এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিলে কি হ'ব?

 ১ম, মে।— সেইদিনা, কিনোৰূপেসৈতে, গৰুটো বেচিবলৈ ধৰোঁতেই, কিনোৰূপেসৈতে, মই তাক বুজাই কলোঁ, বোলোঁ, কিনোৰূপেসৈতে, ভায়েৰ নথকাত গৰু বেচাটো, কিনোৰূপেসৈতে, ভাল হোৱা নাই।

 ৰত্ন।— তোমালোকে লাগ-বান্ধ নোহোৱা কথাৰে হাই-উৰুমি কৰিয়েই থাকিবা নে? আজিৰ মেল নিছিঙ্গো বুলি লাগিলাহঁক নেকি?

 ভোগ।— ৰাইজসকল! এইফালে কাণ দিয়ক, দেউতাই কিবা ক'ব খুজিছে (সকলোৱে নিমাত হৈ মৌজাদাৰৰ ফালে চাই ৰয়)।

 ৰত্ন।— বোলোঁ, সোধা-পোছা কৰি গোচৰৰ এটা মীমাংসা কৰি দিয়াটোহে ভাল। (সকলোৱে 'হয়' হয় কৰে) এতিয়া আমি গুচৰীয়াক সুধিবলগীয়া একো নাই; তাৰ আৰ্জ্জিতে সকলো পোৱা গৈছে। পদকীয়াই কচোন বাৰু, তই নো ভিতৰুৱা বস্তুৰ ভাগ নকৰাকৈয়ে কিয় সোপাকে গ্ৰাহ কৰিব খুজিছ?

 পদ।—নহয় দেউতা-ঈশ্বৰ! এই অতখিনি ভকতৰ আঁৰ হ'বলৈকে মই মিছা নকওঁ; তাৰে মোৰে ভিতৰত ভিতৰুৱা বস্তুৰ ভাগ কেতিয়াবাই হৈ গ'ল। এতিয়া, সি তাৰ ভাগৰ বস্তু কৰবাত লুকুৱাই থৈ, লোকৰ বুদ্ধিৰে, মোৰ ওপৰত এইখন মিছা মকটমা কৰিছে।

 ৰত্ন।— তাৰ কিবা প্ৰমাণ আছে নে? ভাগ কৰাৰ সময়ত কোন্‌ কোন্‌ আছিল? কোনে কোনে দেখিছিলে? তই তাৰ সাক্ষী দিব পাৰ নে?

 পদ।— তেতিয়া, দেউতা, আন কোনো নাছিল; মাথোন, মোৰ ঘৰৰ মানুহজনী হে আছিল।

 মে: বিলাক।— (গিৰ্জ্জনি মাৰি হাঁহি) এৰা, হয়, তোৰ ঘৈণীয়েৰক হে সাক্ষী মানিব লাগিল, ঐ!