এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দিবলৈ আছে। সিফালে তপত পানী, হেৰিয়াৰ অ, বাহী চেঁচা পানীৰ নিচিনা, হেৰিয়াৰ অ, হ'ল আকৌ! বেলিও, হেৰিয়াৰ অ, ভাটী দিলে।

 ৰত্ন।— বাৰু যা যা, ধঁপাত এচিলিম আনগৈ যা।

 মঙলা।— ঔ গোসাঁই! এতিয়া আকৌ হেৰিয়াৰ অ, ধঁপাত হুঁপিবৰ বেলি আচে। (আনফালে মুখ কৰি ভোৰ ভোৰাই) বিষৈয়া বুলিলে, হেৰিয়াৰ অ, পেটৰ নাৰী ছিগা! ভাল যেনিবা, হেৰিয়াৰ অ, মই এইখনত নাৰী-ছিগা হৈ, হেৰিয়াৰ অ, মৰিবলৈ আহিলোঁ। (মৌজাদাৰলৈ চাই) বাৰু, এতিয়া আহক, হেৰিয়াৰ অ, গা-ধোৱা পীৰাত বহিও, হেৰিয়াৰ অ, ধঁপাত হোঁপকহি।

 ৰত্ন।— (হাঁহি হাঁহি) বাৰু যা, যা, হেৰ লেবা, যা। তালৈকে আনগৈ যা। হেৰ, তালৈকে তেলো আনিবি।

 মঙলা।— (যাওঁতে যাওঁতে) এৰা, হেৰিয়াৰ অ, এতিয়াও তেল দিবলৈ হেৰিয়াৰ অ, বাকী আছে!

 ৰত্ন।— যাওঁ। (পটাত ৰছিত লিখি এঁটাই ৰত্নেশ্বৰৰো প্ৰস্থান)