[  ]
২। অঙ্ক।
প্ৰথম পট,— ভোগমনৰ মাৰল-ঘৰ

 (ৰংদৈয়ে গুণগুণকৈ আই-নাম গাই সূতা কাটি বহি আছে; ভোগমনে প্ৰৱেশ কৰি ওচৰতে মূৰে-কপালে হাত দি বহেহি) ।

 ৰংদৈ।— (ঘূৰি চাই ভোগমনক দেখা পাই আচৰিত ভাবে) এ, আই! ইটোৰ বা হ'ল কি? আঁঠুৰ ওপৰত চাং পাতি দেখোন মূৰ ঘূৰাই বহি আছেহি কেতিয়াবাৰেপৰা!

 ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) শুনিছ নে, মোৰ জীৱনত আৰু সকাম নাই! মোৰ আৰু সংসাৰত ৰাপ্‌ নাইকিয়া হ'ল! মোৰ দেহ-চিত এনেহে লাগিছে, যেন আজিয়েই দেশ এৰি বিদেশলৈ গুচি যামগৈ! পিচে, কি কৰিম, ঈশ্বৰে মোক নিকুটুমীয়া কৰিলে; তোলৈ আৰু ছোৱালীটিলৈ চাই হে আজিও মই বান্ধ খাই আছোঁ। তহঁতক কাৰোবাৰ হাতত গতাব পৰা হ'লে, মই মুকলিমূৰীয়া চৰাইৰ দৰে ক'ৰাবলৈ উৰি গুচি গলোঁগৈহেঁতন!

 ৰংদৈ।— (চিয়ঁৰ মাৰি উঠি) দেহি ঐ, মোৰ শৰীল ঐ, কাক নো এনে কথা শুনাৱ ঐ! (চকুত হাত দি কান্দে)

(জেতুকী লৰি আহি প্ৰবেশ)

 জেতুকী।— (কান্দো কান্দো হৈ) আই, তোৰ কি হ'ল? তই কিয় কান্দিছ হুঁ? বুপাই, তই আইক মাৰিলি নে কি? ওঁ-ওঁ-কেলৈ মাৰিলি? (কান্দে)

 ভোগ।—(জেতুকীক কোলাত তুলি লৈ) আই, মই মাৰক নাই মৰা, আন কিবা বেজাৰতহে কান্দিছে। (ৰংদৈৰ হাতত ধৰি) আইটীৰ মাক, [  ] নেকান্দিবি; কান্দি নো কি কৰিবি? মই মনৰ বেজাৰত হে তেনেকৈ কৈছিলোঁ; তহঁতক এৰি নো মই কলৈ যাব পাৰোঁ? (টলকা মাৰি ৰৈ) আৰু , শুনিছ নে সেইদিনা দুপৰীয়া লঘোনত খেকাৰ খোৱা চিপাহীটোৱে বলেৰে যেতিয়া মোৰ কানত কুকুৰাৰ ভাৰখন তুলি দিছিল সেই খেনৰ কথা মনত পৰিলে, এতিয়াও মোৰ বুকুখন দুফাল হয় যেন লাগে! লাজ-অপমানৰ কথা এৰিছোঁ; মই নো কিমান ভাৰ বব পাৰোঁ দেখিছই নহয়। সেই কুকুৰাৰ মেটমৰা ভাৰখনে সেইদিনা মোৰ কলিজা ভাঙ্গিবৰ নিচিনা কৰিলে!

 ৰংদৈ।— (বলেৰে ধৈৰ্য্য ধৰি) দেহি ঐ, কিনো কৰিম! কপালৰ লেখা কেনেকৈ গুচাম! তেওঁ বুলি ইয়াৰ নো এটা উপায় কৰিব নোৱাৰি নে?

 ভোগ।— জানো কি উপায় কৰ। কিবা জান যদি কৰি থাক; মই হ'লে নিৰুপায়!

 ৰংদৈ।— বিবুধি হ'ব নেলাগে। বাৰু, মই ইয়াৰ বুধি উলিয়াম।

 ভোগ।— (ৰংমুৱা হৈ) পাৰিলেও পাৰিব পাৰ। লোকে কোৱা শুনিছোঁ, বোলে, মাইকী মন্ত্ৰী।

 ৰংদৈ। মোৰ মনেৰে যি গাওঁবুঢ়াই আমাৰ এনে বিলাই কৰিছে, তাৰ বিষইখনকে ল'বলৈ কাৰবাৰ কৰা হওকচোন।

 ভোগ।— সেইটো হ'লে তো এনে আপদৰপৰা ৰইখাকে পাওঁ। তাকে ল'ব পাৰিলে হে আকৌ; আমি নিচলাকৈ নো কোনে চাব খুজিছে?

 ৰংদৈ।— এনেকৈ চালে, ই বৰ টান কথা নহয়। ইয়াৰ এটা ভাল বুধি আছে। কেৰ্‌পাই আৰু নদী গাওঁবুঢ়াই ধৰা বাট হে ধৰিব লাগে।

 ভোগ।— সিহঁতে নো আকৌ কি বাট ধৰিছিল?

 ৰংদৈ।— তহঁত নো কেলৈ পোন্ধ্‌ মৰাটো হলি ক'ব নোৱাৰোঁ! বাহিৰৰ খা-খবৰ অলপো নেৰাখ। কেৰপায়ে এৰি কাপোৰ এখন, আৰু নদীয়ে মুগাৰ ৰিহা-মেখেলা এযোৰ দি, মৌজাৰীক পোন্‌ কৰিহে তেওঁ বিষইকেখন পাইছে। আমিওচোন তাকে কৰোঁ। তহঁতে জানো কেনে দেখ? [ ১০ ]  ভোগ।— কেনে দেখিম; পাৰিলে বৰ ভাল কথা। পিছে, সিহঁতৰ দৰে আমাৰ নো কেইখন এৰি কাপোৰ আৰু কেইযোৰ মুগাৰ ৰিহা-মেখেলা আছে? নিজলৈকেচোন নাটনি!

 ৰংদৈ।— যি আছে তাৰেই এটা দিহা নকৰিলে হ'ব নে? সামৰণত থকা এৰি কাপোৰখন, আৰু সিদিনা শালৰপৰা কটা তিতাকৰীয়া মেখেলাখনকে লৈ গৈ ধৰোঁগৈচোন। তহঁতে কাপোৰখন লৈ মৌজাৰীৰ ওচৰলৈ যাবি। মই মেখেলাখন লৈ ভিতৰত হাকিমনীৰ ওচৰলৈ যাম। মৌজাৰীতকৈও হাকিমনীক পোনাব পাৰিলে যে কথাই নাই।

 ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) হে হৰি! বাৰু, যেনে ভাল দেখিছ, তাকে কৰ। ভাত ৰান্ধগৈ যা এতিয়া; মই পথাৰৰ পৰা আহোঁগৈ। চাওঁ, আই, নামচোন, মাৰৰ লগত ভাত ৰান্ধগৈ যা। মই যাওঁ। (জেতুকীক কোলাৰপৰা নমাই থৈ, চুমা দিয়ে)

(সকলোৰে প্ৰস্থান)

[ ১১ ]

দ্বিতীয় পট,—মৌজাদাৰৰ চ'ৰা।
(মৌজাদাৰে ৰায়তৰ খাজনা লৈছে)

 ৰত্ন।— (পটা এখন চাই) হেৰ, এই কিস্তিত তই ৭৸৵৹ দিবলগীয়া হৈছে; দে।

 ১ম ৰায়ত।— দেউতা, শেহ কিস্তিত বা কিমান দিব লগা পৰিছে?

