গাওঁবুঢ়া/তৃতীয় অঙ্ক
জেতুকী।— (পিৰালিত বহি নাম গায়) "ৰ'দালি এ ৰ'দ দে। আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি ৰ'দ দে।" (ঘূৰাই ঘূৰাই গাই থাকে)
ভোগ।— (পুৱা শুই উঠি আহি চকু মোহাৰি মোহাৰি) হেৰ, শুনিছ নে, এইপিনে আহ। (আপোনা-আপুনি) এতিয়াই নগ'লে, খেজেনা দিবলগীয়া মানুহবিলাকক ঘৰত পোৱাগৈ টান হ'ব।
ৰংদৈ।— (বৰঘৰৰপৰা ওলাই আহি) কি হ'ল? কেলৈ?
ভোগ।— সেই ভদৰীচুকৰ নিধক মানুহবিলাকে আজিলৈকে মৌজাদাৰৰ খেজেনা পইচা এটাকে দিয়াহি নাই; মৌজাদাৰে কালি গধূলি খঙত একোনাই কৰিছে! মই তালৈকে যাওঁ, পলমে হে ওলামহি। তামোল গোটাচেৰেক আৰু পাণ বিৰাদিয়েক বান্ধি গামছাখন লৈ আহ।
ৰংদৈ।— (মুখ জোকাৰি) উ, উ, মই বোলোঁ কিবাটোহে হ'ল! মৌজাৰীৰ কামতে এইদৰে সদায় টলৌ টলৌকৈ ফুৰি থাকিলেই ভাত-কাপোৰ এটাইবোৰ আপুনি হ'ব।
ভোগ।— কিনো কৰিম বাৰু! সেই বুলি, চৰ্কাৰী কাম নকৰি পাৰি নে?
ৰংদৈ।— চৰ্কাৰী কাম নকৰি নোৱাৰি হয়, পিচে আমি হ'বলা ইফালে নেখাই মৰিব পাৰোঁ? তেন্তে চৰকাৰে আমাক এটা জীৱিকাৰ উপায় নিদিয়ে কিয়? ঘৰৰ খাই পৰৰ হৈ খাটি মৰা ক'ত আয়ণ আছে? [ ৩০ ] ভোগ।— নেখাই নো ক'ত কেইটা মৰিব দেখিছ? গোঁসায়ে এক ৰকমে খুৱাব। সংসাৰৰ গতিয়েই এনে!
ৰংদৈ।— এৰা, হাত সাবটি বহি থাকিলেও গোঁসায়ে বঢ়া ভাত আগত দি খুৱাই দিবহি নহয়?
ভোগ।— (বেজাৰ মনেৰে) মোক নো তই কিমান বহি থকা দেখিছ বাৰু? মোৰ নিচিনা দুখকাৰী জীৱ আৰু সংসাৰত কোনোবা আছে নে নাই মই ক'ব নোৱাৰোঁ।
ৰংদৈ।— বহি থকা নাই, ঘূৰিয়ে ফুৰিছহঁক। পিচে কালৈ? লোকক খুৱালেই নিজৰ পেট ভৰে হ'বলা? তেনেহ'লে যাহঁক, খাবলৈ নিবিচাৰিবিহি মুঠে। মই নো ক'ৰ পৰা খুৱাম?
জেতুকী।— (পিৰালিৰ পৰা লৰি আহি মাকৰ আঁচলত ধৰি) আই! মই ৰাতিপুৱা খাবলৈ কালি ভাত থৈছিলি নে? দেহি আই, মোৰ ভোক লাগিছে।
ৰংদৈ।— (খঙেৰে) গুচ্ এই কুলইখনীজনী এইখনৰ পৰা। কৰবাৰ খং কৰবাত সাৰিম পাচে!
জেতুকী।— (কান্দি কান্দি বাপেকলৈ চাই) বুপাই, চাচোন আয়ে মোক ভাত নিদিয়ে!
