পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৷৹

এই ৰূপ দুটাক পৃথক্ কৰি দেখুৱাই সুকীয়া ৰূপটোক পূৰ্ণ ভূত কালৰ ৰূপ বুলি লিখিবলৈ ওলাইছিলোঁ, কিন্তু তেনে কৰিলে অসমীয়া ব্যাকৰণত এটা বিশেষ পৰিবৰ্ত্তন ঘটোৱা হব, আৰু ইমান কালৰ পাচত তেনে পৰিবৰ্ত্তন কৰিলে ভাষাটোৰ অনিষ্ট হব পাৰে, গছৰ পুলি ঘনে পতি ঠাই সলাই ৰুলে সি উদ্গতি কৰিব নোৱাৰে, এনেটো আশঙ্কা কৰি অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাৰ অনুসৰণ কৰি আমিও কথাটো বাক্যবিন্যাস অধ্যায়ত উনুকিয়াই থলোঁ।

 ণত্ব বিধিৰ ভিতৰতো এনেকুৱা অসঙ্গত কথা পোৱা যায়। ঋৰ আৰু ষৰ পাচত ণ মূৰ্দ্ধন্য হয়। এইটো সংস্কৃত ব্যাকৰণৰ বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হৈছে। কিন্তু সেই তিনি আখৰ আৰু নৰ মাজত ক বৰ্গ প বৰ্গৰ আখৰ বা য ব হ থাকিলেও ন মূৰ্দ্ধন্য হয়। ইও সংস্কৃত ব্যাকৰণৰ বিধি, কিন্তু এই বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হোৱা নাই; কিয় হোৱা নাই তাৰ কাৰণ পোৱা নাযায়৷ আৰু স্ত্ৰী প্ৰত্যয়ৰ নী কেতিয়াও মূৰ্দ্ধন্য নহয়, কিয় নহয়, কাৰণ পোৱা নাযায়। কিন্তু আগত কোৱা কাৰণেই এই অসঙ্গত কথাও বহল ব্যাকৰণত গ্ৰহণ কৰা হৈছে।

 উচ্চাৰণ সম্বন্ধে বহল ব্যাকৰণত বিস্তীৰ্ণ ভাবে একো কোৱা হোৱা নাই। উচ্চাৰণ বিষয়টোৱেই হৈছে অভিধানৰ