পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম পট,—মৌজাদাৰৰ চ'ৰা।
(এখন গাৱঁলীয়া মেল)

 ১ম, মে।— হেৰ, গুচৰীয়া-পদকীয়াহঁত কিনোৰূপেসৈতে, মেল-মৰা কি পেলাবি কিনোৰূপেসৈতে পেলাহঁক।

 ২য়, মে।— এৰা, আৰু পলম কৰা সকাম নাই; কি পেলাব লাগে পেলাহঁক। গোচৰ কিন্তু শকতেই, তাকে চাই হে পেলাব লাগে।

 গুচৰীয়া।— মই বাৰু এই অটকা পেলাইছোঁ। (বাটত টকা থয়) পিচে, মকটমাৰ খৰচাটো এনেই যাব নে?

 ৩য়, মে।— সেইটো কিন্তু পাচ কথা। মেলত তাৰ কিন্তু যি হয় বিচাৰ হব? কিন্তু গোচৰ চাই কিন্তু তোৰ পেলোৱা কিন্তু হোৱা নাই, আৰু এটকা কিন্তু পেলাব লাগে।

 গুচৰীয়া।— মোৰ আৰু এইখন কৰোতেই হাত উদং হ'ব লগা হ'লহি! (আৰু এটকা দিয়ে) বাৰু, আৰু অটকা পেলাইছোঁ।

 ৪ৰ্থ, মে।— গোচৰ বুলিলে তাৰপৰিণামে, দেৱলীয়া কৰি হে এৰে, তাৰপৰিণামে ইয়াকে বৰ টান পালি। এতিয়া পদকীয়াই, তাৰ পৰিণামে, পেলাব লাগে।

 পদকীয়া।— ককাইহঁত, মোৰ হাতত হ'লে সিমান নাই, আধলি এটাহে আছে। তাকে পেলাব পাৰোঁ।

 ১ম, মে।— হাতত নাই, কিনোৰূপেসৈতে, ধাৰ কৰি ল। এতিয়া নাই বুলিলেই, কিনোৰূপেসৈতে, হ'ব হবলা?

 পদকীয়া।— এৰা, তোমালোকে লাগিছা যেতিয়া এৰিব খুজিছা নে? (মেৰতলিৰ পৰা টকা দুটা উলিয়াই বাটত থয়)।