কদম-কলি
কদম-কলি
৺লক্ষীনাথ বেজবৰুৱা প্ৰণীত
⸻
শ্ৰীমতী ৰত্নাৱলী বৰুৱাৰ দ্বাৰা
সৰ্ব্বসত্ব সংৰক্ষীত
⸻
প্ৰকাশক
সাহিত্য প্ৰকাশ
ট্ৰিবিউন বিল্ডিং, গুৱাহাটী।
বেচ—২৲ দুটকা মাথোন
গুৱাহাটী ট্ৰিবিউন প্ৰেছত শ্ৰীকুঞ্জলাল থাপাৰ দ্বাৰা মুদ্ৰিত
অৰ্পণ
সোদৰোপম আব্দুল মজিদ চাহাবৰ
কৰকমলত
কদম-কলি
অৰ্পণ কৰিলোঁ।
শ্ৰীলক্ষ্মীনাথ
পাতনি
কবিতা হয় যদি হওক, নহয় যদি নহওক, বুলি মাজে-সময়ে লিখা পদ্যবোৰ গোটাই একে ঠাই কৰি এই কিতাপখন কৰা হল, কবি হবৰ দুৰাশা কবি নহয়। মোৰ নিজৰ ৰচনাবোৰ মোৰ নিজৰে পঢ়িবলৈ ভাল লাগে; বোধকৰোঁ নিজৰ দেখি। সেইবোৰ সিচ্ ৰতি হৈ থকা বাবে, পঢ়িব খুজিলে আহুকাল পাওঁ; সেইদেখি সেইবোৰ একেলগ কৰি সুচলকৈ ললোঁ। এখন ছপোৱা আৰু হেজাৰখন ছপোৱা প্ৰায় একে খৰচৰে কথা; সেইবাবে সেইদৰেই ছপাই থলোঁ; যাৰ মন যায় পঢ়িব, যাৰ মন নাযায় নপঢ়িব। আৰু যাৰ মন যায় তেওঁ মনত অলপো খুকুঁৰি নাৰাখি তাৰ কাঠ-সংস্কাৰ কৰি সন্তোষ লভিব, ৰাইজৰ আগত এই নিবেদন
লৰে্লচ হওড়া, |
সূচী
–ঃ×ঃ–
বিষয় |
পৃষ্ঠা |
৶৹
ডাকৰ টোপোলা |
৩৩ |
৶৹
পকা চুলি |
৯৭ |
৷৹
কামৰ সমাপতি |
১১০ |
কদম-কলি।
সখীৰ প্ৰতি
১
প্ৰাণ সখি! দুখীয়াক জনমলৈ এৰিলা?
অত স্নেহ অত মায়া সকলো পাহৰিলা?
সৌ চোৱা আকাশত ক’লা ক’লা ডাৱৰত
চমকি চমকি বিজুলীয়ে উমলিছে;
গোৰ গোৰ কৰি মেঘে গাজনি মাৰিছে?
ডাৱৰৰ দেখি ভাৱ, ম’ৰাই উথালি গাৱ,
ছালি ধৰি ঠেও ধৰি নাচোন ধৰিছে।
তোমাৰ বিৰহে সখী হৃদয় দহিছে!
২
আকৌ চোৱাঁ পানীপিয়া “পিওঁ” “পিওঁ” মাতেৰে,
জুৰাইছে প্ৰাণ পানী পি হাবিয়াহেৰে।
বুকুৰ বান্ধ! কিন্তু মোৰ সন্নিপাতে মহাঘোৰ,
শুকাই শুকাই হিয়া কৰ্কৰীয়া কৰিলে,
প্ৰাণ-পখী মৰি যাব স্নেহ পানী নিদিলে!
৩
ডাউক ডাউকী শুনা “কুৱা” “কুৱা” মাতেৰে,
সুখ সৰোবৰত আলাপে মন ৰঙেৰে ;
কদমৰ ডালত পৰি কপৌ কপৌৱনীজুৰি
“কুৰু” “কুৰু" কৰি হৰিষেৰে গীত গাইছে ।
দুৰ্ভগীয়া মই মাত্ৰ ! হায় বুকু গেলিছে !
৪
চেনেহৰ গীত শুনা সৌৱা নৈয়ে গাইছে ;
কুলু কুলু কৰি চোৱা কেনে লৰ ধৰিছে ।
সখীৰ লগত গৈ কেনেকৈ মিল হৈ
একে জীৱ একে দেহা আন মন নকৰি,
বৈ যায় মন সুখে সকলোকে পাহৰি ।
৫
পানীৰ বুকুত বুদবুদবোৰে খেলিছে ;
অলপ উমলি দেখা আকৌ বুৰ মাৰিছে ।
সৌফালে কৰাঁ মন চিকুণ চাম নাওখন,
দুই পাখি, ফান্দ মেলি কেনেকৈ সাতুৰিছে ।
মন যাব মোৰো, কিন্তু বিধিয়ে বিড়ম্বিছে ।
৬
এৰা ৰোহ, আহাঁ সখী, একেলগে ৰঙেৰে -
ৰূপোৱালি নৈৰ বালিত ফুৰোঁ ঠগেৰে;
দৌল সাজোঁ, নাদ খানো শিলগুটি গোটাই আনো,
বালিঘোৰা বালিমাহী খেদি খেদি লৱৰোঁ;
গালি পাৰি প্ৰতিধ্বনিক ডিঙি মেলি চিয়ঁৰো।
৭
আহাঁ হেৰা প্ৰাণসখী, নৈত নামি নাদোৰোঁ৷
বুৰ মাৰি পানীৰ তলত, পাৰোঁ মানে ভাগৰোঁ;
চিলনী-সাঁতোৰ দিওঁ, সোঁতে সোঁতে উটি যাওঁ;
পানীত টুকুৰিয়াওঁ আঙ্গুলিৰ আগেৰে।
বুৰবুৰণি কাঢ়ো পানীৰ তলত নাকেৰে।
৮
কুলিক সিয়াৰোঁ আহাঁ ফুলনিত সোমাই;
গোলাপক পেলাওঁ লাজ, ওৰণী গুচাই;
সেউতীক দিওঁ বিয়া ৰাঙলেৰে সইতে;
শাৰী পাতি মালতীক বহুৱাওঁ তহিতে;
বকুল গোটাই আনি, নিয়ৰৰ সিঁচি পানী,
নোৱাওঁ উৰুলি দি জাত-লগা নামেৰে।
গান্ধবিৰিণাৰ পাত বজাওঁ আনন্দেৰে।
৯
ঘৰ-বাৰী মিছা, কোনো কালে মোক নালাগে
নেচাও পৰক যি ইসব নিতিয়াগে।
বকুলৰ গুটি খাম, সেউতীৰ বিয়া চাম,
কৰবীৰৰ মৌ পিম, কেতেকীৰ ধুলি লম,
ভামোৰাৰে গাম গীত, কুলিৰে বন্ধাম মিত,
ভাতফেচুৰ সৈতে ওৰে দিন গাম নাম।
পদুম পাহীত উঠি নাৱকো খেলাম।
সেইদেখি মোৰে শপত চোৱাঁ মুখ তুলি হে।
দুখীয়া সখীক কিয় মাৰা তুমি পুৰি হেঁ?
১৮১১ শক৷
ভাদ, কলিকতা।
⸻⸻
বায়েক ঊষা, ভনীয়েক প্ৰতিমা
( ফুলনিত )
১
প্ৰতিমা—“হেৰা বাইটী, কি হেঁ সৌটো ফুটুকাফুটুকী,
নাচি নাচি ফুলে ফুলে মাৰিছে ভুমুকি?
এহে বাৰু অ? চুমাচুমি কৰিছে হবলা!
ইমান চেনহ আও! চাওঁগৈ বলা!
২
হয় বাইটী, বৰ মৰম, বৰ ভাল পায়!
মুখতেই মুখ দি তেনেই পমি যায়!
৩
ই কি? দেখোঁন মোৰ যুতিজুপিলৈ
টোৱাঁই মাৰিছে লৰ হাঁহি মুখ কৈ?
৪
সৰ্ব্বনাশ! পৰিল তাত! চুমাও খালে!
বাইটী, মোৰ যূতি ফুলত চুমা দিলে!
৫
যূতি হেৰা, মই আজি চিনিলোঁ তোমাক!
যূতি সখী, মই আৰু চিনিলোঁ তোমাক!
কেৱলে মোক অতদিন দি আছিলা ফাকি,—
“তোমাকে হে ভাল পাওঁ মৰমৰ সখী।”
৬
ইস্! মোকেই হে ভাল পোৱা ‘মৰমৰ সখী’!
যাতেমানে মিছা কথা!—এনে মিছলীয়া।
অ—আজলী সখীক পাই ভাল ফাকি দিয়া!
এতিয়া হে জানিলোঁ তোমাৰ চতুৰালি।
আগত নহলে জানো কত পাৰা গালি॥
ই:—তোমাকেই হে চুমা খাম, জীওঁ যতদিন;
তোমাৰেই হে উমলিম, দুইৰো নাই ভিন।
৭
এটাইবিলাক ফাকি; এটাইখিনি মুখৰ মহলা।
মই হেন সখীক এৰি ভাল সখী পালা!
ভাগ্যে মই দেখিলো দেখি হে;
নাইবা আৰু কত ভুৱা দিলাহেঁতেন হে।
বাৰু সখী, বাৰু তোমাৰ চিত!
পেটত এতেক কথা, নাজানো কিঞ্চিৎ।
৮
দেহি! সুৱঁৰিছোঁ “নিলাজী” সখীৰ কথা,
মোতেই হে দেহটো, মোলেই হে বেথা।
যেয়ে যাওক ওচৰলৈ, কুচিমুছি যায়;
সদায় মনত ভয়,—সখী বেয়া পায়।
মোৰ হৈ মৰিব পাৰে, ময়ো তেওঁৰ হৈ।
কুৰ্চুতীয়া সখী পালো, এনে সখী গৈ।
৯
বাইটী, গোসাঁয়ে মোৰ মনৰ দৰে সখী নিমিলায়।
মই যেনে ভাবোঁ, কেলৈ তেনেকুৱা নাই?
চকুৰ আগতে, বাইটী, নিতৌ দেখি আছা,—
দেহ যেন যুতি সখী, কিন্তু সব মিছা।
১০
এই কথাটোত হে মই লাগোঁ,—
মোৰ সখী লোকৰ হল, কেনেকৈ চাই থাকোঁ।
মনত পৰিলে গাটো ৰমৰমাই যায়।
পুৰণি চেনেহৰ কথা কৈও অন্ত নাই।
যেতিয়া ৰান্ধনী-বেলি তেজগোৰা হৈ,
মাকৰ গুৰিলৈ যাব ’ভোক’ ‘ভোক' কৈ।
আহোঁ মই সেওতা ফালি,
বতাহেও ডালি ডালি,
কৰি মোৰ মূৰৰ চুলি উৰুৱাই দিব।
সখীয়ে দূৰত দেখি ৰঙত হাঁহিব।
১১
দিনটোৰ যতেক কথা নামৰ সুৰেৰে
বিনাই বিনাই সখীক কম হৰিষেৰে।
কানিমুনি হোৱা দেখি,
আকোঁৱালি ধৰি সখী,
ৰাতিটোলৈ লগাম মাত বেজাৰ মনেৰে।
তেনে সখী এনে হল কোনটো চিতেৰে!
১২
কাউৰীয়ে কা কৰিব গছৰ ডালত ৰৈ,
ফুল-কটা লোটাৰে এলোটা পানী লৈ,
ময়ো ধুম মুখ, বাইটী, সখীৰো ধুৱাম,
ৰাতিটো আঁতৰিছিলো বুলি চুমা খাম।
তেৱোঁ খাব চুমা, মোত হেপাহ আছিলে।
দেহি ঐ, এতিয়া দুষ্টে সখীক ভুলালে!
১৩
হেৰা কপটীয়া সখী!
কাণসাৰ মাৰি থাকিলে নো কিটো হব?
তেনেকৈ ৰলে জানো গাৰ দায় যাব?
তুমি মোৰ কথাৰ চোন সমিধান দিয়া?
আইহে—কিহৰনো ইমান গপ? গাতে ঘাটি লোৱাঁ।
১৮১১ শক
শাওণ, কলিকতা।
২
⸺⸺
মইনা
১
মইনা মইনা বুলি কতনো মাতিম মই,
কতনো বিনাই আৰু কাকূতি কৰিম ঐ,
নাইনে মইনা মোৰ? নাইনে কি মন চোৰ?
নাইনে নাইনে মোৰ মইনা মউৰ?
ণনাইনে জগতে মোৰ চেনেহ-চকোৰ?
২
কিমান ঢাকুৰি হিয়া বিচাৰোঁ পখীটি মোৰ,
কিমান চিন্তাই বুকু চিটাচিট কৈলে মোৰ,
বিয়াকুল বিয়াকুল, নাই তাৰ কুলাকুল,
তথাপি বাতৰি নাই মইনা পখীৰ;
তথাপি বাতৰি নাই চকুৰ মণিৰ!
৩
সঁচাকৈ সঁচাকৈ যদি পৃথিৱীত এই
নাই পখী যাক মাতোঁ মইনা মইনা কৈ
কিয় সজা সোণোৱালি, মৰম গাখীৰ ঢালি,
চেনেহ-চাউলে সৈতে হেঁপাহ-বাটিত
দিলে মোৰ হৃদয়ত কৰিনো থাপিত?
৪
কিয়নো কিয়নো কাণ মাত-আকলুৱা অতি?
কিয় দিলে মুখ মোৰ চুমাৰ বলিয়া পাতি?
বুকুত মইনা-ৰোগ কেলৈ মোৰ কৰে ভোগ?
দৰব নথকা ৰোগ কিয় দিলে মোক?
নহলে মইনা, মই নাপাওঁ কিয় তোক?
৫
এয়ে নে চিকুণি মোৰ ললাটত লিখা হল?—
মইনা মইনা কৰি মৰিব লগীয়া হল!
আছে যদি সঁচাকৈয়ে, তই যদি হৱ তয়ে,
দে দেখা দে ধৰা, কত নো জীয়াতু সম?
কত চট্ ফট্ কৰি জীৱনৰ ভাৰ বম?
৬
কান্দোতে কান্দোতে মোৰ চকু হেৰ উখহিল ৷
মাতোতে মাতোতে মাতো ভাগি নাইকিয়া হল!
ভাবোতে ভাবোতে সোণ, শুকালোঁ খেৰ-সনি যেন,
তথাপি এখুদো তোৰ নালাগে মৰম!!
মোক পুৰি মৰাটোৱে তোৰ নে ধৰম?
৭
মধুৰ মইনা নাম নাজানো কোনে নো দিলে;
শিলৰ বুকুত কোনে প্ৰেম-লৱনু সানিলে?
নিমিলিল নাও-গাওঁ নালাগিল আওভাও,
নতু মইনাৰ হিয়া মইনাত নাই;
কেনেকৈ এনে কথা হব পাৰে হায়?
৮
নাই দেখা নাই শুনা কেনে নো মইনা তই;
কলৈ গলে কি কৰিলে তোক হেৰ পাম মই?
নেজানো কি বস্তু তই, একো উৱাদিহ নাই,
মাত্ৰ তোক লাগে মোক ভাবৰ প্ৰতিমা।
মণি নাই আছে শুদা চেনেহৰ টেমা!
৯
কেতিয়াও আলৈথানি নকৰোঁ মইনা তোক;
মৰম নৈত নিত্যে বুৰাই ৰাখিম তোক;
মৰম অমৃত ঢালি, মৰম ৰহৰ থালি,
মৰম-জুইত পাগি মৰমৰ হাতে,
আনি দিম তোক সোণ, মৰমৰ মাতে।
১০
মৰম মৰম গীত ৰাতি দিনে মই গাম।
চিকুণ চেনেহ-চুমা নিত্যে ন ন খাম।
প্ৰেমৰ শীতল পানী প্ৰেম-কলহত আনি
পৰম যতনে সিঁচি বঢ়াম আদৰে তোক।
দেখা দে মইনা হেৰ বধ নকৰিবি মোক।
১৮১২ শক
কাতি, কলিকতা
⸺⸺
তোমাকেহে ভাল পাওঁ মৰমৰ সখী
১
তোমাকেহে ভাল পাওঁ তোমাৰেহে মুখ চাওঁ
তোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি।
তোমাকেহে ভাল পাওঁ মৰমৰ সখী!
২
একেথিৰে একেমনে একভাৱে একেথানে
থাকোঁ কেতিয়াবা হৈ কাঠৰ পুতলা।
নোহে আন একো, মাত্ৰ জপোঁ তুমি-মালা।
৩
কেতিয়াবা গুণ-গুণ কৰি গীত সকৰুণ,
হিয়াৰ হিল্লোল এটি কৰোঁ যে বেকত।
থাকা সখী তুমি মাত্ৰ সেইটি গীতত।
৪
হেৰাল হেৰাল কিবা বুলি ফুৰোঁ ৰাত্ৰি দিবা
নেপাই নিৰাশ হৈ হুমুনিয়া কাঢ়োঁ।
তুমিহে হেৰোৱা ধন, তোমাকেহে স্মৰোঁ॥
৫
নিমাত দুপৰ ৰাতি একেথিৰে তৰা এটি
চাই টপ্ টপ্, পানী পৰে যে চকুৰ।
তোমাৰেহে ভাবে হিয়া কৰে মষিমূৰ॥
“কেতেকী” “কেতেকী” কৰি উৰি যায় পখীজুৰি
কত প্ৰেমিকৰ মন যায় তাৰ লগে।
মোৰ মন তোমা বিনে তাত তো নালাগে॥
৭
নিৰ্জন নদীৰ কান, এজনে গাইছে গান,
বতাহে আনিছে তাৰ ৰিণি ৰিণি সুৰ।
জানা সখী তাত মোৰ আশা নোহে পূৰ॥
৮
ফুল ফুল কৰি কত হইছে কবি উন্মত,
কিন্তু মোৰ পক্ষে ফুল নিফুল সমান।
তুমি-ফুল বিনে মোৰ ফুল নাই আন॥
৯
বসন্তৰ কত কুলি পঞ্চমত সুৰ তুলি।
গায় গীত, তালৈ সখী কোনে কৰে কাণ?
তোমাৰ হাতত মাত্ৰ আছে মোৰ প্ৰাণ॥
১০
বিল ভেটৰ পাহি জোন দেখি মাৰে হাঁহি,
সেই হাঁহি চাই আৰু কত লোকে হাঁহে।
তোমাৰ হাঁহিত বাজে মোৰ হাঁহি নাহে॥
১১
হৃদয়ে হৃদয়ে স্নেহ, নাই যদি নাই শেহ,
সকলোৱে চেনেহৰ নদীত সাঁতোৰে।
নেপালে তোমাৰ স্নেহ মোৰ হিয়া খনে॥
তোমাৰ সুখত সুখ, তোমাৰ দুখত দুখ
ইজীৱন মোৰ সখী জীৱনে তোমাৰ।
তোমাৰেহে মই সখী তোমাৰ তোমাৰ॥
১৩
তোমাৰ মৰম-নাও উঠি হেৰা উটি যাওঁ,
তুমি বোজা ভাল-পোৱা পবিত্ৰ প্ৰণয়
বুৰুৱা বা নুবুৰুৱা যেনে ইচ্ছা হয়॥
১৪
চেনেহ-দোলেৰে অটা, নাৱৰ পিৰিৰে জোটা
বুৰিলেও নাৱে সৈতে এৰা এৰি নাই।
এনে বুৰা সুখে ভৰা, ভাগ্যৱন্তে পায়॥
১৫
অবিশ্বাস নকৰিবা, ধুৰুপ তুমি জানিবা
তোমাকেহে দিনে ৰাতি ফুৰোঁ মই দেখি।
তোমাকেহে ভাল পাওঁ মৰমৰ সখী॥
১৮১২ শক, কাতি।
২নং ভৱানীচৰণ দত্তৰ লেন,
কলিকতা।
⸺⸺
চুমা
১
কপো-কপৌৱনী চুমাত বলিয়া
হৰিণা হৰিণী আৰু,
ভাটো ভাটোৱনী চুমি-চুমি চোৱাঁ,
খাইছে প্ৰেমৰ লাৰু॥
ফুলে ফুলে চুমি ফুল মতলীয়া,
ভোমোৰা চুমাত পমা।
সবে চুমাময়, হেৰা তেন্তে মই
কিয়নে নাখাম চুমা?
২
বতাহে বতাহে চুমাৰ বাতৰি,
পানীয়ে পানীয়ে চুমা।
আকাশ পাতাল চুমাৰ ভঁৰাল,
সেউতী চুমাত ঘমা॥
চুমাৰ ৰাগিত গোকুল গোপিনী
থৰক-বৰক জীৱ।
চুমা খাই খাই কাৰো তত নাই,
মইবা নেখাম কিয়?
