এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ভোগ।— হয়, হজিৰে গোলামে কানি নেখায়। কেতিয়াবা সঙ্গত পৰিলে টিকিৰা হে দুটা চাইটা পোৰা হয়,—

 ইয়ং।— চুপৰাও। হেইটো কি বকবক কৰিছে? হামিকে গালি দিছে?

 ৰত্ন।— এইটোৱে নো টপটপাই আছে কেলৈ? কথা নুবুজে, এনেই বলকি থাকেচোন। (চাহাবলৈ চাই) নহয় হজুৰ, সি এনেই হে নিচলা,তাৰ বাপেকো এনেকুৱা আছিল। কিন্তু গাঁৱৰ ভিতৰত হলে টনকিয়াল। কওঁতে কেনা লগাইছে এতিয়া হজুৰৰ আগত ভয় কৰি হে, গালি পাৰিবলৈ তাৰ কি শক্তি আছে!

 ইয়ং। অঃ টেনেহলে চাহাবলোকৰ লগতে হেইটো কেনেকৈ কাম কৰিব ফাৰিবে? গাওঁতে ডোছৰা আড্‌মি ভি টাকে বয় নাই কৰিবে।

 ৰত্ন।— নহয় হজুৰ, নতুনতে সকলো এনেকুৱাই থাকে। পাচলৈ দেখি-শুনি আপুনি ভয় ভাগিব। আৰু, চৰকাৰী বিষয়া এখন পালে নিচলাকো মানুহে ভয় নকৰি নোৱাৰে।

 ভোগ।— হয়, হজিৰ, গোলাম, অলপ কিৰপা পালে গৰিপ ৰইখা পৰে।

 ইয়ং।— হেইটো কোন ৰইকা পৰে কৈছে?

 ৰত্ন।— অৰ্থাত্, হজুৰে মৰম কৰি তাক কামটো দিলে সি সুখ পাব; সি ডাঙৰ হৈ তৰিব পাৰিব বুলিছে।

 ইয়ং।— অঃ, গাওঁবুঢ়া কামতে কি হুক টাকিছে? টাটে টলব নাই টাকিছে? টেনেহলে হেইটো কাম কেলে মাঙিছে? মই জানিছে, টাটে কি জানি বহুত লাব টাকিব ফাৰে।

 ৰত্ন।— নহয় হজুৰ, আন কি লাভ আছে--সেই, বিয়াই-সবাহে আগ-ঢাৰি, আগ পাত, মেল-দোৱানত আনতকৈ দুটা পইচা সৰহকৈ পোৱা, এয়ে গাওঁবুঢ়াৰ লাভ। আগৰদিনীয়া ভাল মানুহৰ ল'ৰা হ'লেই মানফেৰাৰ নিমিত্তে এই কামত সোমায়। হওঁতে, ইয়ো বেয়া ঘৰৰ ল'ৰা নহয়, ইহঁতক বায়নৰ ঘৰৰ বোলে।