 ৰত্ন।— (আকৌ পটাখন চাই) শেষ কিস্তিত তোৰ ৪৸৴৹ দিব লগা পৰিব। তাৰ ওপৰঞ্চি টকাই পতি ৴৹ চৰতীয়াকৈ স্থানীয় কৰ লাগিব।

 ১ম ৰা।— দেউতা, এনেকৈ হ'লে আৰু দুখীয়া ৰায়ত কেনেকৈ তৰিম! মাটি সেই আগৰ কেডৰাই আছে; আৰু এইবেলি সেই এৰাবাৰীখনো ইস্তফা দিলোঁ; ইফালে খেজেনা টুটক ছাৰি বাঢ়িব হে লাগিছে!

 ৰত্ন।— হেৰ বলিয়া, ইস্তফা পলমে দিয়াত, এই বছৰলৈ তোৰ এৰাবাৰী এৰা নপৰিল; আৰু এইবাৰ খাজনা বাঢ়িছে বুলি তোৰ খবৰ নাই হ'বলা?

 ১ম ৰা।— বাঢ়ক বা টুটক; নহ'লে ক'ৰ পৰা দিম? এইদৰে ৰজাৰ খেজেনা বাঢ়িব লাগিলে ৰাইজ তৰিব কেনেকৈ? এই পাঁচ টকাকে ঘৰৰ মানুহজনীৰ কাণৰ কঁৰীয়াযোৰ সোঁতা থৈ হে আনিছোঁ।

 ৰত্ন।— বলিয়াৰ দৰে বকিছ কিয়? নাই বুলিলেই চৰ্কাৰেও শুনিব, আমাৰো গা ৰব নহয়। চাপৰিলে মেঘ নেৰায়। চাওঁ, চাওঁ, আন সেই পাঁচ টকাকে দে; বাকী এই কিস্তিত ২৸৵৹ পৰহিমানলৈ দি যাবিহি (হাত মেলি ধন লয়)। বাৰু, মই ৰছিত লিখি ৰাখোং, তই যাচোন, সৌৱা ভদিৰামহঁতে ভঁৰালৰ ছালখন বৈছে, তয়ো অলপ লাগি-মেলি দেগৈ।

 ১ম ৰা।— ভাল দেউতা, পলম হে হ'ল এতিয়া!

 ২য় ৰা।— দেউতা, আমাৰ ফেৰাও ধৰকচোন (খাজনা আগবঢ়ায়) [ ১২ ]  ৰত্ন।— কটা, তোৰ চকু নাই হ'বলা? মোৰ হাত কেইখন অ? আগেয়ে অহাবোৰক আগধৰি বিদায় দিব লাগে। বাৰু, তহঁত কেইটাৰো টকা পটাৰ ওপৰে ওপৰে থৈ যাহঁক, হাতে-পাতে লাগি ঘৰটোৰ ছাল দুখন উলিয়াই পেলাগৈ। মই তহঁতৰ ৰছিত লিখি থওঁ।

 ২য়, ৩য়, ৪ৰ্থ ৰা।— (টকা থৈ) এয়া দেউতা, আমাৰ হ'লে বাকী-বুকা নাই; একেবাৰে উচল কৰি লেখি ৰাখিব।

(আটাইকেইওটাৰে প্ৰস্থান; ভোগমনৰ প্ৰৱেশ)

 ভোগমন।— (লাহে লাহে ওচৰ চাপি) দেউতাৰ ওচৰলৈকে ময়ো আহিছিলোঁ।

 ৰত্ন।— অ, ভোগমন? তোৰো খাজনা আনিছ নে? লৈ আহ, বাৰু।

 ভোগ।— খেজেনা পৰহিমানলৈ হে দিমহি; দেউতা, আজি আন কিবা সকামত হে আহিছিলোঁ।

 ৰত্ন।— (ৰহস্য কৰি) কিনো সকাম পাতিছ অ? বিয়া নে সবাহ?

 ভোগ।— নহয় দেউতা, আন কিবা কথা এটাহে খাটিবলৈ আহিছিলোঁ। দেউতাই এই মাউৰা বন্দীলৈ অলপ কিৰ্‌পা কৰোঁ বুলিলে ক'ব পাৰোঁ।

 ৰত্ন।— (ৰং কৰি) বাৰু, কচোন, কিনো খাত লাগে নে পাম লাগে, শুনোঁ। খাত হ'লে ৰজাই হে দিব পাৰে; মই বাৰু পাম এখনকে দিব পাৰোঁ নে চাওঁ।

 ভোগ।— মই নো কেনে ঘৰৰ ল'ৰা দেউতাই জানেই। বুপাই থাকোতে আমাৰ ঘৰৰ অৱস্থা কেনে আছিল, তাকো আটায়ে জানে। পিচে, কি হ'ব, তেওঁৰ কপালেৰে তেওঁ নাম জ্বলাই আছিল; এতিয়া মৰি দেৱতা হ'লগৈ। ইফালে মই মাউৰা দুৰ্কপলীয়াৰ হে দুৰ্গতিৰ সীমা নোহোৱা হ'ল! এতিয়া আগৰ দৰে মান পোৱাৰ কথা এৰিছোঁৱেই, বাটৰ খঁৰা কুকুৰতকৈয়ো আমাক মানুহে অধচ দেখা হ'ল। দেউতাই এতিয়া উভতি পৰা কলাপুলি আকৌ ৰুই ঠন ধৰাব লাগে।—বোলোঁ, দেউতাই দয়া কৰিলে, দেউতাৰ তলতে গাওঁবুঢ়া এটা হৈয়ে অলপ জিলিকিব পাৰোঁ। [ ১৩ ]  ৰত্ন।— (হাঁহি ২) হেৰ, তয়ো নো গাওঁবুঢ়া হ'ব খোজ নে? গাৰ দেখোন ছাল-বাকলিয়েই নাই, কেনেকৈ নো তেনে বৰমূৰীয়াটো হ'ব খুজিছ? হলেও নো বাৰু, তোক কোনে মানিব?

