পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বাঁহী

ত্ৰিভূৱন মাজে যত বস্তু মধুময়,
সিসবৰ সাৰ ভাগ কৰি একেঠাই,
পুৰালি উদৰ তোৰ হে বাঁহী অমিয়া।
প্ৰেমিকে মাগিছে কণা পুৰ্ণ কৰ হিয়া।

মুখামৃত সুৱাগৰ, আদৰ আঙ্গুলি
বুলাই মাগিছোঁ ভিক্ষা, দে প্ৰাণ খুলি।
স্বৰ্গৰ অমৃতবাণী পশোক কাণত,
প্ৰকৃতি মুগুধ হওক, দেৱ বিমানত।
 
মৰ্ত্তৰ সন্তাপ আতৰক এখন্তক;
দিব্যালোক প্ৰকাশক, আতমা জাগক;
ধৰা মধুময় হক, ক্ষৰোক অমৃত,
উটি যাওক সি সোঁতত মোৰ কাঠ চিত।

১৮৬১ শক৷

আঘোণ, হাওড়া।