাবা। ডেকা! মোৰেই সভাৰ মাজত অযাচিতে সোমাই মোৰেই বিষয়াক তুমি অপমান কৰিছা!
 চেংলুং--শুনিছিলোঁ আহোম ৰাজসভাৰ দ্বাৰ অবাৰিত-- আজি ৰচক্ষে দেখিলো মিছা কথা—ভাণ মাত্ৰ! অপমান মই কৰা নাই ৰজা, বিষয়াহঁতে নিজৰ মান ৰাখিব নাজানি অপমান বোধ কৰিছে!
 খেনলু--[ স্বগতঃ ] অতি বিতোপন চেহেৰা! একেবাৰে ৰাজশ্ৰী—যুবক কোনোবা নগাৰ কোঁৱৰ বুলি অনুমান হয়।
 চুহুম্মুং--তুমি স্বীকাৰ নকৰিব পাৰা ডেকা, কিন্তু তুমি গুৰুতৰ অপৰাধত অপৰাধী।
 চেংলুং--অপৰাধী! মই হত্যা কৰি অহা নাই! ৰজা তোমাৰ বাজ কাঢ়ি নিবলৈ অহা নাই! কাৰবাৰ কিবা অপহৰণ কৰি পলাই অহা নাই! কিবা ভিক্ষা কৰিবলৈকো অহা নাই। আহিছোঁ কিন্তু ভিক্ষাৰীৰ দৰে--এক দানবৰ এক নিৰপৰাধ অবলাৰ ওপৰত অমানুষিক অত্যাচাৰৰ কাহিনী

[ ৩৭ ]

শুনাই ৰজা তুমি, তোমাক সতৰ্ক কৰি দিবলৈ। বিচাৰ প্ৰাৰ্থী হৈ অহা নাই—কোন দাবী স্বীকাৰ কৰিবলৈ অহা নাই। অহা নাই কাৰো সহানুভূতি বিচাৰি। আহিছিলোঁ এক দেবী চৰিত্ৰৰ অপাৰ্থিব ইতিহাস কবলৈ যাক শুনিলেও শৰীৰ ৰোমাঞ্চিত হয়। আছিলে এক স্বৰ্গচ্যুতা শাপভ্ৰষ্টা দেবী! ভাগ্যবিপৰ্যয়ত হৈছিল এক নৰৰূপী ৰাক্ষস মনুষ আকৃতিত এক দানবৰ অঙ্কশায়িনী! দানবৰ এক খিয়ালত এক মনৰ উত্তেজনাত--সেই দেবী—এক পদাঘাতত, মানুহৰ আকাঙ্খ্যাৰ শ্ৰেষ্ঠতম সোপানৰ পৰা একেবাৰেই ৰসাতলত। অথচ সেই দেৰীৰ শেষ নিশ্বাস চলাচল হোৱালৈকে সেই দানবেই এক মাত্ৰ ধ্যান জ্ঞান। মৰণত সেই দানবকেই ইষ্ট বুলি স্মৰণ কৰিছিল। যি লোক সমাজত এনে পৈশাচিক কাৰ্যৰ অভিনয় হয়, সুধিবলৈ আহিছিলোঁ সেই সমাজৰ গুৰিধৰা বিলাক মানুহ নে পিশাচ নাই সজীব মূৰ্ত্তিত একো একোটা কাঠৰ পুতলা!
 এবাৰ সোধা নাই কি প্ৰয়োজন! এবাৰ সোধা নাই ভিখাৰীনে অতিথী--, এনে সমাজত উপস্থিত হৈয়েই যে অপৰাধী নহম সি আৰু কি আচৰিত?
 খেনলুং--[ স্বগতঃ] যুবক নিশ্চয় কোনোব ছদ্মবেশী! কি সাহস, একে আষাৰ কথা কি মৰ্ম্মস্পৰ্শী! সকলো যেন এই ৰাজ্যৰ ৰজা বিষয়াকে উদ্দেশ্য কৰি কইছে।
 চুহুম্মুং--[ স্বগতঃ ] উস্, কি গোঁৱাৰ ই! তাৰ একো আষাৰ কথাই বুকুত শেলে বিন্ধাদি বিন্ধিছে। [ প্ৰকাশ্যে ]

[ ৩৮ ]

তোমাৰ অপৰাধৰ মাত্ৰা তুমি বঢ়াইহে নিছা ডেকা? ক’ত তোমাৰ গা-চোৱা ডেকা? তোমাৰ এই উদ্ধতালিৰ বাবে যদি তোমাক বন্দী কৰোঁ!
 চেংলুং--[ হাতৰ জঠি দেখুৱাই ] এইয়া মোৰ গা-চোৱা ৰজা! কাৰ সাধ্য মোক জীৱন্তে বন্দী কৰে!
 চুহুম্মুং--ইমান স্পৰ্দ্ধা এটা ফুকলীয়া নগা লৰাৰ! কোন আছে? প্ৰহৰী! যি জিভাই ইয়াৰ ইমান উদ্ধত বাক্য উচ্চাৰণ কৰে কাঢ়্, কাঢ়্, তাৰ সেই জিভা!
 চেংলুং--জিভা মোৰ ৰজা। মোৰ কৰায়ত্ত বুলিয়েই তাক যি উচ্চাৰণ কৰিবলৈ দিওঁ তাকেই ফুকাৰে। তুমি কাঢ়োঁ বুলি কাঢ়িবা! সেই ক্ষমতা তোমাৰ নাই ৰজা! ক’ত প্ৰহৰী! আহ চাপি।

[ জাঠি ডাঙ্গে ]

 চুহুম্মুং—তুৰন্তে শালত! কোন আছে! বন্দী কৰ! তুৰন্তে শালত!

 চেংলুং—ঠিক এনে বিচাৰকে কৰিছিল সেই দানৰেও সেই দেবী প্ৰতিমাৰ ওপৰত! হয়তো বা তুমি বহি থকা সেই আসনৰে পৰা!

[মাকৰ মৰাশ মাটিত নমাই জাঠি ডাঙি লয় ]

 আই মোৰ! আজি তোমাৰ লাঞ্চনাৰ তৰ্পণ কৰোঁ! আহ তেনে! আহ চাপি কোনে মোক শালত দিবি? আহ ভীৰহঁত! কোন আহ আহ আগবাঢ়ি! ৰজা মন্ত্ৰী ফুকন বিষয় এটা এটাকৈ আজি ল’ম গৰাহত! পূৰ্ণাহতি দিন
[ ৩৯ ]

আজি জননীৰ লাঞ্চনাৰ। আই মোৰ, য’তে আছা চোৱা ত’ৰে পৰা!

[ বুঢ়াগোঁহায়ে একেঠৰে নগাকুঁৱৰীৰ শৰ ফালে চাই থাকে ]

 চুহুং--মই কি কিছুমান শিয়ালৰ মাজত আছেনেকি? ইয়াত কি পুৰুষ কোনো নাই এই নৰাধমক হত্যা কৰিবলৈ!

 [ নিজে তৰোৱাল উলিয়াই খেদি যায়—গা-চোৱা দুটাই আৰু বৰবৰুৱা বৰগোঁহাই আদিয়েও তৰোৱাল উলিয়াই চেংলুঙক আক্ৰমণ কৰিব পোজোঁতেই বুঢ়াগোঁহাই মাজত সোমাই বাধা দিয়ে]
 খেনলুং--ক্ষান্ত হক স্বৰ্গদেও! ক্ষান্ত হক ডাঙৰীয়া সকল! হয়তো বা আপোনাৰেই সহোদৰ! এবাৰ সৌ ভূমি-শয্যাত শুই থকা দেবী প্ৰতিমাৰ ফালে মন কৰক স্বৰ্গদেও। চাওক স্বৰ্গদেও। চিনিছোঁ! চিনিছোঁ। সেই নাক। সেই মুখ। সেই অনুপম শ্ৰী! অপোনাৰেই নিৰ্বাসিত জননী স্বৰ্গদেও। আপোনাৰ পিতাৰ আজ্ঞাত নিৰ্ব্বাসিতা নগাকুঁৱৰী।

[ সকলোৱে নগাকুঁৱৰীৰ ফালে ঠৰ হৈ চায় ]

 [ স্বগতঃ ] মোৰ অনুমান যথাৰ্থ। নহলে এনে সৎ সাহস সামান্য মানুহত অসম্ভব। [ চেংনুঙৰ ফালে চাই] একে নাক। একে মুখ। অবিকল প্ৰতিকৃতি।

 [ প্ৰকাশ্যে ] যুবক, তোমাৰ পিতা!
 চেংলুং--পিতৃ পৰিচয় দিবলৈ মাটিত মুখ লুকুৱাবৰ ইচ্ছা হয়। যি মোৰ সৌ দেবী স্বৰূপিনী অননীৰ এনে দুৰ্দ্দশা কৰিছে বিনা দোষত নিৰ্ব্বাসন দি চিৰ জীৱন তিল তিলকৈ

[ ৪০ ]

দহি মাৰিছে। পিতা মোৰ সেই জননীৰ ৰাক্ষস স্বামী--চুপিমফা।

 চুহুম্মুং
   --চুপিমফা!
 খেনলুং
 চুহুম্মুং--[ চেংলুঙক আকোৱালি ধৰি ] ভাই মোৰ! মনৰ উত্তেজনাত কিবা কলোঁ কিবা কৰিলোঁ। মোৰ অপৰাধ নলবা ভাই!

[ নগাকুঁৱৰীৰ মৰাশৰ ওচৰত বহি ]

 অভাগিনী আই মোৰ! তুমি জন্মদাত্ৰী নোহোৱা কিন্তু তোমাৰ স্নেহতে লালিত হৈ তোমাকেই জননী বুলি ভাবিছিলো—। অধম সন্তানৰ অপৰাধ নল আই।

 খেনলুং--এবাৰ এই বৃদ্ধকো আলিঙ্গন দিয়ক কোঁৱৰ। এই বৃদ্ধৰ শৰীৰ আপোনাৰ পবিত্ৰ পৰশত পবিত্ৰ হওক।

[ চেংলুঙক আলিঙ্গন কৰে ]

 সেই অপৰাধৰ দণ্ড তেওঁক ঈশ্বৰে দিলে কোঁৱৰ। নাৰীৰ ওপৰত দুৰ্ব্বলৰ ওপৰত নিৰপৰাধীৰ ওপৰত অত্যাচাৰ ঈশ্বৰে নসহে। আপপানাৰ পিতাৰ এই অখ্যাতি আজিও মাৰ যোৱা নাই। সেই অবিবেচনাৰ পৰিণাম পালে--আততায়ীৰ হাতত প্ৰাণ গ’ল। যিদিনা আপোনাৰ জননী স্বৰ্গগতা কুঁৱৰীক ৰাজ্যৰ পৰা খেদি দিয়ে—আজিও সেই কথা শুৱৰিলে বুকু ফাটি যাব খোজে--আপুনি তেতিয়া হোৱা নাই—কুঁৱৰী তেতিয়া সাতমাহ সগৰ্ভা! ৰাজ্যজুৰি, সেই দিন হাঁহাকাৰ ৰে ঘৰে কান্দোনৰ ৰোল।
[ ৪১ ]

 চেংলুং—অথচ মোৰ আয়ে সেই অত্যাচাৰী পিতাৰে চৰণ খ্যান কৰি দিন নিয়াইছিল। ইমান দিনে জনা নাছিল-- যে তেওঁৰ অত্যাচাৰী স্বামীৰ কেতিয়াবাই শেষ হ’ল। যি মুহুৰ্ত্তে সতীকুলৰাণী আয়ে মোৰ তেওঁৰ স্বামীৰ আততায়ী হাতত প্ৰাণ গ'ল বুলি শুনিলে সেই মুহূতৰ্ত্তেই এই নশ্বৰ দেহ এৰি নিত্য ধামলৈ গুচি গ'ল। এতেদিনে জানিছিলোঁ নগা মই নাগিনী জননী মোৰ। অন্তিমত আয়ে মাথোন কৈছিল চেংলুং, বাছা মোৰ, তই ৰজাৰ কোঁৱৰ, ভাগ্য বিপৰ্য্যয়ত আজি নগা। সেই দিনই প্ৰথম শুনিছিলো মাতৃৰ নাৰ বিবৰণ। সেই দিনাই প্ৰতিজ্ঞা কৰিছিলোঁ পিতৃহত্যা কৰি মাতৃ অপমানৰ তৰ্পণ কৰিম। মোৰ কৰ্ত্তব্য আনে কৰিলে। হতভাগ্য মই জীৱনত জননীৰ সেৱাৰ অৱসৰ নেপালোঁ মৰণত বুকু ভৰা অন্তৰ্দ্দাহ লৈ জননীৰ পবিত্ৰ শৱদেহলৈ এবাৰ জগতক দেখুৱাম বুলি ঘৰৰ বাজ ওলালোঁ। যি জাতিত এনেকুৱা অবিবেকী এনেকুৱা অত্যাচাৰী এনেকুৱা দানবৰ জন্ম হয় সেই জাতিৰ পতন অবশ্যম্ভাবী। সেই জাতিৰ ধ্বংস অনিবাৰ্য্য।
 খেনলুং--নকব কোঁৱৰ। সেই জাতিতে আকৌ এনেকুৱা দেবী স্বৰূপিনী সতী কুলৰাণী নাৰীৰো জন্ম। যি দেশত এনে সতী এনে সাধ্বী এনে পতিব্ৰতা নাৰীৰ জন্ম সেই দেশৰ উত্থান অবশ্যম্ভাবী। চুহুম্মুং--ভাই! ভাই! আজিৰ পৰা তুমি মোৰ সোঁ বাহু। আহাঁ ভাই জননীৰ উপযুক্ত সৎকাৰ ব্যৱস্থা কৰোঁগৈ।

[ ৪২ ]

 চেংলুং--মোক বিদায় দিয়ক, মই যাওঁ। মই নগা--জননী মোৰ নাগিনী। নাগিনী আয়ে মোক চেনেহত মতা নাম চেংলুং। মোৰ সেয়ে গৌৰব। নগা মই--নগাৰ দৰে মোৰ অভাগিনী জননীৰ সংকাৰ কৰিম।
 চুহুম্মুং--সিকি ভাই! মোক কিয় জননীৰ সেৱাৰ পৰা বঞ্চিত কৰিব খুজিছা? আজি যে মোৰ পৰম ভাগ্য! লগে লগে মোৰ কুঁৱৰী, মোৰ পাত্ৰ মন্ত্ৰী দা--ডাঙৰীয়া সকলোৰে ভাগ্য। মোৰ আজি বহুদিনৰ সংকল্প সিদ্ধিৰ উপযুক্ত পাত্ৰ হাততে পাইছোঁ। শুনা ভাই—শুনক বিষয়া সকল মোৰ সংকল্প আৰু মোৰ সেই সংকল্পৰ উদগণি দিওঁতা মোৰ দূৰদৰ্শী কুঁৱৰী চাওচিং গাভৰুৰ কথাৰেই শুনক “স্বৰ্গদেও থালি, আৰু উধান তিনটি নহলে থালি নবহে।” আজি সেই তৃতীয় উধানৰ উপযুক্ত পাত্ৰ হাততে মিলিছেহি।
 অভিমান এ ভাই! উপস্থিত জননীৰ সৎকাৰ কাৰ্য্যৰ পিছতেই তোমাৰ অভিষেক উৎসবেই আমাৰ প্ৰধান কৰ্তব্য। আজিৰ পৰা তুমি নগা নেহোৱা--তুমি কণ্ চেং--মোৰ সোঁ বাহু--বৰপাত্ৰ তোমাৰ বিষয়।
 চেংলুং--বিষয়! মোক বিষয় নেলাগে, উচ্চপদ নেলাগে, বিষয় আকাঙ্খ্যাত মই অহা নাই। মই যি চেংলুং সেই
চেংলু--যি নগা-সেই নগাই! আজীবন নগ্ন হৈ প্ৰতি পালিত হৈছোঁ—বিবেক-বৰ্জিত বনৰ পশুৰ দৰে উলঙ্গভাবে প্ৰকৃতিৰ বুকুত লালিত হৈছোঁ-সভ্যতাৰ পোৰ মোৰ ন'সব মহাৰাজ। বিষয়ে মোৰ প্ৰকৃতিয়ে দিয়া মনৰ শান্তি ফেৰি

[ ৪৩ ]

কাঢ়ি নিব। নধৰিব মহাৰাজ! বিষয় মোৰ সহ্য নহব। মোক বিদায় দিয়ক, যাও।

[ মাকৰ মৰাশ আকৌ কান্ধত তুলিব খোজে।]

 চাওফ্ৰাচেং--ৰব কোঁৱৰ। সন্তান অভাজন বা দুৰ্জ্জন হলেও জননীৰ সমান চেনেহ। আপুনি জীৱনত জননীৰ সমস্ত স্নেহৰ অধিকাৰী হৈছে—মৰণত আজি হতভাগ্য সন্তানহঁতক সেৱাৰ অধিকাৰ দিয়ক কোঁৱৰ।

 খেনলুং—এই বৃদ্ধৰ কথা শুনক কোঁৱৰ। আপোনাৰ জননী এই বুঢ়াৰো জননী--।
 চুহুম্মুং--অভিমান এৰা ভাই। আঁহা ভাই মোৰ!

[ চেংলুঙক আকোৱালি ধৰে।]

 আজি ঈশ্বৰে হেৰোৱা নিধি হাতত মিলাই দিছে! ভাই মোৰ—আজিৰ পৰা তুমি নগা নোহোৱা তুমি মোৰ সৌ নাগিনী আইৰ হেৰোৱা ধন বুকুৰ ভাই--নগা কোঁৱৰ।

--অঙ্ক পতন--