ভোগ।— (বেজাৰ মনেৰে জেতুকীক কোলাত তুলি লৈ) নেকান্দিবা মোৰ আই! মোৰ আয়ে আপুনি বিচাৰি খোৱাঁগৈ যোৱাঁ। (জেতুকীৰ প্ৰস্থান)
ভোগ।— তোৰে সৈতে এইদৰে চুপতি মাৰি থাকিলেই মোৰ গা নুজুৰায়। মই যাওঁ। কি কৰ, কৰি থাক।
ৰংদৈ।— এৰা, ঘৰৰ কথা পাতিলে গা নুজুৰায় তো! যা, এতিয়া দিনটো টলৌ টলৌকৈ জুৰণি বিচাৰি ফুৰগৈহঁক। আজি দুবছৰে ফুৰি ফুৰি যিখিনি জুৰণি চপাই আনিছ, সেয়ে তিনিওটাৰে গা জুৰাইছে নহয়! লোকে বিষয় লয় সুখ খাবলৈ , আমাৰ বিষয়ে দুখৰ পাচি ভৰাইছেহি। মাজ-পথাৰৰ ধান [ ৩১ ] দেখি হে ইমান দিনলৈকে আছিল; এতিয়া চাৰিওফালে লোকৰ ধান দাই নি মুকলি কৰি দিলে; যি এডাল আছে সিও উদঙ্গীয়া গৰুৰ ঘাঁহ হওক! মই নো একেজনী মানুহে কেইপিনে চাম? ঘৰলৈকে চাম নে, ধানকে চপাম? গাঁৱে গাঁৱে ফুৰি থাক, তেও বা কৈ-মেলি এজনী মানুহকে মাতি আনি ধান কেমুঠি কটাই লওঁ, এনেটোও মনত নাই। যি হয় হৈ থাওক, ময়ো উভতি নেচাওঁ। এই বেলি ভাত-ভঁৰালৰো ভিকাচন ভাগিব!
ভোগ।— হেৰ, এনে কথা নো কিয় কৱ? মোৰ হ'বলা সেইটো গিয়ান নাই? পিচে, কি কৰিম, আজিকালি মানুহৰ ভিতৰত কাক কোনে মানে? মোৰ কথা এৰিয়ে দে, সিদিনা হাকিমৰ ধান দাবলৈ কওঁতেই সোণাৰিয়নীহঁতে টেঁটুতে ধৰাদি ধৰিলেহি। বাৰু, যি হয় হক। পিচে, এতিয়া এইদৰে বলকি থাকিলেই হ'ব নে? ভাত-পানী ৰান্ধি থৈ, তয়ে যি পাৰ দাই থবি, মই সিবেলাকৈ যি পাৰোঁ চপাম হি।
ৰংদৈ।— বাৰু যাহঁক চপাবলৈ পাবিহি। মই যাওঁ মানেই সিফালে উদঙ্গীয়া গৰুৱে পেটত চপাই থব। হাঁয়, হাঁয়, এইবেলি আৰু ভাতমুঠিৰো ভিকাচন ভাগিব যেন হে পাইছোঁ। ভাল যেনিবা মই খাটি-লুটি ভেঁটী-ভাৰ দিয়াই, মান ৰইখা কৰিবলৈ বুলি বিষয় লোৱাঁওঁতে, এতিয়া জীৱই ৰইখা নপৰা হ'ল। সঁচাকে এই বিষই খাবলৈ গৈ যেনিবা বিহ হে খালোঁ।
ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) ওঁ, হুঁ! কি কৰিম! সকলো ঈশ্বৰৰ বন। যাওঁ, বেলি হে হ'ল। সোনকালে নেপালেগৈ সিফালে কাকো নেপামগৈ; দিহা-দিহি ওলাই যাব। (জেতুকীক লৈ ৰংদৈ সোমায়, ভোগমন বেজাৰ মনেৰে ওলাই যায়)
ৰত্ন।— (খঙ্গেৰে) মোৰ ফালে যেই হওক, তহঁতে মাথোন গাঁৱে গাঁৱে মেল মাৰি সিধা-পাতি বিচাৰি ফুৰিবি। পৰহিলৈ খাজনা নোশোধালেই নহয়, ইফালে আজিলৈকে তাৰ আধাৰো-আধা উঠা নাই। তোৰ ফালৰ মানুহবিলাকৰ হে তেনেই বাকী পৰি আছে।
কচু।— দেউতাই যেনে ভাল দেখে কৈ থাওক, আমাৰ শুনিবৰ দিন পৰিছে, শুনি থাকিম। মই নো মেল মাৰি সিধাকে বিচাৰি ফুৰোঁ নে দেউতাৰ কামকে কৰোঁ, সেইটো নেদেখা-জনে দেখি আছে। চুৱা-খোৱা নিলাজহঁতে ৰজাৰ খেজেনা দিব লাগে বুলি জানিও নিদিয়েহি, মই নো কি কৰিম!
