এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
কদম-কলি
গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোৰা, *
সেন্দুৰী টিঙতে† বহি উটি গলে
ৰতনী ধনাইৰেপৰা।
চৰায়ে তুললে ঐ ছ’ৰা পোৱালি
গছৰ ডাল শুৱনি কৰি॥
ৰতনীক তুলিলে মাকে বাপেকে,
ধনাইৰ কাল-শতুৰু কৰি॥
লুইতৰ শিহু ঐ টুপাই বুৰ-মাৰিলি,
আকৌচোন এটিবাৰ ওলা!
ধনশিৰীৰ ৰতনী টুপাই বুৰ মাৰি গল ,
ভাঙি মোৰ কামিহাড়েচলা।
বালিতে চৰিছে দুটি বালিমাহী,
লগৰে লগৰী পাই।
পাৰতে কান্দিছে ধনবৰ দুখীয়া,
ৰতনী লগতে নাই।
- বালিঘোৰা, এবিধ ৰোই।
† ৰতনী যোৱা নাওখনৰ টিংটো সেন্দুৰেৰে বোলোৱা আছিল।