পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাকো কৰা নহল। কিয়নো আমি তেনে কাম কৰিবলৈ সাহ নকৰিলো। এই পুথি সিজনাই অসমীয়া ৰাইজলৈ লিখিছিল, গতিকে আমি যেনে পাইছিলো তেনেই অসমীয়া ৰাইজৰ আগত উলিয়াই দিলোঁ। এতিয়া ইয়াৰ কোনো দোষাদোষ থাকিলে সেইটো ৰাইজৰ ইচ্ছা অনুসৰি আমি দ্বিতীয় তাঙ্গৰণত সলাই দিম। গতিকে আমাৰ দেশৰ সাহিত্যিক সকলৰ গুৰিত আমাৰ এয়ে প্ৰাৰ্থনা যেন তেখেতসকলে পুথিখন এবাৰ পঢ়ি চাই দোষাদোষ আমাক জানিবলৈ দিয়ে। সিজনাই এই পুথিৰ পাতনি এখনো লিখিছিল, কিন্তু আমাক কৈছিল যে যিখন পাতনি লিখি উলিয়াইছিল সেইখন তেখেতৰ মনত তেতিয়াও সন্তোষজনক হোৱা নাছিল, আকৌ এবাৰ হাতফুৰাব লাগিব বুলিছিল। কিন্তু তাক আৰু কৰিবলৈ নেপালে। গতিকে আমি সেই পাতনি খনকেই ইয়াৰ লগত ছপাই দিলোঁ, আৰু ৰাইজে তাক সমালোচনা কৰোতে এই কথাষাৰলৈ চকু ৰাখিব বুলি আশা কৰিলোঁ।

 বিদেশত ছপা হোৱাত পুথিত অলপ ছপাৰ ভূল ৰৈ গল, গতিকে লগত এখন শুধৰণি পত্ৰ দিয়া হল। ইতি—

ৰাইজৰ অনুগ্ৰহপ্ৰাৰ্থী
সিজনৰ অভাজন পুত্ৰ
শ্ৰীঅম্বিকানাথ বৰা।
শ্ৰীজ্ঞাননাথ বৰা।