এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 অমিলা।— (হাঁহি হাঁহি) বাৰু, কচোন ক, কিহৰ নো দুখটো?

 ৰংদৈ।— আই-দেউতা! হাল বাঁহক আটায়ে আঁজোৰে! শহুৰ ঢুকাবৰ পৰা আমাক আৰু কোনেও গণিতাকে নকৰা হ'ল। এতিয়া, যেয়ে পাৰে কুকুৰৰ দৰে টঙনিয়াই মাৰিবলৈ হে বিচাৰে। কিনো কম, আইচু, বুকু ফাটি যায় যেন লাগে, সিদিনা কচুখোৱা গাওঁবুঢ়াহঁতে বাটৰ পৰা মোৰ নিচলা মানুহটোক কুলী ধৰি নি, কুকুৰাৰ মেটমৰা ভাৰখন দি, চেহাবৰ লগত মকচললৈ পঠালে। দুদিনৰ পাচতহে এধামৰা হৈ ওলাইছেহি! (কান্দিবলৈ ধৰে)

 অমিলা।— (পুতৌ কৰি) আয়ৈ দেহি! ভোগমনক নো সিহঁতে কুলী দিব পায় নে? তেতিয়াই তই আহি আমাৰ ডাঙৰীয়াৰ আগত নজনালিহি কিয়? মোক কোৱা হ'লেও হ'লহেঁতেন।

 ৰংদৈ।— কিনো কম আইচু, মই সিটোক লৈ যোৱাৰ ভালেখিনি পৰৰ পাচত হে আবেলি বুজ্‌ পালোঁ। কান্দি নো কি কৰিম বাৰু? এতিয়া আইদেউতাই অলপ চকু মেলি চায় বুলিহে বেটীয়ে ওচৰ চাপিছোঁহি।

 অমিলা।— হয় তো; বাৰু তই যা, মই ডাঙৰীয়াক এই কথা ক'ম। এতিয়াৰ পৰা আৰু তাক কুলী নিদিয়ে।

 ৰংদৈ।— নহয় আইচু! বিঘিনিৰ জইন্‌ নেমাৰিলে আকৌ মাজে মাজে উকাই হে থাকিব। সেই হে কৈছোঁ, বোলোঁ, আইদেৱে মন কৰিলেই হওঁতে বেটীৰ কামনা পূৰাব পাৰে।

 অমিলা।— কেনেকৈ? বাৰু, তয়ে কচোন।

 ৰংদৈ।— আইদেৱে যদি দুখুনীক কিৰ্‌পা কৰি, দেউতাক জনাই, সিটোক গাওঁবুঢ়া এটাকে পতাই দিয়ায়, তেনেহ'লে এনে আপদৰপৰা ৰইখা পাওঁ।

 অমিলা।— মই নো এতিয়া ঠাৱৰকৈ কেনেকৈ কওঁ? বাৰু, আজি মই ডাঙৰীয়াক সুধি চাম। ত'ত যদি ভাল বোলে, হ'ব পাৰিব।

 ৰংদৈ।— (কাওবাওকৈ) নহয়, আই-দেউতা! আপোনাতেই সদৌ ভেৰেষা। আপুনি টানি ধৰিলে, দেউতাই কেতিয়াও নুই নকৰে।