পাৰিলে তাৰ পিছত চুহাণফা, দুৰ্ব্বল কামুক অত্যাচাৰী ৰজা! কন্যা বেচি শান্তি কিনিছিল! মোৰ এই কঠোৰ হাতেৰে ৰাজ্যৰ গুৰি নধৰা হলে কছাৰী আৰু টঙচু নগাৰ অত্যাচাৰত আহোম ৰাজ্য ছাৰখাৰ হ’লহেতেন! মোৰেই ইচ্ছাত লান্তৰুণ্বাণৰ হাতত অত্যাচাৰী ৰজাৰ শেষ হ’ল! দেশৰ মঙ্গলৰ হকে গুপ্তহত্যাৰো প্ৰশ্ৰয় লব লাগে! তাৰ পিছত চুপিমফা, সেই দুৰ্ব্বল অত্যাচাৰী বাপেকৰ নিষ্ঠুৰ অত্যাচাৰী ল’ৰা। দুদিনতে অত্যাচাৰত দেশ বিদ্ৰোহী হৈ উঠিল! কত নিৰপৰাধ পৰিয়াল শূলত দণ্ডিত হ’ল! কত হাবিয়ে বননীয়ে পলাই নিৰুদ্দেশ হ’ল, কতই ঘাতকৰ কুঠাৰৰ আঘাতত প্ৰাণ দিলে তাৰ সীমা সংখ্যা নাই। আহাহা! মনত পৰিলেও চকুপানী ওলায়! সাতমাহ গৰ্ভৱতী নিজৰে মাদৈ--মিছা সন্দেহত নগাক দিলে। অত্যাচাৰৰ প্ৰতিশোধ হাতে হাতে পালে। দুদিনতে আততায়ীৰ হাতত প্ৰাণ গ'ল, ৰাজ্যত শান্তি বিস্তাৰ হ’ল! আৰু এতিয়া চুহুম্মুঙ্গ! তোমাৰ মূৰৰ ওপৰেদিও এটা দুটাকৈ তিনটা ধুমুহা পাৰ হৈছে। আইতনীয়া, পানীনৰা, ছুটীয়া, এই তিনিখন ভীষণ ৰণত কোনোমতে গা সাৰি মূৰ ডাঙিছা। তাকে এই বৃদ্ধৰ বুদ্ধিৰ বলত। এই স্থবীৰ হাতেৰে অস্ত্ৰ নধৰা হলে এই আহোম ৰাজ্য ইমানদিনে ছুটীয়া ৰাজ্য ভুক্ত হ’লহেতেন!
মোৰ স্বাৰ্থ কি? মোক ৰাজ্য নেলাগে! ধন নেলাগে। সম্পদ নেলাগে! কিয় মিছাতে ইমান বয়সতো ইমান কষ্ট কৰি মৰোঁ। ৰাজনীতি ক্ষেত্ৰত ন্যায়মতে সকলোকে সন্তুষ্ট
পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
[ ১ম অঙ্ক
নগা কোঁৱৰ