গাওঁবুঢ়া/প্ৰথম অঙ্ক
১। অঙ্ক।
⸺•⸺
প্ৰথম পট,—গাঁৱলীয়া ৰাজবাট।
⸻⸻⸻
১ম কুলী।— (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই।
বাপু।— (খঙ্গেৰে) কটা, তই মৰ্ বা তৰ্, মই কি কৰিম? চৰ্কাৰী কাম; কুলী নিদিলে মোক হবলা হাকিমে শুদাই এৰিব? গুচ্, টপটপাই নাথাকিবি মোৰ ওচৰত।
১ম কুলী।— (কচুখোৱালৈ চাই) গাওঁবুঢ়া ককাই! তুমিও নো মুখলৈ নোচোৱাঁ নে?
কচু।— এৰা, নেচাম নো কেলৈ? তই মোলৈ কোঁচ্ভৰাই নি চাৱ নহয়? আমাক তামোল এটা, পাণ এবিৰা পাৰি দিয়াও তহঁতৰ মানত লাজৰ কথা? এতিয়া মুখলৈ নেচাম নো কিয়? [ ২ ] ২য়, কুলী।—(বাপুৰ পিচফালে থিয় দি) ডাঙৰীয়াই অলপকৈ হাতখনি মুকলি কৰিলেহেঁতেন (বাপুৱে পিচফালে হাত পাতে, কুলীটোৱে টিপতে সিকি এটা গুজি দিয়ে)।
বাপু।—(উলটি চাই) অ, হেৰ ভটাগুটী।
২য়, কুলী।— দেউতা, কিবা কব খুজিছে?
বাপু।— হেৰ, তোৰ বৌৱেৰৰ ভিনীহিয়েকৰ পিতেকৰ তিলনি গ'ল জানো? ল'ৰাটো ঢুকাবৰ আজি কেইদিন?
২য় কুলী।— তিলনি নাই যোৱা দেউতা! ঢুকাবৰ আজি দুদিন হে হৈছে।
বাপু।— এৰা, তহঁতৰ অশৌচ যোৱাই নাই তেন্তে। বাৰু, আন এটাহে বিচাৰিবলীয়া হ'ল; তই যাগৈ তেনেহ'লে।
২য়, কুলী।— ভাল ডাঙৰীয়া-দেউতা! (আনন্দেৰে প্ৰস্থান)
৩য়, কুলী।— (কচুখোৱাৰ কাণে-কাণে) শুনাচোঁ গাওঁবুঢ়া ককাই! সিদিনা মালভোগ কল এথোকা পকিছিল। মনতেহে, বোলোঁ, কলও পকক, নতুনকৈ বেঙেনা এগাল কলিয়াইছে সিও ডাঙৰ হক, একেলগে নি তোমাৰ ঘৰত দি আহিমগৈ। তাকে সিদিনা সৌ তেওঁ মণ্ডলে বুজ পাই আহিবৰে পৰা গোটেই আমাৰ ফালে টিঙ্গিৰিতুলা হৈ আছে! নেদেখিছাঁ, আজি পোনছাতেই তেওঁ মোক হে লাগিছেহি।
কচু।— (ইফালে-সিফালে চাই, ফুচফুচীয়াকৈ) সঁচা নে? বাৰু,তেন্তে মই তোৰ ফালে পিঠি দিওঁ, তই লৰেই মাৰ। কিন্তু, বেঙেনা পাচেও দিবিগৈ, কলথোকা এতিয়াই নি আমাৰ সিজনীৰ হাতত দিবিগৈ। যা,যা।
