বহল ব্যাকৰণ/দ্বিতীয় অধ্যায়

[ ১৫ ]

দ্বিতীয় অধ্যায়।
⸺:✺:⸺
ণত্ব বিধি।

 ১। এটা পদৰ ভিতৰত ঋ, ৰ আৰু ষ-ৰ পাচত দন্ত্য ন থাকিলে সি মূৰ্দ্ধন্য হয়। যেনে— ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণ, বৰ্ষণ।

 ওপৰত উদাহৰণ দিয়া শব্দবিলাকৰ ণ বিলাকত অসমীয়া উচ্চাৰণ মতে কোনো স্বৰ যোগ নাই, কিন্তু সংস্কৃত উচ্চাৰণ মতে অ যোগ আছে। ণত্ব বিধিত শব্দৰ সংস্কৃত উচ্চাৰণ ধৰা হয়।

 ২। ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবৰ্ণ, বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও ন মূৰ্দ্ধন্য হয়। যেনে, কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।

 ৩। এই নিয়মটো কেৱল সংস্কৃত শব্দত আৰু সংস্কৃতৰ অপভ্ৰংশ শব্দত মাথোন খাটে। অসমীয়া শব্দত ঋ, ৰ, ষ-ৰ মাজত কোনো ব্যঞ্জনবৰ্ণ বা অ-ৰ বাজে আন স্বৰবৰ্ণ [ ১৬ ] থাকিলে দন্ত্য ন মূৰ্দ্ধন্য নহয়। যেনে, ৰইনা, বৰিয়নি, ফেৰেঙ্গনি, গেৰেকনি, বৰীয়ানী।

 ৪। অসমীয়া স্ত্ৰীপ্ৰত্যয় নী-ৰ ন মূৰ্দ্ধন্য নহয়। যেনে, বৰানী, বৰুৱানী, কমাৰনী, কুমাৰনী, গৰাকিয়নী।

 ৫। দুটা ভিন ভিন শব্দ গোট খাই এটা হলে, আগৰ শব্দটোত ঋ, ৰ, ষ থাকিলেও পাচৰ শব্দৰ ন মূৰ্দ্ধন্য নহয়। যেনে, দুৰ্নাম, হৰিনাম, ত্ৰিনয়ন, সৰ্ব্বনাম, হৰিনাৰায়ণ, হৰিনাথ।

 ৬। উত্তৰ, চান্দ্ৰ, পৰ আদি শব্দ আগত থাকিলে পাচৰ শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য হয়। যেনে, উত্তৰ + অয়ন=উত্তৰায়ণ, চান্দ্ৰ + অয়ন=চান্দ্ৰায়ণ, পৰ + অয়ন = পৰায়ণ।

 ৭। দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হলে, আগৰ শব্দত ঋ, ৰ, বা ষ থাকিলে, পাচৰ শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, শূৰ্পণখা, অক্ষৌহিণী।

 ৮। আম্ৰ আদি শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, আম্ৰবণ।

 ৯। পদৰ শেষত থকা হসন্ত ন্ ঋ, ৰ, ষ-ৰ পাচত থাকিলেও মূৰ্দ্ধন্য নহয়। যেনে, নৰান্‌, ব্ৰহ্মচাৰিন্‌।

 ১০। ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হলে, ঋ, ৰ, ষ-ৰ পাচত থাকিলেও ন মূৰ্দ্ধন্য নহয়। যেনে, বান্ধন, বৃন্দাবন।

 ১১। ট বৰ্গৰ আখৰৰ লগত যোগ হলে ন সদায় মূৰ্দ্ধন্য হয়। যেনে, কণ্টক, পিণ্ড, মুণ্ড।

[ ১৭ ]  ১২। পূৰ্ব্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে, পাচৰ অহ্ন শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে, পূৰ্ব্ব+অহ্ন= পূৰ্ব্বাহ্ণ, পৰ+অহ্ন= পৰাহ্ণ, অপৰ+অহ্ন= অপৰাহ্ণ।

 ১৩। দুৰ্ উপসৰ্গৰ বাজে আন উপসৰ্গৰ ৰ-ৰ পাচত থকা নম্ আৰু নী ধাতুৰ ন মূৰ্দ্ধন্য হয়। যেনে, প্ৰ–নম্+ঘঞ্‌= প্ৰণাম, প্ৰ—নী+অল= প্ৰণয়।