 ভোগ।— দেউতাৰ আজ্ঞা পালে কোনে নো নেমানি পাৰিব? বন্দীক কৃপা কৰি বাবটি দিয়াৰ পাচতে দেখিব; মোৰ মনেৰে, কামত এই নিচলাই শকত-আৱত কেইটাকো চেৰ হে পেলাব। (লাহেকৈ কাপোৰখন উলিয়াই আগতে থৈ, মাটিত মূৰ লগাই সেৱা কৰে)

 ৰত্ন।— (ৰং মনেৰে) বাৰু, মই ভাবি চাওঁ। তই বাৰু অহা-যোৱা কৰি কাম শিকি থাক। হওঁতে, তহঁতৰ গাঁৱতে মোক এটা গাওঁবুঢ়া লগা হৈছে। বাৰু, এটা কৰিব লাগে; নহ'লে নো তই ভাল পাবি নে? বাৰু, যা এতিয়া।

 ভোগ।— (হৰিষ মনেৰে আকৌ সেৱা এটি কৰি) ভাল দেউতা, বন্দী এতিয়া আহিলোঁ হে। সকলো ভেৰেষা দেউতাৰ ওপৰতহে।

 ৰত্ন।— বাৰু, তই যাচোন, মই কৈছোঁ নহয়।—যাওঁ, মোৰো গা ধুবৰ পৰ হ'ল। পানী দিছে নে নাই জানো?

(ভোগমনৰ প্ৰস্থান)

 ৰত্ন।— (ভিতৰলৈ ৰিঙিয়াই) হেৰ, মঙলা।

 মঙলা।— (ভিতৰৰ পৰা) দেউতা!

 ৰত্ন।— হেৰ, এইফালে আহ। (পটাত ৰছিত লিখাত মগ্ন)

 মঙলা।— (মঙলা থিয় হৈ আছেহি, ৰত্নেশ্বৰে মন নকৰি লিখিয়েই আছে) দেউতা, মই হেৰিয়াৰ অ, আহিছোঁ নহয়। কি ক'ব খুজিছে, হেৰিয়াৰ অ, নকয় নো কিয় আকৌ। সিফালে মই, হেৰিয়াৰ অ, শাকনিতে কোৰখন এধা-শলাকৈয়ে, হেৰিয়াৰ অ, এৰি আহিছোঁ!

 ৰত্ন।— ইঃ, ইয়াৰ কোৰখন আধা শলা হোৱাত হে বৰকৈ চিন্তা হ'ল! দিনটোত আৰু সময় নেপাব নহয়। হেৰ, গা ধুবলৈ পানী দিছ নে নাই?

 মঙলা।— এৰা, হেৰিয়াৰ অ, এতিয়াও গা ধুবলৈ, হেৰিয়াৰ অ, পানী [ ১৪ ] দিবলৈ আছে। সিফালে তপত পানী, হেৰিয়াৰ অ, বাহী চেঁচা পানীৰ নিচিনা, হেৰিয়াৰ অ, হ'ল আকৌ! বেলিও, হেৰিয়াৰ অ, ভাটী দিলে।

 ৰত্ন।— বাৰু যা যা, ধঁপাত এচিলিম আনগৈ যা।

 মঙলা।— ঔ গোসাঁই! এতিয়া আকৌ হেৰিয়াৰ অ, ধঁপাত হুঁপিবৰ বেলি আচে। (আনফালে মুখ কৰি ভোৰ ভোৰাই) বিষৈয়া বুলিলে, হেৰিয়াৰ অ, পেটৰ নাৰী ছিগা! ভাল যেনিবা, হেৰিয়াৰ অ, মই এইখনত নাৰী-ছিগা হৈ, হেৰিয়াৰ অ, মৰিবলৈ আহিলোঁ। (মৌজাদাৰলৈ চাই) বাৰু, এতিয়া আহক, হেৰিয়াৰ অ, গা-ধোৱা পীৰাত বহিও, হেৰিয়াৰ অ, ধঁপাত হোঁপকহি।

 ৰত্ন।— (হাঁহি হাঁহি) বাৰু যা, যা, হেৰ লেবা, যা। তালৈকে আনগৈ যা। হেৰ, তালৈকে তেলো আনিবি।

 মঙলা।— (যাওঁতে যাওঁতে) এৰা, হেৰিয়াৰ অ, এতিয়াও তেল দিবলৈ হেৰিয়াৰ অ, বাকী আছে!

 ৰত্ন।— যাওঁ। (পটাত ৰছিত লিখি এঁটাই ৰত্নেশ্বৰৰো প্ৰস্থান)


[ ১৫ ]

তৃতীয় পট,—মৌজাদাৰণীৰ বুলনি।
(আগত তামোলৰ বঁটা লৈ অমিলা বহি আছে)

 অমিলা।— (ভিতৰলৈ চাই) হেৰ পাহিটি! তহঁতে আৰু মোৰ পাতিয়েই থাকিবি নে? ইফালে বেলি ভাটী দিলে নহয়; পথাৰলৈ আজি আৰু কেতিয়া নো যাবিহঁক?

ভিতৰৰপৰা।— আইচু! ওলালোঁ, যাওঁ।

(ৰংদৈৰ প্ৰৱেশ)

 অমিলা।— অ, ৰংদৈ আহিছ। বহ, সেই চলিপীৰা ডোখৰ টান মাৰি নি।

 ৰংদৈ।— (মাটিত বহি) নেলাগে আই-দেউতা, মাটিতে বহোঁ। বাটৰ খঁৰা-কুকুৰেও বাট নিদিয়া মানুহ, আমি নো কি ঢৰা-পীৰাত বহিবৰ লায়েক।

 অমিলা।— ক'ত নো খঁৰা-কুকুৰে বাট নিদিলে অ, ৰংদৈ?

 ৰংদৈ।— এৰা, তেনেকুৱাই নহয় নো কি, আই-দেউতা! আজিকালি নো আমাৰ বিলাইৰ কথা কি ক'ম। শহুৰ ঢুকাবৰ পৰা আৰু দিনে দিনে আমাৰ বিলাই চৰিহে গৈছে!

 অমিলা।— এৰা, কৰোঁতা-মোলোঁতা নাই দেহি! এইবেলি নো খেতিৰ ধান কিমান পাবি? খাবলৈ আটিব নে?

 ৰংদৈ।— হয়, আইচু! চপাব পাৰিলে, মূৰামূৰিকৈ আটিবগৈ। অকল ভাত-কাপোৰৰ দুখ হ'লেওচোন ৰক্ষা পাওঁ! আমাৰনো কথা কি সোধে!

 অমিলা।— আৰু নো কিহৰ দুখ? কচোন্‌ বাৰু; দুখ গুচাব নোৱাৰিলে, তেও পুতৌ কৰিব পাৰি।

 ৰংদৈ।— নোৱাৰিব নো কেলৈ? আই-দেউতাই কেৰাহিকৈ চালেও, এনে দুখনী বেটী হেজাৰজনী তৰিব পাৰে। [ ১৬ ]  অমিলা।— (হাঁহি হাঁহি) বাৰু, কচোন ক, কিহৰ নো দুখটো?

