পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৶৹

ভিন কৰি দেখুৱাইছে, বহল ব্যাকৰণতো সেইদৰে ভিন ভিন কৰি দেখুৱা হৈছে।

 প্ৰচলিত অসমীয়া ব্যাকৰণবিলাকত ক্ৰিয়াৰ কাল সম্বন্ধে অলপ অসঙ্গত কথা দেখা যায়। পঢ়িছোঁ, খাইছোঁ আদি ক্ৰিয়াৰ ৰূপক সেই ব্যাকৰণবিলাকত স্বৰূপ বৰ্ত্তমান ৰূপ বুলি কৈছে৷ পঢ়িছোঁ কথাৰ অৰ্থ দুটা হব পাৰে, এই মুহূৰ্ত্তত পঢ়ি আছোঁ, আৰু আগেয়ে কেতিয়াবা পঢ়িছোঁ। প্ৰথম অৰ্থত ক্ৰিয়াটোক এনে গুটিয়া ক্ৰিয়া বুলিব নোৱাৰি। ই দুটা ক্ৰিয়াৰ সানমিহলি পঢ়ি আৰু আছোঁ। পঢ়ি+আছোঁ= পঢ়িছোঁ, খাই+আছোঁ=খাইছোঁ। অসমীয়াত এনেকুৱা যুটীয়া ক্ৰিয়া আৰু আছে। যেনে; দে+আহি=দেহি, যা+আহি=যাহি। পঢ়ি সাধ্যা ক্ৰিয়াৰ লগত আছোঁ সিদ্ধা ক্ৰিয়া গোট খাই পঢ়িছোঁ ৰূপ সিদ্ধ হৈছে। এতেকে পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ নহয়, আৰু তাৰ ভিন নামো হব নোৱাৰে। পঢ়িছোঁ কথাৰ দ্বিতীয় অৰ্থ, কেতিয়াবাই পঢ়িছোঁ, কিন্তু তাৰ ফলভোগ আজিও কৰি আছোঁ। এই অৰ্থত পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ। তাক পূৰ্ণ ভূত কালৰ ৰূপ বুলিব পাৰি। প্ৰচলিত ব্যাকৰণবিলাকত এই কথাৰ কোনো উল্লেখ নাই। ৺হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণত এই কথা অলপ উনুকিয়াইছে, কিন্তু কালটোৰ কোনো নাম দিয়া নাই, কেৱল বাক্যবিন্যাস প্ৰকৰণত এই ৰূপটো সেই অৰ্থতো ব্যৱহাৰ হয় বুলি লিখা আছে। আমি প্ৰথমে ধাতুৰ