পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভোগ।— মই নো তেন্তে সেই নিয়মেই নেপাম কিয়? (খং কৰি) মোক নো পিচে কিয় বে-দস্তুৰ কৰি দিছা?

 বিলনীয়া।— (আঁচৰিতভাবে হাঁহি) তই নো আকৌ কাহানিৰ পৰা সেই নিয়মে পোৱা হলি? (ৰাইজে গিৰ্জ্জনি মাৰি হাঁহে)।

 ৰত্ন।— অ, নহয়, তাক তালন গাঁৱৰ ডেকা-গাওঁবুঢ়া পতা হৈছে। সিদিনা চাহাবে তাক মকৰলি পৰওণা দিছে।

 ১ম মে।— হয়নে দেউতা? এ, আমি কিনোৰূপৰেসৈতে, ভূকে পোৱা নাই। অ, তেন্তে তেওঁকো, কিনোৰূপৰেসৈতে, মান ৰাখি দিব লাগে। (বিলনীয়াই আকৌ দিয়ে) ল, তেনেহলে গাওঁবুঢ়াৰ সমানেই ল, আমাত একো কথা নাই। (বিলনীয়া বহেগৈ)

 ১ম মে।— দেউতা, এতিয়া আৰু কিনোৰূপেসৈতে, আমি উঠো হে।

 ৰত্ন।— বাৰু, যোৱাঁহঁক। ময়ো উঠোঁ।

(সকলোৰে প্ৰস্থান)