 ৰংদৈ।— আই-দেউতা! হাল বাঁহক আটায়ে আঁজোৰে! শহুৰ ঢুকাবৰ পৰা আমাক আৰু কোনেও গণিতাকে নকৰা হ'ল। এতিয়া, যেয়ে পাৰে কুকুৰৰ দৰে টঙনিয়াই মাৰিবলৈ হে বিচাৰে। কিনো কম, আইচু, বুকু ফাটি যায় যেন লাগে, সিদিনা কচুখোৱা গাওঁবুঢ়াহঁতে বাটৰ পৰা মোৰ নিচলা মানুহটোক কুলী ধৰি নি, কুকুৰাৰ মেটমৰা ভাৰখন দি, চেহাবৰ লগত মকচললৈ পঠালে। দুদিনৰ পাচতহে এধামৰা হৈ ওলাইছেহি! (কান্দিবলৈ ধৰে)

 অমিলা।— (পুতৌ কৰি) আয়ৈ দেহি! ভোগমনক নো সিহঁতে কুলী দিব পায় নে? তেতিয়াই তই আহি আমাৰ ডাঙৰীয়াৰ আগত নজনালিহি কিয়? মোক কোৱা হ'লেও হ'লহেঁতেন।

 ৰংদৈ।— কিনো কম আইচু, মই সিটোক লৈ যোৱাৰ ভালেখিনি পৰৰ পাচত হে আবেলি বুজ্‌ পালোঁ। কান্দি নো কি কৰিম বাৰু? এতিয়া আইদেউতাই অলপ চকু মেলি চায় বুলিহে বেটীয়ে ওচৰ চাপিছোঁহি।

 অমিলা।— হয় তো; বাৰু তই যা, মই ডাঙৰীয়াক এই কথা ক'ম। এতিয়াৰ পৰা আৰু তাক কুলী নিদিয়ে।

 ৰংদৈ।— নহয় আইচু! বিঘিনিৰ জইন্‌ নেমাৰিলে আকৌ মাজে মাজে উকাই হে থাকিব। সেই হে কৈছোঁ, বোলোঁ, আইদেৱে মন কৰিলেই হওঁতে বেটীৰ কামনা পূৰাব পাৰে।

 অমিলা।— কেনেকৈ? বাৰু, তয়ে কচোন।

 ৰংদৈ।— আইদেৱে যদি দুখুনীক কিৰ্‌পা কৰি, দেউতাক জনাই, সিটোক গাওঁবুঢ়া এটাকে পতাই দিয়ায়, তেনেহ'লে এনে আপদৰপৰা ৰইখা পাওঁ।

 অমিলা।— মই নো এতিয়া ঠাৱৰকৈ কেনেকৈ কওঁ? বাৰু, আজি মই ডাঙৰীয়াক সুধি চাম। ত'ত যদি ভাল বোলে, হ'ব পাৰিব।

 ৰংদৈ।— (কাওবাওকৈ) নহয়, আই-দেউতা! আপোনাতেই সদৌ ভেৰেষা। আপুনি টানি ধৰিলে, দেউতাই কেতিয়াও নুই নকৰে। [ ১৭ ]
(কাপোৰৰ তলৰ পৰা নিশিয়া মুগাৰ মেখেলাখন উলিয়াই দিয়ে)

 অমিলা।— এ, নেলাগে আই হে, নেলাগে; তহঁত দুখীয়া মানুহ, কিয় এইবোৰ ভগন কৰিব লাগিছে? লৈ যা, তহঁতৰ হৈ মই যি পাৰোঁ এনেয়ে কৰি দিম। লৈ যা, আই হে, লৈ যা।

 ৰংদৈ।— নহয়, আইচু, নললে বেটীয়ে বেজাৰ হে পাম। যেতিয়া নহ'ব, আপোনাসকলকে খুজি-মাগি পিন্ধিম। আগবঢ়োৱা বস্তু ওলটাই নিদিব। বেটী এতিয়া আহিলোঁ হে। (উঠে)

 অমিলা।— বাৰু, এতিয়া যা। তহঁতে বাৰু বেজাৰ কৰি নাথাকিবি। মই যি পাৰোঁ কৰিম।

 ৰংদৈ।— ভাল, আইদেউতা। (প্ৰস্থান)

 অমিলা।— ময়ো যাওঁ। অলপ জিৰাওঁগৈ। (প্ৰস্থান)

 ৰংদৈ।— (কাঁও-বাঁওকৈ) যি পাৰোঁ বুলিয়ে নহয়, আই-দেউতা, পাৰিবই লাগে। হাকিম দেউতাই আই-দেউতাৰ কথা কেতিয়াও নেপেলায়; বেটীয়ে বেচকৈ জানোঁ।

 অমিলা।— এ, তহঁতে নুবুজ, এইবোৰ চৰ্কাৰী কথা, খাতাংকৈ কেনেকৈ ক'ম! তথাপি, ডাঙৰীয়াক আজি টানি কৈ চাম। তই বাৰু কাইলৈ আহি যাবিচোন।

[ ১৮ ]
চতুৰ্থ পট,-চাহাবৰ বঙলা।
(ভোগমনৰ হাতত এটা মইনা চৰাই আৰু সমুথিৰা টেঙ্গা; ৰত্নেশ্বৰ আৰু ভোগমনে চাহাবলৈ বাট চাই জোমা-জুমি কৰি আছে)

 ৰত্ন।— হে, চাহাব ওলালেই মই চেলাম দিম; তয়ো মোৰ পিচৰ পৰা দীঘলীয়াকৈ চেলাম দি থিয় হৈ থাকিবি।

 ভোগ।— ভাল দেউতা! পিচে মই হলে কথা ক'ব নোৱাৰিম; চেহাবক দেখিলেই মোৰ ভয় লাগিব। এতিয়াই মোৰ বুকুখন টিপিং টিপিং কৰি আছে, দেউতা!

 ৰত্ন।— হেৰ কটা, একো ভয় নকৰিবি। ভয় কৰা দেখিলে হলে চাহাবে কেতিয়াও কাম নিদিয়ে। অ, ইয়ালৈকে হে গাওঁবুঢ়া হ'বলৈ মট্‌মটাই ফুৰিছিলি! গাওঁবুঢ়া বুলিলে চাহাবৰ কত যে ডাবি হুকি খাব লাগিব তোৰ কি লেখ আছে!

 ভোগ।— নহয়, দেউতা! তেতিয়াও এটা কথা। কাম পালে আৰু এনেকৈ ভয় নকৰোঁ। এতিয়া তেনেই নিচলা দেখি হে! তাতে আকৌ মই কেতিয়াও চেহাবৰ আগত থিয় হোৱা নাই। (চাহাবক ওলাই অহা দেখি কঁপি কঁপি) অ, দেউতা, দেউতা, সৌৱা, সৌৱা, ওলালহি, ওলালহি, আগ হওক। (ঠক্‌ঠক্‌কৰে কঁপিবলৈ ধৰে)

 ৰত্ন।— হেৰ, কটা, কি কৰিলি! থিৰ হ ! (চাহাবক দীঘলকৈ এটা চেলাম দিয়ে; পিচৰ পৰা ভোগমনেও মাটিত হাত লগাই চেলাম এটা দি কঁপিবলৈ ধৰে)

 ইয়ং।— ওৱেল, মৌজ্‌দাৰ আহিছে? ইয়াতে টোমাৰ কি কাম টাকিছে?

