তৃতীয় পট,—মৌজাদাৰণীৰ বুলনি।
(আগত তামোলৰ বঁটা লৈ অমিলা বহি আছে)
অমিলা।— (ভিতৰলৈ চাই) হেৰ পাহিটি! তহঁতে আৰু মোৰ পাতিয়েই থাকিবি নে? ইফালে বেলি ভাটী দিলে নহয়; পথাৰলৈ আজি আৰু কেতিয়া নো যাবিহঁক?
ভিতৰৰপৰা।— আইচু! ওলালোঁ, যাওঁ।
অমিলা।— অ, ৰংদৈ আহিছ। বহ, সেই চলিপীৰা ডোখৰ টান মাৰি নি।
ৰংদৈ।— (মাটিত বহি) নেলাগে আই-দেউতা, মাটিতে বহোঁ। বাটৰ খঁৰা-কুকুৰেও বাট নিদিয়া মানুহ, আমি নো কি ঢৰা-পীৰাত বহিবৰ লায়েক।
অমিলা।— ক'ত নো খঁৰা-কুকুৰে বাট নিদিলে অ, ৰংদৈ?
ৰংদৈ।— এৰা, তেনেকুৱাই নহয় নো কি, আই-দেউতা! আজিকালি নো আমাৰ বিলাইৰ কথা কি ক'ম। শহুৰ ঢুকাবৰ পৰা আৰু দিনে দিনে আমাৰ বিলাই চৰিহে গৈছে!
অমিলা।— এৰা, কৰোঁতা-মোলোঁতা নাই দেহি! এইবেলি নো খেতিৰ ধান কিমান পাবি? খাবলৈ আটিব নে?
ৰংদৈ।— হয়, আইচু! চপাব পাৰিলে, মূৰামূৰিকৈ আটিবগৈ। অকল ভাত-কাপোৰৰ দুখ হ'লেওচোন ৰক্ষা পাওঁ! আমাৰনো কথা কি সোধে!
অমিলা।— আৰু নো কিহৰ দুখ? কচোন্ বাৰু; দুখ গুচাব নোৱাৰিলে, তেও পুতৌ কৰিব পাৰি।
ৰংদৈ।— নোৱাৰিব নো কেলৈ? আই-দেউতাই কেৰাহিকৈ চালেও, এনে দুখনী বেটী হেজাৰজনী তৰিব পাৰে।