ৰত্ন।— কোমল মাত পালে নো কোনে দিয়েহি? তহঁতৰ সিধা-পাতিৰ কেনেবাকৈ পৰালি পৰে পুলি, ভয়ত মানুহক টানমুখীয়া হৈ ক’ব পাৰিলে হে! বাৰু, মোৰ ফালে যি হয় হওক, তহঁতেই তৰি থাক্। (খঙ্গত এফলীয়া হৈ নিটাল মাৰে)
কচু।— দেউতাই ক’বলৈ ভাল পাইছে কওক। আমি নো কেনেদৰে তৰিছোঁ, সকলো দেখিয়েই আছে। চৰকাৰী কামতে দিনটো ঘূৰি ফুৰোঁতেই যায়, ঘৰৰ বন বুলি কুটা এগছ দাঙ্গি ধৰিবলৈকো আজৰি নেপাওঁ। সিফালে কৰোঁতা-মেলোঁতা গোটাচেৰেক থকা হলেও এটা কথা আছিল। সেই কান্দি-ভাত-খোৱা লৰা দুটাৰে সৈতে একেজনী মানুহে হেপোৰ্ তেপোৰকৈ নো কিমান কৰিব পাৰে? দেউতাই আমাক তৰিবৰ কথা হে কৈছে, গাওঁবুঢ়া হবৰপৰা আৰু আমাৰ অৱস্থা দিনক-দিনে তললৈ হে গৈছে। আৰু বা কি হ’ব লগা আছে, ঈশ্বৰে হে জানে। ইমানকৈ খাঁটি মৰাৰ বাবে যদি খেজে [ ৩৩ ] নাকে টকা চেৰেক ৰেহাই পালোঁহেতেন, সিও এটা কথা আছিল; আমাৰ কপালেৰে ভাল যেনিবা নিকিনা-গোলাম সোমাই মৰিব লগা হলোঁ!
ৰত্ন।— (উলটি) বেয়া পাইছ যদি, এৰি পেলা এইখন বিষয়। মই তোক কাবৌ কৰি ৰখাই নাই। নোৱাৰ কৰিব কাম, গুচি যা। তই গ’লে এই কামৰ কাৰণে দহোটাই চুঁচৰি ফুৰিবহি।
কচু।— (বেজাৰ মনেৰে তলমূৰ কৰি) হে হৰি!
(ভোগমনৰ প্ৰৱেশ)
ৰত্ন।— (খঙ্গত জলজলাই ভোগমনৰ প্ৰতি) টোপনি ভাগিল নে? নাই, নিজৰ পেটলৈ কাৰবাৰ কৰি ফুৰি এতিয়াহে মুখখন দেখুৱাবলৈ আজৰি পালি? তহঁতৰ কাম কৰিবলৈ যদি মন নাই, আজৰি নাই, তেন্তে কিয় চুঁচৰি-বাগৰি খাটি-লুটি গাওঁবুঢ়া হ’বলৈ বিচাৰি ফুৰ?
ভোগ।— দেউতা, মই পুৱাতে উঠি গৈ ভদৰীচুকৰ ইমূৰৰ পৰা সিমূৰলৈকে ফুৰি বাজে বাজে দেউতাৰ কাষ চাপিছোঁহি।
ৰত্ন।— মিছলীয়া, নিধক! পুৱাতে উঠি আমাৰ কামলৈ যোৱাৰ চিন পাইছোঁ নহয়,-- আজি ভদৰীচুকৰ খাজানা দিবলৈ অহা মানুহেৰেই চ’ৰা-ঘৰ ভৰি পৰিছিল!
ভোগ।— দেউতা, বন্দীয়ে কি ক’ম; আন মানুহেও দেখিছে নহয়। মই ঘৰে ঘৰে গৈ গালি-শপনি পাৰি কৈ ফুৰিছিলোঁ। সিহঁত এটাইখন যাওঁ-যাওঁ বুলি ওলাইছিল; আৰু ৰাতিয়া, ভদি, কেৰ্ক্কেটু, ডোমাই, ৰহপুৰ, এই কেইটা মোৰ লগতে ওলাই আহিছিল। মই সিহঁতক দেউতাৰ এখেলৈ পঠিয়াই দি, সিচুবুৰী গলোঁগৈ। সিহঁত নাহিল হ’বলা?
ৰত্ন।— (চকু পকাই) হয়, মই জানিছোঁ। সিহঁতক পঠিয়াই দি, তই নিজৰ পেটলৈ সিধা বিচাৰি গলি; ইফালে তোৰ মন বুজি সিহঁতেও নিজৰ পেটৰ নিমিত্তে কাৰবাৰ কৰিবলৈ দিহাদিহি গুচি গ’ল চাগৈ। [ ৩৪ ] ভোগ।— দেউতা, কেলেই নো কয় এনে কথা? মই বাজে-বাজেই এইখিনি পাইছোঁহি; কিনো সিধা-পাতি গোটাই আনিছো দেখিছেইচোন। সেইদৰে গোটাব পৰা হলেচোন মোৰ এনে দশা নহয়েই। পাৰোঁতে নো তিৰোতাই বেজাৰত কয়, বোলে, মান ৰইখা কৰিবলৈ চাওঁতে এতিয়া জীৱন ৰইখা নপৰাত পৰিল!
ৰত্ন।— এতিয়া তহঁতৰ বলকনি শুনি থাকিলেই মোৰ গা নৰয়। পৰহিলৈ খাজনা নোশোধালেই নহব; কালিৰ ভিতৰত যদি তোৰ ফালৰ আটাইবিলাক মানুহে খাজনা নিদিয়েহি তেন্তে বাৰু কি দেখ দেখিবি।
ভোগ।— ভাল দেউতা, চাব লাগে। ভা্তমুঠি খায়ে আকৌ যাওঁগৈ। কি কৰিম।
ৰত্ন।— ৰাতিপুৱাৰে পৰা এই বেলি ভাটী দিয়ালৈকে যি কৰিলাগৈ সেয়ে আমাক আঁটিছে; মিচাকৈ ইবেলাও মেল মাৰিবগৈ নালাগে। অকল সেইটোৱেই কাম নহয়। কালিয়েই টেকেলাই পৰওনা দি গৈছেহি, আজি আবেলিকৈ বৰচাহাব এইখিনি পাবহি; চাৰিবজাৰ সময়ত সকলো ৰচদ-পাতি ঠিক কৰিব লাগে। তই গৈ মৰিয়াগাওঁকেখনত বিচাৰি কুকুৰা দহোটা আৰু কণী দুবুৰিমান গোটাই নি বৰচাহাৰ আৰ্দ্দলিৰ হাতত দিবিগৈ। দেখিবি, জোখাৰে নহ’লে, চাহাবৰ চৰ্দ্দাৰে শুদাই নেৰে, মোৰ ওচৰত হ’লে তেতিয়া বেজাৰ নকৰিবিহি। (কচুখোৱালৈ চাই) তই যা, সোণাৰিগাওঁ, ডোমগাওঁ আৰু বহতীয়া গাঁৱৰ পৰা খৰি-কাঠ আৰু মাছ-পুঠি জোখাকৈ গোটাই নি সেই সময়তে দিবিগৈ। ময়ো চাহাবক আগবঢ়াই আনিবগৈ লাগিব; যাওঁ, ওলাওঁগৈ। তহঁতেও যা।
(ৰত্নেশ্বৰৰ প্ৰস্থান)
ভোগ।— (কচুলৈ চাই) ককাই! আমাৰ বিলাই কি হৈছে নেদেখিছ? ভাল যেনিবা দিঙ্গিত কলহ বান্ধি পানীত পৰিছো, ককাইটি ঔ!
কচু।— এ, বুপাই আমাকো আভোকৰ ন-মুঠিয়ে ভালকৈয়ে আঁটিছে। [ ৩৫ ] এই বুঢ়াকালত যেনিবা ভাল লটি-ঘটি হৈ মৰিবলৈ কপালত আছিল। কিনো হ’ব ক’লে, তই অহাৰ অলপৰ আগতে মোকো ভালকৈয়ে থেকেচনি এপালি দি থৈছিল।
ভোগ।— এৰা ককাই, মই নেভাবি-নিচিন্তি আপোনা-আপুনি আপদ চপাই ললোঁ! হওঁতে, তয়ে হে মোৰ এনে দশা কৰাৰ গুৰি। মোৰ এনে বধৰ ভাগী তয়ে হে হলি ককাই! সেই দিনা যদি তই মোক অইনাইকৈ কুলী ধৰি নিদিলিহেঁতেন, মই নো কেলৈ এই হাড়-মাল চপাই লওঁ!
কচু।— এ, বুপাই, মোক নো কিয় দুষিছ? এতিয়া গাতে নেপাইছ? চৰ্কাৰী কাম নকৰিলেও নহয় দেখি হে টানত পৰি তোকো কুলী ধৰি দিলোঁ। (চাঁতকৰে মনত পৰি) অ, আজি আমাৰ কামৰ ভাৰখন কম নহয় ঔ বুপাই! বল, এতিয়া ঘৰলৈ বল। ভাতমুঠি খায়ে যাওঁগৈ বুপায়! নহ'লে, গধূলিকৈ ইয়াতকৈও ভাল জলপান আছে। ইখনতকৈ সিখন হে টান হ'ব।
ভোগ।— এৰা, ভাল কৈছ ককাই! যাওঁ, যাবি দেই।
(ভোগমনৰ প্ৰস্থান; টেপেৰাৰ প্ৰৱেশ)
কচু।— অ, টেপেৰা ভাইটি, কলৈ যাব?
টেপেৰা।— কলৈ নো যাম, ককাইটি, কুলী ধৰিবলৈ যাওঁ। কাইলৈ পুৱাতে বোলে বৰচেহাব আৰু ছোটচেহাব মকচললৈ যাব; আজি আবেলিকৈ থেনাত দহোটা কুলী হাজিৰ কৰিবগৈ লাগে। মৌজাৰীয়ে তত্ দিয়া নাই। ভাতমুঠি খাই তিতাহাতেই ওলাই আহিছোঁ; মুহুদি কৰিবলৈকে নেপালোঁ। ককাই, ৰহচোন, গাঁটিৰ গুৱা অকণকে দেচোন।
কচু।— আও, বহি মৰিব দিছ নে? মৌজাৰীয়ে মোক ৰচত গোটাবলৈ পাচিছে। আজি আবেলিকৈ বৰচেহাবৰ বাহৰত খৰি, মাছ, পাচলি যোগান দিবগৈ লাগে। কি কৰোঁ, উপায় নাই! ভাতৰ পাতত বহিবলৈকে আজৰি নেপামহে কি জানি। যাওঁ; যা, যা, যা। (দুইৰো দুফালে প্ৰস্থান)
ৰংদৈ।— (ভিতৰলৈ চাই আপোনা-আপুনি, ৰৌৰৱাই) ভাল যেনিবা কণা- বিধতাই এনে জীয়াতু চাবলৈকে মোক চৰ্জিলে! মই নো কি কৰিম, ক'লৈ যাম; অকল এজনী মানুহে কেইফালে চাম! মই নো নমৰি কেলৈ জীয়াই আছোঁ ক'ব নোৱাৰোঁ। (ভোগমনৰ প্ৰৱেশ)
ভোগ।— (নিলগতে নিটাল মাৰি শুনি থাকি আপোনা-আপুনি) হুঁঃ — আজি হে আজি! মেঘৰ গাজনি যেনহে শুনিছোঁ, আজি ভালকৈয়ে বৰষিব! বাটত লগ পোৱা জাকেই গাৰ কাপোৰ-কানি তিয়াই জুৰুলা কৰি পঠিয়াইছে; এইজাকে এতিয়া কি কৰে গোঁসায়ে হে জানে। (চাঁতকৰে মনত কৰি) অ, মই কি কৰিছোঁ! সময় যে নাই আৰু। লোকে কচুখোৱা ওলালগৈয়ে চাগৈ। (ফুটাই) হেৰ, শুনিছ নে, কিনো কৰিছ? চাপি আহচোন। দিনটো আৰু তোৰ মুখখন জাপ যাব নেপায় নে? থ এতিয়া তোৰ বলকনিখন, ভাল হ'ল নে নাই, ক।
ৰংদৈ।— (খঙ্গেৰে চাপি) থৈছোঁ ৰান্ধি; খোৱাঁহি মাথোন! কেইজনীমান বেটী থৈ গৈছিলি, কৰি-মেলি ৰান্ধি বাঢ়ি থবলৈ? আমাৰ বিষয়া সিফালে চৰ্কাৰী কামলৈ ওলাই গ'ল, ইফালে পথাৰ-চোৱাই পথাৰ চাইছে, বন-কৰোঁতাই বন কৰিছে, ৰন্ধাই ৰান্ধি থৈছে; এতিয়া আহি মুঠেই ভাতৰ পাতত বহিবগৈ হে লাগে।
ভোগ।— (খঙ্গেৰে) হেৰ, তোৰ সেইখন চুপতি এতিয়া থৈ দে বুলি নকৈছোঁ? দুপৰীয়া ভোকত খং তোলাই লোৱাৰ পোটক পাবি দেই এতিয়া! ভাত হ'ল যদি গা ধুই আহোঁমানে বাঢ়গৈ, যা। মই ৰব নোৱাৰোঁ, বৰচেহাব আহিছে, ৰচত গোটাবলৈ যাব লাগে। [ ৩৭ ] ৰংদৈ।— (হাত মুখ জোকাৰি) উ-উ, এতিয়াহে তৰিলোঁ! ধন সোপাকে চপাই দিলেহি! সেই হেঁকেৰ পেঁকেৰ ঢেঁকীটোৰে — ছোৱালীটীৰ হাতখনো খুন্দিলোঁ !— চাউলকেইটা কাঁৰি লৈ বহাবলৈ ওলাইছোঁ, এনেতে সিফালে ভেদুৰীৰ মাকে চিয়ঁৰি ক'লে, বোলে, দেখৰ উদঙ্গীয়া গৰুৱে ধানডৰা খাই ঢুকুৱায় এতিয়া! তেতিয়াৰেপৰা এইখিনি পৰলৈকে নৰাণিয়ে-নৰাণিয়ে গৰু খেদি ফুৰোঁতেই হাইৰাণ হলোঁ। এতিয়া মুঠে জেং-খৰি লুৰি আনি, গাটো ধুই আহি, আখাত জুই দিছোঁগৈ, আমাৰ ৰচত তুলিবলৈ যোৱা বিষয়া পালেহিয়েই।
ভোগ।— অ, আখাত এতিয়া জুই হে দিছ! তেনেহ'লে আৰু আমাৰ ভাত খোৱা হৈছে! বেলি ভাটী দিয়াতে ৰচত-পাতি নি যোগাবগৈ লাগে বুলি হাকিমে কৈছে; এতিয়া দুপৰ ভাটী দিলেই, এই অলপ সময়ৰ ভিতৰত নো কেনেকৈ কি কৰোঁগৈ নিৰুপায়! মই যাওঁৱেই তেন্তে , গা নোধোওঁ আৰু।
ৰংদৈ।— (মনৰ খং মনতে মাৰ নিয়াই কোমলকৈ) ভাত কেটা সিজোঁতে নো কিমান পৰ লাগিছে। উতলিছেই, লগতে হ'ব। শুদাই-নিকাই এমুঠি খাই যাহঁক। মই যাওঁ, খৰধৰ কৰোঁগৈ। (বেগেৰে ভিতৰলৈ গৈ, বাপেকক ভুলাই ৰাখিবলৈ জেতুকীক পঠিয়াই দিয়ে গৈ)
ভোগ।— কি কৰোঁ এতিয়া! (নিটাল মাৰি ভাবে; জেতুকীৰ প্ৰৱেশ)
জেতুকী।— (ঢেঁকীয়ে খুন্দা হাতখন দেখুৱাই কান্দি কান্দি) বুপাই! চাচোন আয়ে আজি মোৰ হাতখন কেনেকৈ খুন্দিলে!
ভোগ।— চাওঁ, মোৰ আইক ক'ত খুন্দিলে চাওঁ;(জেতুকীৰ হাত চাই) দেহি ঐ, মোৰ আইক কেনেকৈ খুন্দিলে! কেলৈ নো গৈছিলি?
জেতুকী।— আয়ে আকৌ বোলে চাউল কেটা কাঁৰি লওঁ, বঢ়াই দেহি। বঢ়াই থাকোঁতে এবেলি হাততে থোৰাটো পৰিল! [ ৩৮ ] ভোগ।— দেহি ঐ, মই নো কি ভাত খাবলৈ আহিছোঁ ঐ! হে হৰি! কি কৰিম! সিফালে বেলিও হ'ল, ইখনত্কৈ সিখনহে টান হ'ব পিচে; যাওঁ।
(জেতুকীক চুমা দি, বেজাৰ মনেৰে প্ৰস্থান)
জেতুকী।— (পিচৰ পৰা) বুপাই, মোলৈ পকা পনীয়াল আনিবি দেই।
ৰংদৈ।— (ওলাই আহি) হেৰ, বাপেৰ গ'লেই নে কি? কিমান পালেগৈ?
জেতুকী।— ওঁ, বেলি হ'ল বুলি গ'লগৈ তো। বেগাই গৈছে।
ৰংদৈ।— হেঁই আঁকৰীজনী! নেযাবি বুলি কবও নোৱাৰিলি! (বহি, কপালত হাত দি) ভাল হ'ল এতিয়া, দিনটো শুকাই-উবাই মৰকগৈ আজি! ৰাতিপুৱাৰে পৰা ঘূৰি ফুৰি ঘৰ ওলাইছিলহি, আকৌ বাহী গাৰেই যাব লগা হ'ল! দেহি ঐ, দুপৰীয়া আহি পাওঁতেই মই কূলৈখনীয়ে নো জুয়ে ধৰাদি কিয় ধৰিছিলোঁ ঐ! খায় ধান খাব পায়, মই নো কেলৈ গৈছিলোঁ ক'ব নোৱাৰোঁ! থক, আমিও নেখাওঁ, ভোকতে মৰোঁ! (মুখত ৰিহাৰ আঁচল দি কান্দে; জেতুকীয়েই মাকৰ ডিঙ্গিত ধৰি কান্দিবলৈ ধৰে)