পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিবেদন।

 এই পুথি ৰচোতা জনা আৰু ইহলোকত নাই। তেখেতে এই পুথি লিখি শেষ কৰি, প্ৰেচত দি প্ৰায় এশ পিঠিমান ছপা হওঁতেই হঠাৎ গল আঘোণ মাহৰ ২৭ তাৰিখে দুপৰীয়া চিৰশান্তিধাম লাভ কৰিলে। আমি জনাত আজি কেই বছৰমানৰ পৰা তেখেতে কৈছিল যে, আমাৰ ভাষা এতিয়া বহুত খিনি উদ্‌গতি কৰিছে, গতিকে এখন ডাঙৰ ব্যাকৰণৰ আৱশ্যক হৈছে। এই কথা তেখেতৰ কোনো কোনো সাহিত্যিক বন্ধু- বান্ধৱৰ লগতো কোৱামেলা কৰিছিল আৰু সেইসকলে তেখেতকে এই গুৰু কাম হাতত লবলৈ কৈছিল। পাচত গল বছৰি তেখেতে এই ব্যাকৰণ লিখিবলৈ আৰম্ভ কৰে আৰু প্ৰায় মে মাহত লিখা শেষ হয়। ইয়াৰ ভিতৰতে তেখেতৰ চকুত অলপ দোষ জন্মে আৰু এই পুথি লিখাৰ পৰা সেই ৰোগ বৃদ্ধি পাইছিল৷ সি যিকি নহওঁক কোনো মতে পুথিখন লিখি শেষ কৰি গল আগষ্ট মাহত ইয়াক প্ৰেচত দিয়া হয় আৰু ইয়াৰ কেঁচা ছপাও তেখেতে নিজেই শুধৰাইছিল আৰু কেঁচা ছপা শুধৰাওঁতে কোনো কথা সলোৱা পজৰাও কৰি- ছিল। এইদৰে ৯৬ পিঠিলৈকে তেখেতে চাই দিয়াত পুথি ছপোৱা হয়। তাৰ পাচত তেখেত ধুকালত আমি নিজে সেই কেঁচা ছপা চাই পুথি ছপাব লগা হল। আৰু কেঁচা ছপা চাওঁতে যদি পুথিৰ কোনো কথা সিজনাই সলালে হেতেন