৩
সেই দেখি লেখি লেখি এশ চুমা দিয়া।
অন্তত ই প্ৰাণ মোৰ বুজি-বাজি লোৱাঁ॥
[১৮১২ শক। আঘোণ, কলিকতা। ]
প্ৰিয়তমা
১
প্ৰশ্ন।— জনমৰেপৰা শুনি আহি আছো,
মুকুতা-মালাৰ কথা;
কত পোৱা যায়, কেনেকুৱা বস্তু,
কিন্তু নাই পোৱা দেখা।
উত্তৰ।— “প্ৰিয়া! শুনি যোৱাঁ” বুলি দিলো মাত,
মাৰি হাঁহি মিচিকীয়া।
হাঁহিয়ে হঁহাই উদঙালে দাঁত,
কলোঁ আঙ্গুলিৰে, “চোৱা”॥
২
প্ৰশ্ন।—আৰু আছোঁ শুনি কিন্তু নাই দেখা
ৰঙা পোৱালৰ মণি।
উত্তৰ — আকৌ দেখুৱালো প্ৰিয়তমা ওঠ
হেঙুলী পোৱাল-খনি॥
প্ৰশ্ন। — কাঁইট নথকা ৰূপহ গোলাপ,
বোলে পৃথিৱীত নাই।
উত্তৰ — একোকে নামাতি প্ৰিয়াৰ দুগাল
থাকিব ধৰিলোঁ চাই॥
প্ৰশ্ন।— কত আছে এনে অপূৰ্ব্ব পদুম,
ৰাতি দিনে থাকে ফুলি?
উত্তৰ — চকুৰে দি ঠাৰ দেখালোঁ প্ৰিয়াক,
মুখেৰে একো নুবুলি।
প্ৰশ্ন। — প্ৰেমৰ পুতল চেনেহ-প্ৰতিমা
কোন খনিকৰে কৰে?
উত্তৰ।— যেয়েবা কৰক, সেইটী প্ৰতিমা
এই চোৱাঁ মোৰ ঘৰে।
১৮১৩ শক।
কলিকতা।
⸻⸻
প্ৰিয়তমাৰ সৌন্দৰ্য্য
কেলৈ লাগিছে সেন্দুৰীয়া গাল?
ফৰিং-প্ৰেমিকৰ জুই।
কোৱাভাতুৰীয়া ওঠৰ তলত
ফেটী সাপ থাকে শুই।
কিয় বা লাগিছে তিৰবিৰ চকু?
যেনে ৰগৰ তৰা;
ওখ বুকু কিয় লৱণু কোমল,
মদন পিছলি পৰা?
কি কাম দীঘল মেষ বৰণীয়া
সাগৰৰ ঢউ চুলি?
প্ৰেম-পগলাৰ হৃদয়-তৰণী
বুৰি পায় গৈ তলি!
মৃণাল দুবাহু কি কাম সাধিব?
মত্ত প্ৰণয়ীৰ দোল!
মিহি মউ মাত, বিয়াধৰ পেঁপা,
ৰাখে কৰি মাথোঁ ভোল।
সুগোল সুঠাম সুবলি বলিত
বাহু জঙ্ঘা উৰু কৰ,
সকলোবিলাক চোকা চোকা অস্ত্ৰ,
শণাইত সুতীক্ষ্ণ শৰ।
নেলাগে সুন্দৰী মন প্ৰাণহাৰী,
দিয়া মোক এনে হিয়া,
যি হিয়াত মজি মোৰ এই প্ৰাণ
হৈ যায় নাইকিয়া।
দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগে
অস্তিত্ব বিলোপ কৰে।
প্ৰণয়-মদিৰা দিয়া এনে মোক,
চিৰকাল লাগি নেৰে।
এনে চুমা লাগে, যি চুমাই দুখন
নিভাজ হিয়াক জোৰে;
চকু যেন দুই মুকলি দুৱাৰ,
প্ৰেমৰ ভঁৰাল-ঘৰে।
কথা নহয় প্ৰেম-মুৰুলীৰ মাত,
কপটতা আৰু নাই;
মৰমে মৰমে মৰম-নিগড়,
বান্ধোন বোলে মিছাই।
নিদিবা নিদিবা সুন্দৰ প্ৰতিমা
মাত্ৰ সৌন্দৰ্য্যৰ খনি;
গোলপুৱা হাঁহি মুখত নধৰা,
অন্তৰত কাল ফণী।
কোমল অন্তৰ, প্ৰেমময় মন,
কোমল জুৰ হৃদয়;
দিয়া যত দিনে ৰাতি মোৰ মন
অচল অতল ৰয়।
১৮১৩ শক
কলিকতা।
⸻⸻
ভ্ৰম
কোনে কলে সেয়া বাঁহী বাজে বুলি?
বন-দেবী গীত গায়।
শেৱালিৰ মালা নহয় এইধাৰ,
তৰাৰে গুথিছে হায়!
নহয় ফুলনি, কুৱঁৰীসকল;
দঢ়াই দঢ়াই কওঁ।
গোলাপ নহয়, প্ৰিয়াৰ নয়ন,
দেখি থিৰ হৈ ৰওঁ।
কোনে কয় সেইটি হৰিণা-পোৱালি?
ইমান চেতনা নাই।
বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি
দেও দি দুবৰি খায়।
নহয় পুখুৰী, প্ৰেমিকৰ হিয়া;
পানী নহয় প্ৰেমৰস।
নৈ নহয়, ঠিক-প্ৰেমৰ-প্ৰৱাহ,
বিচাৰি প্ৰেম বিবশ।
বীণৰ আত্মাটি উৰি “গুণ” গায়,
কোনে নো ভোমোৰা বোলে?
খোপাৰ ফুলটী উৰিয়েই প্ৰিয়াৰ,
পখিলাৰ নাম পালে।
কৃষ্ণপখী বোলে নিকুঞ্জ বনত
কৃষ্ণ কৃষ্ণ ডাক দিছে?
পখী নহয়, জানা ব্ৰজৰ কান্দোন,
প্ৰতিধ্বনি ৰূপে আছে।
মলয়া নহয়, বিৰহীসবৰ
গোটখোৱা হুমুনিয়া।
প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে।
সেয়েহে জানা সন্ধিয়া।
১৮১৩ শক
কলিকতা।
⸺⸺
প্ৰবসুৱাৰ চিঠি
প্ৰিয়াহে!—
তোমাৰ কঠিন চিত;
চাওঁতে চাওঁতে তিনি নিশা গল,
চিঠিৰে কৈলা বঞ্চিত।
এয়োদশী ৰাতি চিঠিৰ সময়
উকলি যেতিয়া গ’ল,
বকুল ডালত বেজাৰৰ গীত
পাখীটিৰ গোৱা হল;
গোৰ গোৰ কৰি বিষাদ-ডাৱৰে
ওন্দোলাই নিলে মন;
এন্ধাৰে এন্ধাৰে শোৱাপাটী পাই
শোকত হলো মগন।
এযুগ দীঘল দুৰন্ত নিশাটো
লোৱেৰ খেদালোঁ খপি;
পূবেৰুণ দেখি শোক-শয্যা এইলোঁ,
আজি চিঠি পাম জপি।
চতুৰ্দ্দশী ৰাতি চিঠি পোৱা কাল
ওচৰাওচৰি পালে,
আশা ৰং ভয় আৰু যত ভাব
সোপাই জুমুৰি দিলে।
বুকু ধপ্ ধপ্ মনত অশান্তি,
কি কৰোঁ কলৈ যাওঁ;
খন্তেকে খন্তেকে কুৰি বাৰ আহি
পদুলি-মূৰলৈ চাওঁ।
নিৰাশ! নিৰাশ! চিঠি অনা কাল
শুদাই আহিল, গল!
অশোক জুপিত অশোকৰ থুপি
আগৰ দৰেই ৰল;
জুৰ বায়ু জুৰ বলে একেদৰে;
জোনাকী একে পোহৰে;
আমৰ আগত কুলিৰ ৰাগিণী
লৰচৰ ক'তা কৰে?
আগৰ দৰেই জিলীয়ে মাতিলে
দুৰ্ব্বাত মুকুতা জ্বলে;
আগৰ দৰেই পৰঘুমা পখী।
প্ৰেমৰ কথাটি কলে।
কিন্তু ওখ আশা- পৰ্ব্বতৰ টিং
যি আছিল মোৰ ঠাই,
নিৰাশ-সাগৰে পৰি একেবাৰে
সমূলি গলো লুকাই!
সি নিশাৰ মোৰ সকলো অৱস্থা
অভেদ্য আন্ধাৰে ঢকা,
স্মৃতি-লেখনীৰ এধা-মছা এটি
ৰেখ আছে চকামকা।
পূৰ্ণিমাৰ ৰাতি হাঁহি-ভৰা মুখ,
হাঁহি-ভৰা ভেট পাহি;
নৈ বৈ যায় কুল্ কুল্ কুল্
সুদূৰত বাজে বাঁহী;
চকোৰ উন্নত পি পি চন্দ্ৰামৃত,
আৰু মতলীয়া কবি;
‘প্ৰিয়তমাৰ প্ৰেম- চিঠি এই পাম’
ময়ো মতলীয়া ভাবি।
প্ৰিয়া হে!—
কলে বুকু ফাটি যায়,—
চাওঁতে চাওঁতে সকলো আশাত
আকউ পৰিল ছাই!
পূৰ্ণিমাৰ ৰাতি আউসী আন্ধাৰে
প্ৰভেদ আছেনে কিবা?
জ্বালামুখী গিৰি আৰু মোৰ হৃদি,
বিভিন বুজাই দিবা।
১৮১৪ শক।
১৮ নং শোভাৰাম বসাকৰ লেন,
কলিকাতা।
⸻
বাঁহী
ত্ৰিভূৱন মাজে যত বস্তু মধুময়,
সিসবৰ সাৰ ভাগ কৰি একেঠাই,
পুৰালি উদৰ তোৰ হে বাঁহী অমিয়া!
প্ৰেমিকে মাগিছে কণা পুৰ্ণ কৰ হিয়া।
মুখামৃত সুৱাগৰ, আদৰ আঙ্গুলি
বুলাই মাগিছোঁ ভিক্ষা, দে প্ৰাণ খুলি।
স্বৰ্গৰ অমৃতবাণী পশোক কাণত,
প্ৰকৃতি মুগুধ হওক, দেৱ বিমানত।
মৰ্ত্তৰ সন্তাপ আতৰক এখন্তক;
দিব্যালোক প্ৰকাশক, আতমা জাগক;
ধৰা মধুময় হক, ক্ষৰোক অমৃত,
উটি যাওক সি সোঁতত মোৰ কাঠ চিত।
১৮৬১ শক।
আঘোণ, হাওড়া।
⸻
চন্দ্ৰ
(গীত )
ঝিঝিট --কাৱালি।
হাতে ঢুকি পোৱা আছিল জোনাই সমুদ্ৰ মথা কালত হে,
দেৱাসুৰে দন্দ কৰি থাকোতেই, উঠে ওখ আকাশতহে।
ফটিকাৰ টেকেলি লৈ পলাই গল;
ভেবা লাগি দেৱ দৈত্য চাই ৰল;
তেতিয়াৰেপৰা বুঢ়াঙ্গুলি দেখাই জোনায়ে ফটিকা পিয়ে হে।
সোমৰস এক পথ পান কৰি,
পুৰ্ণিমাত পকি-জকি ঢলি পৰি,
এক পথ শুই গা টঙাই লৈ আকৌ তাত লাগি দিয়ে হে।
চকোৰ, বিৰহী, ভেট, কবি, খালি
পূৰ্ণচন্দ্ৰ চাই মাৰিছে টপালি;
ফুটুকাৰ ফেণ, কেচা-কলা মাথো সিহঁতৰ আছে ভাগ্যত হে।
সাতাম পুৰুষীয়া আজোককাতকৈ
বুঢ়া চন্দ্ৰমাৰ টোটোৰ মুখকেই
বলিয়াই ৰিজায় বুলি চন্দ্ৰাননী প্ৰিয়াৰ মুখৰে সৈতে হে।
চন্দ্ৰকান্ত, চন্দ্ৰধৰ নাম থৈ,
হোজা বাপে পোক মাতে আদৰ কৈ,
নাজানে সি নাম কাঠ-ফুলা গজা, ভেকুৰা, মামৰে-খোৱা হে।
জ্যোতিৰ্ব্বিদে কয়, চন্দ্ৰগ্ৰহ মৰা,
জনপ্ৰাণীহীন গোটেই চন পৰা,
কৃপাবৰে কয়, অতি ফটিকাৰ কৰ্ম্মফল ধৰি লোৱা হে।
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়া।
⸺⸺
কুলি
(গীত)
(ৰামপ্ৰসাদী সুৰ)
আয়ে লুকাই পাৰিলে কণী।
কাউৰীৰ বাহত মনে মনে মোৰ আয়ে পাৰিলে কণী॥
ফুটিল কণী জগিলোঁ মই;
কাউৰী মাহী তুলি লয়;
আপোনাৰ পোৱালি ভাবি মুখত দিয়ে টোপকণি॥
চকু মুদি খাই থাকি,
উৰণীয়া পাই পাখি,
চেগ বুজি ভুৰুংকৰে উৰি গলোঁ দূৰ বননি।
পিছে পিছে খেদে মোৰ,
কাউৰী বুলি জুৱাচোৰ,
খেদাৰ তাপত প্ৰাণ যায় গাত মোৰ নাই তৰণি॥
কালিদাস, ভৱভূতি,
শ্যেলি, কীটচ, লৰামতি,
জাকে জাকে কবিৰ খেদাত থাকোঁ মই প্ৰমাদ গণি॥
গোটেই বছৰ ভয়ত টেপা;
লাগি থাকোঁ খাই চেপা;
ফাগুণ চ’তত আমৰ ডালত বহি মাতোঁ একণমানি॥
“সৰ্ব্বনাশ কৰিলে কুলি!
বুকুৰ বান্ধৈ কলৈ গলি?”
দায় দিয়ে মোৰ গাত ততালিকে বিৰহিণী॥
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়া
⸺⸺
ধোৱাঁখোৱা
(গীত)
(বাগেশ্ৰী—আড়াঠেকা)
অনন্ত আকাশ মাজে দে ধোৱাঁ উৰুৱাই।
গল ভোক, গল শোক, দে ভাগৰ পলুৱাই॥
নলি-লগা ধোঁৱাখোৱা,
কৰি দৈ ঐ কোৱামোৱা,
টোৰোক ভৈৰব নাদে বিশ্বজগৎ কঁপোৱাই॥
সম্বৰ্ত্তক বলাহক
মেঘবৃন্দ স্তব্ধ হক,
বামুণ-ভেকোলাবোৰে যেন আৰু নোটোৰ্টোৰায়॥
ধূপ ধূনা আঁতৰ হক,
ধোৱাঁখোৱা চাপি ৰক,
মলাধপাতৰ গোন্ধে যাওক বিশ্ব মল্ মলাই॥
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়া।
⸺⸺
কলা বগা
( গীত )
(ভৈৰবী-ঝাপতাল )
কলাই বগাই মিল নাই,
কোন নজনাই কয়?
পদুমৰ পাহিৰ বুকুত
ভেমোৰা কিয়বা গুপুত?
জোনৰ কোলাত শহা কিয় ৰয়?
কৃষ্ণৰ কোলাত কিয় ৰাধা?
সৌদামিনী মেঘত বন্ধা?
হিমালয়ৰ টিঙত কিয় বগা বৰফ পৰি ৰয়?
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়া।
⸺⸺
আমাৰ জন্মভূমি
(গীত)
হেৰা আমাৰ জন্মভূমি!
হেৰা আমাৰ জন্মভূমি!
এনে দেশ কতো নোপোৱা হেৰা তুমি।
হেৰা আমাৰ জন্মভূমি।
কত আছে এনে চাউল পানীত দিলে ভাত?
কত এনে কুঁজী-থেকেৰা টেঙাই যায় দাঁত?
কত পাবা পকা-খৰিচা, কত ঢেকীয়া শাক?
এঠা-দৈ কত এনে নেৰায় ধুলে যাক।
হেৰা আমাৰ জন্মভূমি!
কত এনে ধানৰ পথাৰ, তামোল পাণৰ বাৰী?
ভলুকা মকাল আদি আছে বাঁহৰ ধাৰী?
লুইতৰ দৰে বৰ নৈ কত আছে কোৱা?
ঘূৰি আহাঁ বসুমতী, তথাপি নোপোৱা
হেৰা আমাৰ জন্মভূমি!
কত এনে মিৰি-নাচ, কত এনে বিহু?
কত পাব জগা গাইৰ এনেকুৱা ফেহু?
হৃষ্টপুষ্ট হাঁহি-মুখ মুকলি-মূৰীয়া
লৰা-ছোৱালী কত এনে দেখুৱাই দিয়াঁ?
এনেখনি দেশ কতো নোপোৱা বিচাৰি,
নিশ্চয় নিশ্চয় মই কওঁ এটাহ মাৰি।
হেৰা আমাৰ জন্মভূমি!
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়া।
⸻⸺
ছয় ঋতুৰ ডাক
(গীত)
জহ জাৰ বাৰিষাৰে মিলি-জুলি লবা।
নহলে তোমাৰ নাও বুৰিব জানিবা॥
বসন্তই কুউবায়, সুহুৰি ফুৰ্ফুৰ।
জানে সেহায়, কাহ মাৰে কুহুৰ কুহুৰ॥
জহৰ তপত মাত যেনে চেঙা পানী।
বাৰিষাই ঘৰ্ঘৰায়, ৰিং মাৰে টানি॥
জহ, জাৰ, বাৰিষাৰে---- ইত্যাদি।
পানী-লগা হেমন্তই হাঁচিঔ মাতে।
আজোৰত চুৰিয়াৰ খোচানাটো ফাটে॥
চন্দ্ৰাৱলী শৰতৰ নূপুৰৰ ধ্বনি
মন কাণ পাতি দিলে ভালকৈয়ে শুনি॥
জহ, জাৰ, বাৰিষাৰে—-- ইত্যাদি।
১৮৩১ শক, আঘোণ।
ঝাৰসোগোড়।
⸺⸺
বৃন্দা চন্দ্ৰাৱলী সংবাদ
চন্দ্ৰা—Now look here Brinda বাই, go tell him, go;—
মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক so!
Let him go to Radha's Bower, here no চালাকি।
ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?
বৃন্দ— হব পাৰা ভালৰ জীয়াৰী, হব পৰা গধুৰ।
But why abuse our Radha? what is her কচুৰ?
হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে।
Awful nuaghty that boy ৰাধাক বলিয়া কৰে!
চন্দ্ৰা—Steal the flute, pay him back in his own coin;—
ফুটা কেইটাত মাটি সুমাই মাৰি দিয়াঁ তাৰ জইন।
That's the way to put an end to that nuisance.
যোৱাঁ বৃন্দা, যোৱাঁ লক্ষ্মী, pray, have no nonsence,
১৮৩১ শক।
পুহ, হাওড়া।
⸺⸺
বাঁহী
কোনে নো বজাইছে বাঁহী সন্ধিয়া বেলিকা?
কোনে নো সুৰেৰে মতে “ৰাধিকা” “ৰাধিকা”?
গধূলি বতাহ ধীৰে ৰিব ৰিব বয়।
কোনে “ৰাধা” বুলি মাতে হই তন্ময়?
নোৱাৰোঁঁ ঘৰত ৰব টানে বাঁহী মোক।
লাজ ভয় সকলোতে নেওচা পৰোক।
কেনি যাম বাট সখী দেখুৱাই দিয়া।
উগুল-থুগুল মন থিৰ নাই হিয়া।
মুখখানি চাই আহোঁ,
মালাধাৰি পিন্ধাই আহোঁ,
হাঁহিৰে মাধুৰী পি আনন্দত ভাহোঁ।
১৮৩১ শক!
মাঘ, হাওড়া।
⸺⸻
ডাকৰ টোপোলা।
(গীত )
(আসাভৈৰবী-ঠুংৰি )
কই যোৱা ডাকোৱাল, খোজ কিয় কোবাল?
জুনুক জুনুক কিনো বাজে?
তোমাৰ সি টোপোলাত চিঠি নামে অসংখ্যাত
কিনো অদভুত বস্তু বাজে?
বিদেশত আছে পতি, ঘৰত ৰইছে সতী,
মৰম বাতৰি কিবা যায়?
বিৰহত পোৰা নাৰী মাগি প্ৰেম-শান্তি বাৰি
প্ৰণয়ীক প্ৰণয় জনায়?
