এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দৰব নথকা ৰোগ কিয় দিলে মোক?
নহলে মইনা, যই নাপাওঁ কিয় তোক?
৫
এয়ে নে চিকুণি মোৰ ললাটত লিখা হল?—
মইনা মইনা কৰি মৰিব লগীয়া হল।
আছে যদি সঁচাকৈয়ে, তই যদি হৱ তয়ে,
দে দেখা দে ধৰা, কত নো জীয়াতু সম?
কত চট ফট কৰি জীৱনৰ ভাৰ বম?
৬
কান্দোতে কান্দোতে মোৰ চকু হেৰ উখহিল৷
মাতোতে মাতোতে মাতো ভাগি নাইকিয়া হল!
ভাবোতে ভাবোতে সোণ, শুকালোঁ খেৰ-সনি যেন,
তথাপি এখুদো তোৰ নালাগে মৰম!!
মোক পুৰি মৰাটোৱে তোৰ নে ধৰম?
৭
মধুৰ মইনা নাম নাজানো কোনে নো দিলে;
শিলৰ বুকুত কোনে প্ৰেম-লৱনু সানিলে?
নিমিলিল নাও-গাওঁ নালাগিল আওভাও,
নতু মইনাৰ হিয়া মইনাত নাই;
কেনেকৈ এনে কথা হব পাৰে হায়?
৮
নাই দেখা নাই শুনা কেনে নো মইনা তই;
কলৈ গলে কি কৰিলে তোক হেৰ পাম মই?