দন্দুৱা দ্ৰোহ/তৃতীয় অধ্যায়
[ ১১ ]
আজি বহাগৰ ছয়বিহু। কামৰূপৰ দুয়োজন বুজৰ বৰুৱা, আৰু চৌধুৰী সকল ভাৰে ভেটীয়ে আহি বৰফুকনত কৰ সোধাইছে। একো একোজন বুজৰ বৰুৱাৰ তলত, আঠ দহ জনকৈ বৰুৱা। প্ৰত্যেকজন বৰুৱায়ে প্ৰায় এশ ছকুৰি [ ১২ ] খানকৈ ভাৰ অনাইছে। বৰুৱা সকলৰ লগত চৌধুৰী সকল, আৰু তেওঁলোকৰ লগত পিচদিনা সাতবিহুৰ ৰং ধেমালি চাবলৈ অনেক লৰা তিৰোতা আৰু ছোৱালীও আহিছে। বৰুৱা সকলে বৰফুকনৰ আগত ভাৰ থলে, ৰূপ-বান থলে। বুজৰ বৰুৱা দুজনে সাচিপাতৰ হিচাপ্ উলিয়াই বৰফুকনক কৰ-কাটল বুজাই দিলে। বৰফুকনে মাজে সময়ে সেই হিচাপত খুত ধৰি বৰুৱা সকলক “কটা ঢেকেৰি” বুলি আপ্যায়িত কৰিলে। দুই এজনক চকু পকাই তাতোকৈ প্ৰীতিসূচক বাক্যেৰ সম্ভাষণ কৰিলে। হৃদয়ত যাতনা অনুভব হলেও বৰুৱা সকলে কোনো উত্তৰ দিব নোৱাৰিলে। সমস্ত হিচাপ-কিতাপ দাখিল কৰি বৰুৱা সকল, বুজৰ বৰুৱা দুজনে সৈতে গধুলি হলত বৰফুকনত বিদায় মাগিলে। বৰফুকনে কলেঃ— হেৰ ঢেকেৰিহঁত! কাইলৈ তহঁত এটাইবিলাকেই মোৰ সাতবিহুৰ উৎসৱ চাবলৈ আহিবি। যেয়ে গপ কৰি নাহে তাৰে দণ্ড হ’ব ধুৰুপ জানিবি”। বৰুৱা সকলে “ভাল দেউতা ঈশ্বৰ! অহা হব” বুলি শলাগি গল। নিশা সকলোটা গই পাডুৰ বাহৰত ৰল।
আজি বহাগৰ সাত বিহু। বতৰ সুন্দৰ ফৰকাল! কতো এফেৰাও মেঘৰ চিন নাই। বসন্তকাল এতিয়াও সম্পূৰ্ণে আছে। সংসাৰ জুৰি আজি আনন্দ। সমস্ত তৰু লতা ফুলিছে। ফুলৰ গোন্ধত বতাহ আনন্দিত হৈছে। পশু পক্ষীসকলে নানা ৰাৱ কাঢ়িছে। বিৰহী কুলিয়ে ৰই ৰই [ ১৩ ] গছৰ আগত পৰি কু-উ, কু-উ কৰিছে। দুটা এটা লৰাই সেই কুলিক যেতেক চিঞাঁৰিছে কুলিটোৰ মাতো সেই অনুক্ৰমে বেছিহে হৈছে।
উজনি আহোম ৰজাৰ আৰ্হিৰেই আজি আমাৰ নামনিৰ বৰফুকনেও সাতবিহুৰ উৎসৱ পাতিছে। এটা মুকলি ঘৰৰ তলত এখান ওখ চালপিৰাত, বনাত কেপ্ কৰা কিংখাপৰ গালিচা পাৰি তাৰ ওপৰত বৰফুকনে সোণোৱালী গাৰু এটাত আওজি দীঘল সোণাৰ নলৰে সৈতে গুৰগুৰি, ৰুপৰ শৰাইত তামোল পান, পিক পেলাবলৈ পিক দান লই বহিছে। তেওঁৰ দুয়ো কাষে আহোম আৰু অসমীয়া বিষয়াসকলক বহুৱাইছে। কামৰূপীয়া বুজৰবৰুৱা দুজনকো তেওঁৰ অহমীয়া বিষয়াসকলৰ লগত বহুৱাইছে। কিন্তু কামৰূপীয়া বৰুৱা চৌধাৰী সকলক বেলেগে হীনভাবে