পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

চুমা

কপো-কপৌৱনী  চুমাত বলিয়া
 হৰিণা হৰিণী আৰু,
ভাটো ভাটোৱনী  চুমি-চুমি চোৱাঁ,
 খাইছে প্ৰেমৰ লাৰু॥
ফুলে ফুলে চুমি  ফুল মতলীয়া,
 ভোমোৰা চুমত পমা।
সবে চুমময়,  হেৰা তেন্তে মই
 কিয়নে নাখাম চুমা?

বতাহে বতাহে  চুমাৰ বাতৰি,
 পানীয়ে পানীয়ে চুমা।
আকাশ পাতাল  চুমাৰ ভঁৰাল,
 সেউতী চুমাত ঘমা॥
চুমাৰ ৰাগিত  গোকুল গোপিনী
 থৰক-বৰক জীৱ।
চুমা খাই খাই  কাৰো তত নাই,
 মইবা নেখাম কিয়?

সেই দেখি লেখি লেখি এশ চুমা দিয়া৷
অন্তত ই প্ৰাণ মোৰ বুজি-বাজি লোৱাঁ॥

[১৮১২ শক। আঘোণ, কলিকতা। ]