 ৰত্ন।— এনেই হে হজুৰক চেলাম দিবলৈ আহিছিলোঁ। বিশেষ কাম একো নাই, হুজুৰ! [ ১৯ ]  ইয়ং।—আচ্ছা, টেনেহ'লে কিজানি টুমি এতিয়া যাব ফাৰে। (ভোগমনলৈ চাই) হেইটো কোন মানুহ টাকিছে? হেইটো কি আনিছে? কি কি কৰিব মাঙিছে।

 ভোগ।— (কঁপি কঁপি) দেউতা, দেউতা, কওক, কওক, মোৰ কথাকে সুধিছে দেখোন!

 ৰত্ন।— হুজুৰ, সেইটো মোৰ মৌজাৰে মানুহ। তাৰ ঘৰত এই মইনা চৰাইটি আছিল; ভালকৈয়ে মাত-কথাও ফুটিছে। মই সিদিনা দেখি ক'লোঁ বোলোঁ, এইটো হুজুৰৰ বঙলাত থবলৈ হে ভাল হৈছে। ইয়ো বৰ ৰং মনেৰে হুজুৰলৈ চৰাইটো আগ বঢ়ালে। আৰু তাৰ বাৰীতে নতুনকৈ সুমথিৰা টেঙ্গা জোপাদিয়েক আগতীয়াকৈ পকিছে। সি বোলে জয়ে জয়ে হুজুৰতে লগাব। সেই মনেৰে তাৰে গোটাচাৰেক সি লৈ আহিছে।

 ভোগ।— হয় হজিৰ, খোদাবেণ্ডা, দেউতাই যি কৈছে, সেয়ে।

 ইয়ং।— চৰাই ডেকি হামি কুব্‌ বাল ফাইছে। আচ্ছা, হেইটো মোৰ চৰ্দ্দাৰৰ হাটতে ডিব ফাৰে। (ভোগমনলৈ চাই) হেইটো মানুহ কৈ হৈছে? হি কেলে কাঁপিছে? (চৰ্দ্দাৰে আহি চৰাই আৰু টেঙ্গা নিয়ে)

 ৰত্ন।— এৰা, হুজুৰ, গাঁৱলীয়া মানুহ, হজুৰক দেখি ভয় কৰিছে!

 ইয়ং।—(ভোগমনৰ ওচৰ চাপি) টুমি কেলে বয় কৰিছে? হামি বাগ টাকিছে নে বালুক টাকিছে? (গা-চাপি গৈ ধেমালিকৈ) হামি কি জানি এটিয়া টোমাকে কাব ফাৰে!

 ভোগ।— (বৰকৈ কঁপি কঁপি) দেউতা, দেউতা, কি হয় এটা কওক। মোক বেয়াকৈ লাগিল দেখোন!

 ইয়ং।—আচ্ছা, মৌজদাৰ! মই হলে টোমাৰ ওপৰ খুছি ফাইছে। এটিয়া টুমিলোক যাব ফাৰে। (ঘুৰিবলৈ ধৰে)

 ৰত্ন।— হজুৰ, এই মানুহটোৰ কিবা এফেৰি খাটনি আছিল। [ ২০ ]  ইয়ং।— কি কাটনি টাকিছে? হেইটো কাট কাটিব মাঙিছে? অঃ টেনেহলে হেইটো কাম টুমি ডেকিব ফাৰে।

 ৰত্ন।— নহয় হজুৰ, আন কিবা সকাম হে আছিল।

 ইয়ং। কি কাম টাকিছে? টুমিলোকৰ এইঠো বহুত বয়া ডস্তুৰ টাকিছে; কোন কাম টাকিলে যদি, আগাৰি কেলে কাম নাই বুলি কৈ ডিছে? চব বাবুলোক এই ৰকম টাকিছে। আচ্ছা হামি টোমাক হিকাই ডিছে, কোন কাম টাকিলে পহিলা কৈ ডিব লাগে; জানিলে?

 ৰত্ন।— ভাল, হজুৰ! আমি অসমীয়া বুঢ়া মানুহ, হজুৰসকলৰ বিলাতী ধাৰণ ভালকৈ ভু নাপাওঁ।

 ইয়ং।— আচ্ছা, কি কাম টাকিছে এটিয়া কব ফাৰে।

 ৰত্ন।— হজুৰ, তালন গাৱঁৰ ফালে মোক গাওঁবুঢ়া এটা লগা হৈছে। হজুৰে অনুমতি দিলে এটা ল'ব পাৰোঁ।

 ইয়ং।— টাটে আগাৰি দোছৰা গাওঁবুঢ়া নাই টাকিছে?

 ৰত্ন।— হয় হজুৰ, আছোঁতে এটা আছে। কিন্তু, সি বুঢ়া মানুহ, এতিয়া আৰু অকলে ভালকৈ কাম চলাব নোৱাৰা হৈ পৰিছে।

 ইয়ং।— আচ্ছা, গাওঁবুঢ়ালোক টলব নাই ফাইছে; টুমি একঠো ল'ব ফাৰে। হিঠো বুদ্ধা আছে, ইঠো যোবান মোটা মানুহ ল'ব লাগে।

 ৰত্ন।— ভাল, হজুৰ! হজুৰ আজ্ঞা পালে এই মানুহটোকে ল'ব পৰা যায়।

 ভোগ।— (থৰকবৰককৈ) হৈছে, হজিৰ গোলাম খোদাবেণ্ডা।

 ইয়ং।— অঃ, হেইঠো গাওঁবুঢ়া হ'ব নাই ফাৰিবে। হেইঠো একদম ডোবলা আড্‌মি টাকিছে। কি জানি কানি কাইছে। হি কাম কৰিব নাই ফাৰে, টুমি ডোছৰা আড্‌মি ডেকিব লাগে। কানীয়া আড্‌মিকে হামি কাম কভি নাই দিবে।

 ৰত্ন।— নহয় হজুৰ, মই জানো, সি কানি নাখায়। [ ২১ ]  ভোগ।— হয়, হজিৰে গোলামে কানি নেখায়। কেতিয়াবা সঙ্গত পৰিলে টিকিৰা হে দুটা চাইটা পোৰা হয়,—

 ইয়ং।— চুপৰাও। হেইটো কি বকবক কৰিছে? হামিকে গালি দিছে?

 ৰত্ন।— এইটোৱে নো টপটপাই আছে কেলৈ? কথা নুবুজে, এনেই বলকি থাকেচোন। (চাহাবলৈ চাই) নহয় হজুৰ, সি এনেই হে নিচলা,তাৰ বাপেকো এনেকুৱা আছিল। কিন্তু গাঁৱৰ ভিতৰত হলে টনকিয়াল। কওঁতে কেনা লগাইছে এতিয়া হজুৰৰ আগত ভয় কৰি হে, গালি পাৰিবলৈ তাৰ কি শক্তি আছে!

 ইয়ং। অঃ টেনেহলে চাহাবলোকৰ লগতে হেইটো কেনেকৈ কাম কৰিব ফাৰিবে? গাওঁতে ডোছৰা আড্‌মি ভি টাকে বয় নাই কৰিবে।

 ৰত্ন।— নহয় হজুৰ, নতুনতে সকলো এনেকুৱাই থাকে। পাচলৈ দেখি-শুনি আপুনি ভয় ভাগিব। আৰু, চৰকাৰী বিষয়া এখন পালে নিচলাকো মানুহে ভয় নকৰি নোৱাৰে।

 ভোগ।— হয়, হজিৰ, গোলাম, অলপ কিৰপা পালে গৰিপ ৰইখা পৰে।

 ইয়ং।— হেইটো কোন ৰইকা পৰে কৈছে?

 ৰত্ন।— অৰ্থাত্, হজুৰে মৰম কৰি তাক কামটো দিলে সি সুখ পাব; সি ডাঙৰ হৈ তৰিব পাৰিব বুলিছে।

 ইয়ং।— অঃ, গাওঁবুঢ়া কামতে কি হুক টাকিছে? টাটে টলব নাই টাকিছে? টেনেহলে হেইটো কাম কেলে মাঙিছে? মই জানিছে, টাটে কি জানি বহুত লাব টাকিব ফাৰে।

 ৰত্ন।— নহয় হজুৰ, আন কি লাভ আছে--সেই, বিয়াই-সবাহে আগ-ঢাৰি, আগ পাত, মেল-দোৱানত আনতকৈ দুটা পইচা সৰহকৈ পোৱা, এয়ে গাওঁবুঢ়াৰ লাভ। আগৰদিনীয়া ভাল মানুহৰ ল'ৰা হ'লেই মানফেৰাৰ নিমিত্তে এই কামত সোমায়। হওঁতে, ইয়ো বেয়া ঘৰৰ ল'ৰা নহয়, ইহঁতক বায়নৰ ঘৰৰ বোলে। [ ২২ ]  ইয়ং।— অঃ, আৰু ক'ব নাই লাগে, হামি চব জানিলে। (ভোগমনলৈ চাই) আচ্ছা টুমি কাম কৰিব ফাৰিবে?

 ভোগ।— (কঁপি কঁপি) হজিৰ, হজিৰ গোলাম—

 ইয়ং।— (মিছা খং দেখাই) ইউ ডেম ফুল! কি হজুৰ গোলাম বুলি টাকিছে! কাম কৰিব ফাৰিবে? চাহাবলোকৰ খং হুনিব ফাৰিবে? (গোৰোহনি মাৰে)

 ভোগ।— (ভয়ত চুৰ্ত্তি হেৰুৱাই) হয়, হজিৰ গোলাম ডেম-ফুল! মই একো জগৰ কৰা নাই, দোহাই মহাৰাণী!

 ইয়ং।— (খঙেৰে) ইউ ডেভিল, ৰাস্কেল! টুমি হামাকে গালি ডিছে? বয় ডেকাইছে? টুমি মহাৰাণী মাটিছে! টুমি হামাকে বোকা ডেকিছে?

 ভোগ।— (বোকা হোৱা ঠাই এডোখৰলৈ চাই) অ, হয়, হজুৰ বোকা হয়! মই এতিয়া হে মন কৰিছোঁ হজুৰ বোকা আছে। কিন্তু মই গাওঁবুঢ়া হলে হজুৰ আৰু বোকা নাথাকে।

 ইয়ং।— (অপ্ৰস্তুত সেমেনাসেমেনিকৈ হাঁহি হাঁহি) আচ্ছা, টুমি টিক্ কাম কৰিব ফাৰিবে?

 ভোগ।— কাম দিলে হজুৰ গোলামে চাব পাৰে।

 ইয়ং। অঃ, চাব ফাৰিলে নাই অবে? কাম কৰিব ফাৰিব লাগে। কুলী ধৰিব ফাৰিবে?

 ভোগ।— (টনকিয়াল হৈ) অঁঃ, পাৰিম হজুৰ; কোনো কথা নাই।

 ইয়ং।— (হাঁহি হাঁহি) আচ্ছা, টুমি কাম পাব ফাৰে। (ৰত্নলৈ চাই) মৌজাদাৰ, আচ্ছা, তুমি টাকে গাওঁবুঢ়া বনাব ফাৰে।

 ৰত্ন।— ভাল হজুৰ! আজিয়েই তাক মকৰলি পৰণা দিয়ামগৈ।

ইয়ং।— আচ্ছা, এটিয়া টুমিলোক যাব ফাৰে।

ৰত্ন।— (দীঘলকৈ চেলাম দি) ভাল হজুৰ,গোলামহঁত এতিয়া আহিলোঁহে। মকৰলি পৰওণা লবলৈ কাছাৰি হুজুৰলৈ ৰৈ থাকোঁগৈ।

ভোগ।— (মাটিত হাত লগাই চেলাম দি দি পিচ্ হুঁহকি গৈ গৈ প্ৰস্থান)

[ ২৩ ]

পঞ্চম পট,—মৌজাদাৰৰ চ'ৰা।
(এখন গাৱঁলীয়া মেল)

 ১ম, মে।— হেৰ, গুচৰীয়া-পদকীয়াহঁত কিনোৰূপেসৈতে, মেল-মৰা কি পেলাবি কিনোৰূপেসৈতে পেলাহঁক।

 ২য়, মে।— এৰা, আৰু পলম কৰা সকাম নাই; কি পেলাব লাগে পেলাহঁক। গোচৰ কিন্তু শকতেই, তাকে চাই হে পেলাব লাগে।

 গুচৰীয়া।— মই বাৰু এই অটকা পেলাইছোঁ। (বাটত টকা থয়) পিচে, মকটমাৰ খৰচাটো এনেই যাব নে?

 ৩য়, মে।— সেইটো কিন্তু পাচ কথা। মেলত তাৰ কিন্তু যি হয় বিচাৰ হব? কিন্তু গোচৰ চাই কিন্তু তোৰ পেলোৱা কিন্তু হোৱা নাই, আৰু এটকা কিন্তু পেলাব লাগে।

 গুচৰীয়া।— মোৰ আৰু এইখন কৰোতেই হাত উদং হ'ব লগা হ'লহি! (আৰু এটকা দিয়ে) বাৰু, আৰু অটকা পেলাইছোঁ।

 ৪ৰ্থ, মে।— গোচৰ বুলিলে তাৰপৰিণামে, দেৱলীয়া কৰি হে এৰে, তাৰপৰিণামে ইয়াকে বৰ টান পালি। এতিয়া পদকীয়াই, তাৰ পৰিণামে, পেলাব লাগে।

 পদকীয়া।— ককাইহঁত, মোৰ হাতত হ'লে সিমান নাই, আধলি এটাহে আছে। তাকে পেলাব পাৰোঁ।

 ১ম, মে।— হাতত নাই, কিনোৰূপেসৈতে, ধাৰ কৰি ল। এতিয়া নাই বুলিলেই, কিনোৰূপেসৈতে, হ'ব হবলা?

 পদকীয়া।— এৰা, তোমালোকে লাগিছা যেতিয়া এৰিব খুজিছা নে? (মেৰতলিৰ পৰা টকা দুটা উলিয়াই বাটত থয়)। [ ২৪ ]

(ভোগমনৰ সৈতে মৌজাদাৰৰ প্ৰৱেশ)

 (মেল আৰম্ভ; মৌজাদাৰে মৌজাৰ কাকত লিখিবলৈ ধৰি আওকণীয়া হৈ বহে; মেলুৱৈবিলাক কাৰো কথালৈ কোনেও কাণ নিদিয়াকৈ একে সময়তে অসংলগ্ন কথাৰে নিজ নিজ মত প্ৰকাশ কৰি মেল মাৰিবলৈ ধৰে):—

 ১ম, মে।— মই, কিনোৰূপেসৈতে, তেতিয়াই কৈছিলোঁ বোলোঁ, তহঁতৰ ভাব-গতি, কিনোৰূপেসৈতে, কিবাহে দেখিছোঁ, ভালে ভালে থাকোঁতেই, কিনোৰূপেসৈতে মানুহ-দুনুহ চপাই ভিতৰুৱা বস্তুৰ, কিনোৰূপেসৈতে ভাগ কৰি লহঁক।

 ১ম, মে।— তোৰ যদি মনে মনে তেনে ভাব আছিলেই, তেন্তে তই ককায়েৰক ক'ব হে পাৱ, বাপুৰে একেলগে থবলৈ মোৰ মন নাই, আমাৰ বস্তুৰ ভাগ হ'ব লাগে। পোনেই নো গোচৰখন কৰিবলৈ ওলাব লাগে নে?

 ৩য়, মে।— বাপেৰ কিন্তু ঢুকাবৰ নৌ-চাইদিন হওঁতেই কিন্তু তহঁতৰ ভিতৰত কিন্তু এনে খোঁচা খুঁচিখন কিন্তু হ'ব পায় নেঁ? এনে কথাৰ মূৰত হে কিন্তু হেৰিয়াৰ ঘৰৰ কিন্তু ভেঁটি উচন্ হ'ব লগাত কিন্তু পৰিছে।

 গুচৰীয়া।— মই বৰলা মানুহ, বোলোঁ মোৰ নো কি ঘৰ আছে, ককাইৰ হাতত থাকিলে নো মোৰ ভাগ-বস্তু কলৈ যাব। অ, এতিয়া তেওঁ চল পাই পাই বনমালী কৰিব খোজে!

 ৪ৰ্থ মে।— ইহঁতে আৰু, তাৰপৰিণামে, গাঁৱৰ-বুঢ়া-মেথাকো, তাৰপৰিণামে গণিতা নকৰা হ'ল। এইখন কৰাৰ আগেয়ে, তাৰপৰিণামে, আমাক এটায়ো যদি, তাৰপৰিণামে, এটা কথা সুধিলে! ইও, তাৰপৰিণামে, মেনে-মেনেই ফন্দীখন, তাৰপৰিণামে, পাতিলে, সিয়ো মেনে-মেনেই, তাৰপৰিণামে, কেছাৰি ঘৰ উঠিলগৈ।

 পদ।— দেখাদেখি যি বস্তু আছিল, সেইবোৰ এতিয়াও আছে। ভিতৰুৱা বস্তু কেতিয়াবাই দুয়ো আপোছতে ভাগ কৰি ললোঁ। এতিয়া সি তাৰ ভাগ [ ২৫ ] কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিলে কি হ'ব?

 ১ম, মে।— সেইদিনা, কিনোৰূপেসৈতে, গৰুটো বেচিবলৈ ধৰোঁতেই, কিনোৰূপেসৈতে, মই তাক বুজাই কলোঁ, বোলোঁ, কিনোৰূপেসৈতে, ভায়েৰ নথকাত গৰু বেচাটো, কিনোৰূপেসৈতে, ভাল হোৱা নাই।

 ৰত্ন।— তোমালোকে লাগ-বান্ধ নোহোৱা কথাৰে হাই-উৰুমি কৰিয়েই থাকিবা নে? আজিৰ মেল নিছিঙ্গো বুলি লাগিলাহঁক নেকি?

 ভোগ।— ৰাইজসকল! এইফালে কাণ দিয়ক, দেউতাই কিবা ক'ব খুজিছে (সকলোৱে নিমাত হৈ মৌজাদাৰৰ ফালে চাই ৰয়)।

 ৰত্ন।— বোলোঁ, সোধা-পোছা কৰি গোচৰৰ এটা মীমাংসা কৰি দিয়াটোহে ভাল। (সকলোৱে 'হয়' হয় কৰে) এতিয়া আমি গুচৰীয়াক সুধিবলগীয়া একো নাই; তাৰ আৰ্জ্জিতে সকলো পোৱা গৈছে। পদকীয়াই কচোন বাৰু, তই নো ভিতৰুৱা বস্তুৰ ভাগ নকৰাকৈয়ে কিয় সোপাকে গ্ৰাহ কৰিব খুজিছ?

 পদ।—নহয় দেউতা-ঈশ্বৰ! এই অতখিনি ভকতৰ আঁৰ হ'বলৈকে মই মিছা নকওঁ; তাৰে মোৰে ভিতৰত ভিতৰুৱা বস্তুৰ ভাগ কেতিয়াবাই হৈ গ'ল। এতিয়া, সি তাৰ ভাগৰ বস্তু কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিছে।

 ৰত্ন।— তাৰ কিবা প্ৰমাণ আছে নে? ভাগ কৰাৰ সময়ত কোন্‌ কোন্‌ আছিল? কোনে কোনে দেখিছিলে? তই তাৰ সাক্ষী দিব পাৰ নে?

 পদ।— তেতিয়া, দেউতা, আন কোনো নাছিল; মাথোন, মোৰ ঘৰৰ মানুহজনী হে আছিল।

 মে: বিলাক।— (গিৰ্জ্জনি মাৰি হাঁহি) এৰা, হয়, তোৰ ঘৈণীয়েৰক হে সাক্ষী মানিব লাগিল, ঐ! [ ২৬ ]  গুচৰীয়া।— দেউতা, ৰাইজসকল, মই কেতিয়াও মিছা নকওঁ। তাৰে-মোৰে ভিতৰত বস্তুৰ ভাগ কেতিয়াও হোৱা নাই। সি বাৰু কীৰ্ত্তন পুথিত ধৰি শপত খাওক, মই এৰি দিম।

 পদ।— ওঁঃ, সঁচা হ'লেও মিছা হ'লেও, মই কেতিয়াও শপত নেখাওঁ। জ্বলা জুয়ে শুকানো পোৰে, কেঁচাও পোৰে।

 ৰত্ন।— বাৰু, তেন্তে সিয়ে শপত খাওক, তই ভাগ-বস্তু দিবলৈ গাত ল।

 পদ।— ভাল, দেউতা, সিয়ে শপত খাওক, লামলকটি যি এডোখৰ আছে, তাৰে ভাগ কৰিবলৈ মই মান্তি আছোঁ।

 ৰত্ন।— সি কথাই কথা নহ'ব; মোৰ গাওঁবুঢ়াহঁত গৈ, মানুহ-দুনুহ চপাই, ভাগ কৰি দিবগৈ। বাৰু, এতিয়া শপত খুৱাবলৈ দিহা কৰা হওক! (ভিতৰলৈ চাই) হেৰ মঙলা! হেৰ, হাত-ভৰি ধুই শুচি হৈ, কীৰ্ত্তন পুথিখন লৈ আহ।

 ৩য়, মে।— এৰা, কিন্তু হাকিমৰ মুখেই কিন্তু নিষ্পত্তি।

 ১ম, মে।— অঃ, কিনোৰূপেসৈতে, নহ'ব নো কিয়? কিনোৰূপেসৈতে, হাকিম নো আকৌ, কিনোৰূপেসৈতে, বোলে কিয়?

 মঙলা।— (ভিতৰৰ পৰা হাতত লোটা এটাৰে সৈতে মূৰত কীৰ্ত্তন পুথি লৈ আহি মেলুৱৈ এজনৰ প্ৰতি) হেৰা, ঠাইখন, হেৰিয়াৰ অ, অলপ মোহাৰি দি, হেৰিয়াৰ অ, তাতে বটাটো থোৱাঁ দেও হে! (মেলুৱৈ এজনে মাটিত হাত ফুৰাই বটা পাতি দিয়ে; বটাৰ ওপৰত কীৰ্ত্তন পুথি ৰাখি মঙলাৰ প্ৰস্থান)

 ৰত্ন।— বাৰু, এতিয়া আমাৰ কচুখোৱা গাওঁবুঢ়াই তাক শপত খুউৱাচোন।

 কচু।— ভাল। (উঠি গৈ) হেৰ আহ, আঁঠু লহি।

 গুচৰীয়া।— (উঠি গৈ আঁঠু কাঢ়ি কীৰ্ত্তনত ধৰি) বোলক।

 কচু।— ক, বুলি, ককাইৰে মোৰে ভিতৰত যদি বস্তুৰ ভাগ হৈছিল, তেন্তে মোৰ দেহ-নাম ভগন হ'ব।

 গুচৰীয়া।— ভগন হ'ব। [ ২৭ ]  ১ম, মে।— অঃ কিনোৰূপেসৈতে অকল 'হ'ব' বুলিলেই, কিনোৰূপেসৈতে, নহ'ব। গোটেইখিনি বচন, কিনোৰূপেসৈতে, লুটিয়াই ক'ব লাগে।

 গুচৰয়া।—এঃ, সিমানবোৰ কথা মোৰ মনত নৰয় দেও হে।

 কচু।— বাৰু এটা এটাকৈ কৈ যাওঁ, তই ধৰি যাবি। ক, বুলি—

 গুচৰীয়া।— ক, বুলি।

 কচু।— এঃ, পোনেই গুৰিতে নধৰিবিচোন।

 গুচৰীয়া।— বাৰু গুৰিত নধৰোঁ; আগত ধৰিম।

 কচু।— বুলি, বস্তুৰ ভাগ হৈছিল যদি, মোৰ দেহ-নাম ভগন হ'ব।

 গুচৰীয়া।— দেহ-মান ভাগ হ'ব।

 কচু।— নহয়, দেহ-নাম।

 গুচৰীয়া।— হয়, বাৰু দেহ-মান।

 কচু।— কি আঁকৰা ঔ এইটো! বাৰু ক, ভগন হ'ব।

 গুচৰী।— বাৰু ক, ভগন হ'ব।

 কচু।— এঃ, ইয়াক আৰু বলাব নোৱাৰি দেও হে!

 ১ম মে।— বাৰু, হৈছে; কিনোৰূপেসৈতে, সেয়ে পাবগৈ। এতিয়া বিলনীয়া উঠি কিনোৰূপেসৈতে মেলমৰা বিলাই দিব লাগে।

 ৩য় মে।— হয় কিন্তু গোটাৰূপ কেটকা কিন্তু শিউলালৰ গোলাত কিন্তু পইচাকৈ ভঙাই আনোগৈ কিন্তু (বটাৰ পৰা টকা লৈ ওলাই গৈ পাকতে ভঙনীয়া পইচা আনি বটাত লেখি লেখি থয়হি)

(বিলনীয়াই মানুহ-চাই মেল-মৰা বিলাই দি গৈ ভোগমনৰ ভাগ দিয়েগৈ)

 ভোগ।— (উচাত্ মাৰি) ইঃ, মই ইমান হে পাওঁ নে? সৌৱা, টেপেৰা গাওঁবুঢ়াহঁতে কিমান পাইছে নাচাৱ কিয়? বোলে, সমানৰ ভাই, পাইকৰ ককাই; চাই-চিতি কাম কৰিব লাগে।

 বিলনী।— সিহঁতে যিমান পাব লাগে সিমান পাইছে। গাওঁবুঢ়া বুলিলে আগে-পাচে যি নিয়মে পায়, এতিয়াও সেই নিয়মেই পাইছে। [ ২৮ ]  ভোগ।— মই নো তেন্তে সেই নিয়মেই নেপাম কিয়? (খং কৰি) মোক নো পিচে কিয় বে-দস্তুৰ কৰি দিছা?

 বিলনীয়া।— (আঁচৰিতভাবে হাঁহি) তই নো আকৌ কাহানিৰ পৰা সেই নিয়মে পোৱা হলি? (ৰাইজে গিৰ্জ্জনি মাৰি হাঁহে)।

 ৰত্ন।— অ, নহয়, তাক তালন গাঁৱৰ ডেকা-গাওঁবুঢ়া পতা হৈছে। সিদিনা চাহাবে তাক মকৰলি পৰওণা দিছে।

 ১ম মে।— হয়নে দেউতা? এ, আমি কিনোৰূপৰেসৈতে, ভূকে পোৱা নাই। অ, তেন্তে তেওঁকো, কিনোৰূপৰেসৈতে, মান ৰাখি দিব লাগে। (বিলনীয়াই আকৌ দিয়ে) ল, তেনেহলে গাওঁবুঢ়াৰ সমানেই ল, আমাত একো কথা নাই। (বিলনীয়া বহেগৈ)

 ১ম মে।— দেউতা, এতিয়া আৰু কিনোৰূপেসৈতে, আমি উঠো হে।

 ৰত্ন।— বাৰু, যোৱাঁহঁক। ময়ো উঠোঁ।

(সকলোৰে প্ৰস্থান)