বহুৱাইছে। চাৰিওফালে অসংখ্য মানুহ। আহোমনী আৰু অহমিয়ানী তিৰোতাসকলকো সুন্দৰকৈ ভাৰ-বেৰ দি বহুৱাইছে। কিন্তু কামৰূপীয়া লৰা তিৰোতা ছোৱালী আৰু আন ইতৰ মানুহৰ নিমিত্তে কোনো বন্দোৱস্ত নাই। সেই সকলে পচিমফালে বাঁহৰ বাহিৰত থিয় দি দি আছে। নহা হলেও বৰুৱা চৌধাৰীসকলৰ ওপৰত জগৰ লাগিহেতেন আৰু এতিয়া অহাতো এই লাঞ্ছনা। আমোদ প্ৰমোদৰ ভিতৰত বিহু নাচ, শেন মেলি ৰং চোৱা, মহযুঁজ, মুৰগীৰ যুঁজ, ঘোড়া দৌড়, হাতী দোঁড় ইত্যাদি। কামৰূপত [ ১৪ ] কামৰূপীয়াৰো ঢেৰ অপৰ বিধৰ আমোদ প্ৰমোদ আছিল, যেনে ঢুলিয়াৰ নাচ, ওজা পালিৰ পদ গোৱা, কচাৰীহঁতৰ মাদোল নাচ ইত্যাদি। আগেয়ে সাতবিহুত আগৰ বৰফুকনসকলে এইবিলাক আমোদো কৰাইছিল; কিন্তু বদন বৰফুকন হবৰে পৰা কামৰূপীয়াৰ আমোদ প্ৰমোদ সমস্তকে উঠাই দি কেবল নিজৰ উজনিৰ যি আমোদ প্ৰমোদ তাকেহে কৰাইছিল।
বৰফুকণৰ আগত প্ৰথমেই বিহু নাচ হল। নাচনী আহোমনী ছোৱালী আৰু দুই এযোৰা নদীয়ালনী। বৰফুকন আৰু অহমীয়া সকলে বৰ আমোদ লভিলে। কামৰূপীয়াসকলে লাজত তললৈ মূৰ কৰিলে। বৰফুকন আৰু অহমীয়া বিষয়াসকলে নাচনীসকলক শলাগি বটা দিলে। ইয়াৰ। পিছত শেনমেলি ৰং চোৱা হল। যি কেজন শেনচোৱাৰ শেনে কনোৱা মাৰিব পাৰিলে সেই কেজনে বটা পালে। যাৰ শেনে কনোৱা মাৰিব নোৱাৰিলে সেই সকলক পাঁচোটা পাঁচোটা চমটাৰ কোব মৰালে। মহযুজো হল। দুটা গলধন ধৰা মহে লেল্পেল্কৈ যুজি এটা মৰিল; এটা ঘুণীয়া হল। ঘোড়াৰ দৌড়ো সুকলমে হল।
সৱশেহত হাতী দৌড়ৰ পাল পৰিল। তিনটা হাতী আনিলে। এটা হাতীৰ ওপৰত মাউত বাজেও বৰফুকনৰ প্ৰথম পুত্ৰজন উঠিছিল। আনটোৰ ওপৰত তেওঁৰ দ্বিতীয় পুত্ৰ উঠিছিল। তৃতীয়টোত আন এজনা আহোম বিষয়া [ ১৫ ] উঠিছিল। তিনিওটা হাতীকে ভাঙ খুৱাই বলীয়া কৰিলেই উঠানি কৰাই মেলাই দিলে। হাতী পূব পিনৰ পৰা পঁচিম ফাললৈ অৰ্থাৎ যি পিনে কামৰূপীয়া প্ৰজা আছিল সেই ফাললৈ মেলালে। বাঁহৰ গড় পাওঁ পাওঁ হওঁতেই বিষয়াজন উঠা হাতীটো থমোৱালে; কিন্তু বৰফুকনৰ পুত্ৰদ্বয়ে বাঁহৰ হেঙাৰ ভঙাই হাতী চলোৱালে। কামৰূপীয়া লৰা তিৰোতাৰ মাজত গৈ হাতী সোমাল। কামৰূপীয়া প্ৰজা ফৰিং ওফৰাদি যি সকলে পাৰিলে পলাল; যি সকলে নোৱাৰিলে হাতীৰ খুন্দাত কেৱে আহত, কেৱে মৃত হল। প্ৰায় দহ বাৰটা লৰা ছোৱালী মৰিল। দহ বাৰজনীমান তিৰোতা ঘাইল হল। বৰফুকনৰ পুত্ৰদ্বয়ে অনুতাপ কৰক চাৰি খেল খেলকৈ হাঁহিব ধৰিলে। কামৰূপীয়া সকলৰ মুৰত বজ্ৰ পৰাদি পৰিল। সকলোৱে হাঁয় হাঁয় কৰিব ধৰিলে। বৰুৱা চৌধাৰী সকলে হাতী থমোৱাবলৈ বৰফুকনক বৰকৈ কাবৌ-কোঁকালি কৰি চিঞৰিৱ ধৰিলে। বৰফুকনে যদিও দহ বাৰজন চাওদাঙ দৌড়াই পঠালে তথাপি তেওঁৰ পুত্ৰদ্বয়ে পৈশাচিক কাণ্ডটো কৰি এটাইহে হাতী ওলটাই আনিলে। কামৰূপীয়া প্ৰজাৰ ভিতৰত আৰ্ত্তৰাৱ উঠিল। আহত হৈ মৰা লৰা ছোৱালী বিলাকৰ ইষ্ট কুটুম্বে বৰফুকনৰ আগত প্ৰতিকাৰৰ অৰ্থে আঠু লই জনালে যে ইয়াৰ যি হয় বিহিত কৰিব লাগে। আন হলেও, যি সকলৰ লৰাছোৱালী হত হৈছে সেই সকলৰ [ ১৬ ] কৰ কাটলকে মাফ দিব লাগে। বৰফুকনে প্ৰজা সকলৰ কোনো কথালৈকে কাণ নাপাতি হুকুম দিলে যে মৰা শ কেইটা অঁতৰাই নিব লাগে। কামৰূপীয়া মানুহক তেওঁ কোনো প্ৰতিকাৰ দিব নোৱাঁৰে, কিয়নো দোষ সিহঁতৰেই। সিহঁত কেলেই মেলোৱা হাতীৰ আগত আছিল। বৰফুকনৰ এনেখন বিচাৰত কামৰূপীয়া অনেক বৰুৱা চৌধাৰীৰ খঙত চকু ৰঙা হৈ উঠিল। হৰদত চৌধাৰীয়ে একো একোবাৰ মৰোঁ জীওঁ সোঁ আধিকৈ গৰ্জ্জি উঠিব বিচাৰিছিল; কিন্তু কাষৰ বুঢ়া ভগীয়া দুজনমানে তেওঁক কোনোমতে থমাই ৰাখিছিল। এনেতে মাউতে হাতী দুটা বৰফুকন আগলৈ আনিলে। বৰফুকনে দেখিলে হাতী দুয়োটাৰ শুঁড় ঘা লাগি তেজেৰে ৰাঙ্গলী হৈছে। ঘাৰ পৰা বৰফুকনে অনুমান কৰিলে যে বাঁহৰ হেঙাৰ ভাঙোতে খোচ খালে। মাউত কলেঃ– দেউতা ঈশ্বৰ, এটা কামৰূপীয়া বৰ বাহুবলী ঢেকেৰিয়ে দীঘল বাঁহ এডাল টানি লৈ হাতী দুয়োটাকে কপালত খোচাত হে হাতী থামিছে; নহলে হাতীয়ে আজি আৰু মানুহ মাৰিলেহেতেন”। বৰফুকনে এই কথা শুনি খঙেৰে কলে:—কি! কামৰূপীয়া ঢেকেৰিৰ ইমান সাহ! সেইটো কোন ঢেকেৰিয়ে মোৰ হাতীৰ কপালত খুঁচিবলৈ সাহ কৰিলে। তাক ধৰি মোৰ আগলৈ আনিব লাগে। আহোম চাওডাঙ বিলাকে পিনাপিনি দি সেইজনক বিচাৰিলে; কিন্তু নাপালে, শৱ কঢ়িওৱা, [ ১৭ ] মানুহৰ লগতে এই অচিনাকি বীৰ জনে নগৰ এৰি পাঁড়ুৰ চাকি পাৰ হৈ গইছিল।
বৰফুকনৰ সভা ভাঙিল। কামৰূপীয়া বৰুৱা চৌধাৰী সকলে এনেকুৱা মহৎ অন্যায়ৰো সুবিচাৰ নোহোৱা দেখি মনৰ দুখে, খঙে বেজাৰে পাড়ুঁৰ বাহৰলৈ আহিল।