পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱশেষ

ফুলিল মালতী, ফুলি সৰি পৰি গল।
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰʼল॥
ভাগি গল বীণখনি, ছিগি গল তাঁৰ।
ৰই গল অৱশেষ অমিয়া জোকাৰ॥
পঞ্চত্বত লীন হল তৰুণী সুন্দৰী।
মধুৰ হাঁহিটি মাথো থাকি গল পৰি॥
মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন!
থাকি গল মধুৰতা কিৰিশ কিৰণ।
সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গʼল বলি।
মৃদুল হিল্লোল ৰʼল হৃদয় আকুলি?
আকাঙ্ক্ষাৰ অধীৰতা, উদ্বেগ হিয়াৰ,
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ,
লাহে লাহে আতঁৰিল, ৰ’ল প্ৰতিধ্বনি।
সুৱাগ সমল গʼল, থাকিল বিননি,
ধন গল, জন গল গল কায়ক্লেশ।
সুখ্যাতি অখ্যাতি ৰʼল, আত্মা অৱশেষ॥

১৮৩২ শক।
চ'ত, হাওড়া।