 ১৪। বিদেশী শব্দত বা নামত ণত্ব বিধিৰ নিয়মবিলাক নাখাটে। যেনে, ফোৰকান, কোৰান, ৰোৱেনা, ইউৰেনাচ।

 ১৫। কেতবিলাক শব্দৰ ণ স্বভাৱতে মূৰ্দ্ধন্য। সেইবিলাক শব্দৰ প্ৰচলিত কিছুমান তলত ছন্দত বান্ধি দিয়া হল।

বাণিজ্য, বণিক, ঘুণ, কণ, পণ, পাণি।
শোণিত, চিক্কণ, গুণ, গণ, শণ, বাণী॥
কণিকা, কঙ্কণ, অণু, বেণী, বেণু, বাণ।
গৌণ, তূণ, ফণা, বীণা, নিপুণ, কল্যাণ॥
লৱণ, মাণিক্য, কোণ, মণি আৰু পুণ্য।
এই শব্দবিলাকৰ ণবোৰ মূৰ্দ্ধন্য॥

ষত্ব বিধি।

 ১৬। অ সবৰ্ণৰ বাজে আন স্বৰবৰ্ণ, বা ক বা ৰ আগত থাকিলে, প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়। যেনে, জি+সন্+আ= জিগীষা, মৃ+সন্+উ= মুমূৰ্ষু, শ্ৰীচৰণ+সু= শ্ৰীচৰণেষু [ ১৮ ] (৭মী বহুবচন) ইয়াত সন্ প্ৰত্যয়ৰ দন্ত্য স মূৰ্দ্ধন্য ষ হৈছে। সাৎ প্ৰত্যয়ৰ স মূৰ্দ্ধন্য ষ নহয়। যেনে, ভূমিসাৎ, অগ্নিসাৎ, জনসাৎ।

 ১৭৷ ই বা ঊ অন্তত থকা উপসৰ্গৰ পাচত সদ্, সিচ্‌, সিধ্‌, নম্ আৰু স্থা আদি ধাতুৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, বি-সদ্+ঘঞ্‌= বিষাদ, অভি—সিচ্+ঘঞ্‌= অভিষেক, নি—সিধ্‌+অল= নিষেধ, অভি-লস্+ঘঞ্‌= অভিলাষ, প্ৰতি–স্থা+ঙ= প্ৰতিষ্ঠা, অনু–স্থা+ক্ত = অনুষ্ঠিত।

 ইয়াত ধাতুবিলাকৰ স মূৰ্দ্ধন্য ষ হৈছে।

 ১৮। ভূমি, গো, অঙ্গু শব্দৰ পাচত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পাচত থকা স্থিৰ শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, ভূমি+স্থ= ভূমিষ্ঠ, গো+স্থ= গোষ্ঠ, অঙ্গু+স্থ= অঙ্গুষ্ঠ, যুধি+স্থিৰ= যুধিষ্ঠিৰ।

 ১৯। প্ৰত্যয় যোগ হলে, হবিস্ আৰু চক্ষুস্ শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে, হবিস্+য= হবিষ্য, চক্ষুস্+ষ্ণ= চাক্ষুষ।

 ২০। কেতবিলাক শব্দৰ য স্বভাৱতে মুৰ্দ্ধন্য। সেইবিলাক শব্দৰ প্ৰচলিত কিছুমান তলত ছন্দত বান্ধি দিয়া হল।

ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰত্যুষ।
কৰ্ষণ, প্ৰদোষ, ঈৰ্ষা, তুষাৰ, গণ্ডুষ॥
ষোড়শ, পুৰুষ, মেষ, ঔষধি, ভূষণ।
আষাঢ়, মুষিক, পুষ্প, কোষ, ষড়ানন॥

[ ১৯ ]

ঈষৎ, বিষ, গ্ৰীষ্ম, উষ্ম, ঔষধ, পোষণ।
বিশেষ, বিশেষ্য, ভীষ্ম, পৌষ, বিশেষণ॥
পাষাণ, ভিষক আৰু ঘৰ্ষণ, নিঃশেষ।
সকলোৰে মূৰ্দ্ধন্য ষ জানিবা বিশেষ॥

⸻⸺