পিতৃৰ সন্দেহ বাৰ্তা, মাতৃৰ ভাবনা চিন্তা,
বন্ধুৰ সাদৰ সম্ভাষণ,
হতাশাৰ আশা-বল, আতুৰৰ চকু-জল,
শোকাৰ্ত্তৰ মধুৰ সাত্বন,
প্ৰভু আদেশ বাণী, ভৃত্যৰ প্ৰাৰ্থনাখিনি,
ৰজাৰ অনুজ্ঞা আজ্ঞাৰাশি;
মনসাগৰৰ নানা গতি, চিন্তা, বিবেচনা,
চিঠিৰূপে কি টোপোলাবাসী?
নহয় টোপোলা সেয়া সংসাৰৰ সৰু কায়া;
পৃথিবীৰ ক্ষুদ্ৰ তাঙ্গৰণ।
কোৱাঁ ডাকোৱাল কাই, হয় নে নহয় যায়
টোপোলাৰূপেৰে নিৰঞ্জন?
[১৮৩১ শক। মাঘ, হাওড়া!]
সত্য কোৱাঁ
(গীত)
(ইংৰাজী সুৰ)
সত্যে কোৱাঁ প্ৰাণনাথ, কোন তোমাৰ আপোন?
সত্যে কোৱাঁ প্ৰাণধন, বুকুৰ বান্ধ কোন?
নিৰাশা মৰম সুখ,
আশা দুখৰ বাহ॥
আচল কথা ভূ পালে
নেযাওঁ শোকত জাহ॥
হেৰা সোণামণি মোৰ!
নেযাওঁ শোকত জাহ॥
১৮৩১ শক।
মাঘ, হাওড়া।
⸻⸺
তৰা
অনন্ত আকাশে বহি কোন তোমালোক?
কি কাৰণে ধ্যানমগ্ন, কিবা দুখ শোক?
কি কামে নিবিষ্ট চিত্ত, কিবা ভাবে ভোৰ?
সামান্য মানুহ মই নাই পোৱা ওৰ।
পাপ তাপ দুখ ক্লেশ দেখি পৃথিবীৰ,
হৃদয় ব্যথিত জানো, পৰে আখি নীৰ।
শঠতা বিদ্বেষ হিংসা-বিষে জৰ্জ্জৰিত
আমাৰ অন্তৰ দেখি বিদৰিছে চিত?
টিপ্ টিপ্ চকুলো নিয়ঁৰৰ কণা
পেলোৱা শোকত কিবা? একো নাই জনা।
অথবা আকাশী ফুল স্বৰ্গ-উপবনে
ফুলি আছা নুশুকাই সদানন্দ মনে,
সুবিমল শুভ্ৰ জ্যোৎস্না সৌৰভ বিলাই,
স্বৰগত প্ৰেম-হাঁহি, শোক তাপ নাই।
নতুবা অপূৰ্ব্ব মণি মুকুতা উজ্জ্বল,
বিশ্বপতি বিশ্ব গৃহে কৰে জলমল?
অথবা অযুত কোটী চকু বিধাতাৰ
চতুৰ্দ্দিশ অধঃ উৰ্দ্ধ ব্যাপ্ত চৰাচৰ;
পাপ পুণ্য সুকৃতি দুষ্কৃতি নিৰন্তৰ
দেখি বিধানিছে বঁটা, দণ্ড ঘোৰতৰ।
নাজানো একোকে মই নিঃকিন মানৱ।
জ্ঞান দিয়াঁ অধমক দেৱ আদিদেৱ!
১৮৩১ শক।
ফাগুন, হাওড়া।
⸺⸺
কবিতা
শোকৰ সঙ্গীত সিটি, বিষাদৰ সুৰ,
আতুৰৰ হুমুনিয়া, লোতক চকুৰ,
বেজাৰৰ কলা ৰেখ, তৃষ্ণা তৃষিতৰ,
বিধৱাৰ বুকু ফটা যাতনা কাতৰ।
ছয়াময়া সুখৰ সি খন্তেকীয়া হাঁহি।
সুৰভি বিলাই যোৱা গোলাপৰ পাহি।
বিজুলীৰ চকামকা নিমিষ পোহৰ ৷
জোনৰ কোমল কান্তি, পানীৰ লহৰ।
বীণৰ আতমা সিটি উৰি “গুণ” গায়।
বাঁহীৰ জীৱন সি যে ডালত “কুউৱায়”।
ৰমণীৰ কমনীয় মাধুৰী মধুৰ।
আধা-ফুটা আধা মাত সৰগ শিশুৰ?
লাজেৰে তিওৱা মুখ সুন্দৰী ৰূপহী।
নিয়ৰত গা ধোৱা সেউতী সি বাঁহী।
অনাঘ্ৰাত কেতেকীৰ সোণোৱালি ৰেণু।
বৃন্দাবন মতলীয়া কলীয়াৰ বেণু।
প্ৰকৃতিৰ কামনাৰ সৌন্দৰ্য্য ৰঞ্জিত।
কবিতা কল্পনাময়ী কবিৰ বাঞ্ছিত।
১৮৩২ শক।
বহাগ, হাওড়া।
⸻⸺
বাঁহী
( গীত)
(ভৈৰবী—মধ্যমান)
শুনিলে সেইটোৰ মাত মূৰ আচন্দ্ৰাই কৰে।
আজিও সেই সুৰত মোৰ থৰ-যুগুতি হৰে।
ফুটা দিয়া বাঁহৰ চুঙা,
কৰোঁ মাথো উপ লুঙা,
তথাপি আমনি কৰি সেইডালে মাৰে॥
ধপাত ভৰাব পাৰি;
পিঠা পুৰি খাব পাৰি।
কুকুৰ-মৰা মাৰি সেইডাল ঠিক হব পাৰে॥
গা বেয়া, মন বেয়া।
কৰে, তাত কিহৰ মায়া?
নাজানো কিয়বা লোকে তাত ফুৱাই মৰে॥
কৃষ্ণই কৈলে আবিষ্কাৰ,
গোপীক দিলে সমাচাৰ,
( দেখোন) “টেলিফোনে” সেই কাম সহজতে কৰে॥
১৮৩২ শক।
বহাগ, হাওৰা।
চন্দ্ৰা, ৰাধাৰ দন্দ
(গীত)
(বেহাগ—খেমটা )
তাই কিয় গালি পাৰি যায়?
মোৰ পদুলিত চন্দ্ৰাই কিয় মুখ বজায়?
দন্দুৰী নহওঁ ৰাধা,
পাই মোক গোটেই “চিধা”,
যি আহে মুখত কৈ কিয় ফক্ফকায়?
পাৰে নিয়ক কৃষ্ণক মাতি,
ৰাধাৰ গাত কিহৰ ঘাটি?
খোচোনাত কানুক ৰাধাই লুকাই থোৱা নাই
যাৰ বস্তু তাৰ ঘৰে;
তাইৰ কিয় চকু পোৰে?
সেইজনীৰ মুখত জানো লাজ-কাজ নাই!
কিয় গালি পাৰি যায়?
১৮৩২ শক।
জেঠ, হাওড়া।
⸺⸺
মোৰ দেশ
(গীত)
(ইংৰাজী সুৰ)
অ মোৰ আপোনাৰ দেশ!
অ মোৰ চিকুণি দেশ!
এনেখন শুৱলা,
এনেখন সুফলা,
এনেখন মৰমৰ দেশ॥
অ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ কতো
বিচাৰি জনমটো
নোপোৱা কৰিলেওঁ পাত॥
অ মোৰ ওপজা ঠাই!
অ মোৰ অসমী আই!
চাই লওঁ তোমাৰ
মুখখনি এবাৰ,
হেপাহ মোৰ পলোৱা নাই।
অ মোৰ আপোনাৰ দেশ।
অ মোৰ সুকীয়া দেশ!
ৰা তা তা, ৰা তা তা,
তা তা তা, ৰা তা তা,
অ মোৰ মৰমৰ দেশ!
১৮৩২ শক।
জেঠ, হাওড়া।
⸺⸺
সখী কোনে নো বজায়?
(গীত)
(বেহাগ-আড়াখেমটা )
সখী কোনে নো বজায়?
সন্ধিয়াৰ বায়ুত শুনা
সেই সুৰ উটি যায়।
সখী কোনে নো বজায়?
যমুনাৰ কুলু গান
আকুল কৰিছে প্ৰাণ।
নূপুৰৰ ৰুণুজুনু
শুনা তাতে মিলি যায়।
ভোমোৰাৰ গোঁজৰ জানো
বাঁহীৰ মাজে ওলাইছে।
কুলিৰ পঞ্চম কু—উ
তাতে কিবা মিলিছে।
বন-মালাৰ গোন্ধ মধু;
আকাশত হাঁহে বিধু;
আদৰি বন্ধুক আনা,
মিছাতে সময় যায়॥
কোনে নো বজায়?[১]
[ ১৮৩২ শক। আঘোণ, হাওড়া। ]
মাতৃশ্ৰাদ্ধ
বিশাল প্ৰকৃতি স্নেহ তিল তিল কৰি
গোটাই ৰচিলে মাতৃ জনমদায়িনী।
কৰুণ ৰসত আৰ্দ্ৰ হৃদয় তোমাৰ,
মূৰ্ত্তিমতী সহিষ্ণুতা। জনম তোমাৰ
অনন্ত কন্দলি বংশে আসাম-গৌৰৱ।
কিহেৰে তৰ্পিম মাতঃ আজি শ্ৰাদ্ধ দিনে,
নিঃকিন সন্তান মই? চকুৰ লোৱেৰে
ধুৱাওঁ চৰণ আই আশীৰ্ব্বাদ দিয়া। [২]
২২/১০/১০, শনিবাৰ।
১৮৩২ শক, আঘোণ, হাওড়া।
অৱশেষ
ফুলিল মালতী, ফুলি সৰি পৰি গল।
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰʼল॥
ভাগি গল বীণখনি, ছিগি গল তাঁৰ।
ৰই গল অৱশেষ অমিয়া জোকাৰ॥
পঞ্চত্বত লীন হল তৰুণী সুন্দৰী।
মধুৰ হাঁহিটি মাথো থাকি গল পৰি॥
মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন!
থাকি গল মধুৰতা কিৰিশ কিৰণ।
সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গʼল বলি।
মৃদুল হিল্লোল ৰʼল হৃদয় আকুলি?
আকাঙ্ক্ষাৰ অধীৰতা, উদ্বেগ হিয়াৰ,
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ,
লাহে লাহে আতঁৰিল, ৰ’ল প্ৰতিধ্বনি।
সুৱাগ সমল গʼল, থাকিল বিননি,
ধন গল, জন গল গল কায়ক্লেশ।
সুখ্যাতি অখ্যাতি ৰʼল, আত্মা অৱশেষ॥
১৮৩২ শক।
চ'ত, হাওড়া।
চালনী আৰু বেজী
চালনীয়ে বোলে বেজী ভাই তুমি কিয় ফুটা?
নহয় নে বাৰু হাঁহি উঠা?
হাঁহি হাঁহি আহি হুঠা।
নহয় নে বাৰু হাঁহি উঠা॥
তিনি-কুৰীয়াই আনে বিয়াই বাৰ-বছৰীয়া;
পকা দাড়ি-চুলি কাঢ়ি কৰে নাইকিয়া;
সেলেঙি লগাই ডেকালি কৰে ওঠ ৰঙা কৰি;
নাতিনী-জুৰীয়া ঘৈণীক মাতে বুলি প্ৰাণেশ্বৰী।
নহয় নে বাৰু হাঁহি উঠা?
গোফ-ঠুটিৱা ডেকা লৰাই প্ৰেম-কবিতা লেখি,
ভব্য-গব্য কবি হলো ভাবি থকা দেখি,
কাৰ নো বাৰু হাঁহি নুঠে, কাৰ নো নুঠে খং,
“পদ্যপাঠ” পঢ়োতাৰ দেখি এনে ঢং?
নহয় নে বাৰু হাঁহি উঠা?
ইন্তাহানত ফেল মাৰি মাথা-মুণ্ড লেখি,
কৃটিক হৈ বৰক গালি ছপাই উলিৱা দেখি,
কাৰ নো নুঠে মূৰৰ বিষ, কাৰ নো নাহে হাঁহি,
খজুৱতি তোলা এনে দেখি বালিচাহী?
নহয় নে বাৰু হাঁহি উঠা?
মোৰ নামটো ভোটা-তৰা, মোৰ যহটো ৰৌ;
মোৰ গুণৰ কীৰ্ত্তন কৰ, শুনিছ নে ঔ!
নহলে দিম গালি পাৰি, পিছত মাৰিম খোচ।
উভতি ধৰিলে যদিও ভয়ত খাম কোচমোচ॥
নহয় নে বাৰু হাঁহি উঠা?
আগৰ তৰপ ডাঙৰীয়াক ভেমৰ বাবে হাঁহো;
কিন্তু মই ডাঙৰ হৈ তাৰো ওপৰত বহোঁ।
এফ-এ ফেল, “বিয়ে পাছ” বিদ্যাৰ টোপোলা।
নৈতিক বলত বাঁহৰ চুঙা গোটেই ফোপোলা॥
নহয় নে বাৰু হাঁহি উঠা?
এচিকটা ক্ষমতাতে ঢোল-ওফন্দা দিওঁ;
“দেউতা ঈশ্বৰ” নুবুলিলে হওঁ উতলা ঘিউ;
আগৰ বৰৰ দুখীয়া পালে পোটক তোলো মই;
অসমীয়া নতুন হাকিম মোকে বুলি কয়॥
নহয় নে বাৰু হাঁহি উঠা?
দেশোদ্ধাৰৰ এক নম্বৰ, পেট্ৰিয়ট পকা;
ভাষা-নাৱৰ গুৰি-বঠা গদ্য পদত চোকা।
কলিকতাত ৰিফৰ্ম্মৰ, অসামত বেঁকা;
গা নুধুই চাহ নাখাওঁ, নাখাওঁ বৈনাইৰ হোকা॥
নহয় নে বাৰু হাঁহি উঠা?
সাজ লাগিলে শুকান ওঠ ফটিকাৰে তিতে,
পুৱা হলে সন্ধ্যা পূজাৰ ভোট্ভোটনি নিতে;
ৰাজহুৱা, পূজাত ওজা, ঘৈণীৰ ওপৰত ৰজা;
হিংসাত সিজা মনটো যেন তেলত বেঙেনা ভজা॥
নহয় নে বাৰু হাঁহি উঠা?
হাঁহি হাঁহি আঁহি হুঠা,
নহয় নে বাৰু হাঁহি উঠা?
১৮৩১ শক।
চ’ত, হাওড়া।
বিহু
(গীত)
(সুৰ—“দেউতাৰ পদুলিত, গোন্ধাইছে মধুৰী, কেতেকী
মলেমলায়, ঐ গোবিন্দাই ৰাম। )
টকা, পেঁপা, ঢোল গীতৰ উঠে ৰোল,
নাচে ডাঙৰীয়া বিহু। (ঐ বিহুৱা কাই!)
নতুনে বছৰটিক, নতুনে কন্যাটীক
আদৰে যেনেকৈ শাহু॥ (ঐ বিহুৱা কাই! )
কুঁহি পাত মেলি গছে আদৰিলে,
আমৰ মল, কুলিৰে মিলি। {ঐ বিহুৱা কাই। )
সৰগৰ বসন্ত, আহাঁ হে আহাঁ হে
আমাৰ পৃথিবীলৈ, বুলি॥ (ঐ বিহুৱা কাই!)
শৰতক জোনে, হেমন্তক ধানে,
বাৰিষাক মৰাইয়ে যেনে,
আদৰি কেনেকৈ নতুনে বছৰটীক
বিহু ডাঙৰীয়াই আনে॥
লৰাই জুনকা, লুৰীয়ে ভুৰুকা,
বোৱাৰী খুন্দিছে চিৰা।
গামোছা, কাপোৰ, পিঠাৰ নাই ওৰ,
ঘৈণীয়ে পাৰিছে পীৰা।
মা হালধীৰে গৰু গাই ধুৱালে,
তৰাৰ ন পঘাৰে বান্ধে।
আম কঠালত ন ফল আশাৰে
ধান-খেৰৰ জৰীৰে ছান্দে॥
মছে সাৰে ঘৰ, পদূলি চোতাল,
বেথায়ে কণী যুঁজায়।
মহৰ যুঁজ এখন, গয়ায়ে পাতিলে,
খুন্দাত ভূঁইয়ে লৰি যায়॥
চাৰি ডেকা বহি পঁচি খেলে কৰে,
চাৰিকো চাৰিয়ে চৰে।
দহ, পঁচি, মাৰি, গুঠি লই কড়ি,
ঢালতে চাপৰি মাৰে॥
ককাইক ভনীয়েকে ন কাপোৰ পিন্ধালে,
সেৱাত পায় “কুশলে হোক”।
দূৰণিতে থকা পুতেকক সুৱঁৰি
মাকে কৰিলে শোক॥
গধূলি গৰু গাই ঘৰ চাপি আহিলে,
কোবে খাই মাখিয়তীৰে।
বোৱাৰী, জীয়ৰী, লৰাৰ হাঁহিৰে
ভৰিল ঘৰ খিকিন্দালিৰে।
টক্ টক্ টক্ টকাই, পোঁ পোঁ পোঁ পেঁপাই,
ধুম ধুম ধুম ঢোলেৰে মিলে।
খম্ খম্ খম্ তালেৰে, চট্ চট্ চট্ হাতেৰে,
“বিহু খা, বিহু খা" বোলে॥ (ঐ বিহুৱা কাই!)
১৮৩৩ শক।
বহাগ, হাওড়া।
ৰাধা আৰু সখীসকল
(গীত)
(অসমীয়া নামৰ সুৰ)
বৃন্দা —“বৃন্দাবনতে কোনে বাঁহী বায়, এ হে,
আমি শুনি গলো ধ্বনি হে,
নাকে বাঁহী বায়, আঙ্গুলি বুলাই, এ হে,
ৰাধা ৰাধা বোলে বাণী হে। ”
বিশাখা—বৃন্দাবনতে, কদমৰ তলতে, এ হে,
যমুনাৰ পাৰতে হয় নি, হে?
গধূলি পৰতে, মলয়া বওঁতে, এ হে,
ৰাধাই আনোতে পানী হে,
ময়ো শুনিছিলো, কোন নুবুজিলো, এ হে,
লুকাই কোনে কৰে হে।
ধৰিব পাৰিলে, বান্ধিম এই ৰিহাৰে, এ হে,
দিম ৰাধিকাৰ কৰে হে,॥
ললিতা— কালিন্দী তীৰতে, বনৰে মাজতে, এ হে,
নূপুৰে ধৰিছে তাল, এ হে।
সুৰীয়া, বজায়, মন উচটাই এ হে,
ৰাধাৰ ওলাল কৰ কাল, এ হে।
ময়ো নিতৌ শুনো, দিনৌ মনে গুণো, এ হে,
কেনেকৈ পেলাম তাক ফান্দত, হে,
দীঘলকৈ ৰাখিছোঁ, সেইহে এই চুলিটাৰ, এ হে
ককালত মেৰাম তাৰ পাকত, হে।
টানি আনি চোৰ, দিয়াম শাস্তি ঘোৰ, এ হে,
আমাৰ ৰাধাৰাণীক দিয়ে হে।
নূপুৰ গুৰি কৰি, বাঁহী নিমে কাঢ়ি, এ হে,
যদি হওঁ গুৱালৰ জীয়ে হে॥
(ৰাধাৰ প্ৰবেশ)
ৰাধা— শুনিছোঁ সখীহঁত, শুনিছোঁ বাইহঁত, এ হে,
নকবা নিদাৰুণ কথা হে।
নেলাগে ধৰিব, নেলাগে বান্ধিব, এ হে,
মোৰ জীৱই পাব ৰে ব্যথা হে॥
বৃন্দাবনতে, কদমৰ তলতে, এ হে,
যিজনে বজাইছে বাঁহী হে।
দেহ-লাও তেওঁ মোৰ, তেওঁ মোৰ মন-চোৰ, এ হে,
কাবৌকৈ মাতি আনাহি, হে॥
১৮৩৩ শক।
বহাগ, হাওড়া।
⸻
ব্ৰহ্মাণ্ডৰ সত্ত্ব যিটো পৰিছে নিজৰি;
গিৰি বন গছ লতা সচেতন কৰি;
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত হয়; গুচে আত্ম পৰ;
সৰ্ব্বাঙ্গে সৰ্বাঙ্গ লয়; জীৱনে জীৱন;
আনন্দে আনন্দ, মহানন্দৰ স্ৰজন;
সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়;
ক্ষণিক সম্ভোগে যাৰ দেৱত্ব মিলায়;
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে;
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে।
১৮৩৩ শক।
জেঠ, হাওড়া।
⸻
অতৃপ্তিত অশান্তিৰ ঘৰ;
অশান্তিয়ে অসুখ বিলায়।
অসুখত বিচাটৰ ৰাশি;
জীৱনৰ সোঁত বৈ যায়।
সংসাৰত তৃপিতিৰ আশা,
মৃগতৃষ্ণা মৰীচিকা প্ৰায়,
বিচাৰি বিশ্ৰান্ত; কতো নাই;
শান্তিধাম মাত্ৰ শান্তিৰ ঠাই॥
ইৰ্ষা দ্বেষ মেঘৰ ওন্দোলে
মনাকাশ এন্ধাৰি পেলালে।
মোহ-তম বিষম অজ্ঞানে
তত্ত্বজ্ঞান-সূৰুয ঢাকিলে।
ক্ষন্তেকীয়া মেঘৰ আন্ধাৰ;
যুগমীয়া তত্ত্বজ্ঞান-ৰবি।
যুগমীয়া এৰি ক্ষন্তেকীয়া!
মণি এৰি কাঁচ কি কৰিবি?
১৮৩৩ শক।
শাওণ, হাওড়া।
⸻
দেৱযানী
(স্থান-শুক্ৰৰ আশ্ৰম)
(দেৱযানীয়ে পুজাৰ নিমিত্তে ফুল জলৰ আয়োজন কৰিছে।)
কচ—নমস্কাৰ দেৱযানী!
দেৱযানী—নমস্কাৰ কচ!
কচ— আহিলো তোমাক আজি লবলৈ বিদায়।
অতি মন দুখে আকুল কৰিছে প্ৰাণ।
লাগিছিল নিজ ঘৰ যেন এই ঘৰ;
পিতৃ বৃহস্পতি যেন গুৰুদেৱ মোৰ;
গুৰু-কন্যা যেন মোৰ আপোন ভগিনী।
চেনেহ-দোলেৰে বান্ধি ৰাখিৰিলা মোক।
ইজন্মত শুজিব নোৱাৰোঁ এই ধাৰ।
তোমাৰ মনত মাত্ৰ সততে জাগ্ৰত
মঙ্গল কামনা মোৰ। হেৰা সুবদনি!
বাৰে বাৰে ব্যৰ্থ কৰি দানৱৰ চেষ্টা।
ৰাখিলা জীৱন মোৰ। পালো প্ৰাণ মই
কৃপাত তোমাৰ। এৰি ইহেন আশ্ৰম,
ত্যজি আশ্ৰম-ঈশ্বৰী এনে, যাওঁ কোন সতে?
ইঠাইৰ প্ৰতিগাছি তৃণে বান্ধিছে হৃদয়
মোৰ। প্ৰতি কুশাঙ্কুৰে স্নেহ বিজড়িত
দেখোঁ, সদ্য অঙ্কুৰিত। চিৰানন্দ বায়ুৱে
বিলায়। পুষ্পিত বিৰিখ লতাবোৰে
মূৰ্তি ধৰি কৰে সাম গান। যজ্ঞ ধুম
সৰগ সোপান। কৰুণা সৌন্দৰ্য্যে ধৰি
পোৱালি হৰিণাৰূপ জুৰাই পৰাণ।
কিন্তু, কিন্তু, কৰ্তব্যৰ কঠোৰ শাসন
এৰোৱা দুষ্কৰ। এৰি জনক জননী
আছো বহুকাল; জ্ঞাতি বন্ধু শোকত
আকুল; আশা পালি আছে,-অধ্যয়ন
কৰি সমাপন কচ উভতিব ঘৰ।
কৰ্তব্যৰ অধীন সন্তানে সম্পাদি
কৰ্ত্তব্য, আজি যাব থোজে সেইদেখি
ঘৰ; আশীৰ্ব্বাদি গুৰুদেৱে কৰি বিদ্যা
দান, শিষ্যক মেলানি দিলে। তোমাৰ
কাষত লভিলে মেলানি সুলোচনি,
যাব পাৰে আজি কচ ত্ৰিদশ আলয়।
দেৱযানী—আছে এটি নিবেদন মোৰ, তোমাৰ
কাষত,-অঙ্গিৰাৰ পৌত্ৰ তুমি,
ফুল শীল বিদ্যাৰে মণ্ডিত; সম দম
তপস্যাৰে অলঙ্কৃত ৰপূ। মহৰ্ষি
অঙ্গিৰা, মোৰ পিতৃৰ পুজিত। জনক
তোমাৰ বৃহস্পতি পূজিত সিমতে
মোৰ। কৃতবিদ্য লভি বিদ্যা তুমি; পুত
ব্ৰহ্মজ্ঞানে কলেবৰ। আছে মোৰ অতি
ক্ষুদ্ৰ এটি নিবেদন, শুনা সৌম্য শুনা
সাৱধানে;—যি দিনা আহিলা তুমি আশ্ৰমে
আমাৰ, স্বচ্ছ মন শুভ্ৰ কান্তি তাপস
নন্দন, মোৰো মন হল অনুৰূপ!
মণিৰ সংযোগে কাঁচে ধৰে মণিৰূপ।
অলক্ষিতে আচম্বিতে আন্দোলিল মন
অনুৰাগ অকস্মাৎ হল অঙ্কুৰিত।
সেই দিন ধৰি, প্ৰতি পল অনুপলে
বঢ়াই শকতি তাৰ কৰিলে বিশাল।
হৃদাকাশ জুৰি বনস্পতি প্ৰসাৰিছে।
প্ৰণয়-পল্লব মোৰ। হে সোভন! সৌম্য!
গলে তুমি ফল ফুল আহৰণ মনে,
পূজাৰ কাৰণে মোৰ, প্ৰতি-আগমন
মই থাকোঁ বাটচাই। গোধন চৰাই
তুমি আহোঁতে পলম হলে, দেখোঁ দিনতে
এন্ধাৰ; ভাবোঁ, কিবা আথান্তৰ মিলিল
কচৰ। বাৰে বাৰে দুৰন্ত অসুৰে
নাশিলে তোমাক; এৰি ৰমণীসুলভ
লাজ, সলোতক নেত্ৰে ধৰি পিতৃৰ
চৰণ, মাগি পাওঁ পুনু, হেৰুৱা-ৰতন
মোৰ অঞ্চলৰ নিধি, হে তাপস-মণি
যজ্ঞ সমাপন অৰ্থে আহৰা সমিধ
কাঠ; বিক্ষত কণ্টকে দেহ দেখি, মছি
অশ্ৰুজল সেবি কৰো নিৰুজ তোমাক
কুশাঙ্কুৰে বিন্ধিলে চৰণ, পানীৰে
পথালি পাৱ, প্ৰদানি প্ৰলেপ, ক্ষত
কৰোঁ নিৰাময়; তেহে সুস্থ হয় মোৰ
মন। কি সকাম, সেই কথা এতিয়া
বখানি? জানা সকলোকে তুমি। লাজে
বান্ধি ৰাখিছিল মুখ, সি কাৰণে আছিলোঁ
নিমাত। কিন্তু দেখোঁ হয় সৰ্ব্বনাশ।
হেৰায় বুকুৰ বিত, সাঁচতীয়া ধন!
সিকাৰণে, প্ৰিয়তম! প্ৰাণপ্ৰিয়! আজি
পৰিত্যাগি সংকোচ সংযম , প্ৰাৰ্থিছোঁ
তোমাক,—কৰি মন্ত্ৰ উচ্চাৰণ বেদৰ
বিধানে কৰোঁ মোক পৰিণয়, তাপস-
ৰতন।
কচ। — নাপায় এনুৱা কথা কব মোক শুভে!
গুৰু শুক্ৰাচাৰ্য্য মান্য পূজনীয় মোৰ;
গুৰু-কন্যা পূজনীয়া মোৰ সেইদৰে।
ভগৱান ভাৰ্গৱৰ প্ৰাণাধিকা কন্যা
তুমি, গুৰুপুত্ৰী ভগিনী সদৃশ মোৰ।
নহয় যুগুত কৰা ইহেন প্ৰস্তাৱ।
দিয়াঁ ভদ্ৰে। হৰ্ষমনে বিদায় ভ্ৰাতৃক,
যাওঁ নিজ ঘৰ; শোকাভুৰ জনক জননী।
দেখিলোঁ সপোন,—শোকাকুল পুত্ৰৰ
বিৰহে, দুখুনী জননী মোৰ!
দেৱযানী—শুনা কচ! শুনা তপোধন! ভ্ৰাতৃ-স্থান
নহয় তোমাৰ। সন্তান নোহোৱা তুমি
জনকৰ মোৰ। পিতৃৰ গুৰুৰ পৌত্ৰ
তুমি; সি হেতু মাথোন পূজনীয় তুমি
মোৰ। কৰিছিল প্ৰথমতে তোমাক
যিবাৰ অসুৰে বিনাশ, পিতৃৰ কাষত
সকৰুণে মাগি ভিক্ষা জীয়ালোঁ তোমাক।
সেই দিন ধৰি অনুৰক্তা দেৱযানী
তোমাৰেহে কচ! নৃত্য গীতে কৰি
বিনোদন, সেবি মই অনেক প্ৰকাৰে,
সাধিলোঁ তোমাৰ প্ৰীতি; তোমাৰ ধিয়ান
বিনে কচ, নাই মোৰ আন একো কাম।
ধৰ্ম্মজ্ঞানী তুমি কচ, জানা সকলোকে।
এনে অনুৰক্তা মোক, জুৱায় নে হে
কৰা পৰিহাৰ? নিকৰুণ বচনে তোমাৰ,
দিছে দুখ মৃত্যুতো অধিক। অতএব
হেৰা কচ, হেৰা প্ৰাণপ্ৰিয়, দেৱযানী
অভাগীক নেঠেলিব পাৱে! দাসী হৈ
সেবিম চৰণ, আচৰি একত্ৰে ধৰ্ম্ম,
লম পদ সহধৰ্ম্মিণীৰ; সুখ দুখ
সুকৃতি দুষ্কৃতি যি তোমাৰ মিলিব
ভাগ্যত, ভাগ লৈ তাৰ, নিজক মানিম
ধন্য, সুৱাগিনী হম; তপস্যাত হৈ
তপস্বিনী, কৰিম সহায়; ব্ৰহ্মৰ
পুজাত, মিলাই ভকতি প্ৰেম তোমাৰে
সইতে, বিলোপি পৃথক সত্বা, সাধিম
ঈশ্বৰ প্ৰীতি; ক্ষুদ্ৰ নদী ব্ৰহ্মপুত্ৰ
নদে, কৰি আত্মবিলোপন, বৈ যায়
শীতলি সংসাৰ। সি কাৰণে হেৰা প্ৰিয়,
হেৰ সুশোভন, নিৰপৰাধিনী মোক
কৰি পৰিহাৰ, নাযাবা নাযাবা কদা!
বধে ছুব নিশ্চয় জানিবা!
কচ। - অনিযোজ্য বিষয়ত নকৰা নিয়োগ
মোক হে শুভব্ৰতে! গুৰুতো অধিক
তুমি গুৰুতৰা মোৰ। নকৰিবা কোপ।
সুপ্ৰসন্ন মনে, মেলানি প্ৰদান কৰাঁ।
আছিলো অনেক কাল সুখত ইথানে।
অনুমতি দিয়া যাওঁ ত্ৰিদশ আলয়ে।
দেবি! আশীৰ্ব্বাদ দিয়া, বাটত বিঘিনি
যেন নপৰশে মোক। কথা প্ৰসঙ্গত
সুৱঁৰিবা দুখীয়া কচক, কৰোঁ আশা।
গুৰু মোৰ জনক তোমৰ, কৰিব
শুশ্ৰুষা; সাৱধানে পৰিচাৰ্য্যা কৰি
সাধিবা পিতৃৰ তুষ্টি; ক্ৰটী নকৰিবা;
বৃদ্ধ তেওঁ। যি পবিত্ৰ ঔৰষত জনম
তোমাৰ, আছিলো সেই উদৰত মই।
ধৰ্ম্মতঃ সি হেতু, সমন্ধত দেৱযানী
কচৰ ভগিনী। সেইবাবে সুনয়নী,
অশোভন তেনে কথা নানিবা মুখত।
দেৱযানী—শুনা কচ! শুনা মোৰ স্বৰূপ বচন;—
প্ৰত্যাখ্যান কৰি তুমি প্ৰাৰ্থক জনক,
নকৰিলা ভাল। আশা ছেদ কৰি মোৰ
শালিলা অন্তৰ। বহুকাল পোহা মোৰ
প্ৰণয় পখীটি মাৰিলা মুচৰি ডিঙি।
ঢালিলা তপত তেল ক্ষত স্থানোপৰি।
হাঁহি-মুখ অশোকৰ থুপিটিক ছিঙি,
নিমৰমে গচকি পেলালা। নিৰমল
ঠুনুকা হৃদয়, এচাৰি শিলত ভাঙি,
লভিলা সন্তোষ। বৈদুৰ্য্য বিদ্ৰুম তুল্য
নাৰীৰ প্ৰণয়, অযতনি অৱহেলি
ঠেলিলা চৰণে। আৰু কোন ৰমণীৰ?
শোধো, কোন ৰমণীৰ প্ৰেম? দেৱযানী
শুক্ৰ নন্দিনীৰ, দেৱাসুৰ যক্ষ ৰক্ষে
সন্মানে সদায় যাক; থাকোক আনৰ
কথা, ইন্দ্ৰো লালায়িত যাৰ কৃপা কণা
আশে —
জানা নে হে ব্ৰাহ্মণ সন্তান,
ৰমণীৰ প্ৰেম, ৰমণীৰ জীৱন,
সৰ্ব্বহ? নমৰ্পি এনুৱা প্ৰেম, পৰিছিলো
পদত তোমাৰ; অথলত মুক্তাফল
যেনে! হায়! নাপালে তথাপি প্ৰেম
অভাগিনী নাৰী! কিনো বজ্ৰে বন্ধোৱা
হৃদয়! আশা ছেদ বধৰ সমান।
কৰি আশা ছেদ মোৰ, হবা নে হে সুখী?
লভিবা নে শান্তি বিপ্ৰ, হৰি শান্তি মোৰ?
নাৰী বধ পাপৰ কি পৰাচিত নাই?
বোলোঁ, কোন সেই নাৰী?—দেৱযানী,
অপৰাধ শূন্যা দেৱযানী, অনুগ্ৰহে
যাৰ, তিনি বাৰ পালে প্ৰাণ অকৃতজ্ঞ
কচে। ভাবিছা নে হেৰা বিপ্ৰ, উপেক্ষি
অভাগী মোক থাকিবা সুখত? নোৱাৰা,
নোৱাৰা, বোলোঁ নোৱাৰা নিশ্চিয়! ৰমণীৰ
প্ৰেম, ক্ৰোধ, অটল দুৰ্ব্বাৰ। নাৰীৰ
প্ৰণয়বাৰি সমূলি বুৰায়; ক্ৰোধৰ
অগ্নিয়ে দহি, কৰে ভস্ম মূল পৰিমিতে। —
শুনা কচ, শুনা হেৰা ব্ৰাহ্মণ কুমাৰ!
পবিত্ৰ জাহ্নবী জল, দুৰ্ব্বাক্ষত,
তিল কুশ হাতে তুলি লৈ দেৱাযানী
দিয়ে অভিশাপ; ⸺
এতকাল কৰি তুমি কঠোৰ যতন
যি বিদ্যা লভিলা, বিদ্যা মৃত্যুসঞ্জীৱনী,
ফলৱতী নহব তোমাত, বুলিলো নিশ্চয়!
কি কৰিলা দেৱযানী! কৰিলা কি কাম!!
কিয় অকাৰণে এনে দিলা অভিশাপ?
প্ৰত্যাখ্যান কৰিলো তোমাক, ভাবি দোষ
আশঙ্কা নহয়; গুৰুপুত্ৰী বুলিহে
মাথোন। তদুপৰি অনুমতি নাছিল
গুৰুৰ। আৰ্য্যধৰ্ম্ম উপদেশ দিছিলে।
তোমাক। তথাপি শাপিলা তুমি নকৰি
বিচাৰ। উপযুক্ত নহওঁ শাপৰ। ধৰ্ম্মতঃ
নহয় শাপ, কামতঃ হে দিয়া। সেইদেখি
দিওঁ মই প্ৰতিশাপ শুনা,—তোমাৰ
মনত যিটো আছে অভিলাষ, নিশ্চয়
নিষ্ফল হব সি। কোনো ঋষিকুমাৰে
তোমাক নিশ্চয় বিবাহ নকৰিব।
“নিষ্ফল অধীত বিদ্যা” যিটো দিলা শাপ,
মানি ললো তাক। কিন্তু এটি কথা ৰল
তাত,—শিকাম সি বিদ্যা যাক মই, সিদ্ধি
হব তাৰ।
( কচৰ প্ৰস্থান।)
( আৰ-কাপোৰ )
১৮৩৩ শক :
ভাদ, হাওড়া।
⸺⸺
দেৱযানী
(২)
( স্থান—উপবন। )
(দেৱযানী, শৰ্ম্মিষ্ঠা আৰু সখীসকলৰ প্ৰবেশ। )
(গীত)
(সুৰ কালাংড়া। আড়াখেমটা।)
সকলোৱে মিলি—৷
চোৱাঁ হে, চোৱাঁ হে, চোৱাঁ আজি হেৰা
কিনো বিনন্দীয়া বন!
কুঁহি পাত লৰাই নাচিছে শিৰীষে,
নাচিছে ময়ূৰী কদম্ব বিৰিখে,
চম্পক খদিৰ, নাচে কৰবীৰ,
নাচিছে হৰিণীগণ॥
আহাঁ আহাঁ সখী মাধবীলতা,
দুয়ো মিলি কওঁ মনৰ কথা;
মৰুৱা, মালতী, মধাই, জুই, যুতি,
আহাঁ হৃদয়ৰ ধন!
ইবনত বহি গাওঁ আমি গীত,
বিভোৰ সুখত জুৰাওঁ আহাঁ চিত,
মলয়া সুমন্দ, কেতেকী সুগন্ধ,
গোৱাঁ কুলি বিমোহন!
দেৱযানী। আহা কি মধুৰ উপবন! প্ৰাণ মন
কৰিছে শীতল। লহু লহু মলয়াৰ
বতাহ বলিছে বসন্তৰ বাতৰি বৰ্ণাই।
ৰঙা বৰণীয়া পাত মৃদুল কোমল
লৰাই বিৰিখবোৰে নাচিছে ৰঙত!
কৃষ্ণচুড়া ৰঙা ফুল মণ্ডিত মস্তকে
প্ৰকাশিছে আনন্দ উচ্ছাস, ফুল-ভৰা
অশোক কিংশুকে কৰিছে দীপিতি,
যেন হাঁহি-ভৰা দেৱাঙ্গনা মুখ। শ্যাম
বৰণীয়া নৱ দুৰ্ব্বাদলে শোভে, সজল
জলদ প্ৰায়। চৈত্ৰৰথ সদৃশ কাননে
ধৰিছে অপূৰ্ব্ব শোভা। নিৰমল সুশীতল
সৰোবৰ জল হৈছে সুগন্ধিত পৰি
পদুমৰ ৰেণু। শুৱাইছে ৰাজহাঁহ
জাকে, গল্ পতা শাৰী যেন ৰমণীৰ
গল মৃদুল আন্দোলি। ডাউক ডাউকী
শোভে, যেন দুটী তিল তোমাৰ গালত,
হেৰা বৃষপৰ্ব্বাৰ নন্দিনী শৰ্ম্মিষ্ঠা
সঙ্গিনী! জলৰ লহৰ যেন হাঁহিৰ
লহৰী, মদনিকা সখীৰ মুখত।
স্ফটিক-নিৰ্ম্মল এনে শীতল জলত
আহাঁ সখীহঁত স্নানি কৰোঁ জলকেলি!
(গীত)
(সুৰ—বিশ্ৰবেহাগ খেমটা )
সকলোৱে—সখী আহাঁ নামো পানীত,
সাতুৰি গাওঁ আহাঁ গীত,
সখী নামো পানীত!
আজি সুমধুৰ সাজে, বননিত ফুল ৰাজে,
পানীত পদ্মিনী শোভে, হাঁহি প্ৰফুল্লিত।
আকাশত বেলি জ্বলিছে,
দক্ষিণৰ বায়ু বলিছে,
সৰালি জুৰীয়ে কেনে চৰি ফুৰিছে!
আহাঁ সখী ৰাংঢালী, খোজেপতি হালিজালি,
শোলোকাই কাপোৰ আহাঁ নামাহি পানীত।
[ সকলোৱে সৰোবৰ পাৰত কাপোৰ সোলোকাই
থৈ, পানীত নামি গা ধোৱে আৰু ধেমালি কৰে। ]
মদনিকা—সখীহঁত, মিলিল মস্কিল। চোৱাঁ হেৰা,
ধুমুহা বতাহ যেন এচাটি বতাহে
মিহলালে আমাৰ কাপোৰ! আৰু
শুনা দূৰত শবদ, আহিছে কোনোবা
যেন লৰি এই ফালে! উঠা লৰালৰি
কৰি, পিন্ধি বস্তু হওঁ সমাহিত। বিবস্ত্ৰ
শৰীৰ ঢাকি, কৰোঁ ঝাণ্টে লজ্জা নিবাৰণ!
[সকলোৱে লৰালৰিকৈ পানীৰ পৰা উঠি, যেয়ে,
আগতে যাৰ কাপোৰকে পালে, বাছি
লবলৈ সময় নাপাই তাকে পিন্ধিলে। শৰ্ম্মিষ্ঠাই
নাজানি দেৱযানিৰ কাপোৰ পিন্ধিলে। ]
দেৱযানী—হঁয়েৰা শৰ্ম্মিষ্ঠা, বৃষপৰ্ব্বাৰ জীয়াৰী!
কোনটো সাহেৰে তই পিন্ধিলি কাপোৰ
মোৰ? শুক্ৰচাৰ্য্য কন্যা মই। তোৰ মই
গুৰুৰ নন্দিনী; শিষ্যা তই মোৰ। নকৰি
সঙ্কোচ, পিন্ধিলি বসন মোৰ?—
অসুৰৰ জীয়ৰীৰ স্পৰ্দ্ধা দেখি মই
মানো আচৰিত! যেন দেৱযানী সমনীয়া
তাইৰ! ফুৰোঁ একেলগে দেখি তই
পাহৰিলি হব নিজা ঠাই? আশৈ পাই
জাঁপ দিলি দেখোঁ গললৈকে মোৰ?—
নাই দেখা, নাই শুনা এনে অত্যাচাৰ,
অগোচৰ সপোনৰ মোৰ।
জান নে কি হঁয়, এই অত্যাচাৰৰ ফলত,
শ্ৰেয়োলাভ কদাপি নহয় তোৰ?—
শৰ্ম্মিষ্ঠা— কিহৰ বাবত তুমি কৰিছা ইমান
খং হেৰা দেৱযানী? ভীমটোকা ভয় লগা
গপ, দেখুৱাইছা কিহৰ নিমিত্তে?
চাবা যেন, এনে গেলা গপৰ কাৰণে
নিছিগে তোমাৰ মূৰ।
মিহলালে বতাহে কাপোৰ। লৰালৰি
কৰি উঠি পিন্ধিলোঁ কাপোৰ, যেয়ে যাৰ
পালোঁ, আহিছে কোনোবা ভাবি। নাছিল
সময়, নিজ বস্ত্ৰ বাছি যাতে কৰোঁ
পৰিধান। নাভাবি নুবুজি কিয় উঠিছা
উতলি, ডাক-জুইত ঘিউ পৰা দৰে?
পাহৰি সংযম তুমি, তয়াঁ-হয়াঁ
শৰ্ম্মিষ্ঠাক কৰা কি কাৰণে? জানা নে হে
ভিকহুৰ জীয়াৰী, কাৰ কন্যা শৰ্ম্মিষ্ঠা
এইজনী? দিনে ৰাতি পিতাৰে তোমাৰ
স্তুতি কৰে যাক, কৰি আশা এমুঠি
অন্নৰ, তাৰ কন্যা মই। যি বস্ত্ৰৰ
অৰ্থে আজি জোকাৰিছা মুখ, সেই বস্ত্ৰ
লভিবৰ আশে, পিতাৰে তোমাৰ, স্তৱ
কৰি থাকি যাক কটায় জীৱন, সেই
শ্ৰেষ্ঠ অসুৰ ৰজাৰ আদৰৰ কন্যা
মই। পিতা মোৰ উপবিষ্ট, অথবা
শয়ন কৰি থাকে যেবে, তোমাৰ পিতাৰে
বহি নিৰাসনে, স্তুতি পাঠকৰ দৰে
বিনম্ৰ ভাৱেৰে কৰে স্তৱ যাক, দুহিতা
তেওঁৰ মই। যাচ্ ঞা কিম্বা প্ৰতিগ্ৰহ
প্ৰশংসাক কৰি, কৰে যি জীবিকা নিৰ্ব্বাহ,
তাৰ কন্যা তুমি। সকলোৱে আৰাধনা
কৰি দিন ৰাতি, সেবি থাকে যাক, তাৰ
কন্যা মই। দানি, প্ৰাৰ্থনাৰ অধিক
অৰ্থক, প্ৰাৰ্থকৰ পূৰে মনকাম
সততে যিজনে, তাৰ কন্যা শৰ্ম্মিষ্ঠা
নিশ্চয়! টোকোনা বিপ্ৰৰ পুত্ৰী হেৰা
দেৱযানী, যিমানতে দ্বেষ কৰা মোক,
ক্ষোভ কৰি দিয়া অভিশাপ, নিশ্চয়
জানিবা তুমি, দেৱযানী শৰ্ম্মিষ্ঠাৰ
নহয় সমান। ৰাজকন্যা মই।⸺
দেৱযানী—কি কলি দানবী? কি কলি অসুৰ কন্যা
তই? সৰু মুখত দেখোঁ বৰ কথা? বুলিছ নে
সঁচাই দানবী, দেৱযানী নহয় সমান
তোৰ? ইমান পালিহি দেখোঁ বাঢ়ি
লাহে লাহে? দেৱযানী স্তাৱক-দুহিতা?
যাৰ পদ-ধুলি লৈ পৱিত্ৰ বাপেৰ,
তোৰ সপ্তম পুৰুষ, এনে শুক্ৰচাৰ্য্য
পিতা যাচক প্ৰাৰ্থক? পৰ-অন্ন-ভোজী?
অসুৰ কুশৰ গুৰু ভাৰ্গৱ মহান্
পৰ অনুগ্ৰহে কৰে জীৱন ধাৰণ?
পৰ পদ সেবি কৰে অন্নৰ সংস্থান?
ভিক্ষাবৃত্তি আচৰণ কৰি, পিন্ধে কটিত
বসন?⸺
অপবিত্ৰ অসুৰৰ তেজ, নীচ মন
নীচৰ স্বভাৱে গঁথা আছে অস্থি মজ্জা
তোৰ; উচ্চ সঙ্গ উচ্চ সংঘৰ্ষণে নগল
কদাপি। ঘৃণনীয় দানবী পাপিনী!
কিবা লাভ সম্ভাষণি তোক?—
নাচাবি পোন্দাই চকু’ মোক, অসুৰৰ
জীয়ৰী! ঘুকি দিম চকু তোৰ নিশ্চয়
জানিবি! দে মোৰ কাপোৰ দুষ্টা
হতচিৰীহঁতী!
[ দেৱযানীয়ে শৰ্ম্মিষ্ঠাৰ কাপোেৰ ধৰি টানে ]
শৰ্মিষ্ঠা—কিয় টান বস্তু মোৰ হঁয়? এৰি দে
এতিয়াই কাপোৰ! বলেৰে পাৰিবি
বুলি ভাবিছ হবলা? আৰৈ চাউল
চোবোৱাৰ জীয়ৰী? বুজি নাই পোৱা তই,
শৰ্ম্মিষ্ঠাৰ খঙৰ প্ৰতাপ? এঠেলাতে
পেলাম নাদত তোক, জানিছ নে তই?
[ শৰ্ম্মিষ্ঠাই ঠেলা মাৰি দেৱযানীক পাট নাদ
এটাত পেলাই দি, সখীয়েকহঁতেৰে সৈতে গুচি যায়]
⸺⸺
দেৱযানী
(৩)
( স্থান-উপবনৰে আন এডোখৰ। )
(ঘোৰাত উঠি যযাতিৰ প্ৰবেশ। )
(পিছে পিছে বতুৱা ঘৰত উঠি বিদূষক)
বিদূষক,—হেৰা ৰজা! হেৰা সমনীয়া! মহাৰাজ!
সৰ্গদেও মোৰ! ৰবাঁ ৰবাঁ, লাহে লাহে
যোৱাঁ। ফিৰিঙতি ভগাদৰে ভাগিছা নো
কিয়? চুৰ কৰি সৰ্ব্বহ যেন কাৰ,
ছিঙি তৰা-নৰা, ভিৰাই ধৰিছা লৰ!
যেন মই চোৰৰ পিছত, দিছোঁ খেদা
ধৰিবৰ মনে! নধৰোঁ নধৰোঁ হেৰা,
লাহে লাহে যোৱাঁ। বতুৱা তোমাৰ ঘোৰা;
উচ্চৈশ্ৰৱা মোৰ, অপমান গুণি, নাযায়
শাৰীত তাৰ। ঘোৰাৰো দেহত মান
অপমান জ্ঞান আছে, জানা বিদ্যমান।
ৰোৱাঁ মহাৰাজ ৰোৱাঁ! কৰি অনাথিতি
মোক হাবিৰ মাজত, পলালে ৰাজন্
নিশ্চয় পৰ্শিব পাপে। ⸻ ⸻
নোৰোৱাঁ?—বেছ কথা, ৰল পৰি বামুণ
ইয়াত! ব্ৰহ্মবধ লাগক তোমাত।
[ যযাতিয়ে ঘোৰা ৰখাই ৰয়। ]
যযাতি— কি হেঁ তুমি কেনুৱা বামুণ? পিয়াহত।
অন্তে-কণ্ঠে শুকাইছে মোৰ৷ ভাগৰত
হাৰাশাস্তি মই। জল অম্বেষণ অৰ্থে
লৰিছোঁ সত্বৰ; পানী খাই তৃষ্ণা কৰোঁ
দূৰ। আপদ বামুণ! কিয় চিঞৰি পিছত
কৰিছা আমনি? ফেৰু যেন বাঘৰ পিছত।
ঘোৰাশাল মোৰ কৰিছে শুৱনি, হাজাৰ
হাজাৰ ঘোৰা; নুঠি নানি তাৰপৰা
ভাল ঘোৰা এটা, বহুৱা বামুণে আনিছে
বতুৱা এটা! ধুমকেতুৰ নেজৰ নিচিনা
লাগিছে পিছত মোৰ!
বিদূষক— থাকাঁ থাকাঁ নামাৰিবা গপ! ঘোৰাশাল
নুবুলিবা তাক। গৰ্দ্দভৰ শাল সিটো
নোহে ঘোৰাশাল। উচ্চেশ্ৰবা বাজী মোৰ
ইন্দ্ৰৰো বাঞ্চিত। ত্যজি এনে অশ্ববৰ,
অধিৰোহি গাধত তোমাৰ, ভদ্ৰলোক
হৈ লাগিছিল আহিব হবলা? গাধ
উদণ্ডই উজুটিক খাই, পেলাই বধক
মোক; দুখুনী বামুণী মোৰ, খাই ৱাৰী ভাত,
কটাওক জীৱন; তেহে সুখ লাগিব
তোমাৰ? নুশুনো তোমাৰ কথা উতনুৱা
ৰজা। মনে মনে থাকা--
যযাতি— হৈছে! হৈছে! বুজিছোঁ সোপাকে! সামৰা
বকলাখন। পিয়াহত ৰাইজাই গা।
বহুৱালি লাগে নে কি ভাল, এনে।
সময়ত?—
ৰবা! কূপৰ নিচিনা এটা দেখিছো
দূৰত। যাওঁ, চাওঁ, পাব পাৰোঁ পানী।
[ যযাতিয়ে কূপৰ কাষলৈ গৈ দেৱযানীক দেখে ]
বাঃ! অগণিৰ শিখৰ সদৃশ কি
জ্বলিছে সেইটী৷ ⸺
দেৱকন্যা? অপ্সৰী কিন্নৰী কিবা কৰে
জলকেলি? অন্ধকাৰ কূপৰ মাজত।
সোণৰ পদুম পাহি! অপৰূপ জ্যোতি!
⸺আহা কৰিছে ক্ৰন্দন!
খনিৰ তিমিৰ গৰ্ভে হীৰা এডুখৰি
কিহেতু নিবসে? সৰগ-শুৱনী কন্যা
দেবৰ নন্দিনী, পৰিছে ভূতলে কিবা
তৰাৰ নিচিনা? কোন তুমি অপ্সৰী
ললনা, পৰি এই মহা অন্ধকূপে,
কৰিছা বিলাপ বালা? স্ব ইচ্ছাত আছা
কিবা পৰি? নতু জানো কিবা ক্ৰোধবশে?
দুষ্কৰ্ম্মৰ বশবৰ্ত্তী জনে, কৰিলে ইকাম
কিবা? কোৱা শীঘ্নে গুচোক সন্তাপ।
ৰজা মই, নহুষ নন্দন। —
দেৱযানী— শুনা মহাৰাজ, মই দিওঁ পৰিচয়।
নিবেদন কৰোঁ মোৰ দুখৰ কাহিনী।—
দেৱাসুৰ ৰণত যেতিয়া, অসুৰ নিহত
হয়, সঞ্জীৱনী বিদ্যা বলেৰে প্ৰদানে
যি জনে প্ৰাণ হত অসুৰক, সিজনৰ
কন্যা মই; পিতৃ শুক্ৰ মহৰ্ষি প্ৰখ্যাত,
ব্ৰহ্মজ্ঞান পুত হৃদি। তপোবন মাজে
বৰ্দ্ধিতা তনয়া মই, দেৱযানী নাম।
নাজানে পিতাই, আজি বনৰ মাজত
ঘটিছে ইদশা মোৰ। মহাৰাজ!
মহাবংশ প্ৰসূত আপুনি, অসামান্য
যশৰ ঈশ্বৰ, শান্ত শিষ্ট প্ৰকৃতিৰে
বিমণ্ডিত বপু। ধৰি মোৰ দক্ষিণ
হস্তত, অন্ধকুপহন্তে উদ্ধাৰাঁ সত্বৰে
মোক।—
[যযাতিয়ে দেৱযানীক বাহ্মণ কন্যা জানি
তেওঁৰ সোঁ হাতত ধৰি তোলে ]
ধন্য হওক মহাৰাজ! দেৱযানী
হিয়া-ভৰা দিয়ে কৃতজ্ঞতা। —
যযাতি— কৰ্ত্তব্য কৰিলো মই; ধন্যবাদ নোহোঁ
অধিকাৰী। বিদায় প্ৰাৰ্থক মাত্ৰ তোমাৰ
কাষত, সুবদনি ভাৰ্গৱ নন্দিনি।
যাওঁ মই আপোন আলয়৷—
[ যযাতিৰ প্ৰস্থান। পিছে পিছে বিদূষক ]
বিদূষক— বোলো, কি হেঁ মহাৰাজ! কলৈ পলাই
গল পানীৰ পিয়াহ? নেদেখিলো মই
দেখোঁ, তুমি পিয়া পানী? আহোঁতে তোমাৰ
দেখি ঘোৰাৰ চেকুৰ, ভাবিছিলো বোলো
আজি কৰিবা গণ্ডুষ, সাতো সাগৰৰ
পানী অগস্ত্যৰ দৰে। কিন্তু, সৰু ককালেৰে
সেই বামুণী ছোৱালী হৰিলে পিয়াহ
দেখো? হৰে যেনে চাকিয়ে এন্ধাৰ।
চকুৰে হে পিলা নে কি পানী? কি ব্যাপাৰ?
কি ৰহস্য? কোৱা বন্ধু নুবুজিলো একো।
কিন্তু, সাৱধান মহাৰাজ? উলামুলা
নহয় ছোৱালী! চকু নাক বুধিৰ
ভৰাঁল; কথাত চেলোৱা লেন; টেঙৰালি
পেটত অনেক; চেলাপটা-জোক—
যযাতি— কেপ্ কেপাই নাথাকিবা তুমি! মন গা
নাই লগা ভাল। থাকাঁ মনে মনে বোলো।
বিদূষক— হুঃ! বুজিলো বুজিলো। খেতৰণী
লাগিল দেহাত।
[ দুইৰো প্ৰস্থান। ]
( ঘূৰ্ণিকা দাসীৰ প্ৰবেশ)
ঘূণিকা— কি কৰিছা দেৱযানী অকলৈ ইয়াত?
চকু ৰঙা কি কাৰণে পৰিছে তোমাৰ?
বেজাৰে ঢাকিছে মুখ; কান্দিছা নে তুমি?
শোকাকুল কিহৰ কাৰণে? কোৱা মোৰ
চেনেহৰ মণি? নাযাবৰ দেখি তুমি,
বিচাৰি আহিলো মই। কি হৈছে আইটী
মোক কোৱাঁ শীঘ্ৰ কৰি?
দেৱযানী— কি নো কম তোক হেৰ ঘূৰ্ণিকা বাইটী,
দুখৰ বাতৰি মোৰ! শৰ্ম্মিষ্ঠাই আজি
মোৰ কৰিলে ইদশা! যা লৰি পিতাৰ
সমীপ, ক গৈ সত্বৰে, কি দুৰ্গতি
কৰি গৈছে অসুৰ জীয়াৰী। কবি, মই
ইহজীৱনত নোসোমাওঁ বৃষপৰ্ব্বা
ৰজাৰ নগৰ৷
[ ঘূণিকাৰ প্ৰস্থান]
(গীত )
দেৱযানী—
শূন্য প্ৰাণ কান্দিছে সদায় :
দিৱস নাযায় মোৰ ৰাতি নুপুৱায়।
শাস্ত্ৰজ্ঞান উপদেশে তৃপিতি নহল।
পূজাহ্নিকে অন্তৰৰ অশান্তি নগল।
হৃদয়-বীণত বাজে বিষাদৰ সুৰ।
কি অভাৱ! কি অভাৱ! পূৰ্ণ কত দুৰ?
সেই হাত পৰশনে তীব্ৰ অভাৱৰ
জোঁকাৰ জাগ্ৰত দুৰ্ব্বিসহ দুৰ্ণিবাৰ।
( মহৰ্ষি শুক্ৰৰ প্ৰবেশ)।
[ বাৎসল্যভাবে শুক্ৰই দেৱযানীক আলিঙ্গন কৰে ]
শুক্ৰ— আই, দেৱযানী, শুনিছোঁ সকলো মই
ঘূৰ্ণিকাৰ মুখে। আপোনাৰ সুকৃতি
দুস্কৃতি অনুসৰি, সকলোৰে ঘটে
সুখ দুখ সংসাৰত। বোধ কৰো তুমি
কৰিছিলা কিবা পাপ আই! ফলত
যিহৰ, ঘটিছে তোমাৰ এই দশা।
হেন জানি সোণ মোৰ নকৰিবা শোক।
মলছি চকুৰ পানী, আহাঁ যাওঁ ঘৰ।
দেৱষানী —পাপ-ভোগ হক বা নহক, দুস্কৃতি
ফলত, নালাগে সি কথা। শৰ্ম্মিষ্ঠাই
যি কৰিলে মোক, সম্প্ৰতি হে লাগে তাক।
কইছোঁ বিবৰি মই ঘূৰ্ণিকা দাসীক;
শুনি আছ সকলো নিশ্চয়।
আৰু, সঁচা যদি শৰ্ম্মিষ্ঠাই যি কলে
আগত মোৰ, তেন্তে পিতা নকৰি পলম
এতিয়াই ক্ষমা মগা উচিত তোমাৰ,
শৰ্ম্মিষ্ঠাৰ কাষত। ঘৃণিত স্তবক
তুমি তাইৰ বাপেকৰ? প্ৰতিগ্ৰহ
উপজীবি! কত আছা শুনি—,
পৰ অন্ন ভোজী স্তাবক সন্তানে কৰে
অপমান তাৰ প্ৰভু-নন্দিনীক? দণ্ড
তাৰ নিশ্চিত বিধান!
শুক্ৰ— বৎসে দেৱযানী! স্তাবক বা প্ৰতিগ্ৰহজীবি
নহয় জনক তোৰ! নহয় পিতাৰ
তোৰ কাৰো চাটুকাৰ! স্তৱ স্তুতি আনে
কৰে মোক। অচিন্ত্য নিৰ্দ্বন্দ পৰমব্ৰহ্ম
মোৰ বল; স্তাবক তেওঁৰ মই, নহওঁ
আনৰ। স্তুতি পাত্ৰ মোৰ জগজীৱ
জগতজনক; নোহে ক্ষুদ্ৰ নৰ।
বৃষপৰ্ব্বা, ইন্দ্ৰ, আৰু নহুষ আত্মজে
জানে এই কথা।
আৰু শুন দেৱযানী, শাস্ত্ৰৰ ব্যৱস্থা,
ক্ষমা গুণে তিৰস্কাৰ উপক্ষে যিজনে,
বিশ্ব চৰাচৰ এই কৰায়ত্ত তাৰ
উত্তেজিত ক্ৰোধক নিগ্ৰহি, যিজনে
ৰাখিব পাৰে টানি বাঘজৰী,
উত্তেজিত অশ্বক যি মতে, সাধুসবে
তাক যথাৰ্থ সাৰথি বুলি প্ৰশংসে
সদায়। উদ্ৰিক্ত ক্ৰোধৰ অগ্নি, ক্ষমা-বাৰি
সি’চি নুমাই যিজনে, জিনে তেওঁ জানা
এই স্থাবৰ-জঙ্গমাত্মক বিচিত্ৰ জগত।
সাপে মোট পেলোৱাৰ দৰে পেলায়
ক্ৰোধৰ মোট যিজন পুৰুষে, পণ্ডিত
সকলে বোলে সৎপুৰুষ তাক। ক্ৰোধাবেগ
সম্বৰি যিজনে, তিৰস্কাৰ পাৰে উপেক্ষিব.
হৈ সন্তাপিত আনক নকৰে তপ্ত,
সৰ্ব্ব অৰ্থ সিদ্ধি লাভ তেনে জনে কৰে।
যিজনে প্ৰতিমা পূজে শত বৰ্ষ ধৰি,
কৰি আছে যজ্ঞ অনুষ্ঠান, নহয়
সমান তেওঁ ক্ৰোধী জনৰ, ক্ৰোধহীন
শ্ৰেষ্ঠতৰ অতি। বিবেকৰ অভাৱত পৰি,
কৰে ক্ৰোধ বালক বালিকা; প্ৰাজ্ঞজনে
নকৰে সিমত। সেইদেখি দেৱযানী,
পৰিহৰি ৰোষ, সমাহিত চিত্তে আহাঁ
ঘৰলৈ তোমাৰ৷
দেৱযানী— শুনা পিতৃ, কওঁ মই স্বৰূপ বচন;-
বালিকা নহওঁ মই কম বয়সীয়া;
ধৰ্ম্ম-কৰ্ম্ম বিবেচিব নোহে অসমৰ্থ;
বলাবল পৰিজ্ঞান ক্ৰোধৰ ক্ষমাৰ,
কৰিবলৈ নোহোঁ অপাৰগ। কিন্তু পিতা,
শিষ্য হৈ অশিষ্যৰ দৰে আচৰে যিজনে,
মঙ্গলাৰ্থী নক্ষমে কদাপি। সেই হেতু
হে পিতা, হে তাত মোৰ? ভ্ৰষ্টাচাৰ দেশ
ইটো বাসৰ অযোগ্য। এই দেশে বাস
মোৰ অভিলাষ নাই। চৰ্চ্চা কৰি ব্যৱহাৰ
কোলীন্যাদি আৰু পৰ নিন্দি কটায়।
সময়, এনে লোক নিবসে যি স্থানে,
অযুগুত সি স্থানে নিবাস। অযুগুত
সংসৰ্গক কৰা তাদৃশ পাপীষ্ঠ সঙ্গে।
যি স্থানত কৰিলে বসতি, কৌলীন্যৰ
গৌৰব নিখুত, শ্ৰেয়ঃকল্প সিস্থানত
বাস।—
পিতাদেউ। শৰ্ম্মিষ্ঠাৰ বাক্যানলে দহিছে
হৃদয় মোৰ! নোৱাৰোঁ সহিব আৰু
মই! নোলাই মুখত আৰু কথা; নকওঁ
সৰহ!— কিন্তু, হতভাগ্য যি জন পুৰুষে
যৎকিঞ্চিত লাভ আশা কৰি উপাসে ধনীক,
মৃত্যু তাৰ শ্ৰেষ্ঠ শতগুণে!—
[ আঁৰ-কাপোৰ]
১৮৩৩ শক
ভাদ, হাওড়া।
⸻⸻
বাঁহী
(গীত)
মোৰ একেটি সুৰত বাঁহীটি বন্ধা,
একেটি মাথোন মাত।
ৰাতিয়ে দিনে এটি হুমুনিয়া,
একেটি আনন্দ তাত॥
সুখৰ হাঁহিটি খন্তেকতে মৰে;
দুখৰ এন্ধাৰ খন্তেকতে হৰে ,
শান্ত হৃদয় আবেগে আকুল,
একেটি সুৰৰ আঘাত॥
শবদ কঁপনি সপ্তম, পঞ্চম,
উচ্চৰে “একমেব অদ্বিতীয়ম”,
শোকৰ যাতনা, সুখৰ বাসনা,
মিহলি একেটি তাত॥
বৈচিত্ৰ বিলয়, ভেদ সমন্বয়,
খণ্ডত অখণ্ড, বাঁহীটিয়ে কয়;
হাঁহোন কান্দোন, প্ৰখৰ মধুৰ,
এটি ধ্বনি উঠে তাত॥
অন্ত অনন্তৰ মাজত আসন,
বাঁহীটিত বাজে আত্মবিলোপন,
শুনা হে শুনা হে অমৃত-সন্তান,
আতমা পৰমাত্মাত॥
১৮৩৩ শক।
আহিন, হাওড়া।
⸻⸻
কৰ্ম্ম
কৰ্ম্মৰ জনম জানা তোমাৰ লগতে
তাৰে সৈতে এৰাএৰি নাই।
তোমাৰ হাততে আছে কৰম সজুলি,
মন মাথো কৰিবৰ উপায়॥
১৮৩৪ শক।
জেঠ, হাওড়া
⸻⸻
চিৰযৌবন
কোনে কৈছে বুঢ়া হলো মই?
সি যে ভাই মিছা কথা কয়।
বয়সে, অমৃত প্ৰেমে তুমুলি সংগ্ৰামে,
জয়ী প্ৰেম, বয়স বন্ধুৱা।
চোৱাঁ মই চিৰ বিনন্দীয়া!
প্ৰিয়াই সঙ্গীত মোৰ গায়;
সঙ্গীত, পৰাণ ভিন্ন নাই;
প্ৰত্যেক চৰণে চূমি প্ৰিয়া-ওঠ দুটি
যৌৱন অমিয়া কৰি পান,
চলে চৰি নতুন পৰাণ।
ভাবনাই ভাবি আন কাল;
প্ৰেমহীনে বয়স জঞ্জাল;
প্ৰিয়া-হিয়া অমৃতৰ মধুৰ মদিৰা
কৰি পান অমৰ আতমা;
যৌবনৰ নাই হেৰা সীমা।
নকবাঁ নকবাঁ মোক বুঢ়া,
বয়স বছৰ অহা ঘূৰা;
চিৰানন্দ যৌবনৰ শুনুৱা বাতৰি;
প্ৰিয়াৰ প্ৰেমৰ চকুজুৰি
দিছে বাৰ্ত্তা, তাতে আছোঁ বুৰি।
১৮৩৪ শক।
আহিন, হাওড়া।
⸺⸺
আত্মবোধ
আপোনাৰ মোল নুবুজি মানুহ মৰিব লাগিছে যত।
মাউৰ মৰকত পৰি পৃথিবীত নাই মৰা জানা তত॥
১৮৩৪ শক।
কাতি, হাওড়া।
⸻⸻
বীণ-বৰাগী
১
দিন দুপৰত
আগ-চোতালত
কোনে নো বাইছে বীণ?
কিনো গীত গায়,
কিনো কথা কয়,
উজাৰি লুকুৱা চিন।
বুজো বুজো কৰোঁ
বুজিব নোৱাৰোঁ,
কৰে ঐ বৰাগী তই?
কি দুখৰ কথা,
কি শোক বাৰতা,
কি কৈছ নুবুজো মই।
সীতা আইৰ বাতৰি
যদি হে কৈছ,
নকবি আৰু ঐ মোক!
জনম দুখুনী
আই সীতা শান্তি,
শুনিলে বাঢ়িব শোক।
যদিহে গাইছ
নলৰ কাহিনী,
নাগাবি বৰাগী আৰু;
দময়ন্তী দুখে
হিয়া ভাঙি নিব,
নালাগে অলপো বাৰু।
চিন্তা শ্ৰীবৎসৰ
নাগাবি কাহিনী;
দ্ৰৌপদীৰ নকবি কথা।
সতী জয়মতী
আয়তী দুখুনীৰ
দুখত লাগিব ব্যথা।
২
যদি হে গাইছ,
বদন ফুকনে
কেনেকৈ আনিলে মান?
কেনেকৈ মৰাণে
আসাম ধ্বংসিলে,
যদি হে গাইছ গান?
মণিৰাম পিয়লিৰ
মৰণ বাতৰি
যদি তোৰ বীণে গায়?
মানা কৰ তাক,
বৰাগী ককাই ঐ!
শোক মোৰ উথলায়।
একণি হৃদয়,
এফেৰি সমল,
কত নো সহিব খুন্দা।
ভাগি ছিগি যায়
অলপ আঘাতে,
কিয় তই মোক কন্দা?
বেহুলা শান্তিৰ
নুশুনাবি দুখ;
চান্দোৰ নকবি কথা;
দুখৰ বোকোচা
বব মই নোৱাৰোঁ,
অন্তৰত পাওঁ ব্যথা।
বিষাদ বাতৰি
কতনো শুনাবি,
মনৰ তৰণি নাই।
কাবৌ কৈ মাতিছোঁ,
বৰাগী ককাই ঐ,
বীণে যেন নিবিনায়।
(৩)
শোকৰ সুৰটি।
নুশুনিও নোৱাৰোঁ,
বাঘ-মোৰে ধৰে মোক;
আঁতৰি যাবৰ
শকতি নাপাওঁ,
বেজাৰে পীড়িছে বুক॥
শুনা ঐ বৰাগী,
আনন্দ কাহিনী,
আসামৰ যশৰাশি;
হিয়া মোৰ হেৰ
বলৱন্ত হোক,
পৰাণ উঠক উলাসি॥
বাণ, ভগদত্ত,
নৰকাসুৰৰ,
ভীস্মকৰ গুণ গা।
ভাস্কৰ বৰ্ম্মাৰ
কীৰিতি সুন্দৰ
শুনো হেৰ বীণ বা॥
শঙ্কলাদিবে
কেদাৰ ৰজাক
কেনেকৈ জিনিলে শুনা;
পাৰস্য সম্ৰাট
আফ্ৰচিয়াবেৰে
যুজিলে কেনেকৈ জনা॥
শঙ্কৰ, মাধৱ,
কন্দলি সকলে
কি কৰিলে বীণ ক!
ৰুদ্ৰসিংহ সৰ্গদেৱে
কি কৰিলে
ক বীণ! কিয় ৰ?
বৰদৈ-চিলা হেন
চিলাৰায় দেৱানে,
নৰনাৰায়ণ ৰজা;
কি কীৰ্ত্তি ৰাখিলে,
গা ঐ বৰাগী!
বজা, আৰু বাৰ বজা!
(৪)
বজা ঐ বৰাগী
সংসাৰৰ বিৰাগী,
সংসাৰৰ গুণ গান,
সুৱদি শুৱলা
ৰেপটোৱেপতি
শীতল হওক প্ৰাণ॥
কথাটি নুবুজোঁ,
সুৰটি বুজিছোঁ
জন্মজন্মান্তৰে শুনা;
সি জন্মৰ সোৱঁৰণি
সোৱঁৰাইছ,
হেৰ আলসুৱা বীণা!
সৰগ বাতৰি
সৰগৰ বীণে
অবুজ ভাষাৰে গায়;
বুজিও নুবুজো,
বুজিম সকলো,
তেতিয়া সিপুৰী পায়।
সৰগৰপৰা
নামি আহি বীণে
সৰগ বাতৰি দিলে;—
“সৰগ এৰিছা,
আকৌ সৰগ
পাবা গৈ” বুলি সি কলে।
“সদায় নাথাকে
প্ৰবাসৰ দুখ’’,
বীণৰ সুৰে বিনায়।
আনন্দৰ কণা
সৰগৰ আনি,
মৰ্ত্ত্যত মোক যোগায়॥
(৫)
গা বীণ গা,
অমৃত সঙ্গীত,
শুকানে মেলক কুঁহি,
প্ৰবাস-ভাগৰ
আতৰি পলাওক,
মুখত ওলাওক হাঁহি।
বীণৰ বৰাগী!
বৰাগী নহৱ,
দুখীয়া, নহৱ তই;
আনন্দৰ কণা,
ৰসৰ নিজৰা,
বীণতে বান্ধিছ ঐ!
নমা ঐ! নমা ঐ!
আকাশী অমিয়া,
আকাশী-গঙ্গাৰ দৰে।
দে মোক, দে মোক,
বৰাগী ককাই ঐ!
পিওঁ মই নিছিগা ধাৰে।
নতুন প্ৰাণৰ
ন চকুজুৰি,
দীপিতি ঢালি দে তাত;
পুৰণি পৃথিবী
ন-কৈ চাই লওঁ,
হে বীণ এষাৰি মাত!
১৮৩৪ শক।
আঘোণ, হাওড়া।
⸻⸻
ধনবৰ আৰু ৰতনী
ৰতনী মিৰি জীয়ৰী। তাইৰ বয়স ষোল; ঘৰ ধনশিৰী মুখত। ধনবৰ মিৰি ডেকা। তাৰ বয়স ষোল; ঘৰ দীখৌমুখত। ৰতনী মাক বাপেকেৰে সৈতে উজাই আহি দিনচেৰেক ধনবৰৰ বাপেকৰ ঘৰ দীখৌমুখত আছিল। ৰতনী মাক বাপেকেৰে সৈতে নিজৰ ঘৰলৈ উভতি ভটীয়াই যাবৰ দিনা, দুপৰীয়া ব্ৰহ্মপুত্ৰৰ পাৰত বহি ধনবৰে এইদৰে বিনাই কান্দি থাকি, অন্তত আত্মবিলোপ কৰিলে।—
উজায়ে আহিলে ভাটীৰে ৰতনী,
বুকুৰ মাধুৰী লৈ;
ভটীয়াই গলে ঐ শাহটো সামৰি,
মোলৈ খোলাটো থৈ।
কৰে ঐ ৰতনী, কৰে ঐ শাখিনী,
কিনো কুটেশালে তই!
সকলো লুটিলি ধনাইকে বধিলি,
কেনেকৈ জী থাকোঁ মই।
পৰ্ব্বতে পৰ্ব্বতে বগাব পাৰোঁ মই,
লতা বগাবলৈ টান;
ৰতনী সোণাইকে বৰাব পাৰোঁ মই,
মাকক বুজাবলৈ টান।
বগাকৈ বগলী উৰে কেনে কৰি
পাখিতে পাখি লগাই;
কাৰে নো উৰিব ধনবৰ দুখীয়া,
ৰতনী লগতে নাই!
ফেনে-ফোটোকাৰে বৰ লুইত বৈছে,
বুকুত লৈ খাগৰিৰ জাঁজি,
বুকু উদং কৰি ৰতনী গলে মোৰ,
কাকে লৈ বৈ যাম মই আজি
পূবৰে পচোৱা চাটি মাৰি গলে,
ধানতে থৈ গলে ঠোক;
ধনাইৰে মনাইকে চাটি মাৰি ৰতনী,
মনতে দি গলে শোক।
গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোৰা, *
সেন্দুৰী টিঙতে† বহি উটি গলে
ৰতনী ধনাইৰেপৰা॥
চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি,
গছৰ ডাল শুৱনি কৰি।
ৰতনীক তুলিলে মাকে বাপেকে,
ধনাইৰ কাল-শতুৰু কৰি॥
লুইতৰ শিহু ঐ টুপাই বুৰ-মাৰিলি,
আকৌচোন এটিবাৰ ওলা!
ধনশিৰীৰ ৰতনী টুপাই বুৰ মাৰি গল ,
ভাঙি মোৰ কামিহাড়েচলা॥
বালিতে চৰিছে দুটি বালিমাহী,
লগৰে লগৰী পাই।
পাৰতে কান্দিছে ধনবৰ দুখীয়া,
ৰতনী লগতে নাই!
- বালিঘোৰা, এবিধ চৰাই।
ফুটুকাৰ তলতে যখিনী ছোৱালী
টুক্ টুক্ চাপৰি বায়।
ধনাইৰে ছাঁতে ৰতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়!
নৈৰে পাৰতে কাৰে এৰা-বাৰী,
চপৰাচপৰে খহে!
লুইতৰ পাৰতে কাৰে ধনবৰ
ৰতনীৰ বেজাৰত জহে॥
যা গৈ ৰতনী নাহিবি নাহিবি,
বিচাৰি নাহিবি মোক!
তোৰে ধনবৰ ভিকহুৰ ভিকহু,
পৃথিবীত থৈ যাব শোক!
বোপাই মোৰ লুইত ঐ সামৰি লোৱা মোক,
কোলাত থান এফেৰি দিয়াঁ;
ৰতনী হেৰাল মোৰ, সকলো পৰিল ওৰ,
আৰু মোৰ একো নাইকিয়া।
[ নৈত পৰা শবদ।]
১৮৩৪ শক।
মাঘ, হাওড়া।
⸺⸺
ৰতনীৰ বেজাৰ
পাচ দিনৰ মূৰত গধুলি ধনবৰৰ মৃত্যুৰ বাতৰি ধনশিৰী—মুখত ওলালগৈ। এই বাতৰি ৰতনীৰ বুকুত শেল সোমোৱাদি সোমাল। সেই দিনা ৰাতি ৰতনীয়ে শোৱা পাটীত চটফটাই থাকি, তিনি পৰ মান ৰাতি যোৱাত উঠি ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈ চোতালৰ আগৰ বৰ-গছ এজোপাৰ তলত বহি এইদৰে বিনাই কান্দিছিল। কৃষ্ণপক্ষ। নৱমী তিথি। খীণ জোনে আকাশত খীণ পোহৰ দিছিল। জোনটোৰ অলপ আঁতৰতে অকলশৰীয়াকৈ জ্বলি থকা তৰা এটি আছিল। সেই তৰাটিলৈকে চাই ৰতনীয়ে এইদৰে বিনাইছিল।
পুৰি গল বৃন্দাবন,
উৰি গল ছাই,
হে উৰি গল ছাই!
ৰতনী ধনাই আৰু
এই পৃথিবীত নাই,
হে এই পৃথিবীত নাই!!
বুজিও মই নুবুজিলোঁ
কুটুমৰে চিত,
হে কুটুমৰে চিত!
ৰাখিও মই নাৰাখিলোঁ
দুখীয়াৰ বিত,
হে দুখীয়াৰ বিত॥
ভৈয়াইক মোৰ আলাসৰ,
চিনিও নিচিনিলো।
হে চিনিও নিচিনিলো।
ডিঙিৰ সোণমণিটিক
এচাৰি ভাঙিলো,
হে এচাৰি ভাঙিলো॥
আটোম্টোকাৰি বান্ধৈৰ
নাপালো আঁট্কাল,
হে নাপালো আঁটকাল।
সাঁফিৰ লেলেতীয়া বিষ
ৰল চিৰকাল,
হে ৰল চিৰকাল॥
মৰি গৈ সোণ সৌ
তৰা এটি হল,
হে তৰা এটি হল।
টুপি টুপি চকুৰ লোৰে
মোলৈ চাই ৰল,
হে মোলৈ চাই ৰল॥
সোণৰ শিকলিডালি
চকুৰ লোৰে গোথা,
হে চকুৰ লোৰে গোথা।
মোলৈ পেলাই দিয়া ধন,
ৰাখাঁ মোৰ কথা,
হে ৰাখাঁ মোৰ কথা॥
সি মূৰৰপৰা টানি
ৰতনীকো নিয়া,
হে ৰতনীকো নিয়া।
কি আছে পৃথিবীত
আৰু, তুমি নাইকিয়া,
হে তুমি নাইকিয়া॥
ধনাইৰে ৰতনী যাব
চকুৰ লোতে উঠি,
হে চকুৰ লোতে উঠি॥
পৃথিবীত থব শোক,
টানি ধৰা মুঠি
হে টানি ধৰাঁ মুঠি॥
ধনাইৰ চকুৰ পানী হেৰ
কপৌ-ফুল হল এ,
হে কপৌ-ফুল হল এ॥
সন্তাপৰ কথাখিনি
মূৰ লৰাই কলে,
হে মূৰ লৰাই কলে॥
টোপনিৰপৰা উঠি
পখীটিয়ে মাতে,
হে পখীটিয়ে মাতে।
“উঠ ৰতনি উঠ!” বুলি
বপুৰিয়ে খাটে,
হে বপুৰিয়ে খাটে!
কেনেকৈ লগ পাম
সৰগৰে তৰা,
হে সৰগৰে তৰা।
পখী হেৰ বুধি দে,
কি কৰোঁ, কৰা,
হে কি কৰোঁ, কৰা।
বেজাৰত জোনাবাই
শুকাই খীণাই গল,
হে শুকাই খীণাই গল।
কাৰ নো বেজাৰ বাই,
তোৰ কি নো হল?
হে তোৰ কি নো হল?
বুকুৰে সৰ্ব্বহ মোৰ
ধনবৰে নিলে,
হে ধনবৰে নিলে।
সেইটো হে বেজাৰে মোক
খুলি খুলি খালে,
হে খুলি খুলি খালে॥
গছৰ আগত লৰে হেৰ
চিকিমিকি পাত,
হেৰ চিকি মকি পাত
কোনে শাত কৰে মোক
এবাৰ লগাই মাত,
হেৰ এবাৰ লগাই মাত?
আন দিনা নিয়তীয়ে
“নিওঁ” “নিওঁ” কৰে,
হে “নিওঁ” “নিওঁ” কৰে।
আজি জানো ধনাইৰ শোক
তাইৰো মাত হৰে,
হে তাইৰো মাত হৰে॥
সৰগত ধনবৰ,
পৃথিবীত মই,
হে পৃধিবীত মই!
দুটি প্ৰাণী এটি কৰা
পুইণ কাম হয়,
হে পুইণ কাম হয়॥
“নিওঁ” “নিওঁ” সদায় কৰ,
আজি নে মোক,
হে অজি নে মোক!
মোক নি ধনাইক দে,
কুশল তোৰ হোক॥
হে কুশল তোৰ হোক॥
ফুৰ্ফুৰীয়া বা তই
শুন মোৰ কথা,
হে শুন মোৰ কথা,—
ধনাইক ক গৈ ৰতনীয়ে
বৰকৈ পাইছে ব্যথা,
হে বৰকৈ পাইছে ব্যথা॥
নিয়ৰ—–
এনেতে ৰতনীৰ মাকৰ কাণত হঠাৎ এবাৰ ৰতনীৰ এই বিননি পৰিলত, মাকে শোৱা পাটীৰ পৰা উঠি বাহিৰলৈ আহি, ৰতনীৰ হাতত ধৰি তাইক টানি ভিতৰলৈ লৈ গৈ পাটীত শুৱাই দিলে।
১৮৩৪ শক।
মাঘ, হাওড়া।
⸻⸻
পকা চুলি
(গীত)
আৰে পকা চুলি মোৰ?
পক ধৰিছে চুলিত,
তালৈ চকু কিয় তোৰ?
আৰে পকা চুলি মোৰ?
চুবুৰীয়া ল’ৰা বুঢ়া
সকলো মোৰ মনত জোৰা,
হঁহা লৰা, কন্দা বুঢ়া,
সকলো কুটুম মোৰ।
বাহিৰত মোৰ পকে চুলি,
ভিতৰত বাজে মৌ সুতুলি,
লৰাৰ কিৰিলি খলকত
মোৰ ৰঙৰ নাই ওৰ।
বুঢ়া বেলিত উষাৰ পোহৰ,
বুঢ়া বিৰিখত বা বসন্তৰ,
বুঢ়া আমত কুঁহি পাত
লৰে জুৰ্ জুৰ্।
ৰূপৰ বঠা, সোণৰ নাও
টুল্ টুল্ টুল্ বাই যাও,
কলীয়া পানত ৰূপালী ৰহণ
মোৰ মনৰ চোৰ।
যমুনাৰ জলত উঠে লহৰ,
ৰাজহাঁহজাকে কৰে পোহৰ,
অমল ধৱল তৰল কমল
হাঁহিত বিভোৰ।
আন্ধাৰ পোহৰ যুজে বৰ,
শেহত জয় পোহৰৰ,
আন্ধাৰ ৰাতি ফুলে সেউতী
গোন্ধত ফুৰ্ ফুৰ্৷
অপেশ্বৰী আনন্দ কৰে,
সাতোৰ দি পানীত ফুৰে,
কলা মূৰত হীৰাৰ মুকুট
জ্বলে তিৰ্ বিৰ্।
কানুৰ কোলাত ৰাধা গৌৰী,
নীল আকাশত বগৰ শাৰী,
ভোমোৰাৰ শুঙত ফুলৰ ৰেণু
সুন্দৰ সুন্দৰ।
পকক চুলি, পকক মূৰ,
ৰসত হওক ভৰপূৰ,
ঢলত দেশ বুৰোঁ বুৰোঁ,
সকলো একাকাৰ৷
আৰে পকা চুলি মোৰ
১৮৩৪ শক৷
ফাগুণ, হাওড়া।
------
মহাপ্ৰয়াণৰ যাত্ৰী
( গীত )
১
মহাপ্ৰয়াণৰ যাত্ৰী হেৰা,
মই মহাপ্ৰয়াণৰ যাত্ৰী।
লগত মাথো সমল মোৰ
ভকতিৰ জোলোঙা এটি॥
(২)
জ্ঞান জ্ঞান কৰি ফুৰি
গোৱাঁলো জীৱন ঘূৰি ঘূৰি,
জ্ঞানৰ নাপালো উৱাদিহ,
গোটালো খোলাকুটি।
(৩)
সঙ্কটময় বাটত মোৰ
শতৰু সকলোবোৰ,
লগৰীয়া কোনো নাই,
পৰিছো খাই উজুটি।
(৪)
ধৰ্ম্মৰ নাগপাশ জৰী,
কোনে কৰে তুৰিমুৰি?
যত আঁটে তত যায়
দূৰ হৈ মুকুতি॥
(৫)
ভকতি সমল কৰি,
কোন আছা কত পৰি?
আহাঁ যাওঁ লগ ধৰি,
স্বামীয়ে পঠাইছে মাতি॥
(৬)
ভকতৰ পদৰ ধূলি
মুৰত লৈ বাট বুলি,
প্ৰভুৰ সিংহাসনৰ তলত।
আহাঁ পৰো গৈ লুটি॥
(৭)
আসন তলৰ ধূলিত পৰি,
ভকতিৰ জোলোঙা উবুৰি কৰি,
কটাওঁ মই অনন্ত কাল,
মনৰ হাবিলাষ এইটি॥
মই মহাপ্ৰয়াণৰ যাত্ৰী।
১৮৩৫ শক।
বহাগ, হাওড়া।
⸻
মৰণ
আহক মৰণ ভয় নকৰো সমুলি
কিন্তু হওক তেওঁ, যি জানে এই নিঃকিনক,—
“বপুৰা বেচেৰা! ৰুইছিল এজুপি অশোক,
ফুলি যাৰ ফুল, আমোদিছে আসাম সদায়।”
১৮৩৫ শক।
জেঠ, হাওড়া।
————
ভদ্ৰতা
ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ, ভদ্ৰ হোৱাঁ ভাই।
আনৰো ভদ্ৰতা সি আনিব জগায়॥
————
কৰ্ম্ম
কাম কৰাঁ মন প্ৰাণ ঢালি।
সুফল আজি বা নতু কালি।
————
কৰ্ম্মৰ আত্ম-প্ৰতিপাদন
মূহুৰ্ত্তেকো ব্যয় নকৰিবা
নিজ কাৰ্য্যগুণ ব্যাখ্যা কৰি।
কাৰ্য্যে নিজে প্ৰকাশ কৰিব;
নোৱাৰিবা তুমি তো চিয়ঁৰি॥
————
এলাহৰ দৰব
জীৱনক ধেমালি নাভাবি
কৰি যোৱাঁ প্ৰাণ টাকি বন।
বখানক যেয়ে যিকে কৈ,
ইজীৱন নহয় সপোন।
সকলো যে কামত মগন,
দিনে ৰাতি শাতি-শুৰ্ত্তি নাই।
এলাহ সাবটি থকাজন
পলে পলে ৰসাতল যায়॥
————
সংগ্ৰাম
কোৱাঁ সঁচাকৈয়ে বাৰু হেৰা বিচক্ষণ!
সংগ্ৰাম বিহীন প্ৰাণ কিহৰ কাৰণ?
জনমৰেপৰা চোৱাঁ মৃত্যু পৰিমিত।
সাধুজনে বুজ কৰা বিধিৰ বিহিত॥
তেন্তে কিয় পিছ ভৰি, নকৰি সংগ্ৰাম?
সংগ্ৰাম আৰাম, হেৰা, সংগ্ৰাম আৰাম॥
১৮৩৫ শক।
জেঠ, হাওড়া।
—————
সোণৰ শিকলি
মাহ পখ সোণৰ শিকলি,
ঈশ্বৰৰ দান।
দণ্ড পল একোটা আঙঠি,
পায় গৈ বৈকুণ্ঠৰ থান॥
শিকলি যে ছিগি যাব চাবা,
যাত্ৰা শেষ নৌহওঁতেই;
সাবধানে বাট বুলি যাবা,
শুচি আৰু সঞ্জনম হৈ॥
১৮৩৫ শক।
আহাৰ, হাওড়া।
—————
সৰু আৰু বৰ
কামৰেই হে উন্নত আসন,
ওখ সৰু ভেদ বিনাশন।
পাচি সজা, কামি চছা, টঙাল তুলুৱা,
সন্মানৰ কাম; নীহ,—মাথো এলেহুৱা॥
————
আত্মসমৰ্পণ
শুনা মোৰ কোনো চিন্তা নাই।—
চিন্তাৰ গৰাকীক চিন্তাৰ ভাৰ দিছোঁ ভাই?
তুমি মৰা আপোন চিন্তাত।
মোৰ চিন্তা অচিন্ত্যৰ গাত॥
————
তোমাৰ কাম
সৌ যে চুককণি আছে তোমালৈ পৰি,
উন্নতিৰ ঠাই, হেৰাঁ যোৱাঁ কাচিপাৰি।
অজ্ঞান এন্ধাৰে ঢকা গুটিদেক লোক
আছে তাত, জ্ঞান দিয়া, জন্ম সাম্ফলোক॥
সুখী কৰাঁ দুখিতক, আশীৰ্ব্বাদ লোৱাঁ।
ঈশ্বৰৰ থানলৈ আগবাঢ়ি যোৱাঁ।
————
কৃতিত্ব
আত্মমান, আত্মজ্ঞান, আপোন দমন,
এই তিনি উন্নতিৰ সুতি।
নাই ভয় কৰি যোৱাঁ কাম,
সংসাৰত হব তুমি কৃতী॥
—————
উচ্চ আশা
পৰ উপকাৰ হওক জীৱনৰ ব্ৰত।
পৰসেৱা হওক মোৰ কাম।
পৰৰ মৰম আৰু আশীৰ্ব্বাদ লৈ,
যেন মোৰ শৰীৰ পেলাম॥
—————
বৰ্ত্তমান আৰু ভবিষ্যত
বোৱাঁ, ৰোৱাঁ, বাটচোৱাঁ—এতিয়াৰ কাম।
পকা দোৱাঁ, সাঁচি থোৱাঁ, খোৱাঁ, গোৱাঁ গান॥
—————
মোৰ জীৱন
ধন্যবাদ ঈশ্বৰক দিওঁ—
জীৱন নহয় মিহি মোৰ!
সংসাৰৰ ঠেলা, হেচা, টেপা
খাই আছোঁ দিনৌ দুৰ্ঘোৰ॥
এশ-এটা শোকৰ তাপত,
এশ-এটা নিৰাশাত হওক
মোৰ মনুষ্যত্ব বিকশিত॥
উজু প্ৰাণ হিয়াহীন কি যে ভয়ানক!
এধা-মৰা এধা-জীয়া! প্ৰভু নিদিয়ক!
১৮৩৫ শক।
আহাৰ, হাওড়!
————
উন্নতিৰ সঁচাৰ কাঠী
জীৱনৰ বহুদৰ্শীতাই দিছে মোক সুবুদ্ধি পৰম—
বৰ হোৱা বুধিৰ কিটিপ মাথোঁ জানা,—অদম্য উদ্যম॥
খামি পুতি সংকলপ কৰি, মৃত্যু নতু বিজয় সাধন।
এই কাঠী সাৰোগত কৰি লভাঁ তুমি বিজয় ৰতন॥
————
উন্নতিৰ জখলা
উন্নতিৰ জখলাত তেওঁ
এনেই উঠিছে নাভাবিবা।
টোপনিত থাকোঁতেই তুমি,
তেওঁ কাম কৰিছে জানিবা॥
⸻⸻
লক্ষ্য
থিৰ কৰাঁ উদ্দেশ্য তোমাৰ;
লক্ষ্যভ্ৰষ্ট যতন বিফল!
সৰ্ব্বপ্ৰাণ সৰ্ব্বমন সঁপি;
কাম কৰাঁ, গাত পাবা বল॥
⸺⸺
কাল্পনিক আদৰ্শ
মনে গঢ়া আদৰ্শ নোপোৱা,
পৃথিবীত যিমান বিচাৰা;
যদি তুমি আদৰ্শৰ অনুৰূপ
কৰি নিজক নগঢ়া॥
⸻
চকু
চকু লাগে নিজ কাম চিনি লবলৈ।
সৰু কাম?—হানি কিবা তাত?
ঈশ্বৰৰ দত্ত সেয়ে, ভাবি লৈ তুমি
এহাশুধীয়াকৈ দিয়াঁ হাত॥
⸻⸻
প্ৰকৃত জীৱন
জ্ঞানীয়ে প্ৰণাম কৰে, মূৰ্খই স্বীকাৰ,
নিজ আচৰণ ব্যৱহাৰ।
কৰ্ম্মশীল জীৱনেই প্ৰকৃত জীৱন;
অন্যৰূপ জীৱন ধিক্কাৰ॥
⸺⸺
সুখবোধ
কাৰেঙৰ ৰজা আৰু জুপুৰিৰ প্ৰজা।
কোনেও নুবুজে কিনো সুখ;
মূৰৰ ঘাম ভৰিত পেলাই,
যদি তেওঁ নাই কৰা দুখ॥
⸺⸺
সুখীয়া আৰু দুখীয়া
সুখী মই,—কামৰ অধীন।
দুখী মই,—বক্তা কৰ্ম্মহীন॥
⸺⸺
কামৰ সমাপতি
ইজীৱনে কামৰ যে সমাপতি নাই।
আৰম্ভণ, দৃষ্টান্তৰ মাথোঁ আছে ঠাই॥
⸺⸺
সময় পলায়
কাম কৰাঁ, কাম কৰাঁ সময় পলায়।
মৰিব সকলোঁ; জীৱ যি নডৰায়॥
১৮৩৫ শক৷
শাওণ, হাওড়া।
⸻⸻
ভাগৰ
ভাগৰা কামত কেতিয়াবা।
নিষ্কৰ্ম্মা ভাগৰে ৰাত্ৰি দিবা॥
⸺⸺
কোনটো উজু?
ভাল কৰা উজু কাম;
বেয়া কৰা টান।
ভাল কৰা সাধ্য;
বেয়া অসাধ্য-সাধন॥
⸻⸻
নিয়মৰ বান্ধোন
জোন, বেলি, আকাশৰ তৰা,
পোহৰায় নিয়মত ধৰা।
কৰ্ত্তব্যক সেইদৰে তুমি
নিয়মিত কৰিবলৈ ধৰাঁ॥
⸺⸺
মান অপমান
সৰু কাম ঘিণ কৰা তুমি?
বৰলৈ তোমাৰ হেপাহ?
একো নকৰা হে অপমান।
সৰু বৰ মনৰ বিকাশ॥
⸺⸺
এতিয়াই
নাথাকিবা চাই, কৰিম কৰিম বুলি কাম।
এই মূহুৰ্ত্ততে লাগি যোৱাঁ।
কৰিব পাৰিম বুলি যি ভাবিছা তুমি,
কৰাঁ যদি সাহিয়াল হোৱাঁ॥
এতিয়াই লাগি যোৱা, মনে বল পাব,
উছাহত সকলো সিজিব।
অসাধ্য সাধন যেনে বাজিকৰে কৰে,
“সাহে সিধি, আৰ্জে নিধি” হব॥
⸻⸻
উদ্গণি
দিন যায়, উঠাঁ সাজি পাৰি;
সপোনত নিনিবা সময়।
আনে চোৱাঁ যুজিছে যতনে;
তুমি কিয় কাল কৰা ক্ষয়?
ৰণুৱাৰ শাৰীত তোমাৰ
ঠাইকণি নেদেখানে মিতা?
সকলোৰে শক্তি অনুসাৰে
যুজিবলৈ আছে কিনো চিতা?
ভূত আৰু ভবিষ্যত মিছা।
বৰ্ত্তমানে মাতিছে তোমাক।
“হল”, “হব”, নকৰি ভাবনা,
“হৈছে”ত পেলোৱাঁ আপোনাক॥
⸻⸻
মুখ্য লক্ষ্য
জীৱনৰ মুখ্য লক্ষ্য কাম,
শকতিৰ সম্পূৰ্ণ বিকাশ।
ঈশ্বৰৰ সুনিৰ্দ্দিষ্ট মানুহৰ কাম,
তাত কৰাঁ বাস॥
কৰাঁ তাক ঈশ্বৰত কৰি সমৰ্পণ
নিজ, পৰ অৰ্থে।
আচৰিত আনন্দৰ মিলি যাব ৰোল
সন্তোষেৰে সৈতে॥
⸺⸺
কৰ্ম্ম-জীৱন
কামত মগন জন জীৱন সাম্ফল :
কামত জীৱন আগুৱায়।
কামে ঠেলি নিয়ে জানা উন্নতিৰ বাট।
তাৰ আৰু কোনো চিন্তা নাই॥
স্বধৰ্ম
যত আছা, যি কৰিছা, কৰাঁ ভালকৈ।
স্বধৰ্ম্মে নিধন শ্ৰেষ্ঠ, পৰধৰ্ম্ম ভয়াবহ হয়॥
⸻⸻
স্বভাৱৰ দান।
সুশোভন সুখ ঠাই, স্বভাৱৰ দান,
বিজয় চুড়াৰে সুমণ্ডিত।
সাহিয়াল সজ লোকে মাথোঁ পায় তাক,
জানিবা নিশ্চিত॥
অন্ধকাৰ অকল্যাণ শূন্য তমোময়,
স্বভাৱৰ বিৰোধ পন্থীৰ মাথোঁ হয়॥
১৮৩৫ শক। শাওণ, হাওড়া।
⸺⸺
নিমাতী কন্যা
(১)
ৰতন পুৰৰ এজন ৰজাৰ আছিল একেটী কইনা।
ৰূপহী জীয়ৰী ঘৰ আলো কৰি, নামটি নিমাতী মইনা॥
ওপজাৰেপৰা কথা ফুটা নাই, ফুটিছে মাথোন হাঁহি।
পোহৰ সদায়, ৰোহ ঠেহ নাই, যেন কেতেকীৰ পাহি॥
বুধিৰ জেউতি জ্ঞানৰ দীপিতি দুচকু আবৰি আছে।
ভাবত অমিয়া, ৰূপত লৱণু চাৰি ফালে বিৰিঙিছে॥
বোবা কোনে বোলে? চিন নাই তাৰ, প্ৰতি অঙ্গতেই মাত।
চলনে ফুৰণে নিফুট বচন, শবদৰ অভাৱ হে তাত॥
বাপেক মাকৰ মনত অসুখ, একেটি মাথোন জী।
কিয় নো নামাতে, কি নো কপাল হল! কত নো কৰিব কি?
বেজ-গিয়ানীৰ যতন বিফল, ৰজা ৰাণী বিকলীয়া।
পূজা-সেৱা দান-দক্ষিণা বিফল, বেজাৰে দহিছে হিয়া॥
২
পূৰিল যৌৱন, নিমাতীৰ ৰূপত ভৰি পোহৰিল ঘৰ।
ৰজা-ৰাণী দুইৰো ভাবনা চৰিল—কত পাওঁ এটি বৰ॥
দেশ বিদেশলৈ বাতৰি পঠালে, নিমাতী কন্যাক দিব,
ডেকা যিজনাই নিমাতী মইনাক মতাই দিব পাৰিব॥
কন্যাৰ লোভত ৰজাৰ কোঁৱৰ ভোমোৰা জাক যেন হল।
নানা বুধি কৰি মাত উলিয়াবৰ চেষ্টা কৰি হাৰি গল॥
সকলো হুৰিল; ৰজাই আমনি, কন্যায় আমনি পালে।
ঢোল পিটি ৰজাই আকৌ শুনাই দিলে,—
নোৱাৰাক পঠাব শালে॥
যেনে আহিছিল তেনেই ভাগিল ৰজাৰ কোঁৱৰ জাক।
তাতো সাহ কৰি আহি হাৰে যি, পঠায় পোতাশালে তাক॥
৩
কমতাপুৰৰ কোঁৱৰ এজন, আলসুৱা তেওঁৰ নাম।
ওৰে দিন ওৰে ৰাতি বীণ বায়, নিশিকে ৰজাৰ কাম॥
বাপেক হুৰিল, মন্ত্ৰীও হুৰিল, হুৰিল পঢ়াওঁতাজন।
বীণ বাই মাথোঁ সময় কটায়, নিদিয়ে একোতে মন॥
বলিয়াৰদৰে বীণখনি বায়, নকয় সৰহ কথা।
জীৱনৰ উদ্দেশ, সৃষ্টিৰ সম্ভেদ, বীণতহে যেন গোথা॥
এৰিলে ৰজাই আশা কোঁৱৰৰ, পাত্ৰ মন্ত্ৰী আশা এইলে।
পানী একেচলু দি থৈ মাকে, মাজুত আশা পাতিলে॥
কোঁৱৰৰ সন্তোষ,—-জঞ্জাল গুচিল; দুগুণ উছাহ কৰি।
বাই ফুৰে বীণ, হিয়া তাতে লীন, সকলো গল পাহৰি॥
৪
কোৱা-চিলাৰ মুখে শুনিলে বাতৰি, নিমাতীৰ বাপেকৰ পণ।
কোনে জানে কিয়, কমতা-কোঁৱৰৰ যাবৰ হল তালৈ মন॥
বীণখনি মাত্ৰ লগৰ লগৰী, কোঁৱৰ ওলাল গৈ তাত।
নমস্কাৰ কৰি ৰজাক জনালে—“মই উলিয়াম মাত॥
হে নৃপমণি, এই বীণখনি, লাও-খোলা আৰু কাঠ,
শুকান ছালেৰে সাজি ললোঁ মই, মাতিছে অমিয়া মাত।
আপোনাৰ জীয়ৰী অতুল সুন্দৰী, তেজ মঙহৰে গঢ়া।
মাত উলিয়াটো টান কাম নহয়; নাই কোৱা কথা বঢ়া॥ ”
৫
মূৰৰপৰা ভৰি সকলো চাই ললে কোঁৱৰৰ নৃপমণি।
চেনেহ ৰসত হিয়া পমি গল, চকুত ওলাল পানী।
ভাবিলে কিনো নো সুলক্ষণী লৰা, দেখিলে চকু জুৰায়।
নোৱাৰিলে মাত উলিয়াব জীৰ, মিলিব বৰ অপায়॥
নেলাগে বোপা মোৰ, এনে সাহ কৰিব, উভতি ঘৰলৈ যোৱাঁ।
প্ৰতিজ্ঞা বেয়াকৈ কৰা আছে মোৰ, নোৱাৰিলে দুখ পোৱা॥
থাওঁক মোৰ ছোৱালী, নেলাগে মাতিব, তোমাক নিদিওঁ দুখ।
নুশুনো শবদ, তাইৰ মাত নুশুনো, চকুৰেই লভিম সুখ॥
৬
কমতা কোঁৱৰে প্ৰণামি বুলিলে, “নিৰাশ নকৰিব মোক;
পৰীখো কপাল বুলি আহিছিলোঁ, দিয়ক, নিদিব শোক॥’’
নিৰুপায় নৃপে অনুমতি দিলে, কন্যাক অনালে মাতি।
দেখিয়েই কোঁৱৰে আঙ্গুলি লগালে বীণখন কৰি কাতি॥
সৰেঙ্গ, গান্ধাৰ, কামদ ৰাগিণী অমৃত বৰষি গল।
নিমাতী কইনাৰ হৃদয় বুৰিল, সকলো তম্ভিত হল॥
ধ্বনি প্ৰতিধ্বনি ৰোল উঠি গল, আনন্দত নাচিল জীৱ।
কোঁৱৰৰ ডিঙিত ওলমি মইনাই মাতিলে “প্ৰাণপ্ৰিয়”॥
ৰজা উঠি আহি দুইকো আকোঁৱালি, শুঙিলে দুইৰো মুৰ।
কন্যা দান কৰি বীণ-কোঁৱৰক ৰঙত মজিল পুৰ॥
১৮৩৫ শক
শাওণ, হাওড়া।
⸺⸺
তিলকা
তিলকাৰ বয়স দহ বছৰ। গিৰিয়েকৰ মুখ নেদেখাকৈয়ে তিলকা বাৰী হল। তিলকাৰ মাক বাপেক ককাই ভাই কোনো নাই; আছিল বুঢ়ীমাক ৰাঙলী। ৰাঙলীয়ে মাগি-খুজি তিলকাক খুৱাই
প্ৰতিপাল কৰি আছিল। এদিন ৰাঙলীও মৰি থাকিল। তিলকাই বুঢ়ীমাকৰ শৱটো আগত লৈ এইদৰে বিনাই কান্দি আছিল; তাৰে দুফাকিমান তলত দিলোঁ; শোক লাগে দেখি বাকীখিনি এৰিলোঁ—–
(সুৰ—আগলি কলপাত লৰে-কি-চৰে। )
তিলকা হেনো তোৰ তামোলৰ ডাবি।
বুকুৰে তিলকাক বুকুতে থবি।
আজি পৰি ৰল তিলকা তোৰ।
এৰি গল আইতা ৰাঙলী মোৰ।
কোনে নো ৰাইকহৰ সাধুটি কব।
বাৰী দুখুনীৰ দুখ কোনে পতিয়াব।
মই হেনো বাৰী, মোৰ কোনোৱেই নাই।
কলৈ গলি নাতিনীৰ ৰাঙলী আই।
“বাৰীৰে কোঁৱৰৰ দুখৰে সাধু
শুনি মই বিলাপোঁ, দুখতে কান্দো।
খৰিভাৰী পালে ৰজাৰে জী;
সতিনী কৰিলে সতিনীৰ কি;
কোনে কৈ তিলকাক ভুলাব শোক।
এৰি গল দুখতে আইতাই মোক।
ৰাঙলী আইতা মোৰ কলৈ নো গলি?
চেনেহৰ তিলকাক কাৰ বুকুত দিলি।
গোসাঁয়ে তিলাইকে অনাথী কৈলে।
ওপজাই তাইক মাথোঁ যমলৈ দিলে।
উঠ আই ৰাঙলী নাযাবি এৰি।
মোকো তোৰ লগতে লৈ যা মাৰি।
কিনো পাপ কৰিলোঁ একো নাজানো।
হে মোৰ প্ৰভুদেউ সদায় মই কান্দো।
ইত্যাদি।
১৮৩৫ শক।
শাওণ, হাওড়া।
⸺⸺
ৰেণুকা
পৰিছা যি অৱস্থাত তাতে হোৱাঁ, সুখী।
চেষ্টা কৰি ভাল হোৱাঁ ৰং কৰা সখি।
* * *
চিন্তা যদি পৰিণত নকৰা কাৰ্য্যত
স্বপ্নৰ নিচিনা তাক মানিবা মনত।
* * *
৯
প্ৰেমত ঘূৰিছে ভূমণ্ডল।
প্ৰেমত ফুলিছে শতদল।
* * *
ওখ কৰা আশা।
নিৰাশা কৰ্ম্মনাশা।
* * *
অলপ সুখৰ পৰিমাণ,
নকৰিবা তাক আৰু তাকৰ;
কৃতকাৰ্য্য গুৰিতে নেদেখি,
নহবা হে মিছাতে কাতৰ।
* * *
চকুক চাবলৈ দিয়া, সুন্দৰ যি পাৰে।
অনুভৱ হিয়াত হক যতমান ধৰে॥
* * *
ক্ষম কৰাঁ, ক্ষমা পাবা তুমি।
ভাল কৰাঁ হবাঁ উৰ্দ্ধগামী॥
* * *
মৰম কৰিছে কোনে কয়?
সঁচা যি অটুট সদায় ৰয়।
* * *
জীৱনটো যদিও দুদিনীয়া;
প্ৰেম কিন্তু চিৰ যুগমীয়া।
* * *
শেহ ফল হে লক্ষ্যৰ সমল।
বিচাৰে টানৰো পায় তল॥
* * *
দুখৰ ৰাতি যিমানেই দীঘল,
অন্ত তাৰো আছে।
সুখৰ উষাৰ কিৰণ চোৱাঁ,
পূব ফালে বিৰিঙিছে॥
* * *
মানুহৰ স্বভাৱ যিমানেই গোকাট,
তথাপি সৰহ ভাল।
ইলিহি মাজত যিমানেই কাঁইট,
সৰহ ভাগ তেলাল॥
* * *
সকলোৰে ভাল হওক সংসাৰত,
দুৰ্মতি সুমতি হওক।
সকলো সুখত থাকক, মোৰ ইচ্ছা,
সকলো দীৰ্ঘায়ু হওক।
* * *
আচৰণৰ সদা মিললৈ চকুতকৈ
সত্যৰ লক্ষ্য ভাল। ০২
সত্যৰ প্ৰতিষ্ঠা সত্যৰ সন্মান
সদাকাল, সদাকাল॥
* * *
মধ্যাহ্ন সূৰ্য্যৰ দীপিতি পৰক গোটেই জীৱনটোত॥
পাপ-এন্ধাৰৰ ছাঁ কাষলৈ সমূলি যেন নাহক॥
* * *
পোহৰত ফুলা ফুলৰ সুগন্ধে ভৰক জীৱন মোৰ।
এন্ধাৰৰ কৃমি কীটৰ দুৰ্গন্ধ হওক দুৰতে দূৰ॥
* * *
পৰত থাপা বিশ্বাস।
বিশ্বাসে আনে বিশ্বাস॥
* * *
সাহতকৈ সহ্যগুণ ভাল।
সুন্দৰতকৈ ধৈৰ্য্য চিৰকাল।
* * *
নিজৰ দৰব নিজতে নাফাপে,
লোকক দিবলৈ যোৱা?
নিজেই ভিকহু, টেকেলি কাতি!
আনক নো কি বিলোৱা!
* * *
খপিলে উজ্জ্বল হয় সোণৰ বৰণ।
বিপদত পোৱা যায় বন্ধুৰ চিনন॥
* * *
ভাল ভাগ জীৱনত নিশ্চয় সৰহ।
জুখি চোৱাঁ, শেহ ফল পাবা ওগাইৰহ॥
* * *
সজ কাম, বৰ কাম, অজৰ অমৰ!
থাকে যেন চিৰকাল চন্দ্ৰ দিবাকৰ॥
* * *
অশোক অন্তৰে পায় দীঘল জীৱন!
শোক-ভৰা হিয়া শীঘ্ৰে হয় বিনাশন॥
* * *
গোলাপে শুৱায় সুন্দৰ ফুলনি।
প্ৰেমে শুৱায় মানুহৰ জীৱনী।
* * *
সাৰ মনৰ কম শুনি মাত।
অসাৰৰ ঢোল দিন ৰাত।
* * *
আশা মোৰ মন-ৰাজ্যৰ ৰজা।
নিৰাশাত প্ৰাণ মন ভজা॥
* * *
চুটি জীৱনতো আছে ভদ্ৰতালৈ-কাল।
হেন জানি কিয় তুমি নোহোৱা হেঁ ভাল?
* * *
সজ চিন্তা যিহে দিব আনি,
তাৰ তুমি হোৱা অনুগামী॥
* * *
ঘৰৰ শুৱনি বন্ধুজন।
অন্তৰ শুৱনি ধৰ্ম্ম-ধন॥
* * *
জানা তুমি প্ৰথমে নিজক।
তৰ্কলৈ নানিবা ঈশ্বৰক॥
* * *
ভকতি বিশ্বাস মাথো ঈশ্বৰক দিব্য!
কৰ্ত্তব্য কামৰ ফল চাই নুফুৰিবা॥
* * *
স্বইচ্ছাত যি ভাব আহিব।
সেইভাবে শ্ৰেষ্ঠ ঠাই লব।
* * *
ঈশ্বৰৰ দান জানা বন্ধুৰ বন্ধুতা ,
আমোলন বস্তু; লোৱাঁ, নকৰিবা চিতা॥
* * *
বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেহে যৌবন।
বয়সে নকৰে বুঢ়া, পাপেহে উছন॥
* * *
স্বভাৱৰ সুন্দৰ অমৰ।
বিৰোধী বিষত জৰজৰ॥
* * *
গৌৰৱ কিৰীটি থাকে সদায় উজ্জ্বল।
বৃথা গৰ্ব্ব দুদিনীয়া, তাত ধৰে মল॥
* * *
জানি লোৱাঁ কি কৰিব লাগে।
কৰাঁ তাক যি থাকে ভাগে॥
* * *
বুঢ়া গাধ তাৰ নাই মান।
লৰা জ্ঞানী তাৰেই সন্মান॥
* * *
সজ কাম কৰিবা লুকাই।
তথাপি ফাটিব যহ ভাই॥
* * *
উপাধি সম্পদ তুচ্ছ আতি,
যদি জ্বলাওঁ সাংসাৰিক বাতি॥
* * *
দয়াহীন জন হে গোবান্ধ।
আনজন নহয় সি ষাণ্ড॥
* * *
চোৱাঁ মোৰ জীৱনটো কবিতাৰ আৱলী
ঘটিকাৰ ঘণ্টা পলে পঢ়ি যায় চলি।
জুমুৰি, লেচাৰী, ছবি, দুলৰীৰ সুৰ,
কবিতা কদম-কলি ৰেণুৰেই পুৰ।
* * *
ইতিহাস বুৰঞ্জীৰ বগা গোফ-ডাঢ়ি!
চিৰ যৌবনেৰে ভৰা কবিতা-কুৱঁৰী॥
* * *
বলেৰে শাসন জানা নহয় শাসন;
ধৰমত নাম তাৰ অন্যায় আচৰণ॥
* * *
দোষ খোচৰাই পায় উটা খেৰৰ জাজি।
গুণ বিচৰালৈ থাকে তলিত মুক্তাৰাজি।
* * *
সুখ নাই;—ধনে কি কৰিব?
চকু নাই;—বেলি পোহৰিব?
* * *
ভয়াতুৰ! নকৰিবা পিছভৰি তুমি।
সাহ পাবা যাওঁতেই; মাতে জন্মভূমি॥
* * *
ঈশ্বৰৰ দান এই মানপী জনম;
আজ্ঞা,—তুমি দিনে ৰাতি কৰি থকা শ্ৰম॥
* * *
সুখ, দুখ, ভাল, বেয়া, তোমাৰ হাতত।
আপোন কৰম-ফল; নাই কপালত!!
* * *
কম কাম, কম শ্ৰম, কম ফল লাভ।
বেছি শ্ৰম, বেছি ফল; কি লাভ বিলাপ?
* * *
ঈশ্বৰত অৰ্পি চিন্তা, দুখ, শোক, তাপ,
গোঁজ পুতি নাও বান্ধা, নাথাকে সন্তাপ॥
* * *
নিৰ্ধনীৰো সুখ আছে অমিয়া অতুল।
ধনীয়ে নাপায় তাৰ ভু আৰু কুল॥
* * *
মুখৰ বন্ধুত্বপূৰ্ণ গোটেই পৃথিবী।
ঠিক বন্ধু জীৱনত দুটা এটা পাবি।
* * *
নপৰিবা পিছ হেৰা আগুৱাই যোৱাঁ
সকলো বাঢ়িছে আগ, পিছ এলেহুৱা॥
মৰণ পৰ্য্যন্ত কাম, নাহিকে এৰণ।
মানপী জন্মৰ জানা কৰ্ত্তব্য সাধন॥
* * *
এটি কথা আমোলন, অন্তৰৰপৰা॥
লক্ষ কথা এবকলা, জীৱন্ততে মৰা!
* * *
জ্ঞানপথ এৰি জ্ঞানী যায় কেতিয়াবা।
অন্তৰৰ বাণী, বোপা, সদায় শুনিবা॥
* * *
জয় লক্ষ্মী আজিয়েই আগত তোমাৰ।
কালি বুলি বহি থাকি নহবা অসাৰ॥
* * *
বলী কৰা হৃদয়ক; হে মৰতবাসী।
দুখত জ্বলক তেজ, শোকত যে হাঁহি॥
অন্ধকাৰ ডাৱৰত বিজুলী চমকে৷
এন্ধাৰ নিশাত জানা তৰা চিক্মিকে॥
পুৰোৱাঁ প্ৰেমেৰে হেৰা হৃদয় তোমাৰ
মানুহক, ঈশ্বক দিয়া উপহাৰ॥
* * *
সুফল নাপালা বুলি নিৰাশ নহবা।
আহিব এদিন সি নিশ্চয় জানিবা॥
কৰ্ম্মফল আশালই নকৰিবা মন।
ঈশ্বৰত সমৰ্পিবা ফল আৰু বন॥
কাম কৰিবৰ তোমাৰ অধিকাৰ আছে।
ফল দান ঈশ্বৰে হে হাতত ৰাখিছে॥
* * *
যি প্ৰেমৰ লৰচৰ, সি প্ৰেম নহয়।
যি ভক্তিত ভাজ আছে, ভক্তি কোনে কয়?
* * *
ধন নাই? হানি নাই ভাত।
আনন্দৰ উৎস যে হিয়াত॥
* * *
সকলোকে প্ৰেম দিয়া, অল্পক বিশ্বাস।
সপোনতো নিচিন্তিবা কাৰো সৰ্ব্বনাশ॥
* * *
ভাল হোৱা নামত নহয়।
সুখ পোৱা দিঠকত হে ৰয়।
* * *
লাহে লাহে বন্ধু বাছি লবা।
তাতোকৈ লাহে হে সলাবা॥
* * *
সজ নাম সজ হৈ লবা।
মিছা নাম নিটিকে জানিবা॥
* * *
ঈশ্বৰৰ গোটেই আশীষ,—
দীৰ্ঘ প্ৰাণ, স্বাস্থ্য অহৰ্নিশ॥
* * *
বাট হওক কুসুম কোমল।
হাঁহি হওক প্ৰেমৰ সমল॥
আনন্দ লোতক চকু ভৰা!
আশীৰ্ব্বাদ এই মোৰপৰা॥
* * *
নিজৰ দুখৰ বোজা নিজে তুমি ববা।
লোকৰ পিঠিত তাক কদাপি নিদিবা॥
* * *
ধীৰ হবা বিচাৰ কামত।
হুৰামুৰা বিচাৰ নামত॥
* * *
সুনিপুণ কাৰ্য্যপটু জনে
কাৰ্য্য কৰাঁ, কি কাম সপোনে?
* * *
পুণ্য কাম সঁচাসচি সুখ।
সুচৰিত্ৰে পোহৰায় মুখ॥
* * *
সাহী হিয়া খন্তেকলৈ ভাগে;
কিন্তু তেজ দিনে ৰাতি জাগে।
* * *
প্ৰকৃত বন্ধুতা ঠিক পবিত্ৰ বান্ধোন৷
অসময় বিপদত বাঢ়ে তাৰ গুণ।
* * *
সজ চিন্তা কৰাঁ।
সুকাম জন্মিব তাৰপৰা॥
* * *
যথাসাধ্য সজ কাম যতনি কৰিবা।
নফলিল অতিকৈ;— নিৰাশ নহবা॥
* * *
গোটেই নিখুত কাম তোমাৰ
কদাপি নহয়।
সোণৰ খাৰুৰ অত-তত
পোটোকা পৰি ৰয়।
* * *
বাটৰ দুবৰি বন গছকত পৰা
তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা!
* * *
বয়সৰ শক্তি নাই আশা বিনাশিব!
ঈশ্বৰৰ অংশ আশা অমৃতত মিলিব॥
* * *
উষাৰ পোহৰ, বসন্ত মলয়া,
নিয়ৰে তিৱোৱা যুই,
শতেক বছৰ সম্ভোগ হওক,
আশীৰ্ব্বাদ দিওঁ মই।
১৮৩৫ শক।
ভাদ, হাওড়া৷
⸻⸻
ঈশ্বৰ আৰু ভকত
বৈকুণ্ঠৰেপৰা হৰিয়ে শুধিলে—
“কোন কোন আহিবৰ হল?”
নাম-লোৱা ভকতে সাদৰি বুলিলে—
“নামতে গৈ আছোঁ তল।”
বৈকুণ্ঠৰে পৰা গোসাঁয়ে মাতিলে—
“আহা হে ভকতসকল!”
নাম-লোৱা ভকতে লাহেকৈ বুলিলে—
ভকতিত পাই লওঁহঁক বল।
প্ৰভুৱে মাতিলে, “বাপু মোৰ ভকত হে,—
প্ৰসাদ লবৰে হল। ”
ভকতে বুলিলে “প্ৰভু বাসুদেউ,
নামতে ভোক পিয়াহ গল।”
নাৰদক মাতিলে, উদ্ধৱক মাতিলে,
বিদুৰক প্ৰভু মাতিছে।
নাৰদে বিদুৰে উদ্ধৱে বুলিলে-
“যাম প্ৰসঙ্গৰ পিছে। ”
“মৰতত ভকত, বৈকুণ্ঠত মুকুত,
লৰি আতৈসকল আহাঁ।”
“নেযাৱেঁ নেযাৱেঁ প্ৰভু মোৰ গোবিন্দাই,
মুকুতিৰ নকৰো বেহা।”
নাহা হে যদি, মই যাবকেই লাগিল,
লগলৈ তোমালোকৰ।
ভকতক এৰি থাকিব নোৱাঁৰোঁ,
পলকেই একো বছৰ।
১৮৩৫ শক।
ভাদ, লৰেল্চ, হাওড়া।
−অন্ত−
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )