নঃ কুঃ—মই আৰু খাবো নোৱাৰোঁ লুকু। লুকু, মোৰ ওচৰলৈ আহ।
[লুকুক ওচৰ চপাই লৈ ডিঙিৰ এধাৰ হাৰ সোলোকাই লুকুক পিন্ধাই দি মূৰত চুমা খায় ]
মই যে যামগৈ লুকু! মই গলে তোৰ কাকাটিক মৰম কৰিবি লুকু?
লুকু—তুৰ কুচি কলে মই কেনে তাকিম দেউতা!
[ কান্দে ]
নঃ কুঃ--নেকান্দিবি লুকু। মই গলেগৈও তোৰ কাকাটি থাকিব--তোৰ বুবু থাকিব।
লুকু—তই বাল অবি দেউতা!
চেংলুং—আই! মোৰ পিতা।
নঃ কুঃ—তোৰ পিতাৰ স্বৰ্গদেও চুপিমফা!
খুণবাও—আক’ তাৰ নাম কৰিছ দেউতা। ইয়ে তুৰ ইমান দুক দিছে।
চেংলুং--চুপিমফা! ৰাক্ষস পিতা মোৰ! বুবু! তাক তই কাটিব নোৱাৰিলি! যি মোৰ আইক ইমান দুক দিলে! ওৰে জীৱন তিল তিলকৈ পুৰি মাৰিলে!
খুণবাও—অঃ, তাকে কাটিবনু কি কতা আছিলে! আমাৰ আটাই পৰ্পত নকাকিনি কোট কৰিছিলে—অঅম লকতে ৰণ দিলে অয়--দেউতা পালে আক্ দিলে—কিমান কানিলে! য়েইদেকিন্ আমাৰ আটাই নকা কেদি দিলে।দেউতা কতাকিনি আমাৰ পেলাপ নুৱাৰে। তাকে অলে