পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৯
কদম-কলি

অন্ত অনন্তৰ মাজত আসন,
বাঁহীটিত বাজে আত্মবিলোপন,
শুনা হে শুনা হে অমৃত-সন্তান,
 আতমা পৰমাত্মাত॥

১৮৩৩ শক।

আহিন, হাওড়া।

⸻⸻

কৰ্ম্ম

কৰ্ম্মৰ জনম জানা তোমাৰ লগতে
তাৰে সৈতে এৰাএৰি নাই।
তোমাৰ হাততে আছে কৰম সজুলি,
মন মাথো কৰিবৰ উপায়।

১৮৩৪ শক।

জেঠ, হাওড়া

⸻⸻

চিৰযৌবন

কোনে কৈছে বুঢ়া হলো মই?
সি যে ভাই মিছা কথা কয়।
বয়সে, অমৃত প্ৰেমে তুমুলি সংগ্ৰামে,
জয়ী প্ৰেম, বয়স বন্ধুৱা।
চোৱাঁ মই চিৰ বিনন্দীয়া!