[ বেটুপাত ]
 

কমলানন্দ ভট্টাচাৰ্য্য

 

=চপলা সাহিত্য সদন=
পুস্তক প্ৰকাশ আৰু প্ৰচাৰ প্ৰতিষ্ঠান
পোষ্ট বক্স নং ১, শ্বিলং

 
[ প্ৰকাশন ]

প্ৰকাশক—শ্ৰীবিভুভূষণ চৌধুৰী
অসমীয়া সাহিত্য মন্দিৰ
পোষ্ট বক্স নং ১
শিলং—অসম



পৰিবেশক
চপলা বুক ষ্টল
শ্বিলং—অসম



মুদ্ৰাকৰ
শ্ৰীপ্ৰভাতচন্দ্ৰ ৰায়
শ্ৰীগৌৰাঙ্গ প্ৰেছ লিমিটেড
৫ চিন্তামণি দাস লেন, কলিকতা-৯


দ্বিতীয় তাঙৰণ
আঘোন ১৩৬২ চন


মূল্য—২॥০

[ উছৰ্গা ]
 

উছৰ্গা

 

 ৺দেউতাৰ
 শ্ৰীশ্ৰীচৰণোদ্দেশে
 আগ বঢ়ালো-

 

⸻কমলানন্দ ভট্টাচাৰ্য্য

[ লেখকৰ পৰিচয় ]
 

কমলানন্দ ভট্টাচাৰ্য্য

 ⸻প্ৰখ্যাত নাট্যকাৰ, জনপ্ৰিয় কবি, কৃতী সুৰসাধক আৰু আদৰ্শ শিক্ষক কমলানন্দ ভট্টাচাৰ্য নগাৱঁ‌ৰ এটি বিদ্যানুৰাগী, সঙ্গীতপ্ৰেমী, সংস্কৃতিবান মধ্যবিত্ত পৰিয়ালৰ সন্তান। ঊনবিংশ শতাব্দীৰ শেষ দশকত তেওঁৰ জন্ম।

 নগাওঁ, গৌহাটী, কলিকতাত শিক্ষা সমাপন কৰি তেওঁ শিক্ষকতা বৃত্তি গ্ৰহণ কৰে। সাত বছৰ কাম কৰাৰ পিছত মহাত্মা গান্ধীৰ আহবানত চাকুৰী এৰিদি তেখেতে জাতীয় আন্দোলনত যোগদান কৰে। দেশৰ কাৰণে তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিছিল।

 সৰুৰে পৰা সাহিত্য, সঙ্গীত, নাট্যকলা আদিৰ প্ৰতি ভট্টাচায্যদেৱৰ যি গভীৰ অনুৰাগ দেখা গৈছিল জীৱনৰ শেষ দিনলৈ সেই অনুৰাগ অটুট আছিল। এজন খাঁটি সাধকৰ নিষ্ঠালৈ তেখেতে আজীৱন মাতৃভূমি আৰু মাতৃভাষাৰ সেৱা কৰি গৈছে।

 তেখেতৰ কাপৰ পৰা ওলোৱা নগা কোঁ‌ৱৰ, বাউলী, চিত্ৰাঙ্গদা, অৱসান আদি গ্ৰন্থ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। জেলত থকা অৱস্থাত তেওঁ কেইবাখনো কিতাপ লিখিছিল। বিয়াল্লিচৰ বিপ্লৱৰ সময়ত উদ্ধত শাসনশক্তিৰ অত্যাচাৰত ইয়াৰ বহুত চিৰতৰে ধবংস হৈ গৈছে।

 ১৯৫১ চনত এই দৰদী শিল্পীৰ জীৱনদীপ নিৰ্বাপিত হয়—

 
[ ছবি ]

কমলানন্দ ভট্টাচাৰ্য্য

[ পাতনি ]
 

পাতনি

 "***কমলা তোমাৰ 'নগা কোঁ‌ৱৰে' মোক নাগিনী কৰিলে সঁচায়ে।***” অধ্যাপক শ্ৰীযুত সূৰ্য্যকুমাৰ ভূঞা এম, এ, বি, এল দেৱৰ এই একে আষাৰ অভিমত মোৰ নগা কেঁৱৰৰ সোণৰ সঁফুৰা। নগা কেঁৱৰক বাজলৈ উলিয়াবৰ প্ৰয়াস মোৰ সেই উদগণি।

 নগা কেঁৱৰ লেখি অটাওঁতেই ডিব্ৰুগড়ৰ মেডিকেল স্কুলৰ ছাত্ৰ সমূহে খোজাই নি বৰ কৃতিত্বেৰে তাৰ প্ৰথম অভিনয় কৰে। সেই উদ্যোগী ছাত্ৰসকললৈ এই খিনিতে মোৰ কৃতজ্ঞতাৰ শৰাই আগবঢ়াইছোঁ‌। সেই অভিনয়ৰ পিছতে বহুতৰ পৰা নগা কোঁৱৰৰ শলাগনি পাইছিলোঁ‌। “Times of Assam” কাকততো নগা কেঁৱৰক শলাগি এটি বিস্তাৰিত সমালোচনা প্ৰকাশিত হৈছিল।

 নগা কোঁৱৰ হয়তো আৰু বছৰচেৰেকৰ আগতে ৰাজলৈ ওলাব পাৰিলেহেঁতেন, কিন্তু দুখীয়াৰ উদ্যমত বিধি পথালি সদাই আছেই।

 যি কি নহওক নানা আপদ জঞ্জালৰ মাজেদিও ইমান দিনৰ মূৰত আজি নগা কোঁৱৰ বাজলৈ ওলাব পৰাতেই মোৰ অপাৰ আনন্দ! যদি ৰাইজৰ চেনেহ মৰমৰ অধিকাৰী হবৰ যোগ্য হয় বুজিম নগা কোঁৱৰৰ মৰ্যাদা আছে।</poem>

কমলানন্দ ভট্টাচাৰ্য্য

 
[ নিবেদন ]
 

দ্বিতীয় তাঙৰণৰ নিবেদন

 ৺কমলানন্দ ভট্টাচাৰ্যদেৱৰ ‘নগা কোঁৱৰ’ প্ৰকাশ হোৱাৰ লগে লগেই আশাতীত সাফল্য আৰু জনপ্ৰিয়তা লাভ কৰে, ফলত নিচেই কম সময়ৰ ভিতৰতেই প্ৰথম তাঙৰণ শেষ হৈ যায়। কিন্তু পৰিতাপৰ বিষয় চাৰিওফালৰ পৰা ক্ৰমাগত চাহিদা আহি থকা সত্বেও লিখকৰ জীৱিতাবস্থাতে কিতাপখন পুনঃ প্ৰকাশ কৰি ৰাইজৰ অতৃপ্ত আকাঙ্ক্ষা। পূৰণ কৰিব নোৱাৰিলে। নানা আহুকাল বেমেজালিৰ লগত তেখেতৰ ভগ্নস্বাস্থ্য আৰু অকাল মৃত্যুই তাৰ নিমিত্তে দায়ী।

 দীৰ্ঘদিনৰ পিছত হলেও স্বৰ্গীয় নাট্যকাৰ কবিৰ উপযুক্ত পুত্ৰই কৃতী পিতাকৰ পৱিত্ৰ স্মৃতি ৰক্ষাৰ কাৰণে মন মেলাত আমি সানন্দে কিতাপখনৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰি ৰাইজলৈ আগ বঢ়ালোঁ। নাট্যামোদী অসমীয়া সমাজ তথা সদাশয় ৰাইজে ঠিক আগৰ দৰে এইবাৰৰ কিতাপখনৰ প্ৰতি মৰমসনা দৃষ্টিৰে চালে আমাৰ প্ৰচেষ্টা সাৰ্থক হব।


শ্বিলং
   প্ৰকাশক।
আঘোন ১৩৬২
 
[ চৰিত্ৰ ]

নগা কোঁৱৰৰ

ভাৱৰীয়া সকল

পুৰুষ

তিৰোতা

চুহুম্মুঙ্গ— আহোম স্বৰ্গদেউ অহল্যা—ছুটিয়াৰ মহাৰাণী
চুক্লেনমুং
চুৰেংমুং
} —ঐ পুত্ৰ ৰেণুকা— ঐ কন্যা
নগা কূঁৱৰী—চুপিমফা স্বৰ্গদেওৰ
খেনলুং—
চাওফ্ৰাচেংমুং—
ঐ বুঢ়াগোহাঞী
ঐ বৰ গোহাঞী
 নিৰ্বাসিত কুঁৱৰী, কণচেং
 বৰপাত্ৰ গোহাঙ্গীৰ মাক
চেংলুং-পিছত
কণচেং
} ঐ বৰপাত্ৰ গোহাঞী
নগা কোঁৱৰ
লুকু—ঐ পালিত নাগিনী
  ছোৱালী
বৰবৰুৱা— ঐ সেনাপতি মূলা গাভৰু—চাও বৰগোহাঞী
  দেৱৰ পত্নী
কাছিতাৰা
বা বঙাল
} ছুটীয়া ৰজাৰ মন্ত্ৰী
পিছত ছদ্মবেশী—
পাঠান সেনাপতি
হেলা গাভৰু ডেকাৰজা চু
 কোঁৱৰৰ মাদৈ
বৰতি—
লেহেতীয়া—
তুৰবক্
আহোম চোৰাংচোৱা
মুছলমান খোজা
শ্ৰেণীৰ আহোম লিগিৰা
পাঠান সেনাপতি
মুহিলা—মূলা গাভৰুৰ লিগিৰি
 লিগিৰি বিলাক, আয়তী বিলাক,
নাৰী সেনা, চেংদৈ ইত্যাদি
হুছেন খাঁ
তাজু খাঁ
} ঐ সহকাৰী
নছৰৎ খাঁ
গিয়াছ বেগ
} ঐ কৰ্মচাৰী
খুণবাও— এটা নগা
 পানী ফুকন, নাওবৈচা ফুকন, হিলৈবৰুৱা, লাল গোহাঞী, সোন্দৰ, গৰখীয়া লৰা, নগা, পাঠান সেনা, আহোম সেনা ইত্যাদি [ বিজ্ঞাপন ]
 

লিখকৰ অন্যান্য কিতাপ
বাউলী
সৈৰিন্ধ্ৰী
চিত্ৰাঙ্গদা
সাৱিত্ৰী
অৱসান
বভ্ৰুবাহন
মৰাণ জীয়ৰী
বিয়াল্লিছৰ ছহিদ
নাৱৰীয়াৰ সুৰ
খৰি ভাৰীৰ ৰাজ্যলাভ

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )