এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় পট,—মৌজাদাৰৰ চ'ৰা।
(মৌজাদাৰে ৰায়তৰ খাজনা লৈছে)

 ৰত্ন।— (পটা এখন চাই) হেৰ, এই কিস্তিত তই ৭৸৵৹ দিবলগীয়া হৈছে; দে।

 ১ম ৰায়ত।— দেউতা, শেহ কিস্তিত বা কিমান দিব লগা পৰিছে?

 ৰত্ন।— (আকৌ পটাখন চাই) শেষ কিস্তিত তোৰ ৪৸৴৹ দিব লগা পৰিব। তাৰ ওপৰঞ্চি টকাই পতি ৴৹ চৰতীয়াকৈ স্থানীয় কৰ লাগিব।

 ১ম ৰা।— দেউতা, এনেকৈ হ'লে আৰু দুখীয়া ৰায়ত কেনেকৈ তৰিম! মাটি সেই আগৰ কেডৰাই আছে; আৰু এইবেলি সেই এৰাবাৰীখনো ইস্তফা দিলোঁ; ইফালে খেজেনা টুটক ছাৰি বাঢ়িব হে লাগিছে!

 ৰত্ন।— হেৰ বলিয়া, ইস্তফা পলমে দিয়াত, এই বছৰলৈ তোৰ এৰাবাৰী এৰা নপৰিল; আৰু এইবাৰ খাজনা বাঢ়িছে বুলি তোৰ খবৰ নাই হ'বলা?

 ১ম ৰা।— বাঢ়ক বা টুটক; নহ'লে ক'ৰ পৰা দিম? এইদৰে ৰজাৰ খেজেনা বাঢ়িব লাগিলে ৰাইজ তৰিব কেনেকৈ? এই পাঁচ টকাকে ঘৰৰ মানুহজনীৰ কাণৰ কঁৰীয়াযোৰ সোঁতা থৈ হে আনিছোঁ।

 ৰত্ন।— বলিয়াৰ দৰে বকিছ কিয়? নাই বুলিলেই চৰ্কাৰেও শুনিব, আমাৰো গা ৰব নহয়। চাপৰিলে মেঘ নেৰায়। চাওঁ, চাওঁ, আন সেই পাঁচ টকাকে দে; বাকী এই কিস্তিত ২৸৵৹ পৰহিমানলৈ দি যাবিহি (হাত মেলি ধন লয়)। বাৰু, মই ৰছিত লিখি ৰাখোং, তই যাচোন, সৌৱা ভদিৰামহঁতে ভঁৰালৰ ছালখন বৈছে, তয়ো অলপ লাগি-মেলি দেগৈ।

 ১ম ৰা।— ভাল দেউতা, পলম হে হ'ল এতিয়া!

 ২য় ৰা।— দেউতা, আমাৰ ফেৰাও ধৰকচোন (খাজনা আগবঢ়ায়)