৩য়, কুলী।— ভাল, কোনো কথা নাই, গৈয়েই দিমগৈ (লৰ মাৰে)।
বাপু।— দেখ, দেখ, কনিষ্ট! ঐ কুলী ভাগ্কে লৰ মাৰতাহেঁই। তুমি খেদি যাইকে তাক পাকুৰি আনও। (চিপাহীটোৱে যাবলৈ ধৰে)।
কচু।— নাহি, নাহি, কনিষ্ট বাবু, তুমি ৰহ; হামি এক লৰমে যাইকে তাক পাকুৰি লৈ আনেগা। (কুলীৰ পিচে পিচে লৰ ধৰে)৷ [ ৩ ] চিপাহী।— (মণ্ডললৈ চাই) এ কেইচা বাত হেঁই? হামলোককো চাৰ আডমিকো দৰ্কাৰ থা, চব পূৰা হো গিয়াৰাহা; লেকিন তোম্ আপ্না মতলবচে একঠো চোৰ দিয়া; আওৰ একঠো আভি ভাগ যাতাহেঁই। হামলোক আওৰ ডেৰি কৰ্ণে নাহি চেক্তাহে। তব আভি ক্যা কৰেগা? হামকো মালুম হোৱা, এ চব তোমালোককা কায়দা হেঁই। (খঙেৰে) আওৰ ডেৰি নাহি কৰেগা। তোমালোক দুনো আপনে কুলী যানে পৰেগা।
বাপু।— (ভয়েৰে) নাহি নাহি, চিপাহী জি! আপ খং নাই কৰেগা। হামি এতিয়াই দোচোৰা কুলী ধৰি দেঙ্গা।
কচু।— (বাপুলৈ চাই) নেপালোঁগৈ; নোৱাৰিলো ধৰিব! সি গোটেই ফিৰিঙ্গতি ওফৰাদি উফৰিল!
চিপাহী।—(খঙেৰে) চুৱাৰ, পাজী, তব তোম কাহে হামকো যানে মানা কিয়া? আভি তোম আপনে কুলী যানে পৰেগা। (কচুখোৱাৰ গলধনত হেচি ধৰি) চলও আভি!
কচু।— (কাওবাওকৈ) কনিষ্ট বাবু! আপুনি খং নাই কৰেগা। আপুনি অলপ চবুল কৰেগা; ঐ দুটা আড্মি আহাতাহে। ঐ দুটাকে ধৰি দেঙ্গা। এতিয়া হামিলোক চুপ্ কৰি ৰহেগা।
মানুহটো।—(নিলগৰ পৰা বেঙা মেলি চাই) বোপাই ভোগমন, মোক ভাল বাঘৰ মুখত পেলাহিলি! সৌ জাক নেদেখিছ? লগতে ৰঙাপাগুৰি মৰা এটাও! তোক যেনিবা ভাল মানুহৰ ল'ৰা বুলিয়েই এৰিব বোপাই, মই ইমানতে পলোৱাহে ভাল। (উলটি লৰ ধৰে)
ভোগমন।— (কচুখোৱাৰ কাষ চাপি গহীনাই) কি গাওঁবুঢ়া ককাই, কুলী ধৰা হৈছে নে? কলৈ নো যাব লাগে?
কচু।— এৰা, যেনিবা কুলীকে ধৰা হৈছে। তুমিও লগত লগ নধৰা নে? [ ৪ ] ভোগ।— এৰা লগ ধৰাব পৰা হলে যেনিবা ইমান দিনে মুকলিমুৰীয়াকৈ নেৰিলাহেঁতেন। এতিয়াও আমাক সেই ফেৰা উপকাৰ নকৰিলেই ভাল (গহীনভাৱে পাৰ হৈ যাব খোজে)।
কচু।— নহয়, নহয় শুনিছানে, এনে ছেগত আৰু তোমাক অকলশৰীয়াকৈ এৰি দিব নোৱাৰি। আহাঁ, আহাঁ, লগ ধৰাঁহি। (হাতত ধৰি টানে)
ভোগ।—(কচুখোৱাৰ হাতখন আছাৰ মাৰি পঠিয়াই) এৰি দিয়াঁহে, বুঢ়া মানুহ হৈ কি ভেঙ্গুচালিখন কৰাঁ! (জোঁটাপুটি লাগে)
কচু।— কনিষ্ট বাবু, কনিষ্ট বাবু, ধৰও ইয়াকু ধৰও, পাকুৰি লও। (চিপাহীয়ে ভোগমনৰ গল্ধনত ধৰি টানি আনে)
ভোগ।— (কচুখোৱাৰ প্ৰতি) হেৰ, চপনীয়া গোলামৰ পিতেক, তই দোখন বৰ কেৰেমতালি কৰ! মই বায়নৰ ঘৰৰ ল'ৰা বুলি দেশখনে জানে। তোৰ দৰে মই ধেনু-চোঁচা কাঁড়ীৰ ল'ৰা নে? মোক কেতিয়াবা কুলী খটা দেখিছিলি নে? বাৰু ব'ল, ডেকেৰা বাবুত কৈ, মই তোৰ আগতে এৰাই আহিব পাৰোঁ নে নোৱাৰোঁ চা। তই দেখোন—(চিপাহীয়ে টেঁটুত চেপা দি ধৰে)।
বাপু।— চিপাহী, আভি চলও। বহুত ডেৰি হৈ গিয়া। বাট মে আৰু একঠো পাকুৰি লৈ যায়গা।
চিপাহী।— আচ্ছা, চলও আভি। (সকলোৰে প্ৰস্থান)
দ্বিতীয় পট,—থানা।
(এটা চিপাহীৰ সৈতে মাণিকচন্দ্ৰ দাৰোগা বহি আছে)
মাণিক।— তহঁতে দেখ্চোন বাৰু! সেই বদমাচ দেচোৱালী চিপাহীটো পুৱাতে গ'ল এতিয়াও উলটি নাহিল; ইফালে মোৰো গা ধুবৰ সময় হ'লহি।
চিপাহী।— হয় দেউতা, সি বৰ ফিকিৰদাৰ মানুহ। সি বা কি ফন্দী পাতি ফুৰিছেগৈ, কোনে জানে? আমাৰ অসমীয়া এটা যোৱা হ'লে ইমান বেলি কেতিয়াও নহ'লহেঁতেন। (বাটলৈ বেহামেলি চাই) অ, দেউতাই বৰকৈ ভাবিব নালাগে আৰু সৌৱা, ওলাইছেহি।
মাণিক।— (খঙেৰে) হেঁইৱাও বদ্মাচ্ কাহে এটনা ডেৰি হোৱা? তোমাৰ মতলব হাম্ জান্তাহেঁই।
চিপাহী।— নাহি হজুৰ, হামাৰা কুছ্ কচুৰ নাহিহেঁই; চব্ এ দুনো বদমাচ্চে হোতাহেঁই। (বাপুলৈ আঙুলিয়াই) পহিলা হামলোক্কা চাৰঠো আড্মি পূৰা হো গিয়াৰাহা, লেকিন, এহি মণ্ডল আপ্না খুচিছে একঠো ছোৰ দিয়াহেঁই। আওৰ একঠো (কচুখোৱালৈ আঙুলিয়াই) ওহি গাওঁবুঢ়া মতলবচে ভাগ্নে দিয়া হ্যাঁই। ইচোৱাষ্টে এট্না ডেৰি হো গিয়া।
মাণিক।—(বাপু আৰু কচুখোৱালৈ চাই) মই তহঁতৰ ফিকিৰ আগৰেপৰা জানো। তহঁতকো জোখাকৈ এশিকা নিদিলে নহয়। হেৰ, চন্তৰি, ইহঁত দুইকো আটক কৰি ৰাখ, বেলি ভাটী দিলেহে এৰি দিবি।
কচু।— (কাওবাওকৈ) ডাঙৰীয়া, মোৰ ফালে কাণ কৰকচোন। সঁচাকৈ—
মাণিক।— চুপ্, তোৰ মুখ বন্ধ কৰ। মোৰ এতিয়া গোচৰ শুনিবৰ সময় নহয়।
মাণিক।—(মুখ বিদৰাই) থৈ দিয়াঁ তোমাৰ মান-অপমানখন! কুলী হবৰ বেলিকা আটাইবিলাক ভালমানুহ ওলায়। পিচে, তোক এৰি মোক কুলী যাবলৈ দিছ নে?
ভোগ।—কপাল! আপুনিও এনে অবুজন হ'ল! কিন্তু, নেদেখাজনে—
মাণিক।—চুপ্, তোৰ মুখ বন্ধ কৰ। নহ'লে ৰুলমাৰিৰ খুন্দাত দাঁত এটাও নাথাকে।
১ম কুলী।— দেউতা-ঈশ্বৰ! বন্দীক আৰু মৰিয়াই মাৰিলেই ভাল আছে। কানীয়া মানুহ, নিগমে মৰিলোঁ দেউতা-ঈশ্বৰ। কানি খাবৰো পৰ হ'ল, বন্দীক কিৰ্পা কৰোক দেউতা! (দীঘলকৈ হামি মাৰে)
মাণিক।— বাৰু, ৰঁবা, অ, ককাই! সৰহ পৰ নাই; ভালকৈয়ে কানি খাবাঁ! চাহাবে থৈছে তোমালৈ কানি!
৪ৰ্থ কুলী।— (মাণিকৰ ওচৰ চাপি ফুচফুচাই) ডাঙৰীয়াই সিদিনা বিচাৰি পঠিওৱা বস্তু বন্দীয়ে ঠিক কৰি থৈছোঁ। আজি আনিম বুলি ওলাওঁতেই এইখন আপদে পালে!
মাণিক।— (অলপ গমি) হেৰ বিহগুটী তই মোৰ তালৈ যাচোন; তাতে, চিপাহীয়ে দেখুৱাই দিব অলপ চৰ্কাৰী কাম আছে কৰগৈ যা। তোক মই যাওঁতে লগতেই চাহাবৰ বঙলালৈ লৈ যাম, যা। (আনে নুশুনাকৈ) তই তাৰেপৰা গুচি যাগৈ, আৰু সেই বস্তুটো লৈ আহগৈ, যা।
৪ৰ্থ কুলী।— ভাল, ডাঙৰীয়া!
(প্ৰস্থান)
মাণিক।— অ, কি হে, আৰ্দ্দলি ককাই?
আৰ্দ্দলি।— বাবু! চাহাবে পঠিয়াইছে। বোলে, কুলী আহি পালে যদি, সোনকালে পঠিয়াই দিয়ক।
মাণিক।— এৰা, এয়া কুলী ঠিক হৈছে। পুৱাৰে পৰা কত যতনেৰে হে গোট খুৱাইছোঁ। চাহাবে লগত মাল কিমান লৈছে? এই কেইটা কুলীয়েই নহ'বনে?
আৰ্দ্দলি।— মাল সৰহ নহয়। কুলী তিনিটামানেই বলে পাৰিব।
মাণিক।— ভালেই হ'ল। মই আকৌ ইমান নহ'ব বুলি আৰু গোটাচেৰেক আনিবলৈ পঠিয়াইছিলোঁ। সেই হে পলম হৈছিল। আৰ্দ্দলি তুমি এই কেইটাকে লৈ আগবাঢ়া; ময়ো পাচতে গৈছোঁ।
ভোগ।— ডাঙৰীয়া! সেই, ঘৰলৈ যোৱাটোৰ সলনি মোকে ৰাখিলেও, মই এনে অপমানৰ পৰা ৰইখা পাওঁ। ডাঙৰীয়া, অলপ কিৰপা—
মাণিক।— তই চুপ্ থাক। আৰ্দ্দলি, ইয়াক মূৰ্গীৰ ভাৰখন দি নিবাগৈ, তেহে ইয়াৰ মান-মৰ্য্যাত সোপাই ৰক্ষা পৰিব! মই যাওঁ, ওলাওঁগৈ, তোমালোকো যোৱাঁহঁক।
(সকলোৰে